--°C
Loading...
Listen to Article
2 min read
80%

নতুন দিল্লী : বিস্ফোৰক স্বীকাৰোক্তিৰে বিভিন্ন সময়ত সংবাদ শিৰোনাম দখল কৰা বলীউড জগতৰ অন্যতম এটা নাম নীনা গুপ্তা। সম্প্ৰতি পুনৰ চৰ্চাৰ কেন্দ্ৰবিন্দু হৈ পৰিছে এইগৰাকী অভিনেত্ৰী। অলপতে প্ৰকাশ পোৱা আত্মজীৱনীখনত তেওঁ প্ৰকাশ কৰিছে জীৱনৰ বহু ৰং-বিৰং অভিজ্ঞতা। ‘Sach Kahun Toh’ নামৰ আত্মজীৱনীখনত গাৰ নোম শিয়ৰি উঠা কিছুমান অপ্ৰিয় অভিজ্ঞতাৰ কথা শ্বেয়াৰ কৰিছে নীনা গুপ্তাই

গ্ৰন্থখনত উল্লেখ কৰা অনুসৰি, এজন চিকিৎসক আৰু এজন দৰ্জীৰ দ্বাৰা নিচেই সৰুতে যৌন নিৰ্যাতনৰ বলি হৈছিল নীনা গুপ্তা। তেওঁ ঘটনাটোক লৈ ইমান ভয় খাইছিল যে ঘৰত এইবিষয়ে কেতিয়াও জনাব নোৱাৰিলে। সেই ভয়ানক স্মৃতিবোৰ বুকুত সাবটিয়েই ভৰ যৌৱনত ভৰি দিছিল নীনাই। নীনাই লিখিছে, ‘চকুৰ চিকিৎসাৰ বাবে মই চিকিৎসক জনৰ ওচৰলৈ গৈছিলোঁ। কিন্তু হঠাতে চিকিৎসকজনে মোৰ শৰীৰৰ সেই অংশবোৰ স্পৰ্শ কৰিবলৈ ধৰিলে যাৰ চকুৰ সৈতে কোনো সম্পৰ্ক নাছিল। মোৰ বৰ ভয় লাগিছিল।

মই এটা টু-শব্দও কৰিব পৰা নাছিলোঁ। ঘটনাটোৱে মোক তীব্ৰ আঘাত দিছিল। কোঠাটোৰ এটা কোণত বহি হুকহুকাই কান্দিছিলোঁ। কিন্তু ঘৰত এইবোৰ কথা ক'বলৈ সাহস কৰা নাছিলোঁ। সেই চিকিৎসক জনৰ চেম্বাৰত মোৰ সৈতে একাধিকবাৰ এনে ঘটনা ঘটিছে।’ কেবল সেয়াই নহয়, এবাৰ এজন দৰ্জীৰ পৰাও যৌন নিৰ্যাতনৰ চিকাৰ হৈছিল নীনা গুপ্তা। তেওঁ লিখিছে, ‘ জোখ লোৱাৰ সময়ত মোৰ শৰীৰৰ বিভিন্ন অংগত এনেদৰে স্পৰ্শ কৰিছিল যে মই ভয় খাইছিলোঁ। কিন্তু মই বাৰে বাৰে তেওঁৰ তালৈ উভতি যাব লগা হৈছিল।

মোৰ কোনো বিকল্প নাছিল। দৰ্জীজনৰ ওচৰলৈ যাব নিবিচাৰোঁ বুলি মাক কোৱাহেঁতেন, তেতিয়া তেওঁ মোক ইয়াৰ কাৰণ সুধিলে হয়। আৰু তাৰ পিছত মই সমগ্ৰ ঘটনাৰ বিৱৰণ দিব লাগিলহেঁতেন। সেইবাবে এইবোৰ কথা মই অতদিনে গোপনে ৰাখিছিলোঁ।’ এই গ্ৰন্থখনত নীনাই 'ভিলেইন'ৰ ছুপাৰ হিট গান 'ছোলী কে পিচে'ৰ শ্বুটিঙৰ মনোৰম অভিজ্ঞতাৰ কথাও বৰ্ণনা কৰিছে। পৰিচালক সুভাষ ঘাই-এ গীতটোৰ বাবে তেওঁৰ সৌন্দৰ্য দেখি বিমোহিত হৈছিল বুলিও কয় নীনা গুপ্তাই। নীনাক পেডেড ব্ৰা পৰিধান কৰিবলৈও পৰামৰ্শ দিছিল পৰিচালকে। শ্বুটিং ফ্ল’ৰত লজ্জিত হ’ব লাগে বুলিয়েই এনে কাৰ্যৰ পৰা বিৰত আছিল অভিনেত্ৰীগৰাকী। নীনা গুপ্তাৰ শেহতীয়া কথাবোৰে বলীউড এৰিণাত চৰ্চা লাভ কৰা দেখা গৈছে। অনুৰাগী মহলতো প্ৰকাশ পাইছে মিশ্ৰিত প্ৰতিক্ৰিয়াৰ। অৱশ্য, এই ক্ষেত্ৰত যিকোনো মন্তব্য প্ৰকাশৰ পৰা বিৰত আছে অভিনেত্ৰী নীনা গুপ্তাই।


FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ