--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: কৰ্ণাটকৰ শিক্ষাৰ্থীৰ পৰা আৰম্ভ হোৱা হিজাব বিতৰ্ক এতিয়াও অন্ত পৰা নাই। বিষয়টো আদালতৰ বিচাৰাধীন যদিও কৰ্ণাটকত এতিয়াও হিজাবক লৈ চেপা উত্তেজনা বিৰাজমান। মুখ্যমন্ত্ৰীয়ে পূৰ্বে হাইস্কুল আৰু উচ্চ শিক্ষানুষ্ঠানসমূহ বন্ধৰ নিৰ্দেশ প্ৰদান কৰিছিল। জনসাধাৰণক আইন-শৃংখলা বজাই ৰাখিবলৈ আহ্বান জনাইছিল। কিন্তু তাৰ পাছতো ৰাজ্যখনত উত্তেজনা কমা নাই। হিজাব পিন্ধাক লৈ হোৱা বিতৰ্কৰ পৰিপ্ৰেক্ষিতত কৰ্ণাটক প্ৰাথমিক আৰু মাধ্যমিক শিক্ষা বিভাগে শনিবাৰে ঘোষণা কৰিছে যে ৰাজ্যখনত ১২ ৰ পৰা ১৫ ফেব্ৰুৱাৰীলৈ প্ৰাক-বিশ্ববিদ্যালয় শিক্ষাৰ্থীৰ শ্ৰেণী স্থগিত ৰখা হৈছে। ইয়াৰ আগতে বিদ্যালয়সমূহে ১৪ ফেব্ৰুৱাৰীৰ পৰা বিদ্যালয় সমূহ পুনৰ খোলাৰ বাবে সাজু হৈছিল। কৰ্ণাটকৰ মুখ্যমন্ত্ৰী বাসবৰাজ বোম্মাই শুকুৰবাৰে আৰক্ষী অধীক্ষক আৰু জিলা উপায়ুক্তসকলক সংবেদনশীল অঞ্চলৰ বিদ্যালয়সমূহ পৰিদৰ্শন কৰিবলৈ আৰু তাত যাতে কোনো অপ্ৰীতিকৰ ঘটনা সংঘটিত নহয়, তাক নিশ্চিত কৰিবলৈ নিৰ্দেশ দিছিল। লগতে তেওঁ ৰাজ্যখনৰ আইন-শৃংখলাক শীৰ্ষ অগ্ৰাধিকাৰ হিচাপে গণ্য কৰিবলৈ আৰক্ষী অধীক্ষকসকলক নিৰ্দেশ প্ৰদান কৰিছিল। উল্লেখযোগ্য যে, মুছলমান ছাত্ৰীসককলক শ্ৰেণী কোঠাত হিজাব পৰিধান কৰি উপস্থিত থকাৰ পৰা বাধা প্ৰদান কৰা বাবে কৰ্ণাটকৰ কেইবাটাও ঠাইত তীব্ৰ প্ৰতিবাদ হৈছিল। সমান্তৰালকৈ ছাত্ৰীসকলে বিদ্যালয়লৈ হিজাব পৰিধান কৰি অহা বাবে এটা পক্ষই তেওঁলোকৰ বিপক্ষতো প্ৰতিবাদত লিপ্ত হৈছিল। প্ৰতিবাদৰ পাছলৈ দুই পক্ষৰ মাজত সংঘৰ্ষৰো সৃষ্টি হৈছিল। এই সংঘৰ্ষ গেৰুৱা কাপোৰ লৈ অহা হিন্দু আৰু হিজাবৰ পক্ষ লোৱা মুছলমানসকলৰ মাজত সংঘটিত হৈছিল। উচ্চতম ন্যায়ালয়ে শুক্ৰবাৰে কৰ্ণাটকৰ হিজাব সম্পৰ্কীয় জৰুৰী আবেদনৰ শুনানী গ্ৰহণ কৰিবলৈ অস্বীকাৰ প্ৰকাশ কৰিছিল। তীব্ৰ অস্বস্তিৰে কৈছিল যে ৰাজ্যখনত এয়া কি ঘটি আছে? মন কৰিব লগীয়া যে মুছলমান ছাত্ৰীসকলে হিজাব পৰিধান কৰাটো তেওঁলোকৰ সংবিধান প্ৰদত্ত স্বাধীনৰ সৈতে সম্বন্ধ কৰি দেখুৱালেও এই সন্দৰ্ভত প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে জনপ্ৰিয় লেখিকা তচলিমা নাচৰিনে। তেওঁ কয় যে ধৰ্মৰ স্বাধীনতা ৰক্ষাৰ আগতে শিক্ষাৰ্থীসকল শিক্ষাৰ অধিকাৰৰ বাবে ওলাই অহাটো বাঞ্চনীয়। তেওঁ লগতে বোৰ্খা বা হিজাবক অন্ধকাৰ যুগৰ সতীত্ব বেল্ট (CHESTITY BELT) ৰ সৈতে তুলনা কৰিছে। তেওঁ লগতে কয় যে, সতীত্ব বেল্ট পৰিধান কৰাটো যদি অপমানসূচক হয়, তেনেহ’লে হিজাব পৰিধান কৰাটো কিয় নহয়? তচলিমা নাচৰিনৰ মতে দুয়োটা ক্ষেত্ৰতেই এগৰাকী নাৰীক পুৰুষতান্ত্ৰিক সমাজৰ মাজত আৱদ্ধ ৰাখি স্বাধীনতা হৰণৰ চেষ্টা কৰা হৈছে। তেনে ক্ষেত্ৰত সতীত্ব বেল্ট নাৰীৰ বাবে অপমান বুলি ধৰিব পাৰিলে বোৰ্খা বা হিজাবকো একে শাৰীতে ৰাখিব পাৰি। ধৰ্ম নহয়, শিক্ষাইহে সমাজক সৰ্ব শক্তিমান কৰিব। ধৰ্মীয় উত্তেজনাৰ নামত শিক্ষা লাভৰ পৰা আঁতৰত থকাটো এখন সমমাজৰ বাবে কেতিয়াও শুভ লক্ষণ নহয় বুলি বহুজনে মন্তব্য কৰিছে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
৫ দিন ধৰি বন্ধ থাকিব দেশৰ বেংক
মাজুলীৰ চৰাইচোঙক এছিয়াৰ প্ৰথমখন সংৰক্ষিত পক্ষী উদ্যানৰূপে স্বীকৃতি গুগলৰ
কামৰূপৰ বামুন্দীত ভূমিকেন্দ্ৰিক সংঘাতৰ চূড়ান্ত ৰূপ; চোকা অস্ত্ৰৰ আক্ৰমণত গুৰুতৰভাৱে আহত দুজন
চেপনৰ জুবিন গাৰ্গৰ বিখ্যাত আমজোপা; গছজোপাৰ তলত বহি জুবিনে লিখিছিল কবিতা, গীত আৰু পাতিছিল কথা
‘জুবিনদা নাই বুলি মোৰ বিশ্বাস নহয়’—মানৱীয়তাৰ ঋণত আৱেগিক শিৱসাগৰৰ শান্তনু বৰা
জুবিনবিহীন এবছৰ; শোকৰ জুইত এতিয়াও দগ্ধ অসমীয়া
গৌৰীসাগৰত ব্ৰইলাৰ কঢ়িওৱা গাড়ী হাইজেক সাতজনীয়া ডকাইতৰ দলৰ
কাছাৰত ১৪ কোটি টকাৰ হেৰ’ইন আৰু য়াবা টেবলেট জব্দ
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি