--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ ছ’চিয়েল মিডিয়াত ধুমুহা গতিত ভাইৰেল হৈছে বলীউডৰ জনপ্ৰিয় অভিনেতা ৰণবীৰ সিঙৰ নগ্ন ফটোশ্বুট। একাংশই ফটোবোৰ লাইক কৰিছে আৰু একাংশই তীব্ৰ সমালোচনাও কৰিছে। কিছুমানে ৰণবীৰক লৈ মিমো বনাইছে। ফটোবোৰক লৈ মানুহৰ প্ৰতিক্ৰিয়াও আহি আছে। বাংলা অভিনেত্ৰী তথা ৰাজনীতিবিদ মিমি চক্ৰৱৰ্তীয়ে ৰণবীৰৰ নগ্ন ফটোক লৈ ক্ষোভ উজাৰিছে। 

তেওঁ এই প্ৰশ্ন উত্থাপন কৰিছে যে যদি এগৰাকী মহিলাই একেধৰণৰ ফটো তুলিলেহেঁতেন তেন্তে ছ’চিয়েল মিডিয়া আৰু মানুহৰ প্ৰতিক্ৰিয়া একে হ’বনে? তেওঁ লিখিছে যে হয়তো তেওঁক মৃত্যুৰ ভাবুকি দিয়া হ’লহেঁতেন।

মিমিয়ে টুইটটোত লিখিছে, ''ৰণবীৰ সিঙৰ শেহতীয়া ফটোশ্বুটটোৱে ইণ্টাৰনেটত ধুমুহাৰ সৃষ্টি কৰিছে আৰু বেছিভাগেই ফায়াৰ ইম'জি দি কমেণ্ট কৰিছে। মই ভাবিছো যে ৰণবীৰ যদি এগৰাকী নাৰী হ’লহেঁতেন, তেতিয়াও তেওঁ এনেকুৱা প্ৰশংসা পালেহেঁতেন নে? হয়তো আপুনি তেওঁৰ ঘৰ জ্বলাই দিলেহেঁতেন, কঠোৰ সমালোচনা কৰিলেহেঁতেন, হত্যা কৰাৰ ভাবুকি দিলেহেঁতেন আৰু বেশ্যাৰ লগত তুলনা কৰিলেহেঁতেন।''

মিমিয়ে লগতে লিখিছে যে, ''আমি সমতাৰ কথা কওঁ, কিন্তু এতিয়া সমতা ক’ত? জানেনে, আপোনাৰ মনোভাৱেই যিকোনো বস্তু সলনি কৰিব পাৰে বা নষ্ট কৰিব পাৰে। ৰণবীৰৰ ক্ষেত্ৰত আমাৰ দৃষ্টিভংগী বহল কৰি লোৱাই ভাল হব কিয়নো শৰীৰটো বহুত ত্যাগ কৰাৰ পিছত তৈয়াৰ কৰা হয়। বিশ্বাস কৰক (নিমখ নাই, চেনি নাই, কাৰ্বহাইড্ৰেট নাই)''

মিমি চক্ৰৱৰ্তীৰ পোষ্টটোত মানুহে বিভিন্ন ধৰণৰ মন্তব্য কৰিছে। কিছুমানে মিমি চক্ৰৱৰ্তীক সমৰ্থন কৰিছে আৰু কিছুমানে তেওঁৰ মন্তব্যৰ বিৰোধিতা কৰিছে। আনহাতে ৰণবীৰৰ নগ্ন ফটোশ্বুটে আপ্লুত কৰিছে পত্নী দীপিকা পাডুকনক। উল্লেখ্য যে ৰণবীৰতকৈ বহু বছৰৰ পূৰ্বেই মিলিন্দ সুমন আৰু মধু ছাপ্ৰেই একেলগে নগ্ন ফটোশ্বুট কৰি খলকনিৰ সৃষ্টি কৰিছিল।



FOLLOW US F
POPULAR
FEATURE
TRENDY
বকোৰ দখলাইত মাতৃ-পুত্ৰ নিৰুদ্দেশ; শোকত ভাগি পৰিছে পৰিয়াল
ইলাচী: সুগন্ধৰ লগতে স্বাস্থ্যৰো অমূল্য ভঁৰাল
৩ নৱেম্বৰত আমেৰিকাৰ মধ্যকালীন নির্বাচন; ২৫% দক্ষিণ এছীয় ভোটাৰে সমর্থন দিব ডেমক্রেট প্রার্থীক
৩% মৰগীয়া বানচ ঘোষণা, কেন্দ্ৰীয় চৰকাৰৰ কৰ্মচাৰীলৈ সু-খবৰ
বদৰপুৰ ৰে’লৱে দলঙত শিলচৰ–গুৱাহাটী এক্সপ্ৰেছৰ ইঞ্জিন লাইনচ্যুত; পাহাৰীয়া অঞ্চলত ৰে’ল সেৱা ব্যাহত
ওদালগুৰিত চাঞ্চল্য! হিন্দু পৰিচয়ৰে মুছলমান যুৱকে পলুৱাই নিলে খ্ৰীষ্টান বোৱাৰীক
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু