--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ পিতৃত্ব সহজ নহয়। সন্তানৰ সুখৰ বাবে এগৰাকী পিতৃয়ে বহু কষ্ট আৰু ত্যাগ স্বীকাৰ কৰিবলগীয়া হয়। ঘৰ এখন চলাবলৈ পিতৃ বহু প্ৰত্যাহ্বানৰ সন্মুখীন হয়। কিছুমান পিতৃয়ে প্ৰায়ে দৈনন্দিন সংগ্ৰামৰ মাজেৰে পাৰ হ’বলগীয়া হয়। প্ৰায় প্ৰতিদিনে একেধৰণৰ সংগ্ৰামৰ সন্মুখীন হোৱা জ’মেটৰ এগৰাকী কৰ্মচাৰী আহিছে চৰ্চাত। 

নতুন দিল্লীৰ ষ্টাৰবাকছৰ পৰা এই পিতৃগৰাকীয়ে লাভ কৰিছে এক মৰমলগা উপহাৰ।


নিজ দুবছৰীয়া কন্যাক লগত লৈ কামলৈ আহে পিতৃগৰাকী। সেই কণমানি ছোৱালীজনীৰ নিৰ্দোষতা আৰু মৰমলগা মুখখন দেখি ষ্টাৰবাকছৰ কৰ্মচাৰী এগৰাকীৰ হৃদয় গলি গ’ল। তেতিয়া তেওঁ এটা সকলোৰে হৃদয় জয় কৰা কাম কৰিলে। 

ষ্টাৰবাকছৰ ষ্ট’ৰ মেনেজাৰ দেৱেন্দ্ৰ মেহৰাই লিংকডইনত এই কাহিনী শ্বেয়াৰ কৰিছে, য’ত তেওঁ কয় যে তেওঁৰ ষ্ট’ৰলৈ এজন জোমাটো ডেলিভাৰী কৰ্মী আহিছিল। তেওঁৰ দুবছৰীয়া কন্যাও তেওঁৰ লগত আহিছিল। ঘৰৰ দৈনন্দিন প্ৰয়োজন পূৰণৰ বাবে এইজন জোমাটো ডেলিভাৰী কৰ্মীয়ে কন্যাৰ লগত এনেদৰে কাম কৰিবলৈ ওলাই আহে। দেৱেন্দ্ৰ মেহৰাৰ পোষ্ট অনুসৰি এই কৰ্মীগৰাকী কন্যা শিশুটিৰ একক পিতৃ-মাতৃ, সেয়েহে শিশুটিক ক’তো এৰি আহিব নোৱাৰে। ষ্টাৰ বাকছৰ আন কৰ্মচাৰীসকলেও তেওঁঁৰ কামৰ প্ৰতি থকা দায়বদ্ধতাক লৈ আপ্লুত হৈছিল।

কন্যা শিশুটিক ষ্টাৰবাকছে বেবীচিনো গাখীৰ উপহাৰ হিচাপে দিলে, যাৰ ফলত ছোৱালীজনী বৰ সুখী হৈ পৰিল। ষ্টাৰবাকছৰ এই হৃদয়স্পৰ্শী প্ৰচেষ্টাক ছ’চিয়েল মিডিয়াত বহুত প্ৰশংসা কৰা হৈছে। 

FOLLOW US F
POPULAR
FEATURE
TRENDY
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
কাছাৰত ১৪ কোটি টকাৰ হেৰ’ইন আৰু য়াবা টেবলেট জব্দ
গৌৰীসাগৰত ব্ৰইলাৰ কঢ়িওৱা গাড়ী হাইজেক সাতজনীয়া ডকাইতৰ দলৰ
আজি গণেশ চতুৰ্থী; কি কৰিব লাগে কি কৰিব নালাগে জানো আহক
পত্নীহন্তা ৰামানুজ গোস্বামীৰ মৃত্যু; নৰকাসুৰ পাহাৰৰ পৰা জপিয়াই পলায়নৰ চেষ্টা কৰোতে দুৰ্ঘটনাত পতিত হৈছিল ৰামানুজ
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ