--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: ক’ভিড সংক্ৰমণ এতিয়াও ৰোধ হোৱা নাই। দৈনিক সংক্ৰমিতৰ সংখ্যা বৃদ্ধি পাই গৈ আছে। এটা ভেৰিয়েণ্টৰ সংক্ৰমণ আৰু ত্ৰাস শেষ হ’বলৈ নাপাওঁতেই আন এটা ভেৰিয়েণ্টৰ সৃষ্টি হয়। যাৰ বাবে বিপাঙত পৰিছে চিকিৎসকসকলো। ক’ভিডক লৈ পৰীক্ষা-নিৰীক্ষা অব্যাহত যদিও এতিয়াও ইয়াক নিৰ্মূলৰ উপায় বিজ্ঞানীসকলে লাভ কৰা নাই। বিজ্ঞানীসকলে মানৱ দেহত ক’ভিডৰ সংক্ৰমণ আৰু ইয়াৰ ক্ৰিয়া-প্ৰতিক্ৰিয়া সম্পৰ্কে অধ্যয়ন কৰিবলৈ যথেষ্ট চেষ্টা চলাই আছে। তেনে সময়তে এজন ব্যক্তিয়ে তেওঁৰ শৰীৰক লৈ পৰীক্ষা-নিৰীক্ষা কৰাৰ বাবে বিজ্ঞানীসকলক দান কৰিলে। এই ঘটনা দেশৰ ভিতৰতে প্ৰথম। ইয়াৰ পূৰ্বে কোনো ব্যক্তিয়ে ইচ্ছাকৃতভাৱে তেওঁৰ শৰীৰ বিজ্ঞানী মহললৈ পৰীক্ষাৰ বাবে দান কৰা উদাহৰণ নাছিল। ক’ভিডত আক্ৰান্ত হৈ আৰোগ্য লাভ কৰা ব্যক্তিৰ প্লাজমা দানৰ বাবে এসময়ত চৰকাৰৰ আহ্বানত বহু লোক আগবাঢ়ি আহিছিল। কিন্তু বিজ্ঞানৰ বাবে নিজৰ শৰীৰকে দান কৰা এয়াই প্ৰথম ঘটনা। ঘটনাটো সংঘটিত হৈছে পশ্চিমবংগত। ৰাজ্যখনৰ নিউ টাউন অঞ্চলৰ এজন ব্যক্তিয়ে তেওঁৰ শৰীৰ দান কৰিলে পৰীক্ষাৰ বাবে। ৮৯ বৰ্ষীয়ান নিৰ্মল দাস নামৰ ব্যক্তিজন ক’ভিডত আক্ৰান্ত হৈছিল। তেওঁ এজন কৰ্কট ৰোগী আছিল। ক’ভিডত আক্ৰান্ত হোৱা পাছত তেওঁ মৃত্যুমুখত পৰিছিল। মৃত্যুৰ আগেয়ে শুকুৰবাৰে তেওঁ শৰীৰটো চিকিৎসা গৱেষণাৰ বাবে দান কৰি গৈছে। ব্যক্তিজনৰ এই চৰম দানে ক’ভিড সম্পৰ্কীয় পৰীক্ষা-নিৰীক্ষাত চিকিৎসা বিজ্ঞানীসকলক সহায় কৰিব বুলি আশা কৰা হৈছে। তেওঁৰ শৰীৰৰ অধ্যয়ণৰ পৰা ক’ভিডে মানৱ দেহত ঘটাব পৰা ক্ষয়-ক্ষতি সম্পৰ্কেও অধ্যয়ন কৰিব পৰা যাব বুলি জানিব পৰা গৈছে। ব্যক্তিজনৰ এই প্ৰচেষ্টাক বিজ্ঞানীমহলৰ লগতে বহুলোকে উচ্চ প্ৰশংসা কৰা দেখা গৈছে। কিয়নো এনে পৰীক্ষা-নিৰীক্ষাই বিশ্বৰ পৰা ক’ভিড নিৰ্মূলকৰণ যুদ্ধখনত বিজ্ঞানীসকলক সহায় কৰিব। উল্লেখযোগ্যে যে, পশ্চিমবংগৰ নিউ টাউনৰ নিৱাসী নিৰ্মল দাসৰ মৃতদেহ শণিবাৰে চিকিৎসালয়ৰ পৰা পৰীক্ষাগাৰলৈ প্ৰেৰণ কৰা হ’ব। আৰ জি কাৰ চিকিৎসা মহাবিদ্যালয়ৰ ফৰেনচিক বিভাগলৈ ব্যক্তিজনৰ মৃতদেহ দান কৰা হ’ব বুলি এক সূত্ৰ যোগে জানিব পৰা গৈছে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
বাঁহ গছত বগলীৰ বিয়লি মেল, নাৰায়ণপুৰত এজাক বগলীয়ে দৃষ্টি কাঢ়িছে বাটৰুৱাৰ
বিপদত অনলাইন গেমিং কোম্পানী! গৃহমন্ত্ৰীক প্ৰস্তাৱিত নিষেধাজ্ঞাৰ সন্দৰ্ভত হস্তক্ষেপৰ আহ্বান
এখন কিতাপে কৰিব নোৱাৰা কামো একোখন বিশেষ ফটোৱে কৰিব পাৰে
দিল্লীৰ দৰিয়াগঞ্জত অঘটন,অট্টালিকা খহি ৩ জন লোকৰ মৃত্যু
চতিয়া দিৱসৰ কাৰ্যসূচীত মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মা
'পকৱান'ৰ সফল মঞ্চায়ন
জিৰাৰ পানীয়ে আপোনাক ফিট আৰু স্বাস্থ্যকৰ কৰি তুলিব, এই ৪টা ধৰণে ব্যৱহাৰ কৰক
পুৰুষৰ বেশত ভগ্নীৰ শহুৰেকৰ ঘৰত প্ৰৱেশ কৰি ডেৰ কোটিৰো অধিক টকাৰ গহনা লুটি নিলে যুৱতীয়ে
বৃক্কৰ ৰোগত আক্ৰান্ত মেধাৱী ছাত্ৰী পূজা দাস!  আৰ্থিক সাহায্য বিচাৰি আকুল আহ্বান পৰিয়ালৰ
বিগত আঠ বছৰত উত্তৰ প্ৰদেশৰ কৃষি খণ্ডই ৰচিলে ইতিহাসঃমুখ্যমন্ত্ৰী যোগী
ডিফু জিলা কাৰাগাৰত এজন হাজোতীৰ মৃত্যুক লৈ তীব্ৰ চাঞ্চল্য
ডাৱৰ বিস্ফোৰণে কঁপালে জম্মু ; ঘটনাত মৃত্যু ১০ জন লোকৰ
'এই খেলুৱৈজনক চুক্তিতকৈ অধিক ধন দিয়া হৈছিল'-  CSKৰ ওপৰত অভিযোগ উত্থাপন ৰবিচন্দ্ৰন অশ্বিনৰ
মৰিগাঁৱত একেটা কোঠাতে চিপ লৈ বৃদ্ধ দম্পতীৰ চৰম সিদ্ধান্ত