--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: শেহতীয়া এক অধ্যয়নৰ পৰা পোহৰলৈ আহিছে যে আজৰি সময়ত শৰীৰ চৰ্চা কৰিলেও দিনটো বিৰতি নোলোৱাকৈ টেবুলত বহি কাম কৰিলে হৃদৰোগত আক্ৰান্তহোৱাৰ সম্ভাৱনা বৃদ্ধি পাই বুলি প্ৰকাশ পাইছে৷

অধ্যয়নটোৰ মুখ্য লেখক আৰু ৱষ্টনৰ ব্রিগম এণ্ড উইমেনছ হাস্পতালৰ কাৰ্ডিঅ’লজি ফেলো ডাঃ ইজিম আজুফোৱে কয় যে মানুহৰ শাৰীৰিক কাৰ্যকলাপৰ স্তৰ যিয়েই নহওক কিয়, দীৰ্ঘদিন ধৰি বহি বহি কম কৰাৰ ফলত গুৰুত্বৰ স্বাস্থ্যৰ অৱনতি ঘটে।

এই সন্দৰ্ভত বহুলভাৱে আলোকপাত কৰিলে দেখা যায় যে অত্যধিক বহিলে স্বাস্থ্যৰ ওপৰত নেতিবাচক প্ৰভাৱ পৰিব পাৰে৷ কলম্বিয়া বিশ্ববিদ্যালয় চিকিৎসা কেন্দ্ৰৰ আচৰণ চিকিৎসাৰ সহযোগী অধ্যাপক ডাঃ কিথ ডায়েজে অত্যধিক বহি থকাটো কিহৰ বাবে বিপদজনক এই বিষয়ে নিৰ্দেশনা প্ৰদান কৰিবলৈ অধিক গৱেষণাৰ প্ৰয়োজন বুলি উল্লেখ কৰিছে৷

ডাঃ ডায়েজে কয় যে এই অধ্যয়নটো নমুনাৰ আকাৰ বৃহৎ আৰু শক্তিশালী পদ্ধতিৰে এসপ্তাহৰ বাবে এক্সিলেৰ’মিটাৰ পিন্ধা ৯০,০০০ অংশগ্ৰহণকাৰীৰ তথ্য বিশ্লেষণ কৰা হৈছিল, আৰু তেওঁলোকৰ বহি থকা আৰু সক্ৰিয় সময়ছোৱাক পৰৱৰ্তী সময়ত হাৰ্ট এটেক, ষ্ট্ৰোক আৰু হৃদযন্ত্ৰৰ বিকলতাৰ দৰে সমস্যাৰ সৈতে তুলনা কৰা হৈছিল। জাৰ্নেল অৱ দ্য আমেৰিকান কলেজ অৱ কাৰ্ডিঅ’লজিত প্ৰকাশিত এই তথ্যই দীৰ্ঘদিন বহি থকা আৰু হৃদৰোগৰ সম্ভাৱনা বৃদ্ধিৰ মাজত স্পষ্ট সম্পৰ্ক থকা বুলি সদৰি কৰিছে।

প্ৰতিদিনে ১০.৬ ঘণ্টাতকৈ কম সময় বহি থকিবলৈ অধ্যয়নটোৱে এটা প্ৰাৰম্ভিক নিৰ্দেশনাও আগবঢ়াইছে ।আজুফোৱে এইটো কোনো কঠোৰ সীমা নহয় যদিও জনস্বাস্থ্যৰ বাবে ই এক যুক্তিসংগত আৰম্ভণি বুলি উল্লেখ কৰিছে।

ডায়েজে কয় যে দীৰ্ঘ সময় বহি থকাটো স্বাস্থ্যৰ বাবে ক্ষতিকাৰক কাৰণ তেজত চুগাৰ আৰু চৰ্বিৰ মাত্ৰা নিয়ন্ত্ৰণ কৰাত পেশীবোৰে গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে আৰু অনুকূলভাৱে কাম কৰিবলৈ ইহঁতক গতিৰ প্ৰয়োজন। অকণমান সময়ৰ বাবে চালাচল কৰাটোৱেও আপোনাৰ পেশীবোৰক প্ৰয়োজনীয় উদ্দীপনা দিয়ে, আৰু সামান্য পৰিমাণে হ’লেও পাৰ্থক্য আনিব পাৰে।

ডায়েজে প্ৰতি ৩০ৰ পৰা ৬০ মিনিটৰ মূৰে মূৰে কেইমিনিটমান থিয় হৈ বা খোজ কাঢ়িবলৈ বা চুটি খোজৰ সৈতে কামৰ মাজত পৰিৱৰ্তন কৰিবলৈ পৰামৰ্শ দিছে। দুৰ্ভাগ্যজনকভাৱে দিনটোৰ শেষত তীব্ৰ শৰীৰ চৰ্চা কৰিলেও বহি থকাৰ বিপদৰ পৰা হাত সাৰিব নোৱাৰে বুলি অধ্যয়নটোত প্ৰকাশ পাইছে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
'পৰ্ণ' বজাৰত বিক্ৰী প্ৰসূতিৰ গোপন ছবি, দেশৰ জঘন্যতম চাইবাৰ অপৰাধ ফাদিল
লিভাৰ বেয়া হোৱাৰ ১৪টা লক্ষণ; জানি লওক আৰু সাৱধান হওক
বচ্চন পৰিয়ালত আৰ্থিক সমস্যা ! অমিতাভে বিক্ৰী কৰিলে দুটাকৈ বিলাসী ফ্লেট
নিলম্বন কৰা হ'ল হাফলং উপকাৰাগাৰৰ 'Jailer' আৰু 'Warder'ক
আকৌ উন্মোচন মহম্মদ ইউনুছৰ ভাৰত-বিৰোধী ব্লুপ্রিন্ট, অসমসহ উত্তৰ-পূৰ্বাঞ্চলক সামৰি এখন বৃহত্তৰ বাংলাদেশৰ পৰিকল্পনা
কাছাৰত পুনৰ গ্ৰেপ্তাৰ ভুৱা চিকিৎসক
'হেছটেগ জাষ্টিচ ফৰ জুবিন গাৰ্গ'এ স্পর্শ কৰিলে ৪.১ মিলিয়ন, অসমীয়াৰ ডিজিটেল আন্দোলনৰ অভিলেখ
প্রধানমন্ত্রী মোদী দেখিবলৈও সুন্দৰ, তেওঁ মহান ব্যক্তি; মোদীৰ প্ৰশংসাত পঞ্চমুখ মাৰ্কিন ৰাষ্ট্ৰপতি ট্রাম্প
ৰৈ ৰৈ বিনালে চাবলৈ নোপোৱা দুখে দহিছে মাজুলীবাসীক ; মাজুলীত ছবিগৃহ নিৰ্মাণ কৰাৰ কথা মঞ্চত ঘোষণা কৰিছিল জুবিন গাৰ্গে
বাংলাদেশৰ জাতীয় সংগীত গোৱা কংগ্ৰেছীৰ বিৰুদ্ধে ৰাষ্ট্ৰদ্ৰোহৰ গোচৰ তৰিব অসম চৰকাৰে
জুবিনৰ শক্তি! ‘ৰৈ ৰৈ বিনালে’ৰ বাবে অসমত এটাও দৰ্শনী পোৱা নাই আজি মুক্তি পোৱা ‘বাহুবলী ৩’য়ে
৩৩ বছৰৰ পাছত পাৰমাণৱিক অস্ত্ৰ পৰীক্ষা কৰিব আমেৰিকাই, ৰাছিয়া-চীনক লক্ষ্য কৰি ট্ৰাম্পৰ ঘোষণা
বল্লভভাই পেটেলক স্মৰণ কৰি বিশাল পেৰেডেৰে আজি একতা দিৱস উদযাপন; অনুষ্ঠানত উপস্থিত প্ৰধানমন্ত্ৰী মোদী
শিৱসাগৰত ভয়াৱহ পথ দুৰ্ঘটনা!  দুজনৰ অৱস্থা সংকটজনক