--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ মহাৰাষ্ট্ৰত ছত্ৰপতি শিৱাজীৰ প্ৰতিমূৰ্তি ভাঙি পৰা ঘটনাক লৈ যথেষ্ট চাঞ্চল্যৰ সৃষ্টি হয়। ভাস্কৰ্য শিল্পী জয়দীপ আপ্তেক গ্ৰেপ্তাৰ কৰিছে আৰক্ষীয়ে।

অৱশেষত ৰাজকোট গড়ত ছত্ৰপতি শিৱাজী মহাৰাজৰ প্ৰতিমূৰ্তি ভাঙি পৰাৰ ঘটনাত আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে ভাস্কৰ্য শিল্পী জয়দীপ আপ্তেক। তেওঁক গ্ৰেপ্তাৰ কৰাৰ পিছত চাঞ্চল্যকৰ তথ্য পোহৰলৈ আহিব বুলি আশা কৰা হৈছে।

ছত্ৰপতি শিৱাজীৰ মূৰ্তি ভাঙি যোৱাৰ পাছত পলাতক হৈ আছিল ভাস্কৰ্য শিল্পী জয়দীপ আপ্তে। যোৱা নিশা আৰক্ষীয়ে তেওঁক কল্যাণৰ পৰা গ্ৰেপ্তাৰ কৰে। যোৱা ২৬ আগষ্টৰ দিনৰ প্ৰায় ১ বজাত সিন্ধুদুৰ্গ জিলাৰ ৰাজকোট দুৰ্গত স্থাপন কৰা ছত্ৰপতি শিৱাজী মহাৰাজৰ সম্পূৰ্ণ উচ্চতাৰ প্ৰতিমূৰ্তি ভাঙি পৰে। এই দুৰ্ঘটনাৰ পিছতে মহাৰাষ্ট্ৰত হুলস্থুলৰ সৃষ্টি হয়। প্ৰতিমূৰ্তি নিৰ্মাণ কৰা ভাস্কৰ্য শিল্পী জয়দীপ আপ্তেক বুধবাৰে নিশা গ্ৰেপ্তাৰ কৰা হয়। 

যোৱা কিছুদিন ধৰি গৃহ বিভাগ আৰু আৰক্ষীৰ ওপৰত হেঁচা বাঢ়ি আহিছিল ভাস্কৰ্য শিল্পী আপ্টেক গ্ৰেপ্তাৰ কৰিবলৈ। মালভান আৰক্ষীয়ে বুধবাৰে জয়দীপ আপ্তেৰ বিৰুদ্ধে লুকাউট নোটিচ জাৰি কৰিছিল। লগতে সাংসদ সঞ্জয় ৰাউটে জয়দীপ আপ্তে বৰ্ষা বাংলোত আত্মগোপন কৰাৰ সম্ভাৱনা ব্যক্ত কৰি গৃহ বিভাগৰ কাম-কাজ সন্দৰ্ভত প্ৰশ্ন উত্থাপন কৰে।

সিন্ধুদুৰ্গত ছত্ৰপতি শিৱাজী মহাৰাজৰ প্ৰতিমূৰ্তি ভঙাৰ পাছত বিৰোধীয়ে প্ৰশ্ন উত্থাপন কৰি চৰকাৰক অহৰহ লক্ষ্য কৰি লৈছিল। প্ৰতিমূৰ্তি দুৰ্ঘটনাৰ বাবে দায়ী জয়দীপ আপ্তেক লৈ ৰাজনৈতিক পৰিৱেশ উত্তপ্ত হৈ পৰে। 

ছত্ৰপতি শিৱাজী মহাৰাজৰ এই প্ৰতিমূৰ্তি ভাৰতীয় নৌসেনাই ৰাজকোট দুৰ্গত স্থাপন কৰিছিল। এই প্ৰতিমূৰ্তি স্থাপনৰ ঠিকা কল্যাণৰ জয়দীপ আপ্তেক দিয়া হৈছিল। এই প্ৰতিমূৰ্তিটো ২০২৩ চনৰ ৪ ডিচেম্বৰত নৌসেনা দিৱস উপলক্ষে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে উন্মোচন কৰে। এই প্ৰতিমূৰ্তিটোৰ ৰক্ষণাবেক্ষণৰ দায়িত্ব নৌসেনাৰ হাতত আছিল।

ইয়াৰ বাবে নৌসেনাই মেছাৰ্ছ আৰ্টিষ্ট্ৰি কোম্পানীক ঠিকা দিছিল। কোম্পানীটোৰ স্বত্বাধিকাৰী জয়দীপ আপ্তে আৰু ডাঃ চেতন পাটিল ষ্ট্ৰাকচাৰেল কনচালটেণ্ট। স্থপতিবিদ বাছনি কৰাৰ পৰা আৰম্ভ কৰি ডিজাইন কৰালৈকে প্ৰক্ৰিয়াটো নৌসেনাই নিজেই কৰিছিল। ছত্ৰপতি শিৱাজী মহাৰাজৰ প্ৰতিমূৰ্তি হঠাতে ভাঙি পৰাত চৰকাৰক সমালোচনা কৰা হয়। বিৰোধী দলসমূহে প্ৰশ্ন উত্থাপন কৰিছিল যে যদি জয়দীপ আপ্তেৰ পৰ্যাপ্ত অভিজ্ঞতা নাছিল তেন্তে তেওঁক কিয় ৩৫ ফুট উচ্চতাৰ শিৱাজীৰ প্ৰতিমূৰ্তি নিৰ্মাণৰ ঠিকা দিয়া হ’ল? 

মাত্ৰ ৮ মাহৰ ভিতৰতে প্ৰতিমূৰ্তিটো ভাঙি পৰাৰ সৈতে জড়িত ভাৰতীয় দণ্ডবিধিৰ ১০৯, ১১০, ১২৫, ৩১৮ আৰু ৩ (৫) ধাৰাত ঠিকাদাৰ জয়দীপ আপ্তে আৰু গাঁথনিগত পৰামৰ্শদাতা ডাঃ চেতন পাটিলৰ বিৰুদ্ধে আৰক্ষীয়ে গোচৰ ৰুজু কৰিছে। মহাৰাষ্ট্ৰ চৰকাৰে এই প্ৰতিমূৰ্তি নিৰ্মাণৰ বাবে নৌসেনাক ২ কোটি ৩৬ লাখ টকাৰ পুঁজি আগবঢ়াইছিল। বিশেষজ্ঞসকলৰ মতে এটা ডাঙৰ প্ৰতিমূৰ্তি নিৰ্মাণ কৰিবলৈ প্ৰায় ৩ বছৰ সময় লাগে। অৱশ্যে এই প্ৰতিমূৰ্তিটো মাত্ৰ সাত মাহতে সম্পূৰ্ণ কৰিলে আপ্তেই।

FOLLOW US F
POPULAR
FEATURE
TRENDY
৩ নৱেম্বৰত আমেৰিকাৰ মধ্যকালীন নির্বাচন; ২৫% দক্ষিণ এছীয় ভোটাৰে সমর্থন দিব ডেমক্রেট প্রার্থীক
৩% মৰগীয়া বানচ ঘোষণা, কেন্দ্ৰীয় চৰকাৰৰ কৰ্মচাৰীলৈ সু-খবৰ
বদৰপুৰ ৰে’লৱে দলঙত শিলচৰ–গুৱাহাটী এক্সপ্ৰেছৰ ইঞ্জিন লাইনচ্যুত; পাহাৰীয়া অঞ্চলত ৰে’ল সেৱা ব্যাহত
ওদালগুৰিত চাঞ্চল্য! হিন্দু পৰিচয়ৰে মুছলমান যুৱকে পলুৱাই নিলে খ্ৰীষ্টান বোৱাৰীক
বাস্তুশাস্ত্ৰৰ বিধান: পাকঘৰৰ স্লেবত এই ৪টা বস্তু ৰাখিলে ঘৰত পৰে নেতিবাচক প্ৰভাৱ
ইণ্ডিয়ান ফিল্ম ফেষ্টিভেল-মেলবর্নলৈ ‘ডিয়েৰ আৱা’; গুৰুত্বপূৰ্ণ চৰিত্ৰত মন্ত্ৰী অতুল বৰা
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু