--°C
Loading...
Listen to Article
2 min read
80%

ডিজিটেল ডেস্ক : দুই চেলিব্ৰিটীৰ বিবাহত উদুলি-মুদুলি বলীউডৰ বাকৰি৷ কি পিন্ধিব, কি খুৱাব এতিয়া তাৰেই জল্পনা-কল্পনা৷ আমি ক’ব বিচাৰিছো অভিনেত্ৰী কেটৰিনা কাঈফ আৰু অভিনেতা বিকি কৌশলৰ বিবাহৰ আয়োজনৰ কথা৷ যাৰ বাবে অনুৰাগীসকল এতিয়া গভীৰ অপেক্ষাত৷ বন্ধুৰ পৰা প্ৰেমিকলৈ? কেটৰিনা কাঈফ আৰু বিকি কৌশলৰ প্ৰেম ভিন্নজনৰ বাবে এক প্ৰশ্নহে যেন উদয় হৈছে৷ নিজৰ অভিনয়ৰে দৰ্শকক আপ্লুত কৰা কেট এসময়ত হৈ পৰিছিল ছলমান খানৰ প্ৰিয় অভিনেত্ৰী৷ দুয়োৰে মাজত গঢ় লৈছিল প্ৰেমৰ নিবিড় সম্পৰ্কও৷

কেটৰিনা কাঈফে কেইবাখনো চলচ্চিত্ৰত ছলমানৰ বিপৰীতে অভিনয় কৰিছে, আটাইতকৈ শেহতীয়াকৈ ২০১৯ত ‘ভাৰত’। এই দুই চেলিব্ৰিটীয়ে শ্বুটিঙৰ সময়ছোৱাত দুয়োৰে মাজত গঢ় লৈছিল নিবিৰ সম্পৰ্কও৷ ছলমান আৰু কেটৰিনাই ইতিমধ্যে তেওঁলোকৰ শেহতীয়া ছবি ‘টাইগাৰ-৩’ৰ কাম আৰম্ভ কৰিছে।

এনেসময়তে মোহময়ী অভিনেত্ৰীগৰাকীয়ে বিকি কৌশলক 'বৰ' হিচাপে বাছনি কৰাত সকলোৰে মনত যেন এক প্ৰশ্নৰ উদয় হৈছে৷ বিকি কৌশল হৈছে এজন সুনিপুন অভিনেতা৷ তেওঁৰ অভিনয়ৰ যোগেদি ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটা আৰু ফিল্মফেয়াৰ বঁটাও লাভ কৰে৷ শেহতীয়াকৈ ২০১৯ চনৰ ফৰ্বছ ইণ্ডিয়াৰ চেলিব্ৰিটীৰ তালিকাটো নাম প্ৰকাশ পাইছে। কিন্তু তাৰ বিপৰীতে ছলমান খানৰ বলিউডত আছে সুকীয়া নাম৷ তেওঁৰ নাম আৰু যশস্যাই সকলোকে কৰে মুগ্ধ৷

এসময়ত হিন্দী ক’ব নাজানা মোহময়ী কেটে বলীউডত ছলমানৰ বাবেই যেন লাভ কৰিছিল ইখনৰ পাছত সিখনকৈ ছবি৷ দুয়োৰে যুজলবন্দীৰে দৰ্শকৰ হৃদয় জিনিবলৈ সক্ষমো হৈছিল৷ কেটক সকলোৱে আদৰি লৈছিল৷ কিন্তু এনে সময়তে কেটৰ আৰু বিকিৰ বিবাহৰ খবৰে আচলতে সকলোকে কৰিলে আচম্বিত৷

কিন্তু কিয় কেটৰিনা পৰিল বিকিৰ প্ৰেমত? এয়া এক সাঁথৰ সকলোৰে বাবে৷ সিযিকি নহওক প্ৰাপ্ত খবৰ অনুসৰি, ৭ৰ পৰা ৮ ডিচেম্বৰৰ মাজত ৰাজস্থানৰ এখন ৰিজ’ৰ্টত বিবাহপাশত আবদ্ধ হ’ব এই দুই চেলিব্ৰিটী৷ দুয়োৰে বিবাহৰ বাবে জয়পুৰত এতিয়া প্ৰস্তুতি তংগত। ইপিনে বিবাহ অভ্যৰ্থনা আলহী হৈ যোৱাসকলে তুলিব নোৱাৰিব ফটোও৷ বিয়াত কেৱল আত্মীয় লোক, পৰিয়ালৰ সদস্য আৰু বন্ধুহে উপস্থিত থাকিব পাৰিব।

মিডিয়া ৰিপ’ৰ্ট অনুসৰি, অভিনেতা ছলমান খান নিজৰ পৰিয়ালৰ সৈতে এই বিবাহ অনুষ্ঠানত উপস্থিত নাথাকে। বিকি কৌশল আৰু কেটৰিনাৰ বিবাহ অনুষ্ঠানত অভিনেতাগৰাকী উপস্থিত হোৱাৰ সম্ভাৱনা নাই। এইটোও হ’ব পাৰে নেকি যে, বিবাহৰ প্ৰথমখন চিঠি ছলমান খানৰ পৰিয়াললৈ প্ৰেৰণ কৰা হৈছিল। ছলমান খান আৰু কেটৰিনা কাঈফৰ মাজত পৰিয়ালকেন্দ্ৰিক সম্পৰ্কও আছিল। সময় বেয়া হওক বা ভালেই, ছলমান খান সদায় কেটৰিনাৰ লগত আছে।


FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ