--°C
Loading...
Listen to Article
2 min read
80%

ডিজিটেল ডেস্কঃ পেটৰ অসহ্য বিষ লৈ এজন যুৱক কাষ চাপিল চিকিৎসকৰ। চিকিৎসকেও কতো কোনো ধৰণৰ বিসংগতি দেখা নাপাই শেষত যুৱকজনক এখন এক্সৰে কৰাবলৈ কলে। এক্সৰে কৰাৰ পিছতেই ওলাল উৰহী গছৰ ওৰ। যুৱকজনৰ এক্সৰে দেখি চিকিৎসকজন আচৰিত হৈ পৰে। কাৰণ যুৱকজনৰ পেটত সোমাই আছিল এটা মোবাইল ফোন। কেনেদৰে মোবাইল ফোনটো পেটৰ ভিতৰত সোমাল বুলি যুৱকজনক সোধে চিকিৎসকে।

৩৩ বছৰীয়া যুৱকজনে মোবাইল ফোনটো নিজে গিলাৰ কথা স্বীকাৰ কৰে কিন্তু কি কাৰণে তেওঁ মোবাইল ফোনটো গিলিছিল সেই কথা স্পষ্টকৈ নকলে। চিকিৎসকৰ এটা দলে অস্ত্ৰোপ্ৰচাৰৰ জৰিয়তে সুকলমে মোবাইল ফোনটো যুৱকজনৰ পেটৰ পৰা বাহিৰ কৰে। যুৱকজনে চিকিৎসকজনক এটা কথা কৈছিল যে ফোনটো গিলি দিয়াৰ সময়ত ভাবিছিল ই সহজেই হজম হৈ যাব। কিন্তু গিলি দিয়াৰ পিছতে পাকস্থলী পোৱাৰ পূৰ্বেই খাদ্যনলীত লাগি ধৰে ফোনটো। যাৰ বাবে খাদ্য গ্ৰহণ কৰাত কিছু অসুবিধাৰ সৃষ্টি হৈছিল। পিছলৈ অন্য বহুতো সমস্যাও দেখা দিবলৈ ধৰে।

আৰু পঢ়কঃ সোণতকৈও দামী একাপ চাহ! জানো আহক ৭ লাখ টকীয়া এই চাহৰ কাহিনী

অস্ত্ৰোপচাৰৰ পিছত উদ্ধাৰ হোৱা মোবাইল ফোনটো

যুৱকজনৰ পেটত মোবাইল ফোনটো এদিন দুদিন নহয় ছমাহ দিন ধৰি সোমাই থাকিল। অৱশেষত অসহ্য পেট বিষ হোৱাত সহ্য কৰিব নোৱাৰি চিকিৎসকৰ ওচৰলৈ যাবলৈ তেওঁ বাধ্য হয়। চিকিৎসকজনে এই সন্দৰ্ভত কয় যে সুদীৰ্ঘ চিকিৎসকৰ কৰ্মজীৱনত এনেকুৱা আজৱ ৰোগী কেতিয়াও তেওঁ লগ পোৱা নাই৷ এই ঘটনাটো ইজিপ্তৰ।


FOLLOW US F
POPULAR
FEATURE
TRENDY
৩ নৱেম্বৰত আমেৰিকাৰ মধ্যকালীন নির্বাচন; ২৫% দক্ষিণ এছীয় ভোটাৰে সমর্থন দিব ডেমক্রেট প্রার্থীক
৩% মৰগীয়া বানচ ঘোষণা, কেন্দ্ৰীয় চৰকাৰৰ কৰ্মচাৰীলৈ সু-খবৰ
বদৰপুৰ ৰে’লৱে দলঙত শিলচৰ–গুৱাহাটী এক্সপ্ৰেছৰ ইঞ্জিন লাইনচ্যুত; পাহাৰীয়া অঞ্চলত ৰে’ল সেৱা ব্যাহত
ওদালগুৰিত চাঞ্চল্য! হিন্দু পৰিচয়ৰে মুছলমান যুৱকে পলুৱাই নিলে খ্ৰীষ্টান বোৱাৰীক
বাস্তুশাস্ত্ৰৰ বিধান: পাকঘৰৰ স্লেবত এই ৪টা বস্তু ৰাখিলে ঘৰত পৰে নেতিবাচক প্ৰভাৱ
ইণ্ডিয়ান ফিল্ম ফেষ্টিভেল-মেলবর্নলৈ ‘ডিয়েৰ আৱা’; গুৰুত্বপূৰ্ণ চৰিত্ৰত মন্ত্ৰী অতুল বৰা
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু