--°C
Loading...
Listen to Article
2 min read
80%

নতুন দিল্লীঃ ক’ৰ’না অতিমাৰীয়ে সমগ্ৰ বিশ্বতে কি এক অভাৱনীয় পৰিৱেশৰ সৃষ্টি কৰিছিল তাৰ বিষয়ে সকলোৱে অৱগত। ক’ৰ’না মহামাৰীৰ দৰে মাৰন ভাইৰাছবিধৰ বাবেই স্তব্ধ হৈ পৰিছিল সমগ্ৰ বিশ্ব। লাখ লাখ মানুহে আঁকোৱালি ল’বলগীয়া হৈছিল অকাল মৃত্যুক। ক’ৰ’না ভাইৰাছৰ সংক্ৰমণৰ প্ৰতি লক্ষ্য ৰাখি মৃতকৰ শৱদেহ সত্‍কাৰৰ বাবে পৰিয়ালক অনুমতি প্ৰদান কৰা হোৱা নাছিল। মৃত্যুৰ পাছত ৰোগীৰ মৃতদেহ পৰিয়ালক হস্তান্তৰ কৰাৰ পৰিৱৰ্তে প্ৰশাসনে নিজেই সম্পন্ন কৰিছিল অন্ত্যেষ্টিক্ৰিয়া। অতিমাৰীয়ে সৃষ্টি কৰা বিভীষিকাময় পৰিস্থিতিৰ কালত দেশৰ বিভিন্ন প্ৰান্তত এই ঘটনা সংঘটিত হৈছিল। এইবাৰ ক’ৰ’নাক্ৰান্ত ৰোগীৰ মৃত্যুৰ প্ৰায় ডেৰ বছৰ পাছত পোহৰলৈ আহিছে এক চাঞ্চল্যকৰ খবৰ। ক’ৰ’নাক্ৰান্ত ৰোগীৰ মৃত্যুৰ ডেৰ বছৰ পাছতো ৰোগীৰ মৃতদেহ সত্‍কাৰ নোহোৱাৰ অভিযোগ এটা পৰিয়ালৰ। শেহতীয়াকৈ বাতৰিৰ শিৰোনাম দখল কৰা বাংগালুৰুৰ ঘটনাটোৱে সকলোৰে চকু কপালত তুলিছে।

উল্লেখ্য যে, ৪০ বছৰীয়া দুৰ্গা সুমিতা আৰু ৫০ বছৰীয়া মণিৰাজু বিগত বৰ্ষৰ জুলাই মাহত ক’ৰ’নাৰ চিকাৰ হৈছিল। সেই সময়ত ক’ভিড ৰোগীৰ সংখ্যা বহুত বেছি আছিল বাবে চিকিৎসালয়ত নাছিল পৰ্যাপ্ত বিচনাৰ সুবিধা। পৰৱৰ্তী সময়ত ক’ৰ’নাক্ৰান্ত দুই ৰোগীক বেংগালুৰুৰ ৰাজাজী নগৰৰ ইএছআই চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছিল। কেইদিনমানৰ চিকিৎসাৰ পাছত মৃত্যু হৈছিল দুৰ্গা সুমিতা আৰু মণিৰাজুৰ। চৰকাৰী নিয়ম অনুসৰি মৃতকৰ মৃতদেহ বাংগালুৰু মহানগৰ পালিকা আৰু চিকিৎসালয় কৰ্তৃপক্ষই পৰিয়ালক সমজাই দিয়া নাছিল বুলি সদৰী কৰিছে দুৰ্গা সুমিতাৰ পৰিয়ালে। ইফালে চিকিৎসালয় কৰ্তৃপক্ষই মৃতদেহ দুটা সৎকাৰ কৰা বুলিও প্ৰকাশ কৰিছিল।

এই ঘটনাটোৱে প্ৰায় ডেৰ বছৰ অতিক্ৰম কৰাৰ পাছত পোহৰলৈ অহা খবৰে আশ্চৰ্যচকিত কৰি তুলিছে পৰিয়ালবৰ্গক। জানিবলৈ পোৱা মতে, দুৰ্গাৰ আত্মীয়ই অলপতে চিকিৎসালয় কৰ্তৃপক্ষৰ পৰা এটা ফোন পাইছিল। তেতিয়া দুৰ্গা আৰু মণিৰাজুৰ মৃতদেহ সৎকাৰ কৰা হোৱা নাছিল বুলি জনায় চিকিৎসালয় কৰ্তৃপক্ষই। উল্লেখ্য যে, মৃতদেহ দুটা আজি ডেৰ বছৰে ম’ৰ্গত পচিছে। এই প্ৰসংগত দুৰ্গাৰ ভগ্নী সুজাতাই কয়, ‘বিগত বৰ্ষতে ক’ৰ’নাত আক্ৰান্ত হৈছিল দুৰ্গা। চিকিৎসালয়খনত পৰ্যাপ্ত বিচনা নাছিল। কেৱল ইএছআই চিকিৎসালয়ত খালী বিচনা আছিল। তাত ভৰ্তিৰ ৪দিন পাছত মৃত্যু হয় দুৰ্গাৰ।’ তেওঁ লগতে কয়, ‘ক’ভিডত মৃত্যু হোৱা বাবে আমাক শৱদেহ সৎকাৰ কৰিবলৈ দিয়া হোৱা নাছিল। পৰৱৰ্তী সময়ত মৃতদেহটো সৎকাৰ কৰা হৈছিল বুলিও সদৰী কৰিছিল কৰ্তৃপক্ষই।’ কিন্তু এতিয়া মৃতদেহটো সৎকাৰ কৰা হোৱা নাই বুলি অৱগত হোৱাৰ পাছত ক্ষোভিত দুৰ্গাৰ পৰিয়ালবৰ্গ। ইয়াৰ সমান্তৰালকৈ মণিৰাজুৰ পুত্ৰ সতীশেও চিকিৎসালয় কৰ্তৃপক্ষৰ পৰা ফোন কল পাই হতবাক। বিষয়টোৱে ইতিমধ্যে এক সংবেদনৰ সৃষ্টি কৰিছে। জানিব পৰা মতে, ঘটনাটোৰ তদন্ত প্ৰক্ৰিয়াও অতি ক্ষিপ্ৰতাৰে আৰম্ভ হৈছে।


FOLLOW US F
POPULAR
FEATURE
TRENDY
৫ দিন ধৰি বন্ধ থাকিব দেশৰ বেংক
মাজুলীৰ চৰাইচোঙক এছিয়াৰ প্ৰথমখন সংৰক্ষিত পক্ষী উদ্যানৰূপে স্বীকৃতি গুগলৰ
কামৰূপৰ বামুন্দীত ভূমিকেন্দ্ৰিক সংঘাতৰ চূড়ান্ত ৰূপ; চোকা অস্ত্ৰৰ আক্ৰমণত গুৰুতৰভাৱে আহত দুজন
চেপনৰ জুবিন গাৰ্গৰ বিখ্যাত আমজোপা; গছজোপাৰ তলত বহি জুবিনে লিখিছিল কবিতা, গীত আৰু পাতিছিল কথা
‘জুবিনদা নাই বুলি মোৰ বিশ্বাস নহয়’—মানৱীয়তাৰ ঋণত আৱেগিক শিৱসাগৰৰ শান্তনু বৰা
জুবিনবিহীন এবছৰ; শোকৰ জুইত এতিয়াও দগ্ধ অসমীয়া
কাছাৰত ১৪ কোটি টকাৰ হেৰ’ইন আৰু য়াবা টেবলেট জব্দ
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
মুখ্যমন্ত্ৰী শুভেন্দু অধিকাৰীয়ে দিলে সেউজ সংকেত; পশ্চিমবংগত স্থাপন হ’ব ক্ষেপণাস্ত্ৰ পৰীক্ষণ ক্ষেত্র