--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ পিতৃত্ব সহজ নহয়। সন্তানৰ সুখৰ বাবে এগৰাকী পিতৃয়ে বহু কষ্ট আৰু ত্যাগ স্বীকাৰ কৰিবলগীয়া হয়। ঘৰ এখন চলাবলৈ পিতৃ বহু প্ৰত্যাহ্বানৰ সন্মুখীন হয়। কিছুমান পিতৃয়ে প্ৰায়ে দৈনন্দিন সংগ্ৰামৰ মাজেৰে পাৰ হ’বলগীয়া হয়। প্ৰায় প্ৰতিদিনে একেধৰণৰ সংগ্ৰামৰ সন্মুখীন হোৱা জ’মেটৰ এগৰাকী কৰ্মচাৰী আহিছে চৰ্চাত। 

নতুন দিল্লীৰ ষ্টাৰবাকছৰ পৰা এই পিতৃগৰাকীয়ে লাভ কৰিছে এক মৰমলগা উপহাৰ।


নিজ দুবছৰীয়া কন্যাক লগত লৈ কামলৈ আহে পিতৃগৰাকী। সেই কণমানি ছোৱালীজনীৰ নিৰ্দোষতা আৰু মৰমলগা মুখখন দেখি ষ্টাৰবাকছৰ কৰ্মচাৰী এগৰাকীৰ হৃদয় গলি গ’ল। তেতিয়া তেওঁ এটা সকলোৰে হৃদয় জয় কৰা কাম কৰিলে। 

ষ্টাৰবাকছৰ ষ্ট’ৰ মেনেজাৰ দেৱেন্দ্ৰ মেহৰাই লিংকডইনত এই কাহিনী শ্বেয়াৰ কৰিছে, য’ত তেওঁ কয় যে তেওঁৰ ষ্ট’ৰলৈ এজন জোমাটো ডেলিভাৰী কৰ্মী আহিছিল। তেওঁৰ দুবছৰীয়া কন্যাও তেওঁৰ লগত আহিছিল। ঘৰৰ দৈনন্দিন প্ৰয়োজন পূৰণৰ বাবে এইজন জোমাটো ডেলিভাৰী কৰ্মীয়ে কন্যাৰ লগত এনেদৰে কাম কৰিবলৈ ওলাই আহে। দেৱেন্দ্ৰ মেহৰাৰ পোষ্ট অনুসৰি এই কৰ্মীগৰাকী কন্যা শিশুটিৰ একক পিতৃ-মাতৃ, সেয়েহে শিশুটিক ক’তো এৰি আহিব নোৱাৰে। ষ্টাৰ বাকছৰ আন কৰ্মচাৰীসকলেও তেওঁঁৰ কামৰ প্ৰতি থকা দায়বদ্ধতাক লৈ আপ্লুত হৈছিল।

কন্যা শিশুটিক ষ্টাৰবাকছে বেবীচিনো গাখীৰ উপহাৰ হিচাপে দিলে, যাৰ ফলত ছোৱালীজনী বৰ সুখী হৈ পৰিল। ষ্টাৰবাকছৰ এই হৃদয়স্পৰ্শী প্ৰচেষ্টাক ছ’চিয়েল মিডিয়াত বহুত প্ৰশংসা কৰা হৈছে। 

FOLLOW US F
POPULAR
FEATURE
TRENDY
৩ নৱেম্বৰত আমেৰিকাৰ মধ্যকালীন নির্বাচন; ২৫% দক্ষিণ এছীয় ভোটাৰে সমর্থন দিব ডেমক্রেট প্রার্থীক
৩% মৰগীয়া বানচ ঘোষণা, কেন্দ্ৰীয় চৰকাৰৰ কৰ্মচাৰীলৈ সু-খবৰ
বদৰপুৰ ৰে’লৱে দলঙত শিলচৰ–গুৱাহাটী এক্সপ্ৰেছৰ ইঞ্জিন লাইনচ্যুত; পাহাৰীয়া অঞ্চলত ৰে’ল সেৱা ব্যাহত
ওদালগুৰিত চাঞ্চল্য! হিন্দু পৰিচয়ৰে মুছলমান যুৱকে পলুৱাই নিলে খ্ৰীষ্টান বোৱাৰীক
বাস্তুশাস্ত্ৰৰ বিধান: পাকঘৰৰ স্লেবত এই ৪টা বস্তু ৰাখিলে ঘৰত পৰে নেতিবাচক প্ৰভাৱ
ইণ্ডিয়ান ফিল্ম ফেষ্টিভেল-মেলবর্নলৈ ‘ডিয়েৰ আৱা’; গুৰুত্বপূৰ্ণ চৰিত্ৰত মন্ত্ৰী অতুল বৰা
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু