--°C
Loading...
Listen to Article
2 min read
80%

ডিজিটেল ডেস্ক : সম্পদ বিক্ৰী কৰি দেশ চলোৱাৰ পৰম্পৰা অব্যাহত ৰাখিছে কেন্দ্ৰীয় চৰকাৰে। বিমানবন্দৰৰ পৰা ৰে’ল ষ্টেচনলৈ সকলো ব্যক্তিগত খণ্ডক গতাই দিয়াৰ পাছত শেহতীয়াকৈ কেন্দ্ৰীয় চৰকাৰে বিক্ৰী কৰিছিল দেশৰ একমাত্ৰ ৰাজহুৱা খণ্ডৰ বিমান পৰিবহন সংস্থা ‘এয়াৰ ইণ্ডিয়া’ক। ‘টাটা গ্ৰুপ’ৰ হাতলৈ গৈছিল দেশৰ সৰ্বপুৰণি বিমান পৰিবহন সংস্থাটো। সেই ধাৰাবাহিকতা অব্যাহত ৰাখিছে মোদী চৰকাৰে। এইবাৰ চৰকাৰে বিক্ৰী কৰিবলৈ লৈছে ‘চেণ্ট্ৰেল ইলেকট্ৰনিক্ছ লিমিটেড’ (চিইএল)। ৰাজহুৱা খণ্ডৰ এই প্ৰতিষ্ঠানটোৰ ১০০শতাংশ শ্বেয়াৰ ক্ৰয় কৰিব ‘নন্দাল ফাইনেন্স এণ্ড লিজিং প্ৰাইভেট লিমিটেড’ নামৰ প্ৰতিষ্ঠানটোৱে।

২১০ কোটি টকাত কোম্পানীটোৱে কোম্পানীটো ক্ৰয়ৰ নিবিদা লাভ কৰা বুলি প্ৰকাশ কৰিছে কেন্দ্ৰীয় বিত্ত মন্ত্ৰণালয়ে। মন্ত্ৰণালয়ৰ পৰা প্ৰকাশ কৰা এখন বিজ্ঞপ্তিত কোৱা হৈছে যে, এই কোম্পানীটোক ১০০শতাংশ স্বত্ব বিক্ৰী কৰাত অনুমোদন জনাইছে কেবিনেটে। নিৰ্মলা সীতাৰমণ, নীতিন গাডকাৰী, জিতেন্দ্ৰ সিঙৰ দৰে কেন্দ্ৰীয় মন্ত্ৰীৰে গঠিত কমিটীয়ে ‘চিইএল’ বিক্ৰীৰ বাবে অনুমোদন দিয়াৰ পাছত এই প্ৰতিষ্ঠানটো বিক্ৰীৰ বাবে নিবিদা আহ্বান কৰা হয়। ২১০ কোটি টকাৰ সৰ্বোচ্চ নিলাম মূল্য প্ৰদানেৰে নন্দাল ফাইনেন্স এণ্ড লিজিং প্ৰাইভেট লিমিটেডে এই নিবিদা লাভ কৰিবলৈ সক্ষম হয়।


বিত্ত মন্ত্ৰনালয়ৰ ফালৰ পৰা প্ৰকাশ কৰা বিজ্ঞপ্তিটোত কোৱা হৈছে যে, সমগ্ৰ নিৰ্বিনিয়োগীকৰণ প্ৰক্ৰিয়াটো স্বচ্ছতাৰে সম্পন্ন কৰা হৈছে। চলিত অৰ্থাৎ ২০২১-২২ বিত্তীয় বৰ্ষতে এই সম্পৰ্কীয় লেনদেন সম্পূৰ্ণ কৰি তোলা হ’ব বুলি প্ৰকাশ কৰিছে বিজ্ঞপ্তিখনত। মন কৰিবলাগীয়া যে, ২০১৬ চনৰ অক্টোবৰ মাহতে চিইএলৰ নিৰ্বিনিয়োগীকৰণ প্ৰক্ৰিয়া আৰম্ভ কৰা হৈছে। প্ৰথম পৰ্যায়ত এই প্ৰতিষ্ঠানটো ক্ৰয় কৰিবলৈ কোনো কোম্পানী আগবাঢ়ি অহা নাছিল। এতিয়া কথা হ’ল বিভিন্ন বৃহৎ ৰাজহুৱা খণ্ডৰ প্ৰতিষ্ঠান বিক্ৰী কৰাৰ পাছত এতিয়া ২১০ কোটি মূল্যৰ কোম্পানী এটাও চৰকাৰে চলাই থাকিব নোৱৰাটো তাৎপৰ্যপূ্ৰ্ণ বিবেচিত হৈছে। ইটোৰ পাছত সিটো ৰাজহুৱা খণ্ডৰ প্ৰতিষ্ঠান বিক্ৰী কৰি কেন্দ্ৰীৰ নৰেন্দ্ৰ মোদী চৰকাৰে দেশক লাওলোৱা অৱ্স্থালৈ পৰিণত কৰাৰ এই প্ৰক্ৰিয়া কিমান দিনলৈ চলি থাকিব সেয়া এক বৃহৎ প্ৰশ্নত পৰিণত হৈছে।


FOLLOW US F
POPULAR
FEATURE
TRENDY
৫ দিন ধৰি বন্ধ থাকিব দেশৰ বেংক
মাজুলীৰ চৰাইচোঙক এছিয়াৰ প্ৰথমখন সংৰক্ষিত পক্ষী উদ্যানৰূপে স্বীকৃতি গুগলৰ
কামৰূপৰ বামুন্দীত ভূমিকেন্দ্ৰিক সংঘাতৰ চূড়ান্ত ৰূপ; চোকা অস্ত্ৰৰ আক্ৰমণত গুৰুতৰভাৱে আহত দুজন
চেপনৰ জুবিন গাৰ্গৰ বিখ্যাত আমজোপা; গছজোপাৰ তলত বহি জুবিনে লিখিছিল কবিতা, গীত আৰু পাতিছিল কথা
‘জুবিনদা নাই বুলি মোৰ বিশ্বাস নহয়’—মানৱীয়তাৰ ঋণত আৱেগিক শিৱসাগৰৰ শান্তনু বৰা
জুবিনবিহীন এবছৰ; শোকৰ জুইত এতিয়াও দগ্ধ অসমীয়া
কাছাৰত ১৪ কোটি টকাৰ হেৰ’ইন আৰু য়াবা টেবলেট জব্দ
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
মুখ্যমন্ত্ৰী শুভেন্দু অধিকাৰীয়ে দিলে সেউজ সংকেত; পশ্চিমবংগত স্থাপন হ’ব ক্ষেপণাস্ত্ৰ পৰীক্ষণ ক্ষেত্র