--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ বলীউডৰ অন্যতম জনপ্ৰিয় তথা সৌন্দৰ্যশালী অভিনেত্ৰী ৰেখাৰ সৌন্দৰ্যই আজিও সকলোকে মুগ্ধ কৰে। ৰেখাৰ বয়স ৬৭ হল যদিও এতিয়াও তেওঁৰ ৰূপ-যৌৱন অটুট আছে। ৰেখাৰ ‘ইন আঁখো কী মস্তি’য়ে এতিয়াও বহু পুৰুষক বশীভূত কৰে। প্ৰজন্মৰ পিছত প্ৰজন্ম ধৰি দৰ্শকৰ হৃদয়ত ৰেখা সৌন্দৰ্যৰ প্ৰতীক হিচাপে চিহ্নিত হৈ আছে। শেহতীয়াকৈ ৰেখাই এক সাক্ষাৎকাৰত মনৰ এক দুখৰ কথা প্ৰকাশ কৰে। তেওঁ কয় যে কোনো পুৰুষৰ সঁচা মৰম মই পোৱা নাই আৰু সেইবাবেই মোৰ মাতৃ হোৱাৰ হেঁপাহ আজিও অসম্পূৰ্ণ হৈ ৰ'ল। 

এদিন ময়ো ভাবিছিলো "মোৰো বহুত সন্তান হ'ব, ময়ো মাতৃত্বৰ মমতাৰে মোৰ সন্তানক ডাঙৰ-দীঘল কৰিম। এজনী নাৰী হিচাপে সেইটোৱেই মোৰ ইচ্ছা আছিল। মই বিচাৰিছিলো মোৰ সন্তানৰ জন্ম স্বাভাৱিক হওক। কৃত্ৰিম ৰূপত নহয়। কিন্তু মোৰ জীৱনত প্ৰিয় পুৰুষ সংগীৰ অভাৱ আছিল। অচিনাকি মানুহৰ বীৰ্যৰে বা আইভিএফৰ সহায়ত মাতৃ হোৱাৰ কথা মই কেতিয়াও ভবা নাছিলো।মোৰ বিয়া হৈছিল যদিও সন্তানৰ পৰিকল্পনা কৰাৰ আগতেই মোৰ স্বামীৰ মৃত্যুৰ ঘটে। মাত্ৰ কেইটামান মাহহে মই তেওঁক পাইছিলোঁ।"  

১৯৭০ চনত নিৰ্মিত 'শাৱন ভাদ'(Sawan Bhadon) ছবিত ৰেখাই বলীউডত অভিষেক ঘটায়। তেওঁৰ অভিনয়, সৌন্দৰ্য, ব্যক্তিগত জীৱন, সকলোবোৰ যেন ৰহস্যময়, পোহৰ আৰু আন্ধাৰৰ মাজত আবৃত। ৰেখাৰ বিবাহ হৈছিল মুকেশ আগৰৱালাৰ সৈতে। অজ্ঞাত কাৰণত হঠাতে আত্মহত্যা কৰে মুকেশে। অভিনেতা বিনোদ মেহৰাৰ সৈতে ৰেখাই প্ৰেমৰ সম্পৰ্কত আছিল যদিও বিনোদৰ মাতৃয়ে এই সম্পৰ্ক মানি নোলোৱা বাবে তেওঁলোকৰ প্ৰেমে সামাজিক স্বীকৃতি নাপালে। 

তেওঁৰ পুৰুষ সংগীৰ তালিকাত বহু বলীউডৰ নায়কৰ নাম সন্নিবিষ্ট কৰা হৈছে। কিন্তু প্ৰকৃত প্ৰেম লাভ কৰাত ব্যৰ্থ হল ৰেখা। অমিতাভ-ৰেখাৰ প্ৰেম কাহিনীও যথেষ্ট চৰ্চিত। চিনেমা ‘চিলচিলা’ৰ শ্বুটিঙৰ সময়ত দুয়ো দুয়োৰে প্ৰেমত পৰিছিল বুলি খবৰ বিয়পি পৰিছিল। যি প্ৰেম কাহিনী আজিও চৰ্চিত হৈ আছে। ৰেখাৰ কোনো স্বামী নাই যদিও ৰেখাই আজিও শিৰত জিলিকায় থয় ৰঙা সেন্দুৰ। সেই সেন্দুৰৰ আঁৰৰ ৰহস্য আজিলৈকে কোনেও সুধিবলৈ সাহ কৰা নাই অভিনেত্ৰীগৰাকীক। 

FOLLOW US F
POPULAR
FEATURE
TRENDY
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
কাছাৰত ১৪ কোটি টকাৰ হেৰ’ইন আৰু য়াবা টেবলেট জব্দ
গৌৰীসাগৰত ব্ৰইলাৰ কঢ়িওৱা গাড়ী হাইজেক সাতজনীয়া ডকাইতৰ দলৰ
আজি গণেশ চতুৰ্থী; কি কৰিব লাগে কি কৰিব নালাগে জানো আহক
পত্নীহন্তা ৰামানুজ গোস্বামীৰ মৃত্যু; নৰকাসুৰ পাহাৰৰ পৰা জপিয়াই পলায়নৰ চেষ্টা কৰোতে দুৰ্ঘটনাত পতিত হৈছিল ৰামানুজ
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ