--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ বলীউড উদ্যোগৰ অন্যতম জনপ্ৰিয় অভিনেত্ৰী আলিয়া ভাট। তেওঁৰ ফেন ফ’ল’ৱাৰৰ পৰা আৰম্ভ কৰি জনপ্ৰিয়তালৈকে সকলো কথাই অনুৰাগীসকলৰ জ্ঞাত। কেইবাখনো জনপ্ৰিয় চিনেমা উপহাৰ দিয়া আলিয়াৰ অভিনয় দক্ষতাক লৈ কেতিয়াও প্ৰশ্ন উঠা নাই। ছ’চিয়েল মিডিয়াতো তেওঁক সকলো সময়তে যথেষ্ট সক্ৰিয় হৈ থকা দেখা যায়। মাজে মাজে আলিয়াই ছ’চিয়েল মিডিয়া প্লেটফৰ্মত অতি আমোদজনক কথা কিছুমান পোষ্ট কৰে। শেহতীয়াকৈ বলীউডৰ তাৰকা ৰণবীৰ কাপুৰৰ সৈতে আলিয়া বিবাহপাশত আবদ্ধ হোৱা খবৰেও যথেষ্ট চৰ্চা লাভ কৰিছিল। 

ৰণবীৰ কাপুৰৰ লগত বিয়া হোৱাৰ মাত্ৰ দুমাহ পাৰ হৈছেহে, এইখিনিতে আলিয়াই কৈছে যে যোৱা দুমাহ ধৰি তেওঁ ভালকৈ শুব পৰা নাই। এই মুহূৰ্তত সংবাদ মাধ্যমৰ সকলোতে আলিয়া ভাটৰ চৰ্চা চলি আছে। কিয় শুব পৰা নাই অভিনেত্ৰীগৰাকী? ৰণবীৰ কাপুৰৰ সৈতে কিবা মনোমালিন্য হৈছে নেকি বুলিও চলিছে চৰ্চা। এই সন্দৰ্ভত মুখ খুলিছে আলিয়াই। মহেশ ভাটৰ কন্যাই কয় যে তেওঁ অনবৰতে কিবা এটা চিন্তা কৰি থাকে যাৰবাবে তেওঁৰ গোটেই ৰাতিটো টোপনি নাহে। আলিয়াই কয় যে যোৱা কেইদিনমানৰ পৰা তেওঁ চিন্তাত ব্যাকুল হৈ পৰিছে আৰু তেওঁ বহুত চিন্তাৰ চাপ সহ্য কৰিবলগীয়া হৈছে। আলিয়াই কয় যে তেওঁৰ চিন্তা আৰু উদ্বেগৰ কাৰণ হ’ল তেওঁৰ নতুন চিনেমা ব্ৰহ্মাস্ত্ৰৰ ট্ৰেইলাৰ মুকলি হোৱা কথাটো। 

তেওঁ কয় যে এই ট্ৰেইলাৰ মুকলি কৰাৰ ৭ দিন আগৰ পৰা  ভালকৈ শুব পৰা নাই আৰু ভালকৈ খাবও পৰা নাই। তেওঁ নিজেই কৈছে যে তেওঁ নিজে ২৫ বাৰতকৈও অধিক এই ট্ৰেইলাৰটো চাইছে। এই ট্ৰেইলাৰটো সকলোৱে ভাল পাব নে নাই তাক লৈ আলিয়া চিন্তিত হৈ পৰিছে। চিনেমাখনক সকলোৱে আঁকোৱালি ল’বনে নাই তাৰে চিন্তাত খাৱন-শোৱন নোহোৱা হৈছে আলিয়াৰ। অৱশেষত সকলোৱে স্বস্তিৰ নিঃশ্বাস পেলালে এই কথা ভাবি যে ৰণবীৰৰ সৈতে একো সংঘাত হোৱা নাই আলিয়াৰ..মাঁথো নিজৰ নতুন চিনেমাক লৈহে তেওঁ চিন্তাত পৰিছে। 

FOLLOW US F
POPULAR
FEATURE
TRENDY
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
কাছাৰত ১৪ কোটি টকাৰ হেৰ’ইন আৰু য়াবা টেবলেট জব্দ
গৌৰীসাগৰত ব্ৰইলাৰ কঢ়িওৱা গাড়ী হাইজেক সাতজনীয়া ডকাইতৰ দলৰ
আজি গণেশ চতুৰ্থী; কি কৰিব লাগে কি কৰিব নালাগে জানো আহক
পত্নীহন্তা ৰামানুজ গোস্বামীৰ মৃত্যু; নৰকাসুৰ পাহাৰৰ পৰা জপিয়াই পলায়নৰ চেষ্টা কৰোতে দুৰ্ঘটনাত পতিত হৈছিল ৰামানুজ
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ