--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ পত্নীয়ে ছাগলী মাংস ৰান্ধি নিদিয়া বাবে খঙত উতলা হৈ পৰিল স্বামী। সেই সময়ত পাছে স্বামী সুৰাৰ ৰাগীত মতলীয়া হৈ আছিল। পত্নীয়ে মাটন ৰান্ধি নিদিয়াৰ খঙত মাতাল স্বামীয়ে আৰক্ষীক অভিযোগ দিবলৈ বাৰে বাৰে ১০০ লৈ ফোন কৰিবলৈ ধৰে। এই ঘটনা তেলেংগানাৰ ৰাজধানী হায়দৰাবাদৰ। নবীন নামৰ ২০ বছৰীয়া যুৱকজনে পত্নীৰ বিৰুদ্ধে অভিযোগ দিবলৈ নিশা ছবাৰকৈ আৰক্ষীৰ সহায় নম্বৰ 'ডায়েল ১০০' লৈ ফোন কৰে। আৰক্ষীয়ে প্ৰথমতে বুজায় দিয়ে যে এই অভিযোগ দাখিল কৰিব নোৱাৰি কিন্তু নবীন সন্মত হোৱা নাছিল। বাৰে বাৰে আৰক্ষীলৈ ফোন কৰি থকাত আৰক্ষী হায়ৰাণ হৈ নবীনক বিচাৰি তেওঁৰ ঘৰত উপস্থিত হয়। নবীনক আটক কৰি থানালৈ লৈ আনে আৰক্ষীয়ে। নবীনৰ বিৰুদ্ধে ভাৰতীয় দণ্ডবিধিৰ (আইপিচি) ধাৰা ২৯০ (ৰাজহুৱা উপদ্ৰৱ) আৰু ৫১০ (এজন সুৰাপায়ীৰ দ্বাৰা ৰাজহুৱা অসদাচৰণ)ৰ অধীনত গোচৰ ৰুজু কৰা হয়। অৱশ্যে পাছত আৰক্ষীয়ে তেওঁক সতৰ্কবাণী দি এৰি দিয়ে। আৰক্ষীয়ে নবীনক ডায়েল ১০০ সুবিধাৰ অপব্যৱহাৰ নকৰিবলৈ আহ্বান জনায়।নবীনৰ পত্নীয়ে আৰক্ষীক কৈছিল যে তেওঁৰ স্বামীয়ে সুৰাপান কৰি অহাৰ বাবে তেওঁ বিৰক্ত হৈছিল আৰু সেয়েহে তেওঁ স্বামীৰ বাবে মাটন ৰন্ধা নাছিল। আৰক্ষীয়ে নবীনক বুজায় যে এনেকুৱা কৰিলে মূল্যৱান সময় অপচয় হয় আৰু কিছুমান জৰুৰীকালীন ফোন কল পোৱাত সমস্যা হয়। আৰু পঢ়কঃ ১২৫ বছৰীয়া যোগ গুৰু স্বামী শিৱানন্দলৈ পদ্মশ্ৰী সন্মান; প্ৰধানমন্ত্ৰীয়ে দোৱালে মূৰ PCA Banner 2022

FOLLOW US F
POPULAR
FEATURE
TRENDY
দেশত স্থাপন হ’ব ২২টা ডিজিটেল ইণ্টেলিজেন্স লেব
খেলাৰ পাছত গা ধুবলৈ নামিছিল নৈত; বাক্সাৰ পল্লা নৈত সলিল সমাধি দুই কিশোৰৰ
শৰীৰ এৰাৰ পাছত আত্মাৰ থাকে নেকি ভোক-পিয়াহ? গৰুড় পুৰাণৰ এই ৰহস্য আপুনি জানেনে?
৫ দিন ধৰি বন্ধ থাকিব দেশৰ বেংক
মাজুলীৰ চৰাইচোঙক এছিয়াৰ প্ৰথমখন সংৰক্ষিত পক্ষী উদ্যানৰূপে স্বীকৃতি গুগলৰ
কামৰূপৰ বামুন্দীত ভূমিকেন্দ্ৰিক সংঘাতৰ চূড়ান্ত ৰূপ; চোকা অস্ত্ৰৰ আক্ৰমণত গুৰুতৰভাৱে আহত দুজন
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
মুখ্যমন্ত্ৰী শুভেন্দু অধিকাৰীয়ে দিলে সেউজ সংকেত; পশ্চিমবংগত স্থাপন হ’ব ক্ষেপণাস্ত্ৰ পৰীক্ষণ ক্ষেত্র
ফ্রিজত চিকেন কিমান দিন সুৰক্ষিত থাকে? জানক সঠিক নিয়ম
গোসাঁইগাঁৱৰ শ্ৰীৰামপুৰত বৃহৎ পৰিমাণৰ চেগুন কাঠ জব্দ; গ্ৰেপ্তাৰ দুজন