--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ কৰ্ণাটকৰ প্ৰাক্তন মুখ্যমন্ত্ৰী তথা জ্যেষ্ঠ বিজেপি নেতা বি এছ য়েদিয়ুৰাপ্পাৰ নাতিনীৰ আত্মহত্যা। বি এছ য়েদিয়ুৰাপ্পাৰ নাতিনী সৌন্দৰ্য্য ভিৱাই এগৰাকী চিকিৎসক। ডা৹ সৌন্দৰ্য্য ভিৱাইয়ে নিজৰ আৱাসিক এপাৰ্টমেণ্টত আত্মহত্যা কৰা ঘটনাই তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে। ২৮ জানুৱাৰীৰ পুৱা প্ৰায় ১০.৩০ বজাত সংঘটিত হৈছে এই আত্মহত্যাৰ ঘটনা। সৌন্দৰ্য্যৰ ঘৰুৱা সহায়কজনে ৰাতিপুৱাৰ আহাৰৰ বাবে সৌন্দৰ্য্যক মাতিবলৈ দুৱাৰত কেইবাবাৰো টুকুৰিয়ায়। বহুবাৰ মাতিও কোনো সঁহাৰি নোপোৱাত তেওঁ ভয় খাই সৌন্দৰ্য্যৰ স্বামীক খবৰ দিয়ে। সৌন্দৰ্য্যৰ স্বামী নিৰঞ্জনো এগৰাকী চিকিৎসক। স্বামী ততাতৈয়াকৈ ঘৰত উপস্থিত হয় আৰু ওচৰ-চুবুৰীয়াৰ সহযোগত দুৱাৰ ভাঙি চিপ লৈ থকা অৱস্থাত সৌন্দৰ্য্যক ওলমি থকা দেখা পায়। সৌন্দৰ্যক ততাতৈয়াকৈ চিকিৎসালয়লৈ লৈ যোৱা হৈছিল, য'ত চিকিৎসকে তেওঁক মৃত বুলি ঘোষণা কৰে। মৃত সৌন্দৰ্য্য হৈছে য়েদিয়ুৰাপ্পাৰ দ্বিতীয় কন্যা পদ্মাৱতীৰ জ্যেষ্ঠ কন্যা। ৩০ বছৰীয়া সৌন্দৰ্য আৰু তেওঁৰ স্বামী নিৰঞ্জন ২ বছৰ পূৰ্বে বিবাহপাশত আৱ্দ্ধ হৈছিল আৰু এই এপাৰ্টমেণ্টটোত বাস কৰিছিল। তেওঁলোকৰ আছে এটি ছমহীয়া সন্তান। উল্লেখ্য যে আত্মহত্যা কৰাৰ পূৰ্বে সৌন্দৰ্যই নিজৰ ছমহীয়া কেঁচুৱাটিক ফ্লেটৰ আন এটা কোঠাত এৰি থৈ গৈছিল। বৰ্তমানলৈকে সৌন্দৰ্যৰ আত্মহত্যাৰ কাৰণ জানিব পৰা হোৱা নাই। আৰক্ষীয়ে চলাই আছে জোৰদাৰ তদন্ত। এই খবৰে তেওঁৰ পৰিয়ালক তীব্ৰ মানসিক আঘাত দিয়াৰ লগতে ৰাজ্যিক বিজেপিক হতবাক কৰি তুলিছে। মুখ্যমন্ত্ৰী বাসবৰাজ বোম্মাই তেওঁৰ মন্ত্ৰীসভাৰ সহকৰ্মীসকলৰ সৈতে প্ৰবীণ বিজেপি নেতাজনক সান্ত্বনা দিবলৈ চিকিৎসালয়ত উপস্থিত হয়। আত্মহত্যাৰ ২৪ ঘণ্টা উকলি যোৱাৰ পাছতো উদ্ধাৰ হোৱা নাই আত্মহত্যাৰ কাৰণ, যি কথাত সমগ্ৰ কৰ্ণাটকত তীব্ৰ চাঞ্চল্য অব্যাহত আছে। সমগ্ৰ বিষয় সোমাই পৰিছে গভীৰ ৰহস্যৰ আৱৰ্তত। আৰু পঢ়কঃ চিনেমাৰ প্ৰভাৱ! দেশী ছুপাৰহিৰ’ৰ পোছাক পিন্ধি ভাইৰেল দৰা

FOLLOW US F
POPULAR
FEATURE
TRENDY
দেশত স্থাপন হ’ব ২২টা ডিজিটেল ইণ্টেলিজেন্স লেব
খেলাৰ পাছত গা ধুবলৈ নামিছিল নৈত; বাক্সাৰ পল্লা নৈত সলিল সমাধি দুই কিশোৰৰ
শৰীৰ এৰাৰ পাছত আত্মাৰ থাকে নেকি ভোক-পিয়াহ? গৰুড় পুৰাণৰ এই ৰহস্য আপুনি জানেনে?
৫ দিন ধৰি বন্ধ থাকিব দেশৰ বেংক
মাজুলীৰ চৰাইচোঙক এছিয়াৰ প্ৰথমখন সংৰক্ষিত পক্ষী উদ্যানৰূপে স্বীকৃতি গুগলৰ
কামৰূপৰ বামুন্দীত ভূমিকেন্দ্ৰিক সংঘাতৰ চূড়ান্ত ৰূপ; চোকা অস্ত্ৰৰ আক্ৰমণত গুৰুতৰভাৱে আহত দুজন
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
মুখ্যমন্ত্ৰী শুভেন্দু অধিকাৰীয়ে দিলে সেউজ সংকেত; পশ্চিমবংগত স্থাপন হ’ব ক্ষেপণাস্ত্ৰ পৰীক্ষণ ক্ষেত্র
ফ্রিজত চিকেন কিমান দিন সুৰক্ষিত থাকে? জানক সঠিক নিয়ম
গোসাঁইগাঁৱৰ শ্ৰীৰামপুৰত বৃহৎ পৰিমাণৰ চেগুন কাঠ জব্দ; গ্ৰেপ্তাৰ দুজন