--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ  চিবিএছইৰ দ্বাদশ শ্ৰেণীৰ ফলাফল আজি  ঘোষণা কৰা হৈছে। এই পৰীক্ষাত সৰ্বভাৰতীয় ভিত্তিত উত্তীৰ্ণৰ শতাংশ হাৰ হৈছে ৯২.৭১ । ফলাফল results.cbse.nic.in আৰু cbse.gov.in ৱেবছাইটত উপলব্ধ হৈছে। শিক্ষাৰ্থীসকলে এই দুটা ৱেবছাইটত তেওঁলোকৰ ফলাফল চাব পাৰিব। ইয়াৰ উপৰি digilocker.gov.in ৱেবছাইটতো লগ ইন কৰি পৰীক্ষাৰ ফলাফলো জানিব পৰা যাব।

এই বছৰৰ চিবিএছই টাৰ্ম ১ আৰু টাৰ্ম ২ পৰীক্ষাত  মুঠ প্ৰাৰ্থীৰ সংখ্যা আছিল ১৬ লাখ। টাৰ্ম 2 পৰীক্ষা অফলাইনত অনুষ্ঠিত হৈছিল। এই পৰীক্ষা ২৬ এপ্ৰিলৰ পৰা ১৫ জুনলৈ অনুষ্ঠিত হৈছিল।  জানিব পৰা মতে  চিবিএছই দশম শ্ৰেণীৰ ফলাফলো শুক্ৰবাৰে দুপৰীয়া ২ বজাৰ ভিতৰত প্ৰকাশ কৰা হ'ব পাৰে।

ডিজিলকাৰত পৰীক্ষাৰ ফলাফল কেনেদৰে চাব পাৰিব

প্ৰথমে, digilocker.gov.in ৱেবছাইটলৈ যাওক। 

হোম পৃষ্ঠাত লগ ইনত ক্লিক কৰক। 

ব্যৱহাৰকাৰীৰ নামৰ ঠাইত ৰোল নম্বৰ সন্নিষ্ট কৰক। আৰু পিনটো পাছৱৰ্ড হিচাপে ব্যৱহাৰ কৰক। চিবিএছইয়ে পিনবোৰ বিদ্যালয়সমূহৰ সৈতে শ্বেয়াৰ কৰিছে। তাৰ পিছত, মাৰ্কশ্বীটখন স্ক্ৰীণত ওলাই পৰিব। 

তাৰ পৰাই মাৰ্কশ্বীট খন  ডাউনলোড কৰিব পৰা যাব।

চৰকাৰী ৱেবছাইট cbse.gov.inত  কেনেকৈ চাব পাৰিব  ফলাফল

cbse.gov.in ৱেবছাইটত ক্লিক নকৰাকৈ পোনপটীয়াকৈ results.cbse.nic.inলৈ  যাব পাৰে। 
 সেই পৃষ্ঠাত, ছিনিয়ৰ স্কুল চাৰ্টিফিকেট পৰীক্ষা (দ্বাদশ শ্ৰেণী) ২০২২  দেখুওৱা হৈছে। তাত ক্লিক কৰক।
তাৰ পিছত এটা নতুন উইণ্ডো খুলিব। 

তাত ৰোল নম্বৰ, স্কুলৰ কোড, জন্মৰ তাৰিখ আদি অন্তৰ্ভূক্ত কৰক।

তাৰ পিছত মাৰ্কশ্বীটখন স্ক্ৰীণত ওলাব। তাৰ পৰাই  মাৰ্কশ্বীট ডাউনলোড কৰিব পাৰিব। 

FOLLOW US F
POPULAR
FEATURE
TRENDY
জিৰাৰ পানীয়ে আপোনাক ফিট আৰু স্বাস্থ্যকৰ কৰি তুলিব, এই ৪টা ধৰণে ব্যৱহাৰ কৰক
ৰঙা খয়েৰৰ অবাধ ক'লা বেপাৰ, বনদস্যুৱে তহিলং কৰিছে সোৱণশিৰিৰ পাৰ
ভাৰতলৈ ভাবুকি নমাই চীন-পাকিস্তানৰ নৌ-সেনাৰ অনুশীলন
'ঢাকাইপট্টি' হ'লগৈ 'ৰূপকোঁৱৰ চ'ক', মুখ্যমন্ত্ৰীৰ নিৰ্দেশত নগাঁৱৰ আয়ুক্তৰ ব্যৱস্থা
অহা মাহত ট্ৰাম্পৰ সৈতে প্ৰধানমন্ত্ৰী মোদীৰ বৈঠক! ভাৰত আৰু আমেৰিকাৰ মাজত উত্তেজনা কমিবনে?
অসমত কৰ্কট চিকিৎসাৰ অভাৱনীয় মাচুল বৃদ্ধি
নাৰায়ণপুৰত বানৰ তাণ্ডৱ ; দোৰপাং-দিহিৰি নদীৰ বানত বুৰিল কেবাখনো গাঁও
উৰিয়ামঘাট সীমান্তত উত্তেজনা! সন্দেহজনক লোকৰ ঘৰত দুষ্কৃতিকাৰীৰ অগ্নিসংযোগ, শূন্যলৈ গুলীচালনা নগাৰ