--°C
Loading...
Listen to Article
2 min read
80%

ডিজিটেল ডেস্ক : ৰাষ্ট্ৰসংঘৰ মজিয়াত বিশ্বৰ শীৰ্ষনেতাসকলৰ চকুত চকু থৈ তেওঁ এদিন গৰজি উঠিছিল। প্ৰশ্ন কৰিছিল, মোৰ দৰে অসংখ্যজনৰ সপোন চুৰমাৰ কৰিবলৈ আপোনালোকৰ সাহস হ’ল কেনেকৈ? কিয় মই স্কুল এৰি ইয়ালৈ আহিবলগীয়া হৈছে? সাৰশূন্য কথা-বতৰাৰ মাজত আপোনালোকে কিয় আমাৰ ভৱিষ্যৎ ধ্বংস কৰিব খুজিছে! আপোনালোকৰ ইমান সাহস! স্কুলৰ শ্ৰেণীকোঠা এৰি আহি পৰিৱেশ ৰক্ষাৰ বাবে তেওঁৰ অনমনীয় সংগ্ৰামৰ বাবেই পৰিচিত হৈ আহিছে এইগৰাকী তৰুণী। গ্ৰেটা থুনবাৰ্গ

আৰু পঢ়কঃ ৰাজপথ হ’লগৈ ৰণাংগন; ধৰ্মীয় সমদলৰ মাজতে কেনেকৈ ঘটিল এই অঘটন?

পিছে এইবাৰ এক ব্যতিক্ৰমী ৰূপত দেখা গ’ল তৰুণী পৰিৱেশকৰ্মী গ্ৰেটা থুনবাৰ্গক। ষ্টকহ’মত অনুষ্ঠিত এক জলবায়ু সম্বন্ধীয় কনচাৰ্টত নাচি, গান গাই দৰ্শকক মোহিত কৰিলে ছুইডেনৰ ১৮ বছৰীয়া গ্ৰেটাই। কনচাৰ্টত উপস্থিত থকা যুৱসমাজৰ সন্মুখত গোলকীয় উষ্ণতাৰ ভয়াৱহতাৰ বিষয়ে অৱগত কৰাৰ লগতে ব্ৰিটিছ গায়ক ৰিক এছলেৰ সৈতে সমানে সমানে ডান্স কৰিলে ৰূপহী তৰুণী থুনবাৰ্গে।

ৰিক এছলেৰ সৈতে সমানে সমানে গীত আৰু নৃত্য পৰিৱেশন কৰিলে ৰূপহী থুনবাৰ্গে

অকল নৃত্য কৰাই নহয়, ৰিকৰ সৈতে গীতো গালে বিশ্বৰ জনপ্ৰিয় যুৱতীগৰাকীয়ে। ৰিক এছলেৰ গীত ‘নেভাৰ গনা গিভ আপ’ গীতৰ সুৰে সুৰে গ্ৰেটা থুনবাৰ্গে সুৰ মিলোৱাৰ লগতে আপোন পাহৰা হৈ নাচিলেও এই দুৰন্ত তৰুণীয়ে। জলবায়ু সন্মিলনৰ এই দৃশ্য এতিয়া ছ’চিয়েল মিডিয়াত ভাইৰেল হৈ পৰিছে।


FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ