--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: দেশৰ এক বুজন সংখ্যক ৰাজহ চৰকাৰে মদৰ ওপৰত লগোৱা কৰৰ পৰাই আহে।যাৰ বাবে বিভিন্ন সময়ত চৰকাৰে মদৰ বিক্ৰী বঢ়াবলৈ বিভিন্ন সিদ্ধান্ত গ্ৰহণ কৰি আহিছে। শেহতীয়াকৈ মদ বিক্ৰী সন্দৰ্ভত এক সিদ্ধান্ত গ্ৰহণ কৰি বিপাঙত পৰিছিল মহাৰাষ্ট্ৰ চৰকাৰ। ছুপাৰ মাৰ্কেট আৰু ৱাক-ইন দোকানত মদ বিক্ৰী কৰিবলৈ সিদ্ধান্ত গ্ৰহণ কৰিছিল ৰাজ্য চৰকাৰখনে। এই সিদ্ধান্তৰ বিৰুদ্ধে বিভিন্ন ব্যক্তি আৰু দল-সংগঠনে মন্তব্য প্ৰকাশ কৰিছিল। সমাজকৰ্মী আন্না হাজাৰেও চৰকাৰখনৰ এই সিদ্ধান্তৰ বিৰুদ্ধে ঠিয় দিছিল। লগতে তেওঁ চৰকাৰে এই সিদ্ধান্ত প্ৰত্যাহাৰ নকৰিলে অনশন কাৰ্যসূচী গ্ৰহণ কৰি প্ৰতিবাদৰ হুংকাৰ দিছিল। তাৰ পাছতেই ৰাজ্য চৰকাৰখনে তেওঁলোকৰ সিদ্ধান্তৰ প্ৰতি কিছু নৰম স্থিতি গ্ৰহণ কৰা দেখিবলৈ পোৱা গৈছে। শেহতীয়াকৈ মহাৰাষ্ট্ৰ চৰকাৰে ইংগিত দিছে যে ছুপাৰ মাৰ্কেটত ৱাইন বিক্ৰীৰ অনুমতি দিয়াৰ পৰিকল্পনা তেওঁলোকে প্ৰত্যাহাৰো কৰিব পাৰে। শনিবাৰে আবকাৰী বিভাগৰ মুখ্য সচিবে হাজাৰেক সাক্ষাৎ কৰিছিল আৰু তেওঁক এখন পত্ৰ প্ৰদান কৰিছিল য'ত কোৱা হৈছিল যে চৰকাৰে ব্যাপক পৰামৰ্শ লোৱাৰ পিছতহে আগবাঢ়িব। তেওঁৰ লগতে মন্ত্ৰী দিলীপ ৱালছে পাটিলেও আন্না হাজাৰেক লগ কৰিছিল। উপ মুখ্যমন্ত্ৰী অজিত পাৱাৰে সংবাদ মাধ্যমৰ লোকসকলক কৈছিল যে চৰকাৰে হাজাৰেৰ সৈতে আলোচনা কৰি আছে। ‘আজি প্ৰধান সচিব ভালচা নায়াৰ সিঙে এখন পত্ৰ লৈ ৰালেগান সিদ্ধিলৈ গৈছে য'ত কোৱা হৈছে যে চৰকাৰে নাগৰিকসকলৰ পৰামৰ্শ আৰু আপত্তি বিচৰাৰ পিছতহে ছুপাৰ মাৰ্কেটত ৱাইন বিক্ৰী সম্পৰ্কে নিয়ম প্ৰস্তুত কৰিব। নাগৰিকৰ পৰা পৰামৰ্শ প্ৰাপ্ত কৰাৰ পিছত, এক উপযুক্ত সিদ্ধান্ত লোৱা হ'ব। এতিয়ালৈকে কোনো চূড়ান্ত সিদ্ধান্ত লোৱা হোৱা নাই’। এনেদৰেই পাৱাৰে সংবাদ মাধ্যমৰ আগত ব্যক্ত কৰিছিল। উল্লেখ যোগ্য যে জানুৱাৰী ২৭ তাৰিখে মহাৰাষ্ট্ৰৰ ৰাজ্যিক কেবিনেটে ১ হাজাৰ বৰ্গ ফুটতকৈ অধিক এলেকা থকা ছুপাৰ মাৰ্কেট আৰু ৱাক-ইন দোকানত মদ বিক্ৰী কৰাৰ অনুমতি দিয়াৰ প্ৰস্তাৱ গৃহীত কৰিছিল। এই সপ্তাহৰ আৰম্ভণিতে, আন্না হাজাৰে এই প্ৰস্তাৱৰ বিৰুদ্ধে প্ৰতিবাদ কৰিবলৈ ১৪ ফেব্ৰুৱাৰীৰ পৰা অনিৰ্দিষ্টকালীন অনশন ঘোষণা কৰিছিল। আন্না হাজাৰে কৈছিল যে যুৱসকলৰ ওপৰত চৰকাৰৰ এই সিদ্ধান্তৰ বাবে কু-প্ৰভাৱ পৰিব আৰু ঘৰুৱা হিংসা বৃদ্ধি পাব। তেওঁৰ এই হুংকাৰ আৰু ব্যাপক প্ৰতিবাদৰ পাছত মহাৰাষ্ট্ৰ চৰকাৰে এতিয়া তেওঁলোকৰ কেবিনেটৰ সিদ্ধান্ত পুনৰ বিবেচনা কৰাৰ ইংগিত প্ৰদান কৰিছে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
৫ দিন ধৰি বন্ধ থাকিব দেশৰ বেংক
মাজুলীৰ চৰাইচোঙক এছিয়াৰ প্ৰথমখন সংৰক্ষিত পক্ষী উদ্যানৰূপে স্বীকৃতি গুগলৰ
কামৰূপৰ বামুন্দীত ভূমিকেন্দ্ৰিক সংঘাতৰ চূড়ান্ত ৰূপ; চোকা অস্ত্ৰৰ আক্ৰমণত গুৰুতৰভাৱে আহত দুজন
চেপনৰ জুবিন গাৰ্গৰ বিখ্যাত আমজোপা; গছজোপাৰ তলত বহি জুবিনে লিখিছিল কবিতা, গীত আৰু পাতিছিল কথা
‘জুবিনদা নাই বুলি মোৰ বিশ্বাস নহয়’—মানৱীয়তাৰ ঋণত আৱেগিক শিৱসাগৰৰ শান্তনু বৰা
জুবিনবিহীন এবছৰ; শোকৰ জুইত এতিয়াও দগ্ধ অসমীয়া
গৌৰীসাগৰত ব্ৰইলাৰ কঢ়িওৱা গাড়ী হাইজেক সাতজনীয়া ডকাইতৰ দলৰ
কাছাৰত ১৪ কোটি টকাৰ হেৰ’ইন আৰু য়াবা টেবলেট জব্দ
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি