--°C
Loading...
Listen to Article
2 min read
80%

ডিজিটেল ডেস্ক : সম্পদ বিক্ৰী কৰি দেশ চলোৱাৰ পৰম্পৰা অব্যাহত ৰাখিছে কেন্দ্ৰীয় চৰকাৰে। বিমানবন্দৰৰ পৰা ৰে’ল ষ্টেচনলৈ সকলো ব্যক্তিগত খণ্ডক গতাই দিয়াৰ পাছত শেহতীয়াকৈ কেন্দ্ৰীয় চৰকাৰে বিক্ৰী কৰিছিল দেশৰ একমাত্ৰ ৰাজহুৱা খণ্ডৰ বিমান পৰিবহন সংস্থা ‘এয়াৰ ইণ্ডিয়া’ক। ‘টাটা গ্ৰুপ’ৰ হাতলৈ গৈছিল দেশৰ সৰ্বপুৰণি বিমান পৰিবহন সংস্থাটো। সেই ধাৰাবাহিকতা অব্যাহত ৰাখিছে মোদী চৰকাৰে। এইবাৰ চৰকাৰে বিক্ৰী কৰিবলৈ লৈছে ‘চেণ্ট্ৰেল ইলেকট্ৰনিক্ছ লিমিটেড’ (চিইএল)। ৰাজহুৱা খণ্ডৰ এই প্ৰতিষ্ঠানটোৰ ১০০শতাংশ শ্বেয়াৰ ক্ৰয় কৰিব ‘নন্দাল ফাইনেন্স এণ্ড লিজিং প্ৰাইভেট লিমিটেড’ নামৰ প্ৰতিষ্ঠানটোৱে।

২১০ কোটি টকাত কোম্পানীটোৱে কোম্পানীটো ক্ৰয়ৰ নিবিদা লাভ কৰা বুলি প্ৰকাশ কৰিছে কেন্দ্ৰীয় বিত্ত মন্ত্ৰণালয়ে। মন্ত্ৰণালয়ৰ পৰা প্ৰকাশ কৰা এখন বিজ্ঞপ্তিত কোৱা হৈছে যে, এই কোম্পানীটোক ১০০শতাংশ স্বত্ব বিক্ৰী কৰাত অনুমোদন জনাইছে কেবিনেটে। নিৰ্মলা সীতাৰমণ, নীতিন গাডকাৰী, জিতেন্দ্ৰ সিঙৰ দৰে কেন্দ্ৰীয় মন্ত্ৰীৰে গঠিত কমিটীয়ে ‘চিইএল’ বিক্ৰীৰ বাবে অনুমোদন দিয়াৰ পাছত এই প্ৰতিষ্ঠানটো বিক্ৰীৰ বাবে নিবিদা আহ্বান কৰা হয়। ২১০ কোটি টকাৰ সৰ্বোচ্চ নিলাম মূল্য প্ৰদানেৰে নন্দাল ফাইনেন্স এণ্ড লিজিং প্ৰাইভেট লিমিটেডে এই নিবিদা লাভ কৰিবলৈ সক্ষম হয়।


বিত্ত মন্ত্ৰনালয়ৰ ফালৰ পৰা প্ৰকাশ কৰা বিজ্ঞপ্তিটোত কোৱা হৈছে যে, সমগ্ৰ নিৰ্বিনিয়োগীকৰণ প্ৰক্ৰিয়াটো স্বচ্ছতাৰে সম্পন্ন কৰা হৈছে। চলিত অৰ্থাৎ ২০২১-২২ বিত্তীয় বৰ্ষতে এই সম্পৰ্কীয় লেনদেন সম্পূৰ্ণ কৰি তোলা হ’ব বুলি প্ৰকাশ কৰিছে বিজ্ঞপ্তিখনত। মন কৰিবলাগীয়া যে, ২০১৬ চনৰ অক্টোবৰ মাহতে চিইএলৰ নিৰ্বিনিয়োগীকৰণ প্ৰক্ৰিয়া আৰম্ভ কৰা হৈছে। প্ৰথম পৰ্যায়ত এই প্ৰতিষ্ঠানটো ক্ৰয় কৰিবলৈ কোনো কোম্পানী আগবাঢ়ি অহা নাছিল। এতিয়া কথা হ’ল বিভিন্ন বৃহৎ ৰাজহুৱা খণ্ডৰ প্ৰতিষ্ঠান বিক্ৰী কৰাৰ পাছত এতিয়া ২১০ কোটি মূল্যৰ কোম্পানী এটাও চৰকাৰে চলাই থাকিব নোৱৰাটো তাৎপৰ্যপূ্ৰ্ণ বিবেচিত হৈছে। ইটোৰ পাছত সিটো ৰাজহুৱা খণ্ডৰ প্ৰতিষ্ঠান বিক্ৰী কৰি কেন্দ্ৰীৰ নৰেন্দ্ৰ মোদী চৰকাৰে দেশক লাওলোৱা অৱ্স্থালৈ পৰিণত কৰাৰ এই প্ৰক্ৰিয়া কিমান দিনলৈ চলি থাকিব সেয়া এক বৃহৎ প্ৰশ্নত পৰিণত হৈছে।


FOLLOW US F
POPULAR
FEATURE
TRENDY
অধিনায়কত্ব হেৰুৱাব পাৰে সূৰ্যকুমাৰ যাদৱে
দিল্লীত দেশৰ ভিতৰত প্ৰথম ৮ লেনৰ এলিভেটেড হাইৱে' মুকলি কৰিলে প্ৰধানমন্ত্ৰীয়ে
বিশ্ব টাইকোৱাণ্ডোত অসমৰ ৰ'দালিৰ চমক
দ্রুত গতিত গলিছে হিমালয়ৰ হিমবাহ, হিমালয়ান অঞ্চলত ডাৱৰ বিস্ফোৰণ
স্বদেশলৈ উভতিল শুভাংশু শুক্লা ; প্ৰধানমন্ত্ৰী মোদীক সাক্ষাৎ কৰাৰ সম্ভাৱনা শুভাংশুৰ
উত্তৰ প্ৰদেশৰ এই জিলাৰ নাম হ’ব সলনি! যোগী আদিত্যনাথক অনুৰোধ মধ্য প্ৰদেশৰ প্ৰাক্তন মুখ্যমন্ত্ৰীৰ
নাৰায়ণপুৰত বানৰ তাণ্ডৱ ; দোৰপাং-দিহিৰি নদীৰ বানত বুৰিল কেবাখনো গাঁও
উৰিয়ামঘাট সীমান্তত উত্তেজনা! সন্দেহজনক লোকৰ ঘৰত দুষ্কৃতিকাৰীৰ অগ্নিসংযোগ, শূন্যলৈ গুলীচালনা নগাৰ
অসমত কৰ্কট চিকিৎসাৰ অভাৱনীয় মাচুল বৃদ্ধি
অহা মাহত ট্ৰাম্পৰ সৈতে প্ৰধানমন্ত্ৰী মোদীৰ বৈঠক! ভাৰত আৰু আমেৰিকাৰ মাজত উত্তেজনা কমিবনে?
'ঢাকাইপট্টি' হ'লগৈ 'ৰূপকোঁৱৰ চ'ক', মুখ্যমন্ত্ৰীৰ নিৰ্দেশত নগাঁৱৰ আয়ুক্তৰ ব্যৱস্থা
ভাৰতলৈ ভাবুকি নমাই চীন-পাকিস্তানৰ নৌ-সেনাৰ অনুশীলন
ৰঙা খয়েৰৰ অবাধ ক'লা বেপাৰ, বনদস্যুৱে তহিলং কৰিছে সোৱণশিৰিৰ পাৰ
জিৰাৰ পানীয়ে আপোনাক ফিট আৰু স্বাস্থ্যকৰ কৰি তুলিব, এই ৪টা ধৰণে ব্যৱহাৰ কৰক