--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ বলীউড উদ্যোগৰ অন্যতম জনপ্ৰিয় অভিনেত্ৰী আলিয়া ভাট। তেওঁৰ ফেন ফ’ল’ৱাৰৰ পৰা আৰম্ভ কৰি জনপ্ৰিয়তালৈকে সকলো কথাই অনুৰাগীসকলৰ জ্ঞাত। কেইবাখনো জনপ্ৰিয় চিনেমা উপহাৰ দিয়া আলিয়াৰ অভিনয় দক্ষতাক লৈ কেতিয়াও প্ৰশ্ন উঠা নাই। ছ’চিয়েল মিডিয়াতো তেওঁক সকলো সময়তে যথেষ্ট সক্ৰিয় হৈ থকা দেখা যায়। মাজে মাজে আলিয়াই ছ’চিয়েল মিডিয়া প্লেটফৰ্মত অতি আমোদজনক কথা কিছুমান পোষ্ট কৰে। শেহতীয়াকৈ বলীউডৰ তাৰকা ৰণবীৰ কাপুৰৰ সৈতে আলিয়া বিবাহপাশত আবদ্ধ হোৱা খবৰেও যথেষ্ট চৰ্চা লাভ কৰিছিল। 

ৰণবীৰ কাপুৰৰ লগত বিয়া হোৱাৰ মাত্ৰ দুমাহ পাৰ হৈছেহে, এইখিনিতে আলিয়াই কৈছে যে যোৱা দুমাহ ধৰি তেওঁ ভালকৈ শুব পৰা নাই। এই মুহূৰ্তত সংবাদ মাধ্যমৰ সকলোতে আলিয়া ভাটৰ চৰ্চা চলি আছে। কিয় শুব পৰা নাই অভিনেত্ৰীগৰাকী? ৰণবীৰ কাপুৰৰ সৈতে কিবা মনোমালিন্য হৈছে নেকি বুলিও চলিছে চৰ্চা। এই সন্দৰ্ভত মুখ খুলিছে আলিয়াই। মহেশ ভাটৰ কন্যাই কয় যে তেওঁ অনবৰতে কিবা এটা চিন্তা কৰি থাকে যাৰবাবে তেওঁৰ গোটেই ৰাতিটো টোপনি নাহে। আলিয়াই কয় যে যোৱা কেইদিনমানৰ পৰা তেওঁ চিন্তাত ব্যাকুল হৈ পৰিছে আৰু তেওঁ বহুত চিন্তাৰ চাপ সহ্য কৰিবলগীয়া হৈছে। আলিয়াই কয় যে তেওঁৰ চিন্তা আৰু উদ্বেগৰ কাৰণ হ’ল তেওঁৰ নতুন চিনেমা ব্ৰহ্মাস্ত্ৰৰ ট্ৰেইলাৰ মুকলি হোৱা কথাটো। 

তেওঁ কয় যে এই ট্ৰেইলাৰ মুকলি কৰাৰ ৭ দিন আগৰ পৰা  ভালকৈ শুব পৰা নাই আৰু ভালকৈ খাবও পৰা নাই। তেওঁ নিজেই কৈছে যে তেওঁ নিজে ২৫ বাৰতকৈও অধিক এই ট্ৰেইলাৰটো চাইছে। এই ট্ৰেইলাৰটো সকলোৱে ভাল পাব নে নাই তাক লৈ আলিয়া চিন্তিত হৈ পৰিছে। চিনেমাখনক সকলোৱে আঁকোৱালি ল’বনে নাই তাৰে চিন্তাত খাৱন-শোৱন নোহোৱা হৈছে আলিয়াৰ। অৱশেষত সকলোৱে স্বস্তিৰ নিঃশ্বাস পেলালে এই কথা ভাবি যে ৰণবীৰৰ সৈতে একো সংঘাত হোৱা নাই আলিয়াৰ..মাঁথো নিজৰ নতুন চিনেমাক লৈহে তেওঁ চিন্তাত পৰিছে। 

FOLLOW US F
POPULAR
FEATURE
TRENDY
৩ নৱেম্বৰত আমেৰিকাৰ মধ্যকালীন নির্বাচন; ২৫% দক্ষিণ এছীয় ভোটাৰে সমর্থন দিব ডেমক্রেট প্রার্থীক
৩% মৰগীয়া বানচ ঘোষণা, কেন্দ্ৰীয় চৰকাৰৰ কৰ্মচাৰীলৈ সু-খবৰ
বদৰপুৰ ৰে’লৱে দলঙত শিলচৰ–গুৱাহাটী এক্সপ্ৰেছৰ ইঞ্জিন লাইনচ্যুত; পাহাৰীয়া অঞ্চলত ৰে’ল সেৱা ব্যাহত
ওদালগুৰিত চাঞ্চল্য! হিন্দু পৰিচয়ৰে মুছলমান যুৱকে পলুৱাই নিলে খ্ৰীষ্টান বোৱাৰীক
বাস্তুশাস্ত্ৰৰ বিধান: পাকঘৰৰ স্লেবত এই ৪টা বস্তু ৰাখিলে ঘৰত পৰে নেতিবাচক প্ৰভাৱ
ইণ্ডিয়ান ফিল্ম ফেষ্টিভেল-মেলবর্নলৈ ‘ডিয়েৰ আৱা’; গুৰুত্বপূৰ্ণ চৰিত্ৰত মন্ত্ৰী অতুল বৰা
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু