--°C
Loading...
Listen to Article
2 min read
80%

ডিজিটেল ডেস্কঃ আজি অৰ্থাৎ ২৫ অক্টোবৰ,সোমবাৰে প্ৰদান কৰা হ’ল ৬৭সংখ্যক ৰাষ্ট্রীয় চলচ্চিত্ৰ বঁটা। অসমৰ চাৰিখনকৈ ছবিলৈ এইবাৰ দিয়া হ’ল স্বীকৃতি। কেইবাটাও শিতানত অসমীয়া ছবি তথা শিল্পী উজলি উঠিল। ‘প্ৰাগ নিউজ’ৰ মুখ্য পৰিচালন সঞ্চালক ডঃ সঞ্জীৱ নাৰায়ণ নিবেদিত আৰু এম এম টেলিভিছনৰ দ্বাৰা প্ৰযোজিত মনপা ভাষাৰ ছবি ‘Water Burial’-এ পৰিৱেশ বিষয়ক শ্ৰেষ্ঠ ছবিৰ বঁটা লাভ কৰিছে। ছবিখনৰ কাহিনী, চিত্ৰনাট্য, পৰিচালনা শান্তনু সেনৰ। সহ-প্ৰযোজনা ফাৰুক ইফটিকাৰৰ।

পৰিৱেশ বিষয়ক শ্ৰেষ্ঠ ছবি Water Burial

উল্লেখ্য যে Water Burial ছবিখন প্ৰখ্যাত ঔপন্যাসিক য়েছে দৰজে ঠংচিৰ 'শৱ কটা মানুহ' নামৰ উপন্যাসখনৰ দ্বাৰা অণুপ্ৰাণিত হৈ নিৰ্মাণ কৰা হৈছে। ভাৰতৰ মূল ভূখণ্ডৰ বাবে উত্তৰ-পূৰ্বাঞ্চল এতিয়াও এক ৰহস্য। উত্তৰ-পূৰ্বাঞ্চলক এতিয়াও ভাৰতৰ মূল ভূখণ্ডৰ দ্বাৰা বহু পৰিমাণে ভুল বুজি থকা হৈছে। প্ৰতিখন ৰাজ্যত অসংখ্য সম্প্ৰদায় থাকে। প্ৰত্যেকৰে নিজা সাংস্কৃতিক পৰিচয়, ৰীতি-নীতি আছে।অৰুণাচল প্ৰদেশৰ মনপা জনজাতিৰ এক প্ৰচলিত প্ৰথা হৈছে পানী সমাধি। এই চিনেমাখনত এই প্ৰথাৰ জৰিয়তে এটা ভাৰতৰ মূল ভূখণ্ডৰ মনোযোগ আকৰ্ষণ কৰা আৰু ইয়াৰ বিষয়ে সজাগতা সৃষ্টি কৰাই Water Burial-ৰ মূল উদ্দেশ্য।

আনহাতে চন্দ্ৰ মুদৈ পৰিচালিত ‘ৰণুৱা’লৈ শ্ৰেষ্ঠ অসমীয়া ছবিৰ ‘ৰজত কমল বঁটা’ আগবঢ়োৱা হ’ল। জুৰীৰ বিশেষ বঁটা আন এখন অসমীয়া ছবি ‘জোনাকী পৰুৱা’লৈ। শ্ৰেষ্ঠ মিচিং ছবি দিলীপ পেগুৰ ‘অনুৰোৱাদ’লৈয়ো ৰজত কমল সন্মান আগবঢ়োৱা হৈছে। দেৱজিত গায়নলৈ শ্ৰেষ্ঠ অডিঅ’গ্ৰাফী লোকেশ্বন ছাউণ্ড বঁটা আগবঢ়োৱা হ’ল।

আৰু পঢ়কঃ ১ কেজি মাছৰ দাম ৪৫ হাজাৰ টকা!মাছ কিনিবলৈ ক্ৰেতাৰ হেতা-ওপৰা, ক’ত?

এইবাৰ শ্ৰেষ্ঠ হিন্দী ছবিৰ ৰাষ্ট্রীয় বঁটা ‘চিছোৰে’লৈ।প্ৰয়াত অভিনেতা সুশান্ত সিং ৰাজপুত অভিনীত ‘চিচোৰে’লৈ শ্ৰেষ্ঠ হিন্দী ছবিৰ স্বীকৃতি প্ৰদান কৰা হৈছে। শ্ৰেষ্ঠ অভিনেতাৰ বঁটা লাভ কৰিছে মনোজ বাজপেয়ী আৰু তামিল অভিনেতা ধনুষে। মনোজ বাজপেয়ীয়ে Bhonsle(Hindi) আৰু ধনুষে Asuran (Tamil)ছবিৰ বাবে লাভ কৰিছে শ্ৰেষ্ঠ অভিনেতাৰ বঁটা। আনহাতে Manikarnikaত কৰা দুৰ্দান্ত অভিনয়ৰ বাবে শ্ৰেষ্ঠ অভিনেত্ৰীৰ বঁটা লাভ কৰিলে কংগনা ৰাণাৱটে। ৬৭সংখ্যক ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটাত শ্ৰেষ্ঠ ছবিৰ স্বীকৃতি লাভ কৰিলে ‘Marakkar: Lion of the Arabian Sea’ নামৰ মালায়ালম ছবিখনে।

ডঃ সঞ্জীৱ নাৰায়ণ

৬৭সংখ্যক ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটাত ‘প্ৰাগ নিউজ’ৰ মুখ্য পৰিচালন সঞ্চালক ডঃ সঞ্জীৱ নাৰায়ণ নিবেদিত মনপা ভাষাৰ ছবি ‘Water Burial’-এ পৰিৱেশ বিষয়ক শ্ৰেষ্ঠ ছবিৰ বঁটা লাভ কৰাত স্বাভাৱিকতে উৎফুল্লিত হৈ পৰিছে প্ৰাগ পৰিয়াল। সাংস্কৃতিক ক্ষেত্ৰখনত বিগত বহু বছৰ ধৰি অৱদান আগবঢ়াই আছে ডঃ সঞ্জীৱ নাৰায়ণে। সঞ্জীৱ নাৰায়ণ অসম আৰু উত্তৰ-পূবৰ টেলিভিছন উদ্যোগৰ এজন অন্যতম পথপ্ৰদৰ্শক। টেলিভিছন আৰু সম্প্ৰচাৰ মাধ্যমত ২৮ বছৰৰ অভিজ্ঞতা আছে সঞ্জীৱ নাৰায়ণৰ। অসমৰ সাংস্কৃতিক পথাৰখন উৰ্বৰা কৰাৰ ক্ষেত্ৰত সঞ্জীৱ নাৰায়ণৰ ‘প্ৰাগ নিউজ’-এ প্ৰদান কৰা ‘প্ৰাগ চিনে এৱাৰ্ড’ এক উল্লেখনীয় অৱদান। ব্ৰডকাষ্টিং এণ্ড এণ্টাৰটেইনমেণ্ট ইণ্ডাষ্ট্ৰীৰ এটা প্ৰসিদ্ধ নাম সঞ্জীৱ নাৰায়ণ। তেওঁ উত্তৰ-পূবত প্ৰায় ২০০টা চেনেল মুকলি কৰি এই উদ্যোগটো আগবঢ়াই লৈ গৈছে।


FOLLOW US F
POPULAR
FEATURE
TRENDY
৩ নৱেম্বৰত আমেৰিকাৰ মধ্যকালীন নির্বাচন; ২৫% দক্ষিণ এছীয় ভোটাৰে সমর্থন দিব ডেমক্রেট প্রার্থীক
৩% মৰগীয়া বানচ ঘোষণা, কেন্দ্ৰীয় চৰকাৰৰ কৰ্মচাৰীলৈ সু-খবৰ
বদৰপুৰ ৰে’লৱে দলঙত শিলচৰ–গুৱাহাটী এক্সপ্ৰেছৰ ইঞ্জিন লাইনচ্যুত; পাহাৰীয়া অঞ্চলত ৰে’ল সেৱা ব্যাহত
ওদালগুৰিত চাঞ্চল্য! হিন্দু পৰিচয়ৰে মুছলমান যুৱকে পলুৱাই নিলে খ্ৰীষ্টান বোৱাৰীক
বাস্তুশাস্ত্ৰৰ বিধান: পাকঘৰৰ স্লেবত এই ৪টা বস্তু ৰাখিলে ঘৰত পৰে নেতিবাচক প্ৰভাৱ
ইণ্ডিয়ান ফিল্ম ফেষ্টিভেল-মেলবর্নলৈ ‘ডিয়েৰ আৱা’; গুৰুত্বপূৰ্ণ চৰিত্ৰত মন্ত্ৰী অতুল বৰা
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু