--°C
Loading...
Listen to Article
2 min read
80%

ডিজিটেল ডেস্কঃ গুৰমিট ৰাম ৰহিমক মনত আছেনে? এসময়ত এইজন স্বয়ম্ভূ 'ভগৱান'ৰ লীলাই সকলোৰে চকু কপালত তুলিছিল। তেওঁৰ আছিল অগণন ভক্তও। ঢেৰা সচ্ছা ছৌডা নামৰ সংস্থাটোৰ মুৰব্বী ৰাম ৰহিমৰ আগে-পিছে শাৰী-পাতি ভক্তগণে পূজা-অৰ্চনা কৰিছিল। তেওঁৰ অৱতাৰী মহিমাৰ কথা বৰ্ণাই নিৰ্মাণ হৈছিল চলচ্চিত্ৰও। কিন্তু সেই স্বয়ম্ভূ ভগৱান ৰাম ৰহিম এতিয়া কাৰাগাৰত।

কাৰাগাৰৰ চিৰবেৰৰ মাজতে তেওঁ প্ৰায় ৪ বছৰ কাল অতিবাহিত কৰিলে৷ ২০১৭ চনৰ ২৫ আগষ্টত ৰাম ৰহিমক ২০বছৰৰ কাৰাদণ্ড বিহিছিল পঞ্চকুলাৰ চিবিআই আদালতে। দুগৰাকী মহিলাৰ ধৰ্ষণ কাণ্ডত অভিযুক্ত হোৱাৰ লগতে সাংবাদিক ৰামচন্দৰ ছত্ৰপতিৰ হত্যাৰ অপৰাধত দোষী সাব্যস্ত হৈ যাৱজ্জীৱন কাৰাদণ্ডৰে দণ্ডিত হৈছিল ৰাম ৰহিম। বিগত ৪ বছৰ বন্দিত্বৰ জীৱন কটাই আছে স্বয়ম্ভূ ভগৱানজনে।

শুকুৰবাৰে পুনৰ চিবিআইৰ বিশেষ পঞ্চকুলাৰ আদালতে ৰাম ৰহিমক ২০০২ চনত তেওঁৰ অনুগামী তথা ডেৰাৰ প্ৰাক্তন মেনেজাৰ ৰঞ্জিত সিঙক হত্যা কৰাৰ গোচৰত দোষী সাব্যস্ত কৰে। চিবিআইৰ বিশেষ ন্যায়াধীশ সুশীল কুমাৰ গাৰ্গৰ দ্বাৰা এই ৰায় ঘোষণা কৰা হয় আৰু ১২ অক্টোবৰত প্ৰদান কৰা হ’ব শাস্তিৰ ৰায়। চিবিআইৰ বিশেষ আদালতে ভাৰতীয় পেনেল কোডৰ ধাৰা ৩০২ৰ অধীনত ৰাম ৰহিমৰ বিৰুদ্ধে হত্যাৰ গোচৰ পঞ্জীয়ন কৰিছিল।

উল্লেখ্য যে, ২০০২ চনৰ ১০ জুলাইত কুৰুক্ষেত্ৰৰ ৰঞ্জিত সিঙৰ জন্মস্থান খানপুৰ কলিয়ান গাঁৱত চাৰিজন আক্ৰমণকাৰীয়ে ৰঞ্জিত সিঙক গুলীয়াই হত্যা কৰিছিল। ইয়াৰ পাছৰ পৰাই সেই হত্যাকাণ্ডৰ বিচাৰ চলি আছিল৷ অৱশেষত আদালতে এই হত্যাকাণ্ডৰ গোচৰত দোষী সাব্যস্ত কৰিলে বিতৰ্কিত ৰাম ৰহিম আৰু আন চাৰিজন লোকক৷ এতিয়া অপেক্ষা মাথোঁ ১২ অক্টোবৰলৈ… কি শাস্তি দিয়া হ’ব স্বয়ম্ভূ ভগৱানক…!


FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ