--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ ছ’চিয়েল মিডিয়াত ধুমুহা গতিত ভাইৰেল হৈছে বলীউডৰ জনপ্ৰিয় অভিনেতা ৰণবীৰ সিঙৰ নগ্ন ফটোশ্বুট। একাংশই ফটোবোৰ লাইক কৰিছে আৰু একাংশই তীব্ৰ সমালোচনাও কৰিছে। কিছুমানে ৰণবীৰক লৈ মিমো বনাইছে। ফটোবোৰক লৈ মানুহৰ প্ৰতিক্ৰিয়াও আহি আছে। বাংলা অভিনেত্ৰী তথা ৰাজনীতিবিদ মিমি চক্ৰৱৰ্তীয়ে ৰণবীৰৰ নগ্ন ফটোক লৈ ক্ষোভ উজাৰিছে। 

তেওঁ এই প্ৰশ্ন উত্থাপন কৰিছে যে যদি এগৰাকী মহিলাই একেধৰণৰ ফটো তুলিলেহেঁতেন তেন্তে ছ’চিয়েল মিডিয়া আৰু মানুহৰ প্ৰতিক্ৰিয়া একে হ’বনে? তেওঁ লিখিছে যে হয়তো তেওঁক মৃত্যুৰ ভাবুকি দিয়া হ’লহেঁতেন।

মিমিয়ে টুইটটোত লিখিছে, ''ৰণবীৰ সিঙৰ শেহতীয়া ফটোশ্বুটটোৱে ইণ্টাৰনেটত ধুমুহাৰ সৃষ্টি কৰিছে আৰু বেছিভাগেই ফায়াৰ ইম'জি দি কমেণ্ট কৰিছে। মই ভাবিছো যে ৰণবীৰ যদি এগৰাকী নাৰী হ’লহেঁতেন, তেতিয়াও তেওঁ এনেকুৱা প্ৰশংসা পালেহেঁতেন নে? হয়তো আপুনি তেওঁৰ ঘৰ জ্বলাই দিলেহেঁতেন, কঠোৰ সমালোচনা কৰিলেহেঁতেন, হত্যা কৰাৰ ভাবুকি দিলেহেঁতেন আৰু বেশ্যাৰ লগত তুলনা কৰিলেহেঁতেন।''

মিমিয়ে লগতে লিখিছে যে, ''আমি সমতাৰ কথা কওঁ, কিন্তু এতিয়া সমতা ক’ত? জানেনে, আপোনাৰ মনোভাৱেই যিকোনো বস্তু সলনি কৰিব পাৰে বা নষ্ট কৰিব পাৰে। ৰণবীৰৰ ক্ষেত্ৰত আমাৰ দৃষ্টিভংগী বহল কৰি লোৱাই ভাল হব কিয়নো শৰীৰটো বহুত ত্যাগ কৰাৰ পিছত তৈয়াৰ কৰা হয়। বিশ্বাস কৰক (নিমখ নাই, চেনি নাই, কাৰ্বহাইড্ৰেট নাই)''

মিমি চক্ৰৱৰ্তীৰ পোষ্টটোত মানুহে বিভিন্ন ধৰণৰ মন্তব্য কৰিছে। কিছুমানে মিমি চক্ৰৱৰ্তীক সমৰ্থন কৰিছে আৰু কিছুমানে তেওঁৰ মন্তব্যৰ বিৰোধিতা কৰিছে। আনহাতে ৰণবীৰৰ নগ্ন ফটোশ্বুটে আপ্লুত কৰিছে পত্নী দীপিকা পাডুকনক। উল্লেখ্য যে ৰণবীৰতকৈ বহু বছৰৰ পূৰ্বেই মিলিন্দ সুমন আৰু মধু ছাপ্ৰেই একেলগে নগ্ন ফটোশ্বুট কৰি খলকনিৰ সৃষ্টি কৰিছিল।



FOLLOW US F
POPULAR
FEATURE
TRENDY
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
কাছাৰত ১৪ কোটি টকাৰ হেৰ’ইন আৰু য়াবা টেবলেট জব্দ
গৌৰীসাগৰত ব্ৰইলাৰ কঢ়িওৱা গাড়ী হাইজেক সাতজনীয়া ডকাইতৰ দলৰ
আজি গণেশ চতুৰ্থী; কি কৰিব লাগে কি কৰিব নালাগে জানো আহক
পত্নীহন্তা ৰামানুজ গোস্বামীৰ মৃত্যু; নৰকাসুৰ পাহাৰৰ পৰা জপিয়াই পলায়নৰ চেষ্টা কৰোতে দুৰ্ঘটনাত পতিত হৈছিল ৰামানুজ
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ