--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ চিৰা খাবলৈ সোৱাদ হোৱাৰ লগতে শৰীৰে ইয়াৰ পৰা প্ৰচুৰ খাদ্যগুণ লাভ কৰে। ৰাতিপুৱাৰ আহাৰৰ বিশেষ গুৰুত্ব থাকে। পুৱাৰ আহাৰত বহু মানুহে জলপান খাই ভালপায় আৰু কিছুমানে ৰুটী-ভাজি বা অন্যান্য খাদ্যবস্তু খায়। 

ৰাতিপুৱাৰ আহাৰত বহু মানুহেই চিৰা অন্তৰ্ভুক্ত কৰিব বিচাৰে। চিৰাত আৱশ্যকীয় ভিটামিন, প্ৰ’টিন, কেলচিয়াম, স্নেহ পদার্থ যথেষ্টভাৱে নিহিত থাকে। ৰাতিপুৱাৰ আহাৰত চিৰা সপ্তাহত কমেও দুই বা চাৰিবাৰ খাব লাগে। কাৰণ চিৰা বহু পুষ্টিৰে সমৃদ্ধ। ইয়াক খোৱাৰ বহুতো স্বাস্থ্য উপকাৰিতা আছে। ৰাতিপুৱাৰ আহাৰত চিৰা কিয় খাব লাগে জানো আহক।

১) সোৱাদৰ সৈতে পুষ্টিঃ চিৰাই সোৱাদৰ লগতে পুষ্টিও যোগান ধৰে। চিৰা মিঠা জলপান হিচাপে খোৱা হয় যদিও কিছুমানে কেতিয়াবা ইয়াক নিমখীয়া হিচাপেও গ্ৰহণ কৰে। নিমখীয়াকে প্ৰস্তুত কৰিবলৈ হলে তিয়াই থোৱা চিৰাখিনি কম তেল ব্যৱহাৰ কৰি ভাজিব লাগে আৰু তাত ভিন্ন পাচলি, কাজু-কিচমিচ আদি ব্যৱহাৰ কৰা হয়। যেনেদৰে খালেও চিৰাৰ পৰা শৰীৰে পুষ্টি লাভ কৰে।

২)আইৰণৰ অভাৱ পূৰণ হয়ঃ চিৰাই শৰীৰত আইৰণৰ অভাৱ পূৰণ কৰে। যিসকলৰ শৰীৰত তেজ কম থাকে তেওঁলোকে ৰাতিপুৱাৰ আহাৰত চিৰা অন্তৰ্ভুক্ত কৰিব পাৰে। চিৰাৰ যথেষ্ট আইৰণৰ গুণাগুণ আছে। চিৰাই ৰক্তহীনতা দূৰ কৰাত সহায় কৰে।

৩)ব্লাড চুগাৰ নিয়ন্ত্ৰণঃ চিৰাত উচ্চ আঁহ বা ফাইভাৰ আৰু আইৰণ থাকে। চিৰা খাই ব্লাড চুগাৰ নিয়ন্ত্ৰণ কৰিব পাৰি। চিৰা ডায়েবেটিচ ৰোগীসকলৰ বাবে এটা ভাল ৰাতিপুৱাৰ আহাৰ হ'ব পাৰে।

৪)গেছ বা বদহজমৰ কোনো সমস্যা নাইঃ ৰাতিপুৱাৰ আহাৰত চিৰা অন্তৰ্ভুক্ত কৰিলে গেছ আৰু বদহজমৰ দৰে সমস্যা নহয়। একে সময়তে, কোষ্ঠকাঠিন্য হ্ৰাস হোৱাত চিৰাই সহায় কৰে। ইয়াক খোৱাৰ ফলত পেট গধুৰো নহয়।

৫)শক্তি পোৱা যায়ঃ ৰাতিপুৱাৰ আহাৰত চিৰা খোৱাটোৱে শৰীৰক শক্তি প্ৰদান কৰে। চিৰাই আপোনাক দিনটোলৈ সক্ৰিয় ৰখাত সহায় কৰে। চিৰাত যথেষ্ট পৰিমাণৰ কাৰ্বোহাইড্ৰেট থাকে যি শৰীৰক শক্তি প্ৰদান কৰে। চিৰাই পেটটো দীঘলীয়া সময়ৰ বাবে ভৰাই ৰাখে।

গতিকে অসমীয়া স্বাস্থ্যসন্মত জলপান চিৰা খাই নিজেও স্বাস্থ্যৱান হৈ থাকক আৰু পৰিয়ালটোকো স্বাস্থ্যৱান কৰি ৰখাত গুৰুত্ব প্ৰদান কৰক।

FOLLOW US F
POPULAR
FEATURE
TRENDY
'পৰ্ণ' বজাৰত বিক্ৰী প্ৰসূতিৰ গোপন ছবি, দেশৰ জঘন্যতম চাইবাৰ অপৰাধ ফাদিল
লিভাৰ বেয়া হোৱাৰ ১৪টা লক্ষণ; জানি লওক আৰু সাৱধান হওক
বচ্চন পৰিয়ালত আৰ্থিক সমস্যা ! অমিতাভে বিক্ৰী কৰিলে দুটাকৈ বিলাসী ফ্লেট
নিলম্বন কৰা হ'ল হাফলং উপকাৰাগাৰৰ 'Jailer' আৰু 'Warder'ক
আকৌ উন্মোচন মহম্মদ ইউনুছৰ ভাৰত-বিৰোধী ব্লুপ্রিন্ট, অসমসহ উত্তৰ-পূৰ্বাঞ্চলক সামৰি এখন বৃহত্তৰ বাংলাদেশৰ পৰিকল্পনা
কাছাৰত পুনৰ গ্ৰেপ্তাৰ ভুৱা চিকিৎসক
'হেছটেগ জাষ্টিচ ফৰ জুবিন গাৰ্গ'এ স্পর্শ কৰিলে ৪.১ মিলিয়ন, অসমীয়াৰ ডিজিটেল আন্দোলনৰ অভিলেখ
প্রধানমন্ত্রী মোদী দেখিবলৈও সুন্দৰ, তেওঁ মহান ব্যক্তি; মোদীৰ প্ৰশংসাত পঞ্চমুখ মাৰ্কিন ৰাষ্ট্ৰপতি ট্রাম্প
ৰৈ ৰৈ বিনালে চাবলৈ নোপোৱা দুখে দহিছে মাজুলীবাসীক ; মাজুলীত ছবিগৃহ নিৰ্মাণ কৰাৰ কথা মঞ্চত ঘোষণা কৰিছিল জুবিন গাৰ্গে
বাংলাদেশৰ জাতীয় সংগীত গোৱা কংগ্ৰেছীৰ বিৰুদ্ধে ৰাষ্ট্ৰদ্ৰোহৰ গোচৰ তৰিব অসম চৰকাৰে
জুবিনৰ শক্তি! ‘ৰৈ ৰৈ বিনালে’ৰ বাবে অসমত এটাও দৰ্শনী পোৱা নাই আজি মুক্তি পোৱা ‘বাহুবলী ৩’য়ে
৩৩ বছৰৰ পাছত পাৰমাণৱিক অস্ত্ৰ পৰীক্ষা কৰিব আমেৰিকাই, ৰাছিয়া-চীনক লক্ষ্য কৰি ট্ৰাম্পৰ ঘোষণা
বল্লভভাই পেটেলক স্মৰণ কৰি বিশাল পেৰেডেৰে আজি একতা দিৱস উদযাপন; অনুষ্ঠানত উপস্থিত প্ৰধানমন্ত্ৰী মোদী
শিৱসাগৰত ভয়াৱহ পথ দুৰ্ঘটনা!  দুজনৰ অৱস্থা সংকটজনক