--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: ভাৰতত নিম্নমুখী হৈছে নিবনুৱাৰ হাৰ৷ দেশত নিবনুৱাৰ হাৰ ৬.৫৭%লৈ হ্ৰাস পাইছে, যি পৰিসংখ্যা যোৱাবৰ্ষৰ মাৰ্চৰ পাছত সৰ্বনিম্ন৷ ভাৰতৰ নিবনুৱাৰ হাৰ জানুৱাৰীত তীব্ৰ হ্ৰাস হৈ ৬.৫৭ শতাংশলৈ হ্ৰাস পাইছে৷ চেণ্টাৰ ফৰ ম’নিটৰিং ইণ্ডিয়ান ইকোনমী, চমুকৈ চিএমইআইৰ তথ্য অনুসৰি, ক’ভিডৰ অমিক্ৰন ঢৌৰ পাছত ক্ৰমান্বয়ে দেশৰ প্ৰতিবন্ধকতা শিথিল হ’বলৈ ধৰিছে৷ যদিও জানুৱাৰীত চহৰীয়া ভাৰতত নিবনুৱাৰ হাৰ আছিল ৮.১৬ শতাংশ, গ্ৰাম্য অঞ্চলত এই পৰিসংখ্যা আছিল সৰ্বনিম্ন ৫.৮৪ শতাংশ আছিল৷ যোৱাবৰ্ষৰ ডিচেম্বৰত দেশত নিবনুৱাৰ হাৰ আছিল ৭.৯১ শতাংশ, নগৰ অঞ্চলত এই হাৰ আছিল ৯.৩০ শতাংশ আৰু গ্ৰামাঞ্চলত ৭.২৮ শতাংশ৷ প্ৰকাশিত প্ৰতিবেদন অনুসৰি, তেলেংগানাই জানুৱাৰীত সৰ্বনিম্ন নিবনুৱাৰ হাৰ আছিল ০.৭ শতাংশ তাৰ পিছত গুজৰাট (১.২ শতাংশ), মেঘালয় (১.৫ শতাংশ) আৰু উৰিষ্যা (১.৮ শতাংশ)। অৱশ্যে, হাৰিয়ানাত সৰ্বাধিক নিবনুৱাৰ হাৰ আছিল ২৩.৪ শতাংশ, তাৰ পিছত ৰাজস্থানত ১৮.৯ শতাংশ আছিল। চিএমআইইয়ে যোৱাবৰ্ষৰ ডিচেম্বৰলৈকে ভাৰতত নিবনুৱাৰ সংখ্যা ৫৩ নিযুত বুলি অনুমান কৰিছিল, যাৰ ভিতৰত এক বৃহৎ অনুপাত আছিল মহিলা। চিএমআইইৰ এমডি আৰু মুখ্য কাৰ্যবাহী বিষয়া মহেশ ব্যাসে ডিচেম্বৰৰ তথ্যৰ বিশ্লেষণত কৈছিল যে ২০২৷ চনৰ ডিচেম্বৰত ৩৫ নিযুত লোকে সক্ৰিয়ভাৱে কাম বিচাৰি আছিল, যাৰ ভিতৰত ২৩ শতাংশ বা ৮ নিযুত মহিলা আছিল।

FOLLOW US F
POPULAR
FEATURE
TRENDY
অধিনায়কত্ব হেৰুৱাব পাৰে সূৰ্যকুমাৰ যাদৱে
দিল্লীত দেশৰ ভিতৰত প্ৰথম ৮ লেনৰ এলিভেটেড হাইৱে' মুকলি কৰিলে প্ৰধানমন্ত্ৰীয়ে
বিশ্ব টাইকোৱাণ্ডোত অসমৰ ৰ'দালিৰ চমক
দ্রুত গতিত গলিছে হিমালয়ৰ হিমবাহ, হিমালয়ান অঞ্চলত ডাৱৰ বিস্ফোৰণ
স্বদেশলৈ উভতিল শুভাংশু শুক্লা ; প্ৰধানমন্ত্ৰী মোদীক সাক্ষাৎ কৰাৰ সম্ভাৱনা শুভাংশুৰ
উত্তৰ প্ৰদেশৰ এই জিলাৰ নাম হ’ব সলনি! যোগী আদিত্যনাথক অনুৰোধ মধ্য প্ৰদেশৰ প্ৰাক্তন মুখ্যমন্ত্ৰীৰ
নাৰায়ণপুৰত বানৰ তাণ্ডৱ ; দোৰপাং-দিহিৰি নদীৰ বানত বুৰিল কেবাখনো গাঁও
উৰিয়ামঘাট সীমান্তত উত্তেজনা! সন্দেহজনক লোকৰ ঘৰত দুষ্কৃতিকাৰীৰ অগ্নিসংযোগ, শূন্যলৈ গুলীচালনা নগাৰ
অসমত কৰ্কট চিকিৎসাৰ অভাৱনীয় মাচুল বৃদ্ধি
অহা মাহত ট্ৰাম্পৰ সৈতে প্ৰধানমন্ত্ৰী মোদীৰ বৈঠক! ভাৰত আৰু আমেৰিকাৰ মাজত উত্তেজনা কমিবনে?
'ঢাকাইপট্টি' হ'লগৈ 'ৰূপকোঁৱৰ চ'ক', মুখ্যমন্ত্ৰীৰ নিৰ্দেশত নগাঁৱৰ আয়ুক্তৰ ব্যৱস্থা
ভাৰতলৈ ভাবুকি নমাই চীন-পাকিস্তানৰ নৌ-সেনাৰ অনুশীলন
ৰঙা খয়েৰৰ অবাধ ক'লা বেপাৰ, বনদস্যুৱে তহিলং কৰিছে সোৱণশিৰিৰ পাৰ
জিৰাৰ পানীয়ে আপোনাক ফিট আৰু স্বাস্থ্যকৰ কৰি তুলিব, এই ৪টা ধৰণে ব্যৱহাৰ কৰক