--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ আমি সকলোৱে খাদ্যৰ ভাল সোৱাদ বিচাৰোঁ, যাৰ দায়িত্ব আমাৰ জিভাৰ ওপৰত নিহিত হৈ থাকে কিন্তু কেতিয়াবা আমি জিভাত সোৱাদ অনুভৱ নকৰো। বহুদিনলৈকে জিভাত সোৱাদ নাপালে আওকাণ কৰিব নালাগে। আওকাণ কৰাটো বিপজ্জনক কাৰণ জিভা নিস্তেজ বহু গুৰুতৰ ৰোগৰ লক্ষণ। আচলতে আমি অসুস্থ হ’লে আমাৰ জিভাৰ সোৱাদ আৰু ৰঙো সলনি হয়, যাৰ বাবে চিকিৎসাৰ সময়ত চিকিৎসকে প্ৰায়ে আমাৰ জিভাখন চায়।

কেতিয়া জিভাৰ সোৱাদ সলনি হয়

১/ ফ্লু- কোনোবা যেতিয়া ফ্লুত আক্ৰান্ত হয় তেতিয়া জিভাৰ সোৱাদ হেৰুৱাব পাৰে। এইটো এটা সাধাৰণ শাৰীৰিক সমস্যা যদিও কিছুমান ক্ষেত্ৰত ই কোনো ৰোগৰ লক্ষণো হ’ব পাৰে।


২/ ডায়েবেটিছ- ডায়েবেটিছ ৰোগী প্ৰায়ে জিভাৰ সোৱাদৰ পৰিৱৰ্তনৰ সন্মুখীন হয়। তেওঁলোকৰ তেজৰ ছুগাৰৰ অৱস্থা জানিবলৈ এইটো গুৰুত্বপূৰ্ণ হ’ব পাৰে।

৩/ দাঁতৰ সমস্যা- দাঁতৰ সমস্যাই জিভাৰ সোৱাদতো প্ৰভাৱ পেলাব পাৰে। জিঞ্জিভাইটিছ, গহ্বৰ, বা মুখ পৰিষ্কাৰ নকৰাৰ বাবে এনে সমস্যাৰ সৃষ্টি হোৱাটো অতি সাধাৰণ কথা।

৪/ স্নায়ুজনিত সমস্যা-  বহুতো স্নায়ুজনিত ৰোগ, যেনে- পাৰ্কিনছন ৰোগ, এলঝেইমাৰ, বা মাল্টিপল স্ক্লেৰোচিছৰ ফলত জিভাৰ সোৱাদ সলনি হ’ব পাৰে।

৫/ কাহ আৰু চৰ্দি- কাহ আৰু চৰ্দিৰ সময়ত জিভাৰ সোৱাদ কমি যাব পাৰে, নাক বন্ধ হোৱাৰ বাবে এনে হয়, আচলতে আমাৰ সোৱাদ নিৰ্ণয়ৰ বাবেও নাকেই দায়বদ্ধ।

৬/ ক'ভিড-১৯- সমগ্ৰ বিশ্বতে কৰ’না ভাইৰাছৰ সংক্ৰমণে বিধ্বংসী ৰূপ ধাৰণ কৰিছিল, এই সময়ছোৱাত বহু লোকে জিভাত সোৱাদ হেৰুৱাই পেলোৱা অনুভৱ কৰিছিল। এয়া Covid-19 ৰ অন্যতম গুৰুত্বপূৰ্ণ লক্ষণ।

FOLLOW US F
POPULAR
FEATURE
TRENDY
'পৰ্ণ' বজাৰত বিক্ৰী প্ৰসূতিৰ গোপন ছবি, দেশৰ জঘন্যতম চাইবাৰ অপৰাধ ফাদিল
লিভাৰ বেয়া হোৱাৰ ১৪টা লক্ষণ; জানি লওক আৰু সাৱধান হওক
বচ্চন পৰিয়ালত আৰ্থিক সমস্যা ! অমিতাভে বিক্ৰী কৰিলে দুটাকৈ বিলাসী ফ্লেট
নিলম্বন কৰা হ'ল হাফলং উপকাৰাগাৰৰ 'Jailer' আৰু 'Warder'ক
আকৌ উন্মোচন মহম্মদ ইউনুছৰ ভাৰত-বিৰোধী ব্লুপ্রিন্ট, অসমসহ উত্তৰ-পূৰ্বাঞ্চলক সামৰি এখন বৃহত্তৰ বাংলাদেশৰ পৰিকল্পনা
কাছাৰত পুনৰ গ্ৰেপ্তাৰ ভুৱা চিকিৎসক
'হেছটেগ জাষ্টিচ ফৰ জুবিন গাৰ্গ'এ স্পর্শ কৰিলে ৪.১ মিলিয়ন, অসমীয়াৰ ডিজিটেল আন্দোলনৰ অভিলেখ
প্রধানমন্ত্রী মোদী দেখিবলৈও সুন্দৰ, তেওঁ মহান ব্যক্তি; মোদীৰ প্ৰশংসাত পঞ্চমুখ মাৰ্কিন ৰাষ্ট্ৰপতি ট্রাম্প
ৰৈ ৰৈ বিনালে চাবলৈ নোপোৱা দুখে দহিছে মাজুলীবাসীক ; মাজুলীত ছবিগৃহ নিৰ্মাণ কৰাৰ কথা মঞ্চত ঘোষণা কৰিছিল জুবিন গাৰ্গে
বাংলাদেশৰ জাতীয় সংগীত গোৱা কংগ্ৰেছীৰ বিৰুদ্ধে ৰাষ্ট্ৰদ্ৰোহৰ গোচৰ তৰিব অসম চৰকাৰে
জুবিনৰ শক্তি! ‘ৰৈ ৰৈ বিনালে’ৰ বাবে অসমত এটাও দৰ্শনী পোৱা নাই আজি মুক্তি পোৱা ‘বাহুবলী ৩’য়ে
৩৩ বছৰৰ পাছত পাৰমাণৱিক অস্ত্ৰ পৰীক্ষা কৰিব আমেৰিকাই, ৰাছিয়া-চীনক লক্ষ্য কৰি ট্ৰাম্পৰ ঘোষণা
বল্লভভাই পেটেলক স্মৰণ কৰি বিশাল পেৰেডেৰে আজি একতা দিৱস উদযাপন; অনুষ্ঠানত উপস্থিত প্ৰধানমন্ত্ৰী মোদী
শিৱসাগৰত ভয়াৱহ পথ দুৰ্ঘটনা!  দুজনৰ অৱস্থা সংকটজনক