--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: কৰ্ণাটকত এগৰাকী ছাত্ৰীয়ে শিক্ষানুষ্ঠানলৈ হিজাব পৰিধান কৰি অহাৰ পাছত ৰাজ্যখনত কিছু উত্তেজনাময় পৰিস্থিতিৰ সৃষ্টি হৈছিল। পৰিস্থিতি ইমানেই তললৈ নামি আহিছিল যে ইয়াৰ বাবে হিন্দু আৰু মুছলমান ধৰ্মাৱলম্বী ফৈদৰ মাজত সংঘাটৰো সৃষ্টি হৈছিল। পাছলৈ বিষয়টো আদালতৰ মজিয়াও পাইছিল। মুছলমান যুৱতীৰ হিজাব পৰিধানক লৈ জনপ্ৰিয় লেখিকা তছলিমা নাছৰিনে অলপতে এটা লেখাৰ যোগেদি তেওঁৰ মন্তব্য প্ৰকাশ কৰিছে। তেওঁৰ মতে হিজাব অন্ধকাৰ যুগৰ সতীত্ব বেল্ট (CHESTITY BELT)ৰ সমতুল্য। আজিৰ দিনত দোপত দোপে উন্নতিৰ জখলা বগোৱা এই মানৱ সমাজতেই কিছু নীতি-নিয়মৰ প্ৰচলন আছিল যাৰ দ্বাৰা লিংগৰ ভিত্তিত দমন নীতি চলিছিল। নাৰীক সমাজত পুৰুষৰ তলত স্থান দিয়া হৈছিল। তাৰ উদাহৰণ স্বৰূপে পৰ্দা প্ৰথা, সমাজৰ তথা পৰিয়ালৰ গুৰুত্বপূৰ্ণ সিদ্ধান্তসমূহ গ্ৰহণত নাৰীৰ গুৰুত্বহীনতাকে ধৰি নানা সীমাবদ্ধাতলৈ আঙুলিয়াব পাৰি। কিন্তু এই সকলোৰে সীমা চেৰাই তেতিয়া গৈছিল যেতিয়া নাৰীক সতীত্ব বেল্ট পৰিধান কৰিবলৈ বাধ্য কৰা হৈছিল। ইয়াৰ দ্বাৰা নাৰীৰ যৌনাংগ আৱৰি থকা একোডাল বেল্ট পৰিধান কৰি থকা নাৰী গৰাকীৰ ওপৰত স্বামী বা বিশেষ পুৰুষজনৰ হে যৌনতাৰ অধিকাৰ আছিল। বৰ্তমান সময়ত তেনে সতীত্ব বেল্টৰ সৈতে হিজাবক তুলনা কৰিছে জনপ্ৰিয় লেখিকা তচলিমা নাচৰিনে। তেওঁৰ মতে মুছলমান ৰাজনৈতিক নেতাৰ দৰে হিজাবো ৰাজনীতিত পৰিণত হৈছে। ইয়াত নাৰীৰ স্বাধীনতাৰ কথা আহি নপৰে। বোৰ্খা বা হিজাবে নাৰীৰ স্বাধীনতা সুৰক্ষিত নকৰে। বৰং বোৰ্খা বা হিজাব পৰিধান কৰা মহিলা গৰাকী তেওঁৰ স্বামী বা পুৰুষ সমাজৰ কাষত দমন হৈ থকাৰ চিনহে বহন কৰে। তচলিমা নাচৰিনে লগতে এই বিবাদ বন্ধ কৰিবলৈ ইউনিফৰ্ম চিভিল কোড আৰু ইউনিফৰ্ম ড্ৰেছ কোড প্ৰয়োজনীয় বুলি উল্লেখ কৰিছে। লেখিকাগৰাকীয়ে দৃঢ়তাৰে এই কথা উল্লেখ কৰিছে যে ধৰ্মৰ অধিকাৰ শিক্ষাৰ অধিকাৰতকৈ ওপৰত হ’ব নোৱাৰে। কৰ্ণাটকৰ পৰিস্থিতিয়ে দেশত ধৰ্ম পালনৰ স্বাধীনতাক গুৰুত্ব দিয়া দেখা গৈছে। য’ত হিন্দু আৰু মুছলমান দুয়ো পক্ষই নিজৰ ধৰ্মৰ প্ৰতি অনুকম্পা দেখুৱাই নিজা উপাস্যজনৰ জয়ধ্বনি প্ৰদান কৰি ধৰ্ম জাহিৰ কৰিছে। কিন্তু সেই বিবাদত উপনীত হোৱা শিক্ষাৰ্থীসকলে শিক্ষাৰ অধিকাৰক লৈ কোনো আগ্ৰহ প্ৰকাশ কৰা নাই, কিয়নো কেইবাদিনো ধৰি এনে ধৰ্মীয় উত্তেজনাৰ মাজত তেওঁলোক শিক্ষা লাভৰ পৰা বঞ্চিত হৈছে। তচলিমা নাচৰিনে উল্লেখ কৰে যে ধৰ্মতকৈ শিক্ষাৰ অধিকাৰৰ ক্ষেত্ৰতহে গুৰুত্ব দিয়া লাভজনক। মৌলবাদী সমাজৰ বিষয়ে উল্লেখ কৰি তেওঁ কয়, এজন ইহুদী, খ্ৰীষ্টান, মুছলমান বা হিন্দু মৌলবাদীৰ মাজত প্ৰায় কোনো পাৰ্থক্য নাই। তেওঁলোক সকলোবোৰ মুখ্যতঃ 'অসহিষ্ণু'। জনপ্ৰিয় গায়িকা লতা মংগেশকাৰৰ নশ্বৰ দেহৰ কাষত থিয় হৈ মুছলমানসকলে আল্লাহ, হিন্দুসকলক ভগৱানলৈ আৰু খ্ৰীষ্টানসকলক তেওঁলোকৰ সৰ্বশক্তিমান ঈশ্বৰৰ ওচৰত প্ৰাৰ্থনা কৰিছে। বলীউডৰ ছুপাৰষ্টাৰ শ্বাহৰুখ খানে প্ৰাৰ্থনাত হাত তুলি গায়িকা গৰাকীৰ নশ্বৰ দেহত ফুঁ দিয়া দেখি, কিছুমান হিন্দু উগ্ৰচিন্তাৰ লোকে ভাবিছিল যে তেওঁ তাত থু পেলাইছে। লতা মংগেশকাৰৰ অন্তিম শয়নত উপস্থিত হৈ কিং খানে আল্লাহৰ ওচৰত কৰা দোৱাক লৈ সৃষ্টি হোৱা বিতৰ্কতো এনেদৰে ক্ষোভ উজাৰিছে তচলিমা নাচৰিনে। লেখাটোত তেওঁ এনেকৈ উল্লেখ কৰিছে, ‘ব্যক্তিগতভাৱে মই হিজাব আৰু বোৰ্খাৰ বিৰোধী। মই বিশ্বাস কৰোঁ যে এইটো এটা পুৰুষতান্ত্ৰিক ষড়যন্ত্ৰ যিয়ে মহিলাসকলক বোৰ্খা পিন্ধিবলৈ বাধ্য কৰে। কাপোৰৰ এই টুকুৰাবোৰ মহিলাৰ ওপৰত অত্যাচাৰ আৰু অপমানৰ প্ৰতীক। মই আশা কৰোঁ যে মহিলাসকলে সোনকালেই উপলব্ধি কৰিব যে মহিলাৰ যৌন অংগত আবদ্ধ কৰিবলৈ ব্যৱহাৰ কৰা অন্ধকাৰ যুগৰ সতীত্ব বেল্টতকৈ বোৰ্খা পৃথক নহয়। যদি সতীত্বৰ বেল্ট অপমানজনক, তেন্তে বোৰ্খা কিয় নহয়?’

FOLLOW US F
POPULAR
FEATURE
TRENDY
ৰাজ্য চৰকাৰে ৪ আগষ্টত ল'ব ১০০০ কোটিৰ ঋণ
শিৱসাগৰত বানে জুৰুলা কৰা লোকৰ অকথিত যন্ত্ৰণা; শাৰীৰিক সমস্যাৰ লগতে সৃষ্টি হৈছে গভীৰ মানসিক প্ৰত্যাহ্বান
শিমলুগুৰিৰ বান পৰিস্থিতিৰ বাবে কেইবাখনো গুৰুত্বপূৰ্ণ দূৰণিবটীয়া ৰে’লৰ পথ সলনি
গুৱাহাটীত পানী যোগানৰ পাইপলাইন, ভালভ আদিৰ ক্ষতি কৰিলে ভৰিব লাগিব ৫০০ টকা জৰিমনা
‘এয়াই মোৰ প্ৰথম আৰু শেষ ভুল’! মোদী আৰু প্ৰয়াত মাতৃক লৈ অশ্লীল মন্তব্য কৰা ৰুচিকা সিঙে দেশবাসীৰ ওচৰত বিচাৰিলে ক্ষমা
পুৱা খালী পেটত কি খাব লাগে? সবিশেষ জানি লওক
গ্লাছগোত পদক জয়ত ব্যৰ্থ ভাৰতীয় ভাৰোত্তোলক মাৰ্টিনা দেৱী
অসমৰ বানাক্ৰান্ত কৃষকক ১০০ দিনৰ আগতীয়া মজুৰিৰ দাবী, কেন্দ্ৰীয় গৃহমন্ত্ৰীৰ আশ্বাস
বানত তিনিচুকীয়াত ৮০০ মিটাৰ ৰেল ট্ৰেক উটি যোৱাৰ পিছত উ.পূ.সী.ৰে.ৰ মেৰামতি অভিযান
যোৰহাটত বানৰ বিভীষিকা: ঋণৰ বোজাৰে জুৰুলা পানগাঁওবাসী, চৰকাৰী সকাহে কিমান দূৰ পাব?
পুৱা খালী পেটত কি খাব লাগে? সবিশেষ জানি লওক
বন সংৰক্ষণ আৰু জীৱন ধাৰণৰ মান উন্নয়নৰ বাবে কামৰূপত বন বিভাগৰ ভেনিলা খেতিৰ প্ৰচাৰ
প্ৰণৱ দলেক জামিন প্ৰদান অসম আদালতৰ, জনসাধাৰণৰ উদ্বেগ নশুনিলে শান্তি বিঘ্নিত হোৱাৰ মন্তব্য
অসমত জামিন লাভৰ পিছতে থলুৱা অধিকাৰ কৰ্মীৰ বিৰুদ্ধে NSA প্ৰয়োগ