--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: ক’ভিড সংক্ৰমণ এতিয়াও ৰোধ হোৱা নাই। দৈনিক সংক্ৰমিতৰ সংখ্যা বৃদ্ধি পাই গৈ আছে। এটা ভেৰিয়েণ্টৰ সংক্ৰমণ আৰু ত্ৰাস শেষ হ’বলৈ নাপাওঁতেই আন এটা ভেৰিয়েণ্টৰ সৃষ্টি হয়। যাৰ বাবে বিপাঙত পৰিছে চিকিৎসকসকলো। ক’ভিডক লৈ পৰীক্ষা-নিৰীক্ষা অব্যাহত যদিও এতিয়াও ইয়াক নিৰ্মূলৰ উপায় বিজ্ঞানীসকলে লাভ কৰা নাই। বিজ্ঞানীসকলে মানৱ দেহত ক’ভিডৰ সংক্ৰমণ আৰু ইয়াৰ ক্ৰিয়া-প্ৰতিক্ৰিয়া সম্পৰ্কে অধ্যয়ন কৰিবলৈ যথেষ্ট চেষ্টা চলাই আছে। তেনে সময়তে এজন ব্যক্তিয়ে তেওঁৰ শৰীৰক লৈ পৰীক্ষা-নিৰীক্ষা কৰাৰ বাবে বিজ্ঞানীসকলক দান কৰিলে। এই ঘটনা দেশৰ ভিতৰতে প্ৰথম। ইয়াৰ পূৰ্বে কোনো ব্যক্তিয়ে ইচ্ছাকৃতভাৱে তেওঁৰ শৰীৰ বিজ্ঞানী মহললৈ পৰীক্ষাৰ বাবে দান কৰা উদাহৰণ নাছিল। ক’ভিডত আক্ৰান্ত হৈ আৰোগ্য লাভ কৰা ব্যক্তিৰ প্লাজমা দানৰ বাবে এসময়ত চৰকাৰৰ আহ্বানত বহু লোক আগবাঢ়ি আহিছিল। কিন্তু বিজ্ঞানৰ বাবে নিজৰ শৰীৰকে দান কৰা এয়াই প্ৰথম ঘটনা। ঘটনাটো সংঘটিত হৈছে পশ্চিমবংগত। ৰাজ্যখনৰ নিউ টাউন অঞ্চলৰ এজন ব্যক্তিয়ে তেওঁৰ শৰীৰ দান কৰিলে পৰীক্ষাৰ বাবে। ৮৯ বৰ্ষীয়ান নিৰ্মল দাস নামৰ ব্যক্তিজন ক’ভিডত আক্ৰান্ত হৈছিল। তেওঁ এজন কৰ্কট ৰোগী আছিল। ক’ভিডত আক্ৰান্ত হোৱা পাছত তেওঁ মৃত্যুমুখত পৰিছিল। মৃত্যুৰ আগেয়ে শুকুৰবাৰে তেওঁ শৰীৰটো চিকিৎসা গৱেষণাৰ বাবে দান কৰি গৈছে। ব্যক্তিজনৰ এই চৰম দানে ক’ভিড সম্পৰ্কীয় পৰীক্ষা-নিৰীক্ষাত চিকিৎসা বিজ্ঞানীসকলক সহায় কৰিব বুলি আশা কৰা হৈছে। তেওঁৰ শৰীৰৰ অধ্যয়ণৰ পৰা ক’ভিডে মানৱ দেহত ঘটাব পৰা ক্ষয়-ক্ষতি সম্পৰ্কেও অধ্যয়ন কৰিব পৰা যাব বুলি জানিব পৰা গৈছে। ব্যক্তিজনৰ এই প্ৰচেষ্টাক বিজ্ঞানীমহলৰ লগতে বহুলোকে উচ্চ প্ৰশংসা কৰা দেখা গৈছে। কিয়নো এনে পৰীক্ষা-নিৰীক্ষাই বিশ্বৰ পৰা ক’ভিড নিৰ্মূলকৰণ যুদ্ধখনত বিজ্ঞানীসকলক সহায় কৰিব। উল্লেখযোগ্যে যে, পশ্চিমবংগৰ নিউ টাউনৰ নিৱাসী নিৰ্মল দাসৰ মৃতদেহ শণিবাৰে চিকিৎসালয়ৰ পৰা পৰীক্ষাগাৰলৈ প্ৰেৰণ কৰা হ’ব। আৰ জি কাৰ চিকিৎসা মহাবিদ্যালয়ৰ ফৰেনচিক বিভাগলৈ ব্যক্তিজনৰ মৃতদেহ দান কৰা হ’ব বুলি এক সূত্ৰ যোগে জানিব পৰা গৈছে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
দেশত স্থাপন হ’ব ২২টা ডিজিটেল ইণ্টেলিজেন্স লেব
খেলাৰ পাছত গা ধুবলৈ নামিছিল নৈত; বাক্সাৰ পল্লা নৈত সলিল সমাধি দুই কিশোৰৰ
শৰীৰ এৰাৰ পাছত আত্মাৰ থাকে নেকি ভোক-পিয়াহ? গৰুড় পুৰাণৰ এই ৰহস্য আপুনি জানেনে?
৫ দিন ধৰি বন্ধ থাকিব দেশৰ বেংক
মাজুলীৰ চৰাইচোঙক এছিয়াৰ প্ৰথমখন সংৰক্ষিত পক্ষী উদ্যানৰূপে স্বীকৃতি গুগলৰ
কামৰূপৰ বামুন্দীত ভূমিকেন্দ্ৰিক সংঘাতৰ চূড়ান্ত ৰূপ; চোকা অস্ত্ৰৰ আক্ৰমণত গুৰুতৰভাৱে আহত দুজন
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
মুখ্যমন্ত্ৰী শুভেন্দু অধিকাৰীয়ে দিলে সেউজ সংকেত; পশ্চিমবংগত স্থাপন হ’ব ক্ষেপণাস্ত্ৰ পৰীক্ষণ ক্ষেত্র
ফ্রিজত চিকেন কিমান দিন সুৰক্ষিত থাকে? জানক সঠিক নিয়ম
গোসাঁইগাঁৱৰ শ্ৰীৰামপুৰত বৃহৎ পৰিমাণৰ চেগুন কাঠ জব্দ; গ্ৰেপ্তাৰ দুজন