--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: শেহতীয়া এক অধ্যয়নৰ পৰা পোহৰলৈ আহিছে যে আজৰি সময়ত শৰীৰ চৰ্চা কৰিলেও দিনটো বিৰতি নোলোৱাকৈ টেবুলত বহি কাম কৰিলে হৃদৰোগত আক্ৰান্তহোৱাৰ সম্ভাৱনা বৃদ্ধি পাই বুলি প্ৰকাশ পাইছে৷

অধ্যয়নটোৰ মুখ্য লেখক আৰু ৱষ্টনৰ ব্রিগম এণ্ড উইমেনছ হাস্পতালৰ কাৰ্ডিঅ’লজি ফেলো ডাঃ ইজিম আজুফোৱে কয় যে মানুহৰ শাৰীৰিক কাৰ্যকলাপৰ স্তৰ যিয়েই নহওক কিয়, দীৰ্ঘদিন ধৰি বহি বহি কম কৰাৰ ফলত গুৰুত্বৰ স্বাস্থ্যৰ অৱনতি ঘটে।

এই সন্দৰ্ভত বহুলভাৱে আলোকপাত কৰিলে দেখা যায় যে অত্যধিক বহিলে স্বাস্থ্যৰ ওপৰত নেতিবাচক প্ৰভাৱ পৰিব পাৰে৷ কলম্বিয়া বিশ্ববিদ্যালয় চিকিৎসা কেন্দ্ৰৰ আচৰণ চিকিৎসাৰ সহযোগী অধ্যাপক ডাঃ কিথ ডায়েজে অত্যধিক বহি থকাটো কিহৰ বাবে বিপদজনক এই বিষয়ে নিৰ্দেশনা প্ৰদান কৰিবলৈ অধিক গৱেষণাৰ প্ৰয়োজন বুলি উল্লেখ কৰিছে৷

ডাঃ ডায়েজে কয় যে এই অধ্যয়নটো নমুনাৰ আকাৰ বৃহৎ আৰু শক্তিশালী পদ্ধতিৰে এসপ্তাহৰ বাবে এক্সিলেৰ’মিটাৰ পিন্ধা ৯০,০০০ অংশগ্ৰহণকাৰীৰ তথ্য বিশ্লেষণ কৰা হৈছিল, আৰু তেওঁলোকৰ বহি থকা আৰু সক্ৰিয় সময়ছোৱাক পৰৱৰ্তী সময়ত হাৰ্ট এটেক, ষ্ট্ৰোক আৰু হৃদযন্ত্ৰৰ বিকলতাৰ দৰে সমস্যাৰ সৈতে তুলনা কৰা হৈছিল। জাৰ্নেল অৱ দ্য আমেৰিকান কলেজ অৱ কাৰ্ডিঅ’লজিত প্ৰকাশিত এই তথ্যই দীৰ্ঘদিন বহি থকা আৰু হৃদৰোগৰ সম্ভাৱনা বৃদ্ধিৰ মাজত স্পষ্ট সম্পৰ্ক থকা বুলি সদৰি কৰিছে।

প্ৰতিদিনে ১০.৬ ঘণ্টাতকৈ কম সময় বহি থকিবলৈ অধ্যয়নটোৱে এটা প্ৰাৰম্ভিক নিৰ্দেশনাও আগবঢ়াইছে ।আজুফোৱে এইটো কোনো কঠোৰ সীমা নহয় যদিও জনস্বাস্থ্যৰ বাবে ই এক যুক্তিসংগত আৰম্ভণি বুলি উল্লেখ কৰিছে।

ডায়েজে কয় যে দীৰ্ঘ সময় বহি থকাটো স্বাস্থ্যৰ বাবে ক্ষতিকাৰক কাৰণ তেজত চুগাৰ আৰু চৰ্বিৰ মাত্ৰা নিয়ন্ত্ৰণ কৰাত পেশীবোৰে গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে আৰু অনুকূলভাৱে কাম কৰিবলৈ ইহঁতক গতিৰ প্ৰয়োজন। অকণমান সময়ৰ বাবে চালাচল কৰাটোৱেও আপোনাৰ পেশীবোৰক প্ৰয়োজনীয় উদ্দীপনা দিয়ে, আৰু সামান্য পৰিমাণে হ’লেও পাৰ্থক্য আনিব পাৰে।

ডায়েজে প্ৰতি ৩০ৰ পৰা ৬০ মিনিটৰ মূৰে মূৰে কেইমিনিটমান থিয় হৈ বা খোজ কাঢ়িবলৈ বা চুটি খোজৰ সৈতে কামৰ মাজত পৰিৱৰ্তন কৰিবলৈ পৰামৰ্শ দিছে। দুৰ্ভাগ্যজনকভাৱে দিনটোৰ শেষত তীব্ৰ শৰীৰ চৰ্চা কৰিলেও বহি থকাৰ বিপদৰ পৰা হাত সাৰিব নোৱাৰে বুলি অধ্যয়নটোত প্ৰকাশ পাইছে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
আহি আছে ঘূর্ণী বতাহ ‘অৰ্ণৱ’
দেশৰ ২২১ বিধ ঔষধ নিম্নমানৰ! CDSCOৰ তথ্যত প্ৰকাশ
ভাৰতৰ ধনীৰ তালিকাৰ শীৰ্ষত গৌতম আদানী; ধনী মহিলা হিচাপে শীৰ্ষত ৰোশনী নাদৰ
নগাঁৱত ভয়ংকৰ পথ দুৰ্ঘটনা; অগ্নিদগ্ধ হৈ মৃত্যু দুজনৰ, গুৰুতৰভাৱে আহত দুজন
৬৭ দেশত নাটনি হ’ব চিকিৎসকৰ; WHOৰ প্রতিবেদনত উদ্বেগজনক তথ্য প্রকাশ
পোষ্টপেইড প্লেনত এপল আইক্লাউড+, এপল টিভি আৰু এপল আর্কেড সংযোজন কৰাৰ কথা ঘোষণা এয়াৰটেলৰ
ৰাজ্যজুৰি উলাহ; আজি বিশ্বকর্মা পূজা
ডুমডুমাত নৃশংস হত্যাকাণ্ড; দাৰে ঘপিয়াই পত্নীক হত্যা,কন্যাকো হত্যাৰ চেষ্টা এজন লোকৰ
কাছাৰত অপহৃত যুৱকক উদ্ধাৰ আৰক্ষীৰ; ২জনক আটক
জুবিনবিহীন এবছৰ; শোকৰ জুইত এতিয়াও দগ্ধ অসমীয়া
‘জুবিনদা নাই বুলি মোৰ বিশ্বাস নহয়’—মানৱীয়তাৰ ঋণত আৱেগিক শিৱসাগৰৰ শান্তনু বৰা
চেপনৰ জুবিন গাৰ্গৰ বিখ্যাত আমজোপা; গছজোপাৰ তলত বহি জুবিনে লিখিছিল কবিতা, গীত আৰু পাতিছিল কথা
কামৰূপৰ বামুন্দীত ভূমিকেন্দ্ৰিক সংঘাতৰ চূড়ান্ত ৰূপ; চোকা অস্ত্ৰৰ আক্ৰমণত গুৰুতৰভাৱে আহত দুজন
মাজুলীৰ চৰাইচোঙক এছিয়াৰ প্ৰথমখন সংৰক্ষিত পক্ষী উদ্যানৰূপে স্বীকৃতি গুগলৰ