--°C
Loading...
Listen to Article
2 min read
80%

ডিজিটেল ডেস্ক : হঠাৎ যেন ছন্দপতন জীৱনৰ। আকস্মিকভাৱে হেৰুৱাবলগীয়া হ’ল চলচ্চিত্ৰ নিৰ্মাতা স্বামী ৰাজ কৌশলক। জুন মাহত আকস্মিকভাৱে স্বামীক হেৰুওৱাৰ পাছত ছন্দ হেৰুৱাইছিল জীৱনে। কিন্তু এতিয়া তেওঁ পুনৰ বিচাৰি লৈছে জীয়াই থকাৰ অৱলম্বন। জীৱনী শক্তিৰ আধাৰ বিচাৰি লৈছে অভিনেত্ৰী মন্দিৰা বেদীয়ে। স্বামীক হেৰুওৱাৰ পাছৰ সময়ছোৱাৰ শূন্যতা আৰু শোকৰ পৰিসীমা পাৰ হৈ তেওঁ পুনৰ জীৱন অভিমুখে আৰম্ভ কৰিছে যাত্ৰা। আৰু এইবাৰ তেওঁৰ এই যাত্ৰাৰ অৱলম্বন হৈছে তেওঁৰ দুই সন্তান।


দুই সন্তানৰ ভাল অভিভাৱক হোৱাৰ তাড়নাই পুনৰ শক্তি যোগাইছে তেওঁৰ জীৱন ৰথক। দুই সন্তানকে তেওঁৰ ভাল মানুহ হোৱাৰ যাত্ৰাৰ আটাইতকৈ ডাঙৰ অৱলম্বন আৰু চালিকা শক্তি আখ্যা দিছে মন্দিৰা বেদীয়ে। সংবাদ প্ৰতিষ্ঠান পিটিআইৰ আগত এই মন্তব্য কৰে মন্দিৰা বেদীয়ে। স্বামীক হেৰুওৱাৰ পাছত ১০ বছৰীয়া পুত্ৰ বীৰ আৰু ৫ বছৰীয়া কন্যা ‘তাৰা’ই মন্দিৰাৰ পৃথিৱীৰ পৰিসীমা নিৰ্ধাৰণ কৰা বুলি তেওঁ মন্তব্য কৰে। ‘কাম কৰি যোৱাৰ বাবে, নতুন কিবা এটাৰ প্ৰয়াসৰ বাবে, ভাল কিবা কৰাৰ বাবে মোৰ আটাইতকৈ ডাঙৰ অনুপ্ৰেৰণা হৈছে মোৰ দুই সন্তান।

মই যিয়েই নকৰোঁ তেওঁলোকৰ কাৰেণেই কৰোঁ। তেওঁলোকেই মোৰ আগুৱাই যোৱাৰ সম্বল, মোৰ জীয়াই থকাৰ কাৰণ, ভাল কৰাৰ, ভাল হোৱাৰ তেওঁলোকেই কাৰণ। মোৰ সাহস, মোৰ শক্তি, কাম কৰাৰ মোৰা তাড়নাৰ সকলোৰে আৱহ উৎস হৈছে তেওঁলোক।’ সংবাদ মাধ্যমৰ আগত বেদীয়ে কয়। ছবি, টেলিভিচন জগতৰ এগৰাকী তাৰকা হোৱাৰ লগতে ফিটনেছ আইকন হিচাপেও তেওঁৰ আছে অনন্য পৰিচয়। ‘দিলৱালে দুলহানীয়ে লে জায়েংগে’, ‘দছ কাহানীয়া’ ‘শক্তি’, ‘ক্যুকী ছাছ ভী কভী বহু থী’, ‘২৪’ আদিৰ দৰে ছবি তথা টেলিভিচন ধাৰাবাহিকৰ জৰিয়তে নিজৰ সুকীয়া পৰিচয় গঢ়িছে মন্দিৰা বেদীয়ে।

২০০৩ আৰু ২০০৭ চনত তেওঁ আইচিচি ক্ৰিকেট ৱৰ্ল্ড কাপৰো আছিল হোষ্ট। ২০০৪ আৰু ২০০৬ চনত তেওঁ চেম্পিয়নছ ট্ৰফী আৰু আইপিএলৰ দ্বিতীয় ছিজনৰো তেওঁ হোষ্টিং কৰিছিল। নিজৰ উত্থান-পতনভৰা কেৰিয়াৰৰ কথা উল্লেখ কৰি তেওঁ সকলো প্ৰত্যাহ্বান আৰু ব্যৰ্থতাৰ পৰা শিক্ষা গ্ৰহণ কৰি যোৱা বুলিও উল্লেখ কৰে।
উল্লেখ্য যে, শেহতীয়াকৈ তেওঁ ‘ৰ’মেডী নাও’ক ‘দ্য লাভ লাফ লাইভ শ্ব’ৰ তৃতীয় ছিজনলৈ প্ৰত্যাৱৰ্তন কৰিছে। এই চেলিব্ৰিটীৰ সাক্ষাৎকাৰমূলক শ্ব’টোতো মন্দিৰাক দেখা যাব হোষ্টৰ ৰূপত।


FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ