--°C
Loading...
Listen to Article
2 min read
80%

ডিজিটেল ডেস্কঃ অসমৰ সকলোৰে মৰমৰ আৰু আদৰৰ শিল্পী জুবিন গাৰ্গলৈ আগবঢ়োৱা হৈছে ছ্যুকাফা বঁটা। জুবিন গাৰ্গলৈ ২০২১ বৰ্ষৰ ছ্যুকাফা বঁটা আগবঢ়াইছে অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদে। ২ ডিচেম্বৰত সমগ্ৰ অসমজুৰি পালন কৰা হয় ছ্যুকাফা দিৱস বা অসম দিৱস। সোণাৰিত উদযাপন কৰা ছ্যুকাফা দিৱসৰ অনুষ্ঠানত জুবিন গাৰ্গলৈ এই সন্মানীয় বঁটা আগবঢ়োৱাৰ কথা ঘোষণা কৰে অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদে।

সংগঠনটোৰ সাধাৰণ সম্পাদক পলাশ চাংমাইয়ে জানিবলৈ দিয়া অনুসৰি অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদে এই বঁটা প্ৰথমবাৰৰ বাবে প্ৰদান কৰিব। জুবিন গাৰ্গ হ’ব প্ৰথমগৰাকী অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদে প্ৰদান কৰা ছ্যুকাফা বঁটা প্ৰাপক। গুৱাহাটীতে প্ৰদান কৰা হ'ব এই বঁটা। এই খবৰে আনন্দিত কৰি তুলিছে সাংস্কৃতিক মহলৰ লগতে প্ৰতিজন জুবিন অনুৰাগীক। জুবিন গাৰ্গক শুভকামনা তথা অভিনন্দন জনাইছে শুভাকাংক্ষীসকলে।

উল্লেখ্য যে ১২২৮ খ্ৰীষ্টাব্দৰ ২ ডিচেম্বৰ তাৰিখে চাওলুং ছ্যুকাফাই পাটকাই পৰ্বত পাৰ হৈ আহি অসমত আহোম সামাজ্য প্ৰতিষ্ঠা কৰিছিল। সেয়ে এই দিনটো অসম দিৱস বা ছ্যুকাফা দিৱস হিচাপে পালন কৰা হয়। চাওলুং ছ্যুকাফা মধ্যযুগীয় বৰ অসমৰ প্ৰথমজন চাওফা তথা টাই ৰাজ্য মৌঙ মাওৰ চাং বংশীয় চ্যু ফৈদৰ ৰাজকোঁৱৰ আছিল। তেওঁ আছিল আহোম সাম্ৰাজ্যৰ প্ৰতিষ্ঠাপক।

ছ্যুকাফাই পাটকাই পৰ্বত পাৰ হৈ আহি ১২২৮ খ্ৰীষ্টাব্দত অসমত আহোম সাম্ৰাজ্যৰ প্ৰতিষ্ঠা কৰে আৰু ১২৫৩ চনত চৰাইদেউত স্থায়ীকৈ ৰাজধানী পাতে। ছ্যুকাফাই প্ৰতিষ্ঠা কৰা সাম্ৰাজ্যই ৬১০ বছৰ ধৰি সমগ্ৰ ব্ৰহ্মপুত্ৰ উপত্যাকাজোৰা আহোম সাম্ৰাজ্যৰ ভেটি প্ৰতিষ্ঠা কৰে। এই সময়ছোৱাত অসমত বাস কৰা সকলো জাতি-জনজাতিকে তেওঁ একত্ৰিত কৰে। বৰ অসমৰ ভেটি তেওঁৱেই গঢ়ি থৈ যায়। অসম তথা অসমীয়া জাতিৰ বাবে ছ্যুকাফাই সৰ্বস্ব অৱদান আগবঢ়াই গৈছে। এনে কাৰণতে তেওঁৰ নামৰ আগত চাওলুং ব্যৱহাৰ হ’বলৈ ধৰে। টাই ভাষাত চাও মানে ঈশ্বৰ আৰু লুং মানে মহান।

সাতৰাজ মাৰি একৰাজ কৰা চাওলুং ছ্যুকাফাই হ’ল যথাৰ্থভাৱে অসম আৰু অসমীয়াৰ পিতৃপুৰুষ আৰু বৃহত্তৰ অসমীয়া জাতিৰ জনক।১২৬৮ চনত এইগৰাকী বৰ অসম নিৰ্মাতাৰ মৃত্যু হয়। ছ্যুকাফাৰ এই মহানতাৰ স্বীকৃতি স্বৰূপে সম্প্ৰতি অসমত তেওঁৰ নামেৰে ছ্যুকাফা দিবস পালন কৰা হয় আৰু এই দিৱস অসম দিৱস নামেৰেও জনাজাত।


FOLLOW US F
POPULAR
FEATURE
TRENDY
আজি বাক্সা জিলাৰ ২৩ সংখ্যক প্ৰতিষ্ঠা দিৱস; সমগ্ৰ জিলাখনতে উৎসৱমুখৰ পৰিৱেশ
বকোৰ দখলাইত মাতৃ-পুত্ৰ নিৰুদ্দেশ; শোকত ভাগি পৰিছে পৰিয়াল
ইলাচী: সুগন্ধৰ লগতে স্বাস্থ্যৰো অমূল্য ভঁৰাল
৩ নৱেম্বৰত আমেৰিকাৰ মধ্যকালীন নির্বাচন; ২৫% দক্ষিণ এছীয় ভোটাৰে সমর্থন দিব ডেমক্রেট প্রার্থীক
৩% মৰগীয়া বানচ ঘোষণা, কেন্দ্ৰীয় চৰকাৰৰ কৰ্মচাৰীলৈ সু-খবৰ
বদৰপুৰ ৰে’লৱে দলঙত শিলচৰ–গুৱাহাটী এক্সপ্ৰেছৰ ইঞ্জিন লাইনচ্যুত; পাহাৰীয়া অঞ্চলত ৰে’ল সেৱা ব্যাহত
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু