--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ কৰ্ণাটকৰ প্ৰাক্তন মুখ্যমন্ত্ৰী তথা জ্যেষ্ঠ বিজেপি নেতা বি এছ য়েদিয়ুৰাপ্পাৰ নাতিনীৰ আত্মহত্যা। বি এছ য়েদিয়ুৰাপ্পাৰ নাতিনী সৌন্দৰ্য্য ভিৱাই এগৰাকী চিকিৎসক। ডা৹ সৌন্দৰ্য্য ভিৱাইয়ে নিজৰ আৱাসিক এপাৰ্টমেণ্টত আত্মহত্যা কৰা ঘটনাই তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে। ২৮ জানুৱাৰীৰ পুৱা প্ৰায় ১০.৩০ বজাত সংঘটিত হৈছে এই আত্মহত্যাৰ ঘটনা। সৌন্দৰ্য্যৰ ঘৰুৱা সহায়কজনে ৰাতিপুৱাৰ আহাৰৰ বাবে সৌন্দৰ্য্যক মাতিবলৈ দুৱাৰত কেইবাবাৰো টুকুৰিয়ায়। বহুবাৰ মাতিও কোনো সঁহাৰি নোপোৱাত তেওঁ ভয় খাই সৌন্দৰ্য্যৰ স্বামীক খবৰ দিয়ে। সৌন্দৰ্য্যৰ স্বামী নিৰঞ্জনো এগৰাকী চিকিৎসক। স্বামী ততাতৈয়াকৈ ঘৰত উপস্থিত হয় আৰু ওচৰ-চুবুৰীয়াৰ সহযোগত দুৱাৰ ভাঙি চিপ লৈ থকা অৱস্থাত সৌন্দৰ্য্যক ওলমি থকা দেখা পায়। সৌন্দৰ্যক ততাতৈয়াকৈ চিকিৎসালয়লৈ লৈ যোৱা হৈছিল, য'ত চিকিৎসকে তেওঁক মৃত বুলি ঘোষণা কৰে। মৃত সৌন্দৰ্য্য হৈছে য়েদিয়ুৰাপ্পাৰ দ্বিতীয় কন্যা পদ্মাৱতীৰ জ্যেষ্ঠ কন্যা। ৩০ বছৰীয়া সৌন্দৰ্য আৰু তেওঁৰ স্বামী নিৰঞ্জন ২ বছৰ পূৰ্বে বিবাহপাশত আৱ্দ্ধ হৈছিল আৰু এই এপাৰ্টমেণ্টটোত বাস কৰিছিল। তেওঁলোকৰ আছে এটি ছমহীয়া সন্তান। উল্লেখ্য যে আত্মহত্যা কৰাৰ পূৰ্বে সৌন্দৰ্যই নিজৰ ছমহীয়া কেঁচুৱাটিক ফ্লেটৰ আন এটা কোঠাত এৰি থৈ গৈছিল। বৰ্তমানলৈকে সৌন্দৰ্যৰ আত্মহত্যাৰ কাৰণ জানিব পৰা হোৱা নাই। আৰক্ষীয়ে চলাই আছে জোৰদাৰ তদন্ত। এই খবৰে তেওঁৰ পৰিয়ালক তীব্ৰ মানসিক আঘাত দিয়াৰ লগতে ৰাজ্যিক বিজেপিক হতবাক কৰি তুলিছে। মুখ্যমন্ত্ৰী বাসবৰাজ বোম্মাই তেওঁৰ মন্ত্ৰীসভাৰ সহকৰ্মীসকলৰ সৈতে প্ৰবীণ বিজেপি নেতাজনক সান্ত্বনা দিবলৈ চিকিৎসালয়ত উপস্থিত হয়। আত্মহত্যাৰ ২৪ ঘণ্টা উকলি যোৱাৰ পাছতো উদ্ধাৰ হোৱা নাই আত্মহত্যাৰ কাৰণ, যি কথাত সমগ্ৰ কৰ্ণাটকত তীব্ৰ চাঞ্চল্য অব্যাহত আছে। সমগ্ৰ বিষয় সোমাই পৰিছে গভীৰ ৰহস্যৰ আৱৰ্তত। আৰু পঢ়কঃ চিনেমাৰ প্ৰভাৱ! দেশী ছুপাৰহিৰ’ৰ পোছাক পিন্ধি ভাইৰেল দৰা

FOLLOW US F
POPULAR
FEATURE
TRENDY
উন্নত হৈছে চীন-ভাৰতৰ সম্পৰ্ক
বাঁহ গছত বগলীৰ বিয়লি মেল, নাৰায়ণপুৰত এজাক বগলীয়ে দৃষ্টি কাঢ়িছে বাটৰুৱাৰ
বিপদত অনলাইন গেমিং কোম্পানী! গৃহমন্ত্ৰীক প্ৰস্তাৱিত নিষেধাজ্ঞাৰ সন্দৰ্ভত হস্তক্ষেপৰ আহ্বান
এখন কিতাপে কৰিব নোৱাৰা কামো একোখন বিশেষ ফটোৱে কৰিব পাৰে
দিল্লীৰ দৰিয়াগঞ্জত অঘটন,অট্টালিকা খহি ৩ জন লোকৰ মৃত্যু
চতিয়া দিৱসৰ কাৰ্যসূচীত মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মা
জিৰাৰ পানীয়ে আপোনাক ফিট আৰু স্বাস্থ্যকৰ কৰি তুলিব, এই ৪টা ধৰণে ব্যৱহাৰ কৰক
পুৰুষৰ বেশত ভগ্নীৰ শহুৰেকৰ ঘৰত প্ৰৱেশ কৰি ডেৰ কোটিৰো অধিক টকাৰ গহনা লুটি নিলে যুৱতীয়ে
বৃক্কৰ ৰোগত আক্ৰান্ত মেধাৱী ছাত্ৰী পূজা দাস!  আৰ্থিক সাহায্য বিচাৰি আকুল আহ্বান পৰিয়ালৰ
বিগত আঠ বছৰত উত্তৰ প্ৰদেশৰ কৃষি খণ্ডই ৰচিলে ইতিহাসঃমুখ্যমন্ত্ৰী যোগী
ডিফু জিলা কাৰাগাৰত এজন হাজোতীৰ মৃত্যুক লৈ তীব্ৰ চাঞ্চল্য
ডাৱৰ বিস্ফোৰণে কঁপালে জম্মু ; ঘটনাত মৃত্যু ১০ জন লোকৰ
'এই খেলুৱৈজনক চুক্তিতকৈ অধিক ধন দিয়া হৈছিল'-  CSKৰ ওপৰত অভিযোগ উত্থাপন ৰবিচন্দ্ৰন অশ্বিনৰ
মৰিগাঁৱত একেটা কোঠাতে চিপ লৈ বৃদ্ধ দম্পতীৰ চৰম সিদ্ধান্ত