--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ জিন্দাল গ্ৰুপৰ অধ্যক্ষ সাবিত্ৰী জিন্দল দেশৰ চতুৰ্থ ধনী ব্যক্তিত পৰিণত। ইয়াৰ উপৰিও তেওঁ দেশৰ আটাইতকৈ ধনী মহিলাও। সাবিত্ৰী জিন্দালে হাৰিয়ানাৰ হিছাৰত বাস কৰে। তেওঁ স্বৰ্গীয় অ পি জিন্দালৰ পত্নী। তেওঁৰ পুত্ৰ নবীন জিন্দাল কুৰুক্ষেত্ৰৰ বিজেপি সাংসদ।

ফৰ্চুন ইণ্ডিয়াত জিন্দাল গ্ৰুপৰ অধ্যক্ষ সাবিত্ৰী জিন্দাল শীৰ্ষ দহৰ তালিকাত চতুৰ্থ স্থানত অন্তৰ্ভুক্ত একমাত্ৰ মহিলা। ফৰ্চুন ইণ্ডিয়াই প্ৰকাশ কৰিছে যে দেশৰ আটাইতকৈ ধনী লোকৰ তালিকাৰ চতুৰ্থ স্থান দখল কৰা ৭৪ বছৰীয়া সাবিত্ৰী দেৱী জিন্দাল প্ৰায় ২.৭৭ লাখ কোটি টকাৰ মালিক।

হিছাৰ বিধানসভা আসনৰ পৰা বিজেপিৰ টিকটৰ প্ৰতিদ্বন্দ্বী সাবিত্ৰী জিন্দাল। কংগ্ৰেছত থকাৰ সময়তে তেওঁ ইয়াৰ পৰাই বিধায়িকা আৰু মন্ত্ৰী হৈ পৰিছে। ২০২৪ চনৰ লোকসভা নিৰ্বাচনৰ পূৰ্বে পুত্ৰ নবীন জিন্দালৰ সৈতে বিজেপিত যোগদান কৰিছিল।

ফৰ্চুন ইণ্ডিয়াৰ প্ৰতিবেদনৰ ভিত্তিত যদি মূল্যায়ন কৰা হয় তেন্তে ভাৰতৰ ধনী লোকসকলৰ মুঠ সম্পত্তি প্ৰায় ৯৯.৮৬ লাখ কোটি টকা। এয়া দেশৰ জিডিপিৰ ৩৩.৮১ শতাংশৰ সমান। তালিকাত অন্তৰ্ভুক্ত ১৮৫ জনৰ সম্পত্তিৰ মূল্য ৮ হাজাৰ কোটি টকা।

১৯৫০ চনৰ ২০ মাৰ্চত অসমৰ তিনিচুকীয়াত জন্মগ্ৰহণ কৰিছিল সাবিত্ৰী জিন্দালে। ১৫ বছৰ বয়সত অ’ পি জিন্দলৰ সৈতে বিবাহপাশত আবদ্ধ হয়। এয়া আছিল অ’ পি জিন্দালৰ দ্বিতীয় বিবাহ। জিন্দালৰ প্ৰথম পত্নী বিদ্যা দেৱীৰ পৰা আছিল ৬ টা সন্তান। নবীন জিন্দাল সাবিত্ৰী জিন্দালৰ পুত্ৰ আৰু নবীনৰ আৰু ৩ গৰাকী ভগ্নীও আছে। সাবিত্ৰী দেৱীয়ে স্বামী আৰু নিজৰ ৪টা সন্তানৰ সৈতে কম বয়সতে আন ৬টা সন্তানকো ডাঙৰ-দীঘল কৰিছিল।

২০০৫ চনত স্বামীৰ মৃত্যুৰ পিছত ব্যৱসায়ৰ দায়িত্ব লোৱাৰ লগতে ৰাজনীতিতো হাত উজান দিয়ে সাবিত্ৰী জিন্দালে। স্বামীৰ মৃত্যুৰ পিছত ২০০৫ চনত হিছাৰৰ পৰা উপ-নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰি জয়ী হৈ ৰাজনীতিত প্ৰৱেশ কৰিছিল সাবিত্ৰী জিন্দালে। একেৰাহে দুটা নিৰ্বাচনত জয়ী হোৱাৰ পিছত তেওঁ হাৰিয়ানাৰ মন্ত্ৰীসভাৰ মন্ত্ৰী হয়।

FOLLOW US F
POPULAR
FEATURE
TRENDY
৩ নৱেম্বৰত আমেৰিকাৰ মধ্যকালীন নির্বাচন; ২৫% দক্ষিণ এছীয় ভোটাৰে সমর্থন দিব ডেমক্রেট প্রার্থীক
৩% মৰগীয়া বানচ ঘোষণা, কেন্দ্ৰীয় চৰকাৰৰ কৰ্মচাৰীলৈ সু-খবৰ
বদৰপুৰ ৰে’লৱে দলঙত শিলচৰ–গুৱাহাটী এক্সপ্ৰেছৰ ইঞ্জিন লাইনচ্যুত; পাহাৰীয়া অঞ্চলত ৰে’ল সেৱা ব্যাহত
ওদালগুৰিত চাঞ্চল্য! হিন্দু পৰিচয়ৰে মুছলমান যুৱকে পলুৱাই নিলে খ্ৰীষ্টান বোৱাৰীক
বাস্তুশাস্ত্ৰৰ বিধান: পাকঘৰৰ স্লেবত এই ৪টা বস্তু ৰাখিলে ঘৰত পৰে নেতিবাচক প্ৰভাৱ
ইণ্ডিয়ান ফিল্ম ফেষ্টিভেল-মেলবর্নলৈ ‘ডিয়েৰ আৱা’; গুৰুত্বপূৰ্ণ চৰিত্ৰত মন্ত্ৰী অতুল বৰা
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু