--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ  চিবিএছইৰ দ্বাদশ শ্ৰেণীৰ ফলাফল আজি  ঘোষণা কৰা হৈছে। এই পৰীক্ষাত সৰ্বভাৰতীয় ভিত্তিত উত্তীৰ্ণৰ শতাংশ হাৰ হৈছে ৯২.৭১ । ফলাফল results.cbse.nic.in আৰু cbse.gov.in ৱেবছাইটত উপলব্ধ হৈছে। শিক্ষাৰ্থীসকলে এই দুটা ৱেবছাইটত তেওঁলোকৰ ফলাফল চাব পাৰিব। ইয়াৰ উপৰি digilocker.gov.in ৱেবছাইটতো লগ ইন কৰি পৰীক্ষাৰ ফলাফলো জানিব পৰা যাব।

এই বছৰৰ চিবিএছই টাৰ্ম ১ আৰু টাৰ্ম ২ পৰীক্ষাত  মুঠ প্ৰাৰ্থীৰ সংখ্যা আছিল ১৬ লাখ। টাৰ্ম 2 পৰীক্ষা অফলাইনত অনুষ্ঠিত হৈছিল। এই পৰীক্ষা ২৬ এপ্ৰিলৰ পৰা ১৫ জুনলৈ অনুষ্ঠিত হৈছিল।  জানিব পৰা মতে  চিবিএছই দশম শ্ৰেণীৰ ফলাফলো শুক্ৰবাৰে দুপৰীয়া ২ বজাৰ ভিতৰত প্ৰকাশ কৰা হ'ব পাৰে।

ডিজিলকাৰত পৰীক্ষাৰ ফলাফল কেনেদৰে চাব পাৰিব

প্ৰথমে, digilocker.gov.in ৱেবছাইটলৈ যাওক। 

হোম পৃষ্ঠাত লগ ইনত ক্লিক কৰক। 

ব্যৱহাৰকাৰীৰ নামৰ ঠাইত ৰোল নম্বৰ সন্নিষ্ট কৰক। আৰু পিনটো পাছৱৰ্ড হিচাপে ব্যৱহাৰ কৰক। চিবিএছইয়ে পিনবোৰ বিদ্যালয়সমূহৰ সৈতে শ্বেয়াৰ কৰিছে। তাৰ পিছত, মাৰ্কশ্বীটখন স্ক্ৰীণত ওলাই পৰিব। 

তাৰ পৰাই মাৰ্কশ্বীট খন  ডাউনলোড কৰিব পৰা যাব।

চৰকাৰী ৱেবছাইট cbse.gov.inত  কেনেকৈ চাব পাৰিব  ফলাফল

cbse.gov.in ৱেবছাইটত ক্লিক নকৰাকৈ পোনপটীয়াকৈ results.cbse.nic.inলৈ  যাব পাৰে। 
 সেই পৃষ্ঠাত, ছিনিয়ৰ স্কুল চাৰ্টিফিকেট পৰীক্ষা (দ্বাদশ শ্ৰেণী) ২০২২  দেখুওৱা হৈছে। তাত ক্লিক কৰক।
তাৰ পিছত এটা নতুন উইণ্ডো খুলিব। 

তাত ৰোল নম্বৰ, স্কুলৰ কোড, জন্মৰ তাৰিখ আদি অন্তৰ্ভূক্ত কৰক।

তাৰ পিছত মাৰ্কশ্বীটখন স্ক্ৰীণত ওলাব। তাৰ পৰাই  মাৰ্কশ্বীট ডাউনলোড কৰিব পাৰিব। 





FOLLOW US F
POPULAR
FEATURE
TRENDY
পুনৰ বহিঃৰাজ্যত দুৰ্বৃত্তই আক্ৰমণ কৰিলে অসমীয়া যুৱকক; গুৰুতৰভাৱে আহত
২৬ৰ পৰা ৩১ অক্টোবৰলৈ গুৱাহাটীৰ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত আন্তঃৰাষ্ট্ৰীয় সংগীত কর্মশালা
পখিলা খেদা বয়সত মৃত্যুৰ সৈতে যুঁজ পীযুষৰ; সহায় ভিক্ষা বিচাৰি ৰাইজক কাতৰ আহ্বান অসহায় আইতাকৰ
আজি বিশ্ব গঁড় দিৱস; সুৰক্ষা আৰু সচেতনতাই ৰক্ষা কৰিব পাৰে এই অমূল্য সম্পদ
দেশত স্থাপন হ’ব ২২টা ডিজিটেল ইণ্টেলিজেন্স লেব
খেলাৰ পাছত গা ধুবলৈ নামিছিল নৈত; বাক্সাৰ পল্লা নৈত সলিল সমাধি দুই কিশোৰৰ
মুখ্যমন্ত্ৰী শুভেন্দু অধিকাৰীয়ে দিলে সেউজ সংকেত; পশ্চিমবংগত স্থাপন হ’ব ক্ষেপণাস্ত্ৰ পৰীক্ষণ ক্ষেত্র
ফ্রিজত চিকেন কিমান দিন সুৰক্ষিত থাকে? জানক সঠিক নিয়ম
গোসাঁইগাঁৱৰ শ্ৰীৰামপুৰত বৃহৎ পৰিমাণৰ চেগুন কাঠ জব্দ; গ্ৰেপ্তাৰ দুজন
মণি প্লাণ্ট লহপহীয়া কৰি তুলিবলৈ পাকঘৰৰ এই ৩ টা বস্তু ব্যৱহাৰ কৰক
ৰঙিয়াত পুনৰ উৎখাত মানৱ সৰবৰাহকাৰী চক্ৰ; তিনিগৰাকী যুৱকক উদ্ধাৰ
সোণাপুৰৰ জুবিনক্ষেত্ৰত আজিৰে পৰা তিনিদিনীয়া কাৰ্যসূচীৰে জুবিন দিৱস
দক্ষিণ শালমাৰাৰ এখন ঘৰ বজ্ৰপাতত সম্পূৰ্ণৰূপে ভস্মীভূত
লিডুত ডেৰ কোটি টকাৰ ড্ৰাগছ জব্দ; দুজনক গ্ৰেপ্তাৰ