--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: ভাৰতত নিম্নমুখী হৈছে নিবনুৱাৰ হাৰ৷ দেশত নিবনুৱাৰ হাৰ ৬.৫৭%লৈ হ্ৰাস পাইছে, যি পৰিসংখ্যা যোৱাবৰ্ষৰ মাৰ্চৰ পাছত সৰ্বনিম্ন৷ ভাৰতৰ নিবনুৱাৰ হাৰ জানুৱাৰীত তীব্ৰ হ্ৰাস হৈ ৬.৫৭ শতাংশলৈ হ্ৰাস পাইছে৷ চেণ্টাৰ ফৰ ম’নিটৰিং ইণ্ডিয়ান ইকোনমী, চমুকৈ চিএমইআইৰ তথ্য অনুসৰি, ক’ভিডৰ অমিক্ৰন ঢৌৰ পাছত ক্ৰমান্বয়ে দেশৰ প্ৰতিবন্ধকতা শিথিল হ’বলৈ ধৰিছে৷ যদিও জানুৱাৰীত চহৰীয়া ভাৰতত নিবনুৱাৰ হাৰ আছিল ৮.১৬ শতাংশ, গ্ৰাম্য অঞ্চলত এই পৰিসংখ্যা আছিল সৰ্বনিম্ন ৫.৮৪ শতাংশ আছিল৷ যোৱাবৰ্ষৰ ডিচেম্বৰত দেশত নিবনুৱাৰ হাৰ আছিল ৭.৯১ শতাংশ, নগৰ অঞ্চলত এই হাৰ আছিল ৯.৩০ শতাংশ আৰু গ্ৰামাঞ্চলত ৭.২৮ শতাংশ৷ প্ৰকাশিত প্ৰতিবেদন অনুসৰি, তেলেংগানাই জানুৱাৰীত সৰ্বনিম্ন নিবনুৱাৰ হাৰ আছিল ০.৭ শতাংশ তাৰ পিছত গুজৰাট (১.২ শতাংশ), মেঘালয় (১.৫ শতাংশ) আৰু উৰিষ্যা (১.৮ শতাংশ)। অৱশ্যে, হাৰিয়ানাত সৰ্বাধিক নিবনুৱাৰ হাৰ আছিল ২৩.৪ শতাংশ, তাৰ পিছত ৰাজস্থানত ১৮.৯ শতাংশ আছিল। চিএমআইইয়ে যোৱাবৰ্ষৰ ডিচেম্বৰলৈকে ভাৰতত নিবনুৱাৰ সংখ্যা ৫৩ নিযুত বুলি অনুমান কৰিছিল, যাৰ ভিতৰত এক বৃহৎ অনুপাত আছিল মহিলা। চিএমআইইৰ এমডি আৰু মুখ্য কাৰ্যবাহী বিষয়া মহেশ ব্যাসে ডিচেম্বৰৰ তথ্যৰ বিশ্লেষণত কৈছিল যে ২০২৷ চনৰ ডিচেম্বৰত ৩৫ নিযুত লোকে সক্ৰিয়ভাৱে কাম বিচাৰি আছিল, যাৰ ভিতৰত ২৩ শতাংশ বা ৮ নিযুত মহিলা আছিল।

FOLLOW US F
POPULAR
FEATURE
TRENDY
৫ দিন ধৰি বন্ধ থাকিব দেশৰ বেংক
মাজুলীৰ চৰাইচোঙক এছিয়াৰ প্ৰথমখন সংৰক্ষিত পক্ষী উদ্যানৰূপে স্বীকৃতি গুগলৰ
কামৰূপৰ বামুন্দীত ভূমিকেন্দ্ৰিক সংঘাতৰ চূড়ান্ত ৰূপ; চোকা অস্ত্ৰৰ আক্ৰমণত গুৰুতৰভাৱে আহত দুজন
চেপনৰ জুবিন গাৰ্গৰ বিখ্যাত আমজোপা; গছজোপাৰ তলত বহি জুবিনে লিখিছিল কবিতা, গীত আৰু পাতিছিল কথা
‘জুবিনদা নাই বুলি মোৰ বিশ্বাস নহয়’—মানৱীয়তাৰ ঋণত আৱেগিক শিৱসাগৰৰ শান্তনু বৰা
জুবিনবিহীন এবছৰ; শোকৰ জুইত এতিয়াও দগ্ধ অসমীয়া
কাছাৰত ১৪ কোটি টকাৰ হেৰ’ইন আৰু য়াবা টেবলেট জব্দ
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
মুখ্যমন্ত্ৰী শুভেন্দু অধিকাৰীয়ে দিলে সেউজ সংকেত; পশ্চিমবংগত স্থাপন হ’ব ক্ষেপণাস্ত্ৰ পৰীক্ষণ ক্ষেত্র