--°C
Loading...
Listen to Article
2 min read
80%

ডিজিটেল ডেস্কঃ অসমৰ সকলোৰে মৰমৰ আৰু আদৰৰ শিল্পী জুবিন গাৰ্গলৈ আগবঢ়োৱা হৈছে ছ্যুকাফা বঁটা। জুবিন গাৰ্গলৈ ২০২১ বৰ্ষৰ ছ্যুকাফা বঁটা আগবঢ়াইছে অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদে। ২ ডিচেম্বৰত সমগ্ৰ অসমজুৰি পালন কৰা হয় ছ্যুকাফা দিৱস বা অসম দিৱস। সোণাৰিত উদযাপন কৰা ছ্যুকাফা দিৱসৰ অনুষ্ঠানত জুবিন গাৰ্গলৈ এই সন্মানীয় বঁটা আগবঢ়োৱাৰ কথা ঘোষণা কৰে অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদে।

সংগঠনটোৰ সাধাৰণ সম্পাদক পলাশ চাংমাইয়ে জানিবলৈ দিয়া অনুসৰি অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদে এই বঁটা প্ৰথমবাৰৰ বাবে প্ৰদান কৰিব। জুবিন গাৰ্গ হ’ব প্ৰথমগৰাকী অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদে প্ৰদান কৰা ছ্যুকাফা বঁটা প্ৰাপক। গুৱাহাটীতে প্ৰদান কৰা হ'ব এই বঁটা। এই খবৰে আনন্দিত কৰি তুলিছে সাংস্কৃতিক মহলৰ লগতে প্ৰতিজন জুবিন অনুৰাগীক। জুবিন গাৰ্গক শুভকামনা তথা অভিনন্দন জনাইছে শুভাকাংক্ষীসকলে।

উল্লেখ্য যে ১২২৮ খ্ৰীষ্টাব্দৰ ২ ডিচেম্বৰ তাৰিখে চাওলুং ছ্যুকাফাই পাটকাই পৰ্বত পাৰ হৈ আহি অসমত আহোম সামাজ্য প্ৰতিষ্ঠা কৰিছিল। সেয়ে এই দিনটো অসম দিৱস বা ছ্যুকাফা দিৱস হিচাপে পালন কৰা হয়। চাওলুং ছ্যুকাফা মধ্যযুগীয় বৰ অসমৰ প্ৰথমজন চাওফা তথা টাই ৰাজ্য মৌঙ মাওৰ চাং বংশীয় চ্যু ফৈদৰ ৰাজকোঁৱৰ আছিল। তেওঁ আছিল আহোম সাম্ৰাজ্যৰ প্ৰতিষ্ঠাপক।

ছ্যুকাফাই পাটকাই পৰ্বত পাৰ হৈ আহি ১২২৮ খ্ৰীষ্টাব্দত অসমত আহোম সাম্ৰাজ্যৰ প্ৰতিষ্ঠা কৰে আৰু ১২৫৩ চনত চৰাইদেউত স্থায়ীকৈ ৰাজধানী পাতে। ছ্যুকাফাই প্ৰতিষ্ঠা কৰা সাম্ৰাজ্যই ৬১০ বছৰ ধৰি সমগ্ৰ ব্ৰহ্মপুত্ৰ উপত্যাকাজোৰা আহোম সাম্ৰাজ্যৰ ভেটি প্ৰতিষ্ঠা কৰে। এই সময়ছোৱাত অসমত বাস কৰা সকলো জাতি-জনজাতিকে তেওঁ একত্ৰিত কৰে। বৰ অসমৰ ভেটি তেওঁৱেই গঢ়ি থৈ যায়। অসম তথা অসমীয়া জাতিৰ বাবে ছ্যুকাফাই সৰ্বস্ব অৱদান আগবঢ়াই গৈছে। এনে কাৰণতে তেওঁৰ নামৰ আগত চাওলুং ব্যৱহাৰ হ’বলৈ ধৰে। টাই ভাষাত চাও মানে ঈশ্বৰ আৰু লুং মানে মহান।

সাতৰাজ মাৰি একৰাজ কৰা চাওলুং ছ্যুকাফাই হ’ল যথাৰ্থভাৱে অসম আৰু অসমীয়াৰ পিতৃপুৰুষ আৰু বৃহত্তৰ অসমীয়া জাতিৰ জনক।১২৬৮ চনত এইগৰাকী বৰ অসম নিৰ্মাতাৰ মৃত্যু হয়। ছ্যুকাফাৰ এই মহানতাৰ স্বীকৃতি স্বৰূপে সম্প্ৰতি অসমত তেওঁৰ নামেৰে ছ্যুকাফা দিবস পালন কৰা হয় আৰু এই দিৱস অসম দিৱস নামেৰেও জনাজাত।


FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ