--°C
Loading...
Listen to Article
2 min read
80%

নতুন দিল্লী : বিস্ফোৰক স্বীকাৰোক্তিৰে বিভিন্ন সময়ত সংবাদ শিৰোনাম দখল কৰা বলীউড জগতৰ অন্যতম এটা নাম নীনা গুপ্তা। সম্প্ৰতি পুনৰ চৰ্চাৰ কেন্দ্ৰবিন্দু হৈ পৰিছে এইগৰাকী অভিনেত্ৰী। অলপতে প্ৰকাশ পোৱা আত্মজীৱনীখনত তেওঁ প্ৰকাশ কৰিছে জীৱনৰ বহু ৰং-বিৰং অভিজ্ঞতা। ‘Sach Kahun Toh’ নামৰ আত্মজীৱনীখনত গাৰ নোম শিয়ৰি উঠা কিছুমান অপ্ৰিয় অভিজ্ঞতাৰ কথা শ্বেয়াৰ কৰিছে নীনা গুপ্তাই।

গ্ৰন্থখনত উল্লেখ কৰা অনুসৰি, এজন চিকিৎসক আৰু এজন দৰ্জীৰ দ্বাৰা নিচেই সৰুতে যৌন নিৰ্যাতনৰ বলি হৈছিল নীনা গুপ্তা। তেওঁ ঘটনাটোক লৈ ইমান ভয় খাইছিল যে ঘৰত এইবিষয়ে কেতিয়াও জনাব নোৱাৰিলে। সেই ভয়ানক স্মৃতিবোৰ বুকুত সাবটিয়েই ভৰ যৌৱনত ভৰি দিছিল নীনাই। নীনাই লিখিছে, ‘চকুৰ চিকিৎসাৰ বাবে মই চিকিৎসক জনৰ ওচৰলৈ গৈছিলোঁ। কিন্তু হঠাতে চিকিৎসকজনে মোৰ শৰীৰৰ সেই অংশবোৰ স্পৰ্শ কৰিবলৈ ধৰিলে যাৰ চকুৰ সৈতে কোনো সম্পৰ্ক নাছিল। মোৰ বৰ ভয় লাগিছিল।

মই এটা টু-শব্দও কৰিব পৰা নাছিলোঁ। ঘটনাটোৱে মোক তীব্ৰ আঘাত দিছিল। কোঠাটোৰ এটা কোণত বহি হুকহুকাই কান্দিছিলোঁ। কিন্তু ঘৰত এইবোৰ কথা ক'বলৈ সাহস কৰা নাছিলোঁ। সেই চিকিৎসক জনৰ চেম্বাৰত মোৰ সৈতে একাধিকবাৰ এনে ঘটনা ঘটিছে।’ কেবল সেয়াই নহয়, এবাৰ এজন দৰ্জীৰ পৰাও যৌন নিৰ্যাতনৰ চিকাৰ হৈছিল নীনা গুপ্তা। তেওঁ লিখিছে, ‘ জোখ লোৱাৰ সময়ত মোৰ শৰীৰৰ বিভিন্ন অংগত এনেদৰে স্পৰ্শ কৰিছিল যে মই ভয় খাইছিলোঁ। কিন্তু মই বাৰে বাৰে তেওঁৰ তালৈ উভতি যাব লগা হৈছিল।

মোৰ কোনো বিকল্প নাছিল। দৰ্জীজনৰ ওচৰলৈ যাব নিবিচাৰোঁ বুলি মাক কোৱাহেঁতেন, তেতিয়া তেওঁ মোক ইয়াৰ কাৰণ সুধিলে হয়। আৰু তাৰ পিছত মই সমগ্ৰ ঘটনাৰ বিৱৰণ দিব লাগিলহেঁতেন। সেইবাবে এইবোৰ কথা মই অতদিনে গোপনে ৰাখিছিলোঁ।’ এই গ্ৰন্থখনত নীনাই 'ভিলেইন'ৰ ছুপাৰ হিট গান 'ছোলী কে পিচে'ৰ শ্বুটিঙৰ মনোৰম অভিজ্ঞতাৰ কথাও বৰ্ণনা কৰিছে। পৰিচালক সুভাষ ঘাই-এ গীতটোৰ বাবে তেওঁৰ সৌন্দৰ্য দেখি বিমোহিত হৈছিল বুলিও কয় নীনা গুপ্তাই। নীনাক পেডেড ব্ৰা পৰিধান কৰিবলৈও পৰামৰ্শ দিছিল পৰিচালকে। শ্বুটিং ফ্ল’ৰত লজ্জিত হ’ব লাগে বুলিয়েই এনে কাৰ্যৰ পৰা বিৰত আছিল অভিনেত্ৰীগৰাকী। নীনা গুপ্তাৰ শেহতীয়া কথাবোৰে বলীউড এৰিণাত চৰ্চা লাভ কৰা দেখা গৈছে। অনুৰাগী মহলতো প্ৰকাশ পাইছে মিশ্ৰিত প্ৰতিক্ৰিয়াৰ। অৱশ্য, এই ক্ষেত্ৰত যিকোনো মন্তব্য প্ৰকাশৰ পৰা বিৰত আছে অভিনেত্ৰী নীনা গুপ্তাই।


FOLLOW US F
POPULAR
FEATURE
TRENDY
৩ নৱেম্বৰত আমেৰিকাৰ মধ্যকালীন নির্বাচন; ২৫% দক্ষিণ এছীয় ভোটাৰে সমর্থন দিব ডেমক্রেট প্রার্থীক
৩% মৰগীয়া বানচ ঘোষণা, কেন্দ্ৰীয় চৰকাৰৰ কৰ্মচাৰীলৈ সু-খবৰ
বদৰপুৰ ৰে’লৱে দলঙত শিলচৰ–গুৱাহাটী এক্সপ্ৰেছৰ ইঞ্জিন লাইনচ্যুত; পাহাৰীয়া অঞ্চলত ৰে’ল সেৱা ব্যাহত
ওদালগুৰিত চাঞ্চল্য! হিন্দু পৰিচয়ৰে মুছলমান যুৱকে পলুৱাই নিলে খ্ৰীষ্টান বোৱাৰীক
বাস্তুশাস্ত্ৰৰ বিধান: পাকঘৰৰ স্লেবত এই ৪টা বস্তু ৰাখিলে ঘৰত পৰে নেতিবাচক প্ৰভাৱ
ইণ্ডিয়ান ফিল্ম ফেষ্টিভেল-মেলবর্নলৈ ‘ডিয়েৰ আৱা’; গুৰুত্বপূৰ্ণ চৰিত্ৰত মন্ত্ৰী অতুল বৰা
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু