--°C
Loading...
Listen to Article
2 min read
80%

ডিজিটেল ডেস্কঃ গুৰমিট ৰাম ৰহিমক মনত আছেনে? এসময়ত এইজন স্বয়ম্ভূ 'ভগৱান'ৰ লীলাই সকলোৰে চকু কপালত তুলিছিল। তেওঁৰ আছিল অগণন ভক্তও। ঢেৰা সচ্ছা ছৌডা নামৰ সংস্থাটোৰ মুৰব্বী ৰাম ৰহিমৰ আগে-পিছে শাৰী-পাতি ভক্তগণে পূজা-অৰ্চনা কৰিছিল। তেওঁৰ অৱতাৰী মহিমাৰ কথা বৰ্ণাই নিৰ্মাণ হৈছিল চলচ্চিত্ৰও। কিন্তু সেই স্বয়ম্ভূ ভগৱান ৰাম ৰহিম এতিয়া কাৰাগাৰত।

কাৰাগাৰৰ চিৰবেৰৰ মাজতে তেওঁ প্ৰায় ৪ বছৰ কাল অতিবাহিত কৰিলে৷ ২০১৭ চনৰ ২৫ আগষ্টত ৰাম ৰহিমক ২০বছৰৰ কাৰাদণ্ড বিহিছিল পঞ্চকুলাৰ চিবিআই আদালতে। দুগৰাকী মহিলাৰ ধৰ্ষণ কাণ্ডত অভিযুক্ত হোৱাৰ লগতে সাংবাদিক ৰামচন্দৰ ছত্ৰপতিৰ হত্যাৰ অপৰাধত দোষী সাব্যস্ত হৈ যাৱজ্জীৱন কাৰাদণ্ডৰে দণ্ডিত হৈছিল ৰাম ৰহিম। বিগত ৪ বছৰ বন্দিত্বৰ জীৱন কটাই আছে স্বয়ম্ভূ ভগৱানজনে।

শুকুৰবাৰে পুনৰ চিবিআইৰ বিশেষ পঞ্চকুলাৰ আদালতে ৰাম ৰহিমক ২০০২ চনত তেওঁৰ অনুগামী তথা ডেৰাৰ প্ৰাক্তন মেনেজাৰ ৰঞ্জিত সিঙক হত্যা কৰাৰ গোচৰত দোষী সাব্যস্ত কৰে। চিবিআইৰ বিশেষ ন্যায়াধীশ সুশীল কুমাৰ গাৰ্গৰ দ্বাৰা এই ৰায় ঘোষণা কৰা হয় আৰু ১২ অক্টোবৰত প্ৰদান কৰা হ’ব শাস্তিৰ ৰায়। চিবিআইৰ বিশেষ আদালতে ভাৰতীয় পেনেল কোডৰ ধাৰা ৩০২ৰ অধীনত ৰাম ৰহিমৰ বিৰুদ্ধে হত্যাৰ গোচৰ পঞ্জীয়ন কৰিছিল।

উল্লেখ্য যে, ২০০২ চনৰ ১০ জুলাইত কুৰুক্ষেত্ৰৰ ৰঞ্জিত সিঙৰ জন্মস্থান খানপুৰ কলিয়ান গাঁৱত চাৰিজন আক্ৰমণকাৰীয়ে ৰঞ্জিত সিঙক গুলীয়াই হত্যা কৰিছিল। ইয়াৰ পাছৰ পৰাই সেই হত্যাকাণ্ডৰ বিচাৰ চলি আছিল৷ অৱশেষত আদালতে এই হত্যাকাণ্ডৰ গোচৰত দোষী সাব্যস্ত কৰিলে বিতৰ্কিত ৰাম ৰহিম আৰু আন চাৰিজন লোকক৷ এতিয়া অপেক্ষা মাথোঁ ১২ অক্টোবৰলৈ… কি শাস্তি দিয়া হ’ব স্বয়ম্ভূ ভগৱানক…!


FOLLOW US F
POPULAR
FEATURE
TRENDY
৩ নৱেম্বৰত আমেৰিকাৰ মধ্যকালীন নির্বাচন; ২৫% দক্ষিণ এছীয় ভোটাৰে সমর্থন দিব ডেমক্রেট প্রার্থীক
৩% মৰগীয়া বানচ ঘোষণা, কেন্দ্ৰীয় চৰকাৰৰ কৰ্মচাৰীলৈ সু-খবৰ
বদৰপুৰ ৰে’লৱে দলঙত শিলচৰ–গুৱাহাটী এক্সপ্ৰেছৰ ইঞ্জিন লাইনচ্যুত; পাহাৰীয়া অঞ্চলত ৰে’ল সেৱা ব্যাহত
ওদালগুৰিত চাঞ্চল্য! হিন্দু পৰিচয়ৰে মুছলমান যুৱকে পলুৱাই নিলে খ্ৰীষ্টান বোৱাৰীক
বাস্তুশাস্ত্ৰৰ বিধান: পাকঘৰৰ স্লেবত এই ৪টা বস্তু ৰাখিলে ঘৰত পৰে নেতিবাচক প্ৰভাৱ
ইণ্ডিয়ান ফিল্ম ফেষ্টিভেল-মেলবর্নলৈ ‘ডিয়েৰ আৱা’; গুৰুত্বপূৰ্ণ চৰিত্ৰত মন্ত্ৰী অতুল বৰা
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু