--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ জিন্দাল গ্ৰুপৰ অধ্যক্ষ সাবিত্ৰী জিন্দল দেশৰ চতুৰ্থ ধনী ব্যক্তিত পৰিণত। ইয়াৰ উপৰিও তেওঁ দেশৰ আটাইতকৈ ধনী মহিলাও। সাবিত্ৰী জিন্দালে হাৰিয়ানাৰ হিছাৰত বাস কৰে। তেওঁ স্বৰ্গীয় অ পি জিন্দালৰ পত্নী। তেওঁৰ পুত্ৰ নবীন জিন্দাল কুৰুক্ষেত্ৰৰ বিজেপি সাংসদ।

ফৰ্চুন ইণ্ডিয়াত জিন্দাল গ্ৰুপৰ অধ্যক্ষ সাবিত্ৰী জিন্দাল শীৰ্ষ দহৰ তালিকাত চতুৰ্থ স্থানত অন্তৰ্ভুক্ত একমাত্ৰ মহিলা। ফৰ্চুন ইণ্ডিয়াই প্ৰকাশ কৰিছে যে দেশৰ আটাইতকৈ ধনী লোকৰ তালিকাৰ চতুৰ্থ স্থান দখল কৰা ৭৪ বছৰীয়া সাবিত্ৰী দেৱী জিন্দাল প্ৰায় ২.৭৭ লাখ কোটি টকাৰ মালিক।

হিছাৰ বিধানসভা আসনৰ পৰা বিজেপিৰ টিকটৰ প্ৰতিদ্বন্দ্বী সাবিত্ৰী জিন্দাল। কংগ্ৰেছত থকাৰ সময়তে তেওঁ ইয়াৰ পৰাই বিধায়িকা আৰু মন্ত্ৰী হৈ পৰিছে। ২০২৪ চনৰ লোকসভা নিৰ্বাচনৰ পূৰ্বে পুত্ৰ নবীন জিন্দালৰ সৈতে বিজেপিত যোগদান কৰিছিল।

ফৰ্চুন ইণ্ডিয়াৰ প্ৰতিবেদনৰ ভিত্তিত যদি মূল্যায়ন কৰা হয় তেন্তে ভাৰতৰ ধনী লোকসকলৰ মুঠ সম্পত্তি প্ৰায় ৯৯.৮৬ লাখ কোটি টকা। এয়া দেশৰ জিডিপিৰ ৩৩.৮১ শতাংশৰ সমান। তালিকাত অন্তৰ্ভুক্ত ১৮৫ জনৰ সম্পত্তিৰ মূল্য ৮ হাজাৰ কোটি টকা।

১৯৫০ চনৰ ২০ মাৰ্চত অসমৰ তিনিচুকীয়াত জন্মগ্ৰহণ কৰিছিল সাবিত্ৰী জিন্দালে। ১৫ বছৰ বয়সত অ’ পি জিন্দলৰ সৈতে বিবাহপাশত আবদ্ধ হয়। এয়া আছিল অ’ পি জিন্দালৰ দ্বিতীয় বিবাহ। জিন্দালৰ প্ৰথম পত্নী বিদ্যা দেৱীৰ পৰা আছিল ৬ টা সন্তান। নবীন জিন্দাল সাবিত্ৰী জিন্দালৰ পুত্ৰ আৰু নবীনৰ আৰু ৩ গৰাকী ভগ্নীও আছে। সাবিত্ৰী দেৱীয়ে স্বামী আৰু নিজৰ ৪টা সন্তানৰ সৈতে কম বয়সতে আন ৬টা সন্তানকো ডাঙৰ-দীঘল কৰিছিল।

২০০৫ চনত স্বামীৰ মৃত্যুৰ পিছত ব্যৱসায়ৰ দায়িত্ব লোৱাৰ লগতে ৰাজনীতিতো হাত উজান দিয়ে সাবিত্ৰী জিন্দালে। স্বামীৰ মৃত্যুৰ পিছত ২০০৫ চনত হিছাৰৰ পৰা উপ-নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰি জয়ী হৈ ৰাজনীতিত প্ৰৱেশ কৰিছিল সাবিত্ৰী জিন্দালে। একেৰাহে দুটা নিৰ্বাচনত জয়ী হোৱাৰ পিছত তেওঁ হাৰিয়ানাৰ মন্ত্ৰীসভাৰ মন্ত্ৰী হয়।

FOLLOW US F
POPULAR
FEATURE
TRENDY
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
কাছাৰত ১৪ কোটি টকাৰ হেৰ’ইন আৰু য়াবা টেবলেট জব্দ
গৌৰীসাগৰত ব্ৰইলাৰ কঢ়িওৱা গাড়ী হাইজেক সাতজনীয়া ডকাইতৰ দলৰ
আজি গণেশ চতুৰ্থী; কি কৰিব লাগে কি কৰিব নালাগে জানো আহক
পত্নীহন্তা ৰামানুজ গোস্বামীৰ মৃত্যু; নৰকাসুৰ পাহাৰৰ পৰা জপিয়াই পলায়নৰ চেষ্টা কৰোতে দুৰ্ঘটনাত পতিত হৈছিল ৰামানুজ
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ