--°C
Loading...
Advertisement
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: কৰ্ণাটকত এগৰাকী ছাত্ৰীয়ে শিক্ষানুষ্ঠানলৈ হিজাব পৰিধান কৰি অহাৰ পাছত ৰাজ্যখনত কিছু উত্তেজনাময় পৰিস্থিতিৰ সৃষ্টি হৈছিল। পৰিস্থিতি ইমানেই তললৈ নামি আহিছিল যে ইয়াৰ বাবে হিন্দু আৰু মুছলমান ধৰ্মাৱলম্বী ফৈদৰ মাজত সংঘাটৰো সৃষ্টি হৈছিল। পাছলৈ বিষয়টো আদালতৰ মজিয়াও পাইছিল। মুছলমান যুৱতীৰ হিজাব পৰিধানক লৈ জনপ্ৰিয় লেখিকা তছলিমা নাছৰিনে অলপতে এটা লেখাৰ যোগেদি তেওঁৰ মন্তব্য প্ৰকাশ কৰিছে। তেওঁৰ মতে হিজাব অন্ধকাৰ যুগৰ সতীত্ব বেল্ট (CHESTITY BELT)ৰ সমতুল্য। আজিৰ দিনত দোপত দোপে উন্নতিৰ জখলা বগোৱা এই মানৱ সমাজতেই কিছু নীতি-নিয়মৰ প্ৰচলন আছিল যাৰ দ্বাৰা লিংগৰ ভিত্তিত দমন নীতি চলিছিল। নাৰীক সমাজত পুৰুষৰ তলত স্থান দিয়া হৈছিল। তাৰ উদাহৰণ স্বৰূপে পৰ্দা প্ৰথা, সমাজৰ তথা পৰিয়ালৰ গুৰুত্বপূৰ্ণ সিদ্ধান্তসমূহ গ্ৰহণত নাৰীৰ গুৰুত্বহীনতাকে ধৰি নানা সীমাবদ্ধাতলৈ আঙুলিয়াব পাৰি। কিন্তু এই সকলোৰে সীমা চেৰাই তেতিয়া গৈছিল যেতিয়া নাৰীক সতীত্ব বেল্ট পৰিধান কৰিবলৈ বাধ্য কৰা হৈছিল। ইয়াৰ দ্বাৰা নাৰীৰ যৌনাংগ আৱৰি থকা একোডাল বেল্ট পৰিধান কৰি থকা নাৰী গৰাকীৰ ওপৰত স্বামী বা বিশেষ পুৰুষজনৰ হে যৌনতাৰ অধিকাৰ আছিল। বৰ্তমান সময়ত তেনে সতীত্ব বেল্টৰ সৈতে হিজাবক তুলনা কৰিছে জনপ্ৰিয় লেখিকা তচলিমা নাচৰিনে। তেওঁৰ মতে মুছলমান ৰাজনৈতিক নেতাৰ দৰে হিজাবো ৰাজনীতিত পৰিণত হৈছে। ইয়াত নাৰীৰ স্বাধীনতাৰ কথা আহি নপৰে। বোৰ্খা বা হিজাবে নাৰীৰ স্বাধীনতা সুৰক্ষিত নকৰে। বৰং বোৰ্খা বা হিজাব পৰিধান কৰা মহিলা গৰাকী তেওঁৰ স্বামী বা পুৰুষ সমাজৰ কাষত দমন হৈ থকাৰ চিনহে বহন কৰে। তচলিমা নাচৰিনে লগতে এই বিবাদ বন্ধ কৰিবলৈ ইউনিফৰ্ম চিভিল কোড আৰু ইউনিফৰ্ম ড্ৰেছ কোড প্ৰয়োজনীয় বুলি উল্লেখ কৰিছে। লেখিকাগৰাকীয়ে দৃঢ়তাৰে এই কথা উল্লেখ কৰিছে যে ধৰ্মৰ অধিকাৰ শিক্ষাৰ অধিকাৰতকৈ ওপৰত হ’ব নোৱাৰে। কৰ্ণাটকৰ পৰিস্থিতিয়ে দেশত ধৰ্ম পালনৰ স্বাধীনতাক গুৰুত্ব দিয়া দেখা গৈছে। য’ত হিন্দু আৰু মুছলমান দুয়ো পক্ষই নিজৰ ধৰ্মৰ প্ৰতি অনুকম্পা দেখুৱাই নিজা উপাস্যজনৰ জয়ধ্বনি প্ৰদান কৰি ধৰ্ম জাহিৰ কৰিছে। কিন্তু সেই বিবাদত উপনীত হোৱা শিক্ষাৰ্থীসকলে শিক্ষাৰ অধিকাৰক লৈ কোনো আগ্ৰহ প্ৰকাশ কৰা নাই, কিয়নো কেইবাদিনো ধৰি এনে ধৰ্মীয় উত্তেজনাৰ মাজত তেওঁলোক শিক্ষা লাভৰ পৰা বঞ্চিত হৈছে। তচলিমা নাচৰিনে উল্লেখ কৰে যে ধৰ্মতকৈ শিক্ষাৰ অধিকাৰৰ ক্ষেত্ৰতহে গুৰুত্ব দিয়া লাভজনক। মৌলবাদী সমাজৰ বিষয়ে উল্লেখ কৰি তেওঁ কয়, এজন ইহুদী, খ্ৰীষ্টান, মুছলমান বা হিন্দু মৌলবাদীৰ মাজত প্ৰায় কোনো পাৰ্থক্য নাই। তেওঁলোক সকলোবোৰ মুখ্যতঃ 'অসহিষ্ণু'। জনপ্ৰিয় গায়িকা লতা মংগেশকাৰৰ নশ্বৰ দেহৰ কাষত থিয় হৈ মুছলমানসকলে আল্লাহ, হিন্দুসকলক ভগৱানলৈ আৰু খ্ৰীষ্টানসকলক তেওঁলোকৰ সৰ্বশক্তিমান ঈশ্বৰৰ ওচৰত প্ৰাৰ্থনা কৰিছে। বলীউডৰ ছুপাৰষ্টাৰ শ্বাহৰুখ খানে প্ৰাৰ্থনাত হাত তুলি গায়িকা গৰাকীৰ নশ্বৰ দেহত ফুঁ দিয়া দেখি, কিছুমান হিন্দু উগ্ৰচিন্তাৰ লোকে ভাবিছিল যে তেওঁ তাত থু পেলাইছে। লতা মংগেশকাৰৰ অন্তিম শয়নত উপস্থিত হৈ কিং খানে আল্লাহৰ ওচৰত কৰা দোৱাক লৈ সৃষ্টি হোৱা বিতৰ্কতো এনেদৰে ক্ষোভ উজাৰিছে তচলিমা নাচৰিনে। লেখাটোত তেওঁ এনেকৈ উল্লেখ কৰিছে, ‘ব্যক্তিগতভাৱে মই হিজাব আৰু বোৰ্খাৰ বিৰোধী। মই বিশ্বাস কৰোঁ যে এইটো এটা পুৰুষতান্ত্ৰিক ষড়যন্ত্ৰ যিয়ে মহিলাসকলক বোৰ্খা পিন্ধিবলৈ বাধ্য কৰে। কাপোৰৰ এই টুকুৰাবোৰ মহিলাৰ ওপৰত অত্যাচাৰ আৰু অপমানৰ প্ৰতীক। মই আশা কৰোঁ যে মহিলাসকলে সোনকালেই উপলব্ধি কৰিব যে মহিলাৰ যৌন অংগত আবদ্ধ কৰিবলৈ ব্যৱহাৰ কৰা অন্ধকাৰ যুগৰ সতীত্ব বেল্টতকৈ বোৰ্খা পৃথক নহয়। যদি সতীত্বৰ বেল্ট অপমানজনক, তেন্তে বোৰ্খা কিয় নহয়?’
FOLLOW US F
POPULAR
FEATURE
TRENDY
দুদিনীয়া ভ্ৰমণ সূচীৰে আজি অসমলৈ আহিব মোহন ভাগৱত
অম্বুবাচী মহাযোগ পৰিচালনা সমিতিৰ নতুন নিৰ্দেশনা
বহি:ৰাজ্যত উদ্ধাৰ আমগুৰি যুৱকৰ মৃতদেহ
অম্বুবাচী মহাযোগ উপলক্ষে গুৱাহাটী আৰক্ষীৰ বিশেষ নিৰ্দেশনা
তেহৰান খালী কৰাৰ নিৰ্দেশ ট্ৰাম্পৰ ; জি-৭ সন্মিলন আধাতে এৰি ৱাশ্বিংটনলৈ মাৰ্কিন ৰাষ্ট্ৰপতি
আহমেদাবাদ-লণ্ডন অভিমুখী এয়াৰ ইণ্ডিয়াৰ বিমান যাত্ৰা বাতিল
কেনে আছে অসমৰ ৰুক্মিণী বৰুৱা ? আহমেদাবাদত ভয়ংকৰ বিমান দুৰ্ঘটনা পতিত অসমৰ যুৱতী
পঞ্জাৱত মৃত্যু অসমৰ যুৱকৰ
'খাদ্য নাই, পানী নাই, শান্তি নাই'-গাজাত ইজৰাইলী আক্রমণত সন্তানক হেৰুওৱা মাতৃৰ চিৎকাৰ
'মোদীৰ দৰে মিছলীয়া প্ৰাধানমন্ত্ৰী কেতিয়াও দেখা নাই' খৰ্গেৰ মন্তব্য
গাড়ীত উদ্ধাৰ জনপ্ৰিয় ছ'চিয়েল মিডিয়া ইনফ্লুৱেন্সাৰৰ মৃতদেহ
উৰণৰ সময়তেই পুৰি ছাই হ’ল এয়াৰ ইণ্ডিয়াৰ বিমান:শতাধিক যাত্ৰীৰ মৃত্যুৰ আশংকা
গ্ৰীষ্ম-প্ৰৱাহ ; হীট ষ্ট্ৰ'কত ৰাজ্যত দুজনৰ মৃত্যু
কিয় কুখ্যাত সন্ত্ৰাসবাদী লাডেনে পাকিস্তানত নিৰাপদ অনুভৱ কৰিছিল?