--°C
Loading...
Listen to Article
2 min read
80%

ডিজিটেল ডেস্ক : ৰাষ্ট্ৰসংঘৰ মজিয়াত বিশ্বৰ শীৰ্ষনেতাসকলৰ চকুত চকু থৈ তেওঁ এদিন গৰজি উঠিছিল। প্ৰশ্ন কৰিছিল, মোৰ দৰে অসংখ্যজনৰ সপোন চুৰমাৰ কৰিবলৈ আপোনালোকৰ সাহস হ’ল কেনেকৈ? কিয় মই স্কুল এৰি ইয়ালৈ আহিবলগীয়া হৈছে? সাৰশূন্য কথা-বতৰাৰ মাজত আপোনালোকে কিয় আমাৰ ভৱিষ্যৎ ধ্বংস কৰিব খুজিছে! আপোনালোকৰ ইমান সাহস! স্কুলৰ শ্ৰেণীকোঠা এৰি আহি পৰিৱেশ ৰক্ষাৰ বাবে তেওঁৰ অনমনীয় সংগ্ৰামৰ বাবেই পৰিচিত হৈ আহিছে এইগৰাকী তৰুণী। গ্ৰেটা থুনবাৰ্গ।

আৰু পঢ়কঃ ৰাজপথ হ’লগৈ ৰণাংগন; ধৰ্মীয় সমদলৰ মাজতে কেনেকৈ ঘটিল এই অঘটন?

পিছে এইবাৰ এক ব্যতিক্ৰমী ৰূপত দেখা গ’ল তৰুণী পৰিৱেশকৰ্মী গ্ৰেটা থুনবাৰ্গক। ষ্টকহ’মত অনুষ্ঠিত এক জলবায়ু সম্বন্ধীয় কনচাৰ্টত নাচি, গান গাই দৰ্শকক মোহিত কৰিলে ছুইডেনৰ ১৮ বছৰীয়া গ্ৰেটাই। কনচাৰ্টত উপস্থিত থকা যুৱসমাজৰ সন্মুখত গোলকীয় উষ্ণতাৰ ভয়াৱহতাৰ বিষয়ে অৱগত কৰাৰ লগতে ব্ৰিটিছ গায়ক ৰিক এছলেৰ সৈতে সমানে সমানে ডান্স কৰিলে ৰূপহী তৰুণী থুনবাৰ্গে।

ৰিক এছলেৰ সৈতে সমানে সমানে গীত আৰু নৃত্য পৰিৱেশন কৰিলে ৰূপহী থুনবাৰ্গে

অকল নৃত্য কৰাই নহয়, ৰিকৰ সৈতে গীতো গালে বিশ্বৰ জনপ্ৰিয় যুৱতীগৰাকীয়ে। ৰিক এছলেৰ গীত ‘নেভাৰ গনা গিভ আপ’ গীতৰ সুৰে সুৰে গ্ৰেটা থুনবাৰ্গে সুৰ মিলোৱাৰ লগতে আপোন পাহৰা হৈ নাচিলেও এই দুৰন্ত তৰুণীয়ে। জলবায়ু সন্মিলনৰ এই দৃশ্য এতিয়া ছ’চিয়েল মিডিয়াত ভাইৰেল হৈ পৰিছে।


FOLLOW US F
POPULAR
FEATURE
TRENDY
৩ নৱেম্বৰত আমেৰিকাৰ মধ্যকালীন নির্বাচন; ২৫% দক্ষিণ এছীয় ভোটাৰে সমর্থন দিব ডেমক্রেট প্রার্থীক
৩% মৰগীয়া বানচ ঘোষণা, কেন্দ্ৰীয় চৰকাৰৰ কৰ্মচাৰীলৈ সু-খবৰ
বদৰপুৰ ৰে’লৱে দলঙত শিলচৰ–গুৱাহাটী এক্সপ্ৰেছৰ ইঞ্জিন লাইনচ্যুত; পাহাৰীয়া অঞ্চলত ৰে’ল সেৱা ব্যাহত
ওদালগুৰিত চাঞ্চল্য! হিন্দু পৰিচয়ৰে মুছলমান যুৱকে পলুৱাই নিলে খ্ৰীষ্টান বোৱাৰীক
বাস্তুশাস্ত্ৰৰ বিধান: পাকঘৰৰ স্লেবত এই ৪টা বস্তু ৰাখিলে ঘৰত পৰে নেতিবাচক প্ৰভাৱ
ইণ্ডিয়ান ফিল্ম ফেষ্টিভেল-মেলবর্নলৈ ‘ডিয়েৰ আৱা’; গুৰুত্বপূৰ্ণ চৰিত্ৰত মন্ত্ৰী অতুল বৰা
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু