--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ মহাৰাষ্ট্ৰত ছত্ৰপতি শিৱাজীৰ প্ৰতিমূৰ্তি ভাঙি পৰা ঘটনাক লৈ যথেষ্ট চাঞ্চল্যৰ সৃষ্টি হয়। ভাস্কৰ্য শিল্পী জয়দীপ আপ্তেক গ্ৰেপ্তাৰ কৰিছে আৰক্ষীয়ে।

অৱশেষত ৰাজকোট গড়ত ছত্ৰপতি শিৱাজী মহাৰাজৰ প্ৰতিমূৰ্তি ভাঙি পৰাৰ ঘটনাত আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে ভাস্কৰ্য শিল্পী জয়দীপ আপ্তেক। তেওঁক গ্ৰেপ্তাৰ কৰাৰ পিছত চাঞ্চল্যকৰ তথ্য পোহৰলৈ আহিব বুলি আশা কৰা হৈছে।

ছত্ৰপতি শিৱাজীৰ মূৰ্তি ভাঙি যোৱাৰ পাছত পলাতক হৈ আছিল ভাস্কৰ্য শিল্পী জয়দীপ আপ্তে। যোৱা নিশা আৰক্ষীয়ে তেওঁক কল্যাণৰ পৰা গ্ৰেপ্তাৰ কৰে। যোৱা ২৬ আগষ্টৰ দিনৰ প্ৰায় ১ বজাত সিন্ধুদুৰ্গ জিলাৰ ৰাজকোট দুৰ্গত স্থাপন কৰা ছত্ৰপতি শিৱাজী মহাৰাজৰ সম্পূৰ্ণ উচ্চতাৰ প্ৰতিমূৰ্তি ভাঙি পৰে। এই দুৰ্ঘটনাৰ পিছতে মহাৰাষ্ট্ৰত হুলস্থুলৰ সৃষ্টি হয়। প্ৰতিমূৰ্তি নিৰ্মাণ কৰা ভাস্কৰ্য শিল্পী জয়দীপ আপ্তেক বুধবাৰে নিশা গ্ৰেপ্তাৰ কৰা হয়। 

যোৱা কিছুদিন ধৰি গৃহ বিভাগ আৰু আৰক্ষীৰ ওপৰত হেঁচা বাঢ়ি আহিছিল ভাস্কৰ্য শিল্পী আপ্টেক গ্ৰেপ্তাৰ কৰিবলৈ। মালভান আৰক্ষীয়ে বুধবাৰে জয়দীপ আপ্তেৰ বিৰুদ্ধে লুকাউট নোটিচ জাৰি কৰিছিল। লগতে সাংসদ সঞ্জয় ৰাউটে জয়দীপ আপ্তে বৰ্ষা বাংলোত আত্মগোপন কৰাৰ সম্ভাৱনা ব্যক্ত কৰি গৃহ বিভাগৰ কাম-কাজ সন্দৰ্ভত প্ৰশ্ন উত্থাপন কৰে।

সিন্ধুদুৰ্গত ছত্ৰপতি শিৱাজী মহাৰাজৰ প্ৰতিমূৰ্তি ভঙাৰ পাছত বিৰোধীয়ে প্ৰশ্ন উত্থাপন কৰি চৰকাৰক অহৰহ লক্ষ্য কৰি লৈছিল। প্ৰতিমূৰ্তি দুৰ্ঘটনাৰ বাবে দায়ী জয়দীপ আপ্তেক লৈ ৰাজনৈতিক পৰিৱেশ উত্তপ্ত হৈ পৰে। 

ছত্ৰপতি শিৱাজী মহাৰাজৰ এই প্ৰতিমূৰ্তি ভাৰতীয় নৌসেনাই ৰাজকোট দুৰ্গত স্থাপন কৰিছিল। এই প্ৰতিমূৰ্তি স্থাপনৰ ঠিকা কল্যাণৰ জয়দীপ আপ্তেক দিয়া হৈছিল। এই প্ৰতিমূৰ্তিটো ২০২৩ চনৰ ৪ ডিচেম্বৰত নৌসেনা দিৱস উপলক্ষে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে উন্মোচন কৰে। এই প্ৰতিমূৰ্তিটোৰ ৰক্ষণাবেক্ষণৰ দায়িত্ব নৌসেনাৰ হাতত আছিল।

ইয়াৰ বাবে নৌসেনাই মেছাৰ্ছ আৰ্টিষ্ট্ৰি কোম্পানীক ঠিকা দিছিল। কোম্পানীটোৰ স্বত্বাধিকাৰী জয়দীপ আপ্তে আৰু ডাঃ চেতন পাটিল ষ্ট্ৰাকচাৰেল কনচালটেণ্ট। স্থপতিবিদ বাছনি কৰাৰ পৰা আৰম্ভ কৰি ডিজাইন কৰালৈকে প্ৰক্ৰিয়াটো নৌসেনাই নিজেই কৰিছিল। ছত্ৰপতি শিৱাজী মহাৰাজৰ প্ৰতিমূৰ্তি হঠাতে ভাঙি পৰাত চৰকাৰক সমালোচনা কৰা হয়। বিৰোধী দলসমূহে প্ৰশ্ন উত্থাপন কৰিছিল যে যদি জয়দীপ আপ্তেৰ পৰ্যাপ্ত অভিজ্ঞতা নাছিল তেন্তে তেওঁক কিয় ৩৫ ফুট উচ্চতাৰ শিৱাজীৰ প্ৰতিমূৰ্তি নিৰ্মাণৰ ঠিকা দিয়া হ’ল? 

মাত্ৰ ৮ মাহৰ ভিতৰতে প্ৰতিমূৰ্তিটো ভাঙি পৰাৰ সৈতে জড়িত ভাৰতীয় দণ্ডবিধিৰ ১০৯, ১১০, ১২৫, ৩১৮ আৰু ৩ (৫) ধাৰাত ঠিকাদাৰ জয়দীপ আপ্তে আৰু গাঁথনিগত পৰামৰ্শদাতা ডাঃ চেতন পাটিলৰ বিৰুদ্ধে আৰক্ষীয়ে গোচৰ ৰুজু কৰিছে। মহাৰাষ্ট্ৰ চৰকাৰে এই প্ৰতিমূৰ্তি নিৰ্মাণৰ বাবে নৌসেনাক ২ কোটি ৩৬ লাখ টকাৰ পুঁজি আগবঢ়াইছিল। বিশেষজ্ঞসকলৰ মতে এটা ডাঙৰ প্ৰতিমূৰ্তি নিৰ্মাণ কৰিবলৈ প্ৰায় ৩ বছৰ সময় লাগে। অৱশ্যে এই প্ৰতিমূৰ্তিটো মাত্ৰ সাত মাহতে সম্পূৰ্ণ কৰিলে আপ্তেই।

FOLLOW US F
POPULAR
FEATURE
TRENDY
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
কাছাৰত ১৪ কোটি টকাৰ হেৰ’ইন আৰু য়াবা টেবলেট জব্দ
গৌৰীসাগৰত ব্ৰইলাৰ কঢ়িওৱা গাড়ী হাইজেক সাতজনীয়া ডকাইতৰ দলৰ
আজি গণেশ চতুৰ্থী; কি কৰিব লাগে কি কৰিব নালাগে জানো আহক
পত্নীহন্তা ৰামানুজ গোস্বামীৰ মৃত্যু; নৰকাসুৰ পাহাৰৰ পৰা জপিয়াই পলায়নৰ চেষ্টা কৰোতে দুৰ্ঘটনাত পতিত হৈছিল ৰামানুজ
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ