--°C
Loading...
Listen to Article
2 min read
80%

ডিজিটেল ডেস্কঃ পেটৰ অসহ্য বিষ লৈ এজন যুৱক কাষ চাপিল চিকিৎসকৰ। চিকিৎসকেও কতো কোনো ধৰণৰ বিসংগতি দেখা নাপাই শেষত যুৱকজনক এখন এক্সৰে কৰাবলৈ কলে। এক্সৰে কৰাৰ পিছতেই ওলাল উৰহী গছৰ ওৰ। যুৱকজনৰ এক্সৰে দেখি চিকিৎসকজন আচৰিত হৈ পৰে। কাৰণ যুৱকজনৰ পেটত সোমাই আছিল এটা মোবাইল ফোন। কেনেদৰে মোবাইল ফোনটো পেটৰ ভিতৰত সোমাল বুলি যুৱকজনক সোধে চিকিৎসকে।

৩৩ বছৰীয়া যুৱকজনে মোবাইল ফোনটো নিজে গিলাৰ কথা স্বীকাৰ কৰে কিন্তু কি কাৰণে তেওঁ মোবাইল ফোনটো গিলিছিল সেই কথা স্পষ্টকৈ নকলে। চিকিৎসকৰ এটা দলে অস্ত্ৰোপ্ৰচাৰৰ জৰিয়তে সুকলমে মোবাইল ফোনটো যুৱকজনৰ পেটৰ পৰা বাহিৰ কৰে। যুৱকজনে চিকিৎসকজনক এটা কথা কৈছিল যে ফোনটো গিলি দিয়াৰ সময়ত ভাবিছিল ই সহজেই হজম হৈ যাব। কিন্তু গিলি দিয়াৰ পিছতে পাকস্থলী পোৱাৰ পূৰ্বেই খাদ্যনলীত লাগি ধৰে ফোনটো। যাৰ বাবে খাদ্য গ্ৰহণ কৰাত কিছু অসুবিধাৰ সৃষ্টি হৈছিল। পিছলৈ অন্য বহুতো সমস্যাও দেখা দিবলৈ ধৰে।

আৰু পঢ়কঃ সোণতকৈও দামী একাপ চাহ! জানো আহক ৭ লাখ টকীয়া এই চাহৰ কাহিনী

অস্ত্ৰোপচাৰৰ পিছত উদ্ধাৰ হোৱা মোবাইল ফোনটো

যুৱকজনৰ পেটত মোবাইল ফোনটো এদিন দুদিন নহয় ছমাহ দিন ধৰি সোমাই থাকিল। অৱশেষত অসহ্য পেট বিষ হোৱাত সহ্য কৰিব নোৱাৰি চিকিৎসকৰ ওচৰলৈ যাবলৈ তেওঁ বাধ্য হয়। চিকিৎসকজনে এই সন্দৰ্ভত কয় যে সুদীৰ্ঘ চিকিৎসকৰ কৰ্মজীৱনত এনেকুৱা আজৱ ৰোগী কেতিয়াও তেওঁ লগ পোৱা নাই৷ এই ঘটনাটো ইজিপ্তৰ।


FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ