--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: কৰ্ণাটকৰ শিক্ষাৰ্থীৰ পৰা আৰম্ভ হোৱা হিজাব বিতৰ্ক এতিয়াও অন্ত পৰা নাই। বিষয়টো আদালতৰ বিচাৰাধীন যদিও কৰ্ণাটকত এতিয়াও হিজাবক লৈ চেপা উত্তেজনা বিৰাজমান। মুখ্যমন্ত্ৰীয়ে পূৰ্বে হাইস্কুল আৰু উচ্চ শিক্ষানুষ্ঠানসমূহ বন্ধৰ নিৰ্দেশ প্ৰদান কৰিছিল। জনসাধাৰণক আইন-শৃংখলা বজাই ৰাখিবলৈ আহ্বান জনাইছিল। কিন্তু তাৰ পাছতো ৰাজ্যখনত উত্তেজনা কমা নাই। হিজাব পিন্ধাক লৈ হোৱা বিতৰ্কৰ পৰিপ্ৰেক্ষিতত কৰ্ণাটক প্ৰাথমিক আৰু মাধ্যমিক শিক্ষা বিভাগে শনিবাৰে ঘোষণা কৰিছে যে ৰাজ্যখনত ১২ ৰ পৰা ১৫ ফেব্ৰুৱাৰীলৈ প্ৰাক-বিশ্ববিদ্যালয় শিক্ষাৰ্থীৰ শ্ৰেণী স্থগিত ৰখা হৈছে। ইয়াৰ আগতে বিদ্যালয়সমূহে ১৪ ফেব্ৰুৱাৰীৰ পৰা বিদ্যালয় সমূহ পুনৰ খোলাৰ বাবে সাজু হৈছিল। কৰ্ণাটকৰ মুখ্যমন্ত্ৰী বাসবৰাজ বোম্মাই শুকুৰবাৰে আৰক্ষী অধীক্ষক আৰু জিলা উপায়ুক্তসকলক সংবেদনশীল অঞ্চলৰ বিদ্যালয়সমূহ পৰিদৰ্শন কৰিবলৈ আৰু তাত যাতে কোনো অপ্ৰীতিকৰ ঘটনা সংঘটিত নহয়, তাক নিশ্চিত কৰিবলৈ নিৰ্দেশ দিছিল। লগতে তেওঁ ৰাজ্যখনৰ আইন-শৃংখলাক শীৰ্ষ অগ্ৰাধিকাৰ হিচাপে গণ্য কৰিবলৈ আৰক্ষী অধীক্ষকসকলক নিৰ্দেশ প্ৰদান কৰিছিল। উল্লেখযোগ্য যে, মুছলমান ছাত্ৰীসককলক শ্ৰেণী কোঠাত হিজাব পৰিধান কৰি উপস্থিত থকাৰ পৰা বাধা প্ৰদান কৰা বাবে কৰ্ণাটকৰ কেইবাটাও ঠাইত তীব্ৰ প্ৰতিবাদ হৈছিল। সমান্তৰালকৈ ছাত্ৰীসকলে বিদ্যালয়লৈ হিজাব পৰিধান কৰি অহা বাবে এটা পক্ষই তেওঁলোকৰ বিপক্ষতো প্ৰতিবাদত লিপ্ত হৈছিল। প্ৰতিবাদৰ পাছলৈ দুই পক্ষৰ মাজত সংঘৰ্ষৰো সৃষ্টি হৈছিল। এই সংঘৰ্ষ গেৰুৱা কাপোৰ লৈ অহা হিন্দু আৰু হিজাবৰ পক্ষ লোৱা মুছলমানসকলৰ মাজত সংঘটিত হৈছিল। উচ্চতম ন্যায়ালয়ে শুক্ৰবাৰে কৰ্ণাটকৰ হিজাব সম্পৰ্কীয় জৰুৰী আবেদনৰ শুনানী গ্ৰহণ কৰিবলৈ অস্বীকাৰ প্ৰকাশ কৰিছিল। তীব্ৰ অস্বস্তিৰে কৈছিল যে ৰাজ্যখনত এয়া কি ঘটি আছে? মন কৰিব লগীয়া যে মুছলমান ছাত্ৰীসকলে হিজাব পৰিধান কৰাটো তেওঁলোকৰ সংবিধান প্ৰদত্ত স্বাধীনৰ সৈতে সম্বন্ধ কৰি দেখুৱালেও এই সন্দৰ্ভত প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে জনপ্ৰিয় লেখিকা তচলিমা নাচৰিনে। তেওঁ কয় যে ধৰ্মৰ স্বাধীনতা ৰক্ষাৰ আগতে শিক্ষাৰ্থীসকল শিক্ষাৰ অধিকাৰৰ বাবে ওলাই অহাটো বাঞ্চনীয়। তেওঁ লগতে বোৰ্খা বা হিজাবক অন্ধকাৰ যুগৰ সতীত্ব বেল্ট (CHESTITY BELT) ৰ সৈতে তুলনা কৰিছে। তেওঁ লগতে কয় যে, সতীত্ব বেল্ট পৰিধান কৰাটো যদি অপমানসূচক হয়, তেনেহ’লে হিজাব পৰিধান কৰাটো কিয় নহয়? তচলিমা নাচৰিনৰ মতে দুয়োটা ক্ষেত্ৰতেই এগৰাকী নাৰীক পুৰুষতান্ত্ৰিক সমাজৰ মাজত আৱদ্ধ ৰাখি স্বাধীনতা হৰণৰ চেষ্টা কৰা হৈছে। তেনে ক্ষেত্ৰত সতীত্ব বেল্ট নাৰীৰ বাবে অপমান বুলি ধৰিব পাৰিলে বোৰ্খা বা হিজাবকো একে শাৰীতে ৰাখিব পাৰি। ধৰ্ম নহয়, শিক্ষাইহে সমাজক সৰ্ব শক্তিমান কৰিব। ধৰ্মীয় উত্তেজনাৰ নামত শিক্ষা লাভৰ পৰা আঁতৰত থকাটো এখন সমমাজৰ বাবে কেতিয়াও শুভ লক্ষণ নহয় বুলি বহুজনে মন্তব্য কৰিছে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
উত্তৰ প্ৰদেশৰ এই জিলাৰ নাম হ’ব সলনি! যোগী আদিত্যনাথক অনুৰোধ মধ্য প্ৰদেশৰ প্ৰাক্তন মুখ্যমন্ত্ৰীৰ
পাকিস্তানত ২৪ ঘণ্টাত ১৩ শিশুসহ ৩৪০জনৰ মৃত্যু, খাইবাৰ পাখতুনখাৱাত আকস্মিক বানৰ তাণ্ডৱ
২৩ আগষ্টত শনি অমৱস্যা ! এই প্ৰতিকাৰ কৰিলে সকলো সমস্যা হ'ব দূৰ
কোটিপতি অৰ্জুন তেণ্ডুলকাৰ! আপুনি জানেনে জুনিয়ৰ শচীনৰ নেট ৱৰ্থ?
১৩টা বলত ৫০ ৰান! ১৩৬ বছৰীয়া অভিলেখ ভংগ এইগৰাকী খেলুৱৈৰ
ধুবুৰীত স্বাধীনতা দিৱসত যুৱতীৰ অশ্লীল নৃত্য! অধ্যক্ষসহ ২ শিক্ষক, ৩ পঞ্চায়ত সদস্যক আটক
নাৰায়ণপুৰত বানৰ তাণ্ডৱ ; দোৰপাং-দিহিৰি নদীৰ বানত বুৰিল কেবাখনো গাঁও
উৰিয়ামঘাট সীমান্তত উত্তেজনা! সন্দেহজনক লোকৰ ঘৰত দুষ্কৃতিকাৰীৰ অগ্নিসংযোগ, শূন্যলৈ গুলীচালনা নগাৰ
অসমত কৰ্কট চিকিৎসাৰ অভাৱনীয় মাচুল বৃদ্ধি
অহা মাহত ট্ৰাম্পৰ সৈতে প্ৰধানমন্ত্ৰী মোদীৰ বৈঠক! ভাৰত আৰু আমেৰিকাৰ মাজত উত্তেজনা কমিবনে?
'ঢাকাইপট্টি' হ'লগৈ 'ৰূপকোঁৱৰ চ'ক', মুখ্যমন্ত্ৰীৰ নিৰ্দেশত নগাঁৱৰ আয়ুক্তৰ ব্যৱস্থা
ভাৰতলৈ ভাবুকি নমাই চীন-পাকিস্তানৰ নৌ-সেনাৰ অনুশীলন
ৰঙা খয়েৰৰ অবাধ ক'লা বেপাৰ, বনদস্যুৱে তহিলং কৰিছে সোৱণশিৰিৰ পাৰ
জিৰাৰ পানীয়ে আপোনাক ফিট আৰু স্বাস্থ্যকৰ কৰি তুলিব, এই ৪টা ধৰণে ব্যৱহাৰ কৰক