--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ লৰেন্স বিষ্ণোইৰ গেং আন এজন সদস্যক  আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে। নাম মহাকাল ওৰফে সিদ্ধেশ কাম্বলে। এইবাৰ এইজন সদস্যই মুখ মেলিছে। ছলমানৰ বাহিৰেও লৰেন্স বিষ্ণয়ৰ হিট লিষ্টত আছিল আন এজন তাৰকা। তেওঁ হৈছে বলীউডৰ প্ৰিয় কেজেঅ’, ধৰ্ম প্ৰডাকচনৰ স্বত্বাধিকাৰী কৰণ জোহৰ। লৰেন্সৰ টাৰ্গেটত আছিল কৰণ জোহৰ। লক্ষ্য আছিল কৰণৰ পৰা বলপূৰ্বকভাৱে প্ৰায় ৫ কোটি টকা দাবী কৰা।

পাঞ্জাবী কণ্ঠশিল্পী সিদ্ধু মুছেৱালাৰ মৃত্যুৰ পাছৰে পৰা চৰ্চা লাভ কৰিছে এই গেংষ্টাৰটোৱে। প্ৰায় ৭০০ জনীয়া সদস্যৰ গেংটোৰ নেতা লৰেন্স বিষ্ণোই। আৰক্ষীৰ মতে, গ্ৰেপ্তাৰৰ পিছতে মহাকালে কৰণৰ বিৰুদ্ধে এই দাবী কৰিছিল যদিও অভিযোগ কিমান সঁচা সেয়া এতিয়াও পোহৰলৈ অহা নাই।  সিদ্ধু মুছেৱালা হত্যাকাণ্ডৰ মূল অভিযুক্ত  সন্তোষ যাদৱৰ ঘনিষ্ঠ সহযোগী আছিল মহাকাল। ইয়াৰ পূৰ্বে এক ঘনিষ্ঠ সূত্ৰই জনাইছিল যে ক্ৰছ-এক্সামৰ সন্মুখত সিদ্ধেশ্বৰ কাম্বলে মুছেৱালাৰ হত্যাকাণ্ডৰ কিছু তথ্য দিছিল। অৱশ্যে কিছুদিন পূৰ্বে কৰণে পুত্ৰ-কন্যাৰ সৈতে ফুৰিবলৈ গৈছিল। বৰ্তমান বলীউডৰ প্ৰযোজকগৰাকী মুম্বাইত নাই। ইতিমধ্যে কেন্দ্ৰীয় চৰকাৰে কৰণ জোহৰৰ নিৰাপত্তা বৃদ্ধি কৰিছে।

ইয়াৰ পূৰ্বে লৰেন্সৰ এই গেঙে ছলমান খানক হত্যা কৰাৰ ভাবুকি দি এখন চিঠি প্ৰেৰণ কৰিছিল। এয়াই নহয়, ছলমানৰ ভতিজা ঘৰলৈও এজন চাৰ্প ছুটাৰ প্ৰেৰণ পঠিয়াইছিল।

FOLLOW US F
POPULAR
FEATURE
TRENDY
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
কাছাৰত ১৪ কোটি টকাৰ হেৰ’ইন আৰু য়াবা টেবলেট জব্দ
গৌৰীসাগৰত ব্ৰইলাৰ কঢ়িওৱা গাড়ী হাইজেক সাতজনীয়া ডকাইতৰ দলৰ
আজি গণেশ চতুৰ্থী; কি কৰিব লাগে কি কৰিব নালাগে জানো আহক
পত্নীহন্তা ৰামানুজ গোস্বামীৰ মৃত্যু; নৰকাসুৰ পাহাৰৰ পৰা জপিয়াই পলায়নৰ চেষ্টা কৰোতে দুৰ্ঘটনাত পতিত হৈছিল ৰামানুজ
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ