--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ লৰেন্স বিষ্ণোইৰ গেং আন এজন সদস্যক  আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে। নাম মহাকাল ওৰফে সিদ্ধেশ কাম্বলে। এইবাৰ এইজন সদস্যই মুখ মেলিছে। ছলমানৰ বাহিৰেও লৰেন্স বিষ্ণয়ৰ হিট লিষ্টত আছিল আন এজন তাৰকা। তেওঁ হৈছে বলীউডৰ প্ৰিয় কেজেঅ’, ধৰ্ম প্ৰডাকচনৰ স্বত্বাধিকাৰী কৰণ জোহৰ। লৰেন্সৰ টাৰ্গেটত আছিল কৰণ জোহৰ। লক্ষ্য আছিল কৰণৰ পৰা বলপূৰ্বকভাৱে প্ৰায় ৫ কোটি টকা দাবী কৰা।

পাঞ্জাবী কণ্ঠশিল্পী সিদ্ধু মুছেৱালাৰ মৃত্যুৰ পাছৰে পৰা চৰ্চা লাভ কৰিছে এই গেংষ্টাৰটোৱে। প্ৰায় ৭০০ জনীয়া সদস্যৰ গেংটোৰ নেতা লৰেন্স বিষ্ণোই। আৰক্ষীৰ মতে, গ্ৰেপ্তাৰৰ পিছতে মহাকালে কৰণৰ বিৰুদ্ধে এই দাবী কৰিছিল যদিও অভিযোগ কিমান সঁচা সেয়া এতিয়াও পোহৰলৈ অহা নাই।  সিদ্ধু মুছেৱালা হত্যাকাণ্ডৰ মূল অভিযুক্ত  সন্তোষ যাদৱৰ ঘনিষ্ঠ সহযোগী আছিল মহাকাল। ইয়াৰ পূৰ্বে এক ঘনিষ্ঠ সূত্ৰই জনাইছিল যে ক্ৰছ-এক্সামৰ সন্মুখত সিদ্ধেশ্বৰ কাম্বলে মুছেৱালাৰ হত্যাকাণ্ডৰ কিছু তথ্য দিছিল। অৱশ্যে কিছুদিন পূৰ্বে কৰণে পুত্ৰ-কন্যাৰ সৈতে ফুৰিবলৈ গৈছিল। বৰ্তমান বলীউডৰ প্ৰযোজকগৰাকী মুম্বাইত নাই। ইতিমধ্যে কেন্দ্ৰীয় চৰকাৰে কৰণ জোহৰৰ নিৰাপত্তা বৃদ্ধি কৰিছে।

ইয়াৰ পূৰ্বে লৰেন্সৰ এই গেঙে ছলমান খানক হত্যা কৰাৰ ভাবুকি দি এখন চিঠি প্ৰেৰণ কৰিছিল। এয়াই নহয়, ছলমানৰ ভতিজা ঘৰলৈও এজন চাৰ্প ছুটাৰ প্ৰেৰণ পঠিয়াইছিল।

FOLLOW US F
POPULAR
FEATURE
TRENDY
৩ নৱেম্বৰত আমেৰিকাৰ মধ্যকালীন নির্বাচন; ২৫% দক্ষিণ এছীয় ভোটাৰে সমর্থন দিব ডেমক্রেট প্রার্থীক
৩% মৰগীয়া বানচ ঘোষণা, কেন্দ্ৰীয় চৰকাৰৰ কৰ্মচাৰীলৈ সু-খবৰ
বদৰপুৰ ৰে’লৱে দলঙত শিলচৰ–গুৱাহাটী এক্সপ্ৰেছৰ ইঞ্জিন লাইনচ্যুত; পাহাৰীয়া অঞ্চলত ৰে’ল সেৱা ব্যাহত
ওদালগুৰিত চাঞ্চল্য! হিন্দু পৰিচয়ৰে মুছলমান যুৱকে পলুৱাই নিলে খ্ৰীষ্টান বোৱাৰীক
বাস্তুশাস্ত্ৰৰ বিধান: পাকঘৰৰ স্লেবত এই ৪টা বস্তু ৰাখিলে ঘৰত পৰে নেতিবাচক প্ৰভাৱ
ইণ্ডিয়ান ফিল্ম ফেষ্টিভেল-মেলবর্নলৈ ‘ডিয়েৰ আৱা’; গুৰুত্বপূৰ্ণ চৰিত্ৰত মন্ত্ৰী অতুল বৰা
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু