--°C
Loading...
Listen to Article
2 min read
80%

ডিজিটেল ডেস্ক : হঠাৎ যেন ছন্দপতন জীৱনৰ। আকস্মিকভাৱে হেৰুৱাবলগীয়া হ’ল চলচ্চিত্ৰ নিৰ্মাতা স্বামী ৰাজ কৌশলক। জুন মাহত আকস্মিকভাৱে স্বামীক হেৰুওৱাৰ পাছত ছন্দ হেৰুৱাইছিল জীৱনে। কিন্তু এতিয়া তেওঁ পুনৰ বিচাৰি লৈছে জীয়াই থকাৰ অৱলম্বন। জীৱনী শক্তিৰ আধাৰ বিচাৰি লৈছে অভিনেত্ৰী মন্দিৰা বেদীয়ে। স্বামীক হেৰুওৱাৰ পাছৰ সময়ছোৱাৰ শূন্যতা আৰু শোকৰ পৰিসীমা পাৰ হৈ তেওঁ পুনৰ জীৱন অভিমুখে আৰম্ভ কৰিছে যাত্ৰা। আৰু এইবাৰ তেওঁৰ এই যাত্ৰাৰ অৱলম্বন হৈছে তেওঁৰ দুই সন্তান।


দুই সন্তানৰ ভাল অভিভাৱক হোৱাৰ তাড়নাই পুনৰ শক্তি যোগাইছে তেওঁৰ জীৱন ৰথক। দুই সন্তানকে তেওঁৰ ভাল মানুহ হোৱাৰ যাত্ৰাৰ আটাইতকৈ ডাঙৰ অৱলম্বন আৰু চালিকা শক্তি আখ্যা দিছে মন্দিৰা বেদীয়ে। সংবাদ প্ৰতিষ্ঠান পিটিআইৰ আগত এই মন্তব্য কৰে মন্দিৰা বেদীয়ে। স্বামীক হেৰুওৱাৰ পাছত ১০ বছৰীয়া পুত্ৰ বীৰ আৰু ৫ বছৰীয়া কন্যা ‘তাৰা’ই মন্দিৰাৰ পৃথিৱীৰ পৰিসীমা নিৰ্ধাৰণ কৰা বুলি তেওঁ মন্তব্য কৰে। ‘কাম কৰি যোৱাৰ বাবে, নতুন কিবা এটাৰ প্ৰয়াসৰ বাবে, ভাল কিবা কৰাৰ বাবে মোৰ আটাইতকৈ ডাঙৰ অনুপ্ৰেৰণা হৈছে মোৰ দুই সন্তান।

মই যিয়েই নকৰোঁ তেওঁলোকৰ কাৰেণেই কৰোঁ। তেওঁলোকেই মোৰ আগুৱাই যোৱাৰ সম্বল, মোৰ জীয়াই থকাৰ কাৰণ, ভাল কৰাৰ, ভাল হোৱাৰ তেওঁলোকেই কাৰণ। মোৰ সাহস, মোৰ শক্তি, কাম কৰাৰ মোৰা তাড়নাৰ সকলোৰে আৱহ উৎস হৈছে তেওঁলোক।’ সংবাদ মাধ্যমৰ আগত বেদীয়ে কয়। ছবি, টেলিভিচন জগতৰ এগৰাকী তাৰকা হোৱাৰ লগতে ফিটনেছ আইকন হিচাপেও তেওঁৰ আছে অনন্য পৰিচয়। ‘দিলৱালে দুলহানীয়ে লে জায়েংগে’, ‘দছ কাহানীয়া’ ‘শক্তি’, ‘ক্যুকী ছাছ ভী কভী বহু থী’, ‘২৪’ আদিৰ দৰে ছবি তথা টেলিভিচন ধাৰাবাহিকৰ জৰিয়তে নিজৰ সুকীয়া পৰিচয় গঢ়িছে মন্দিৰা বেদীয়ে।

২০০৩ আৰু ২০০৭ চনত তেওঁ আইচিচি ক্ৰিকেট ৱৰ্ল্ড কাপৰো আছিল হোষ্ট। ২০০৪ আৰু ২০০৬ চনত তেওঁ চেম্পিয়নছ ট্ৰফী আৰু আইপিএলৰ দ্বিতীয় ছিজনৰো তেওঁ হোষ্টিং কৰিছিল। নিজৰ উত্থান-পতনভৰা কেৰিয়াৰৰ কথা উল্লেখ কৰি তেওঁ সকলো প্ৰত্যাহ্বান আৰু ব্যৰ্থতাৰ পৰা শিক্ষা গ্ৰহণ কৰি যোৱা বুলিও উল্লেখ কৰে।
উল্লেখ্য যে, শেহতীয়াকৈ তেওঁ ‘ৰ’মেডী নাও’ক ‘দ্য লাভ লাফ লাইভ শ্ব’ৰ তৃতীয় ছিজনলৈ প্ৰত্যাৱৰ্তন কৰিছে। এই চেলিব্ৰিটীৰ সাক্ষাৎকাৰমূলক শ্ব’টোতো মন্দিৰাক দেখা যাব হোষ্টৰ ৰূপত।


FOLLOW US F
POPULAR
FEATURE
TRENDY
৩ নৱেম্বৰত আমেৰিকাৰ মধ্যকালীন নির্বাচন; ২৫% দক্ষিণ এছীয় ভোটাৰে সমর্থন দিব ডেমক্রেট প্রার্থীক
৩% মৰগীয়া বানচ ঘোষণা, কেন্দ্ৰীয় চৰকাৰৰ কৰ্মচাৰীলৈ সু-খবৰ
বদৰপুৰ ৰে’লৱে দলঙত শিলচৰ–গুৱাহাটী এক্সপ্ৰেছৰ ইঞ্জিন লাইনচ্যুত; পাহাৰীয়া অঞ্চলত ৰে’ল সেৱা ব্যাহত
ওদালগুৰিত চাঞ্চল্য! হিন্দু পৰিচয়ৰে মুছলমান যুৱকে পলুৱাই নিলে খ্ৰীষ্টান বোৱাৰীক
বাস্তুশাস্ত্ৰৰ বিধান: পাকঘৰৰ স্লেবত এই ৪টা বস্তু ৰাখিলে ঘৰত পৰে নেতিবাচক প্ৰভাৱ
ইণ্ডিয়ান ফিল্ম ফেষ্টিভেল-মেলবর্নলৈ ‘ডিয়েৰ আৱা’; গুৰুত্বপূৰ্ণ চৰিত্ৰত মন্ত্ৰী অতুল বৰা
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু