--°C
Loading...
Listen to Article
2 min read
80%

ডিজিটেল ডেস্ক: চৰকাৰৰ বিৰুদ্ধে অভিযোগ তুলি কাৰাগাৰত সোমাল শতাধিক সাংবাদিক৷ কেৱল সাংবাদিকক কাৰাৰুদ্ধ কৰিবৰ বাবে তৈয়াৰ কৰিছে কাৰাগাৰো৷ চৰকাৰৰ বিৰুদ্ধে অনা অভিযোগৰ ভিত্তিতে গণতন্ত্ৰৰ চতুৰ্থ স্তম্ভক ৰুদ্ধ কৰিবৰ বাবে এই প্ৰচেষ্টা চীন চৰকাৰৰ৷ চীন দেশৰ চৰকাৰে পেছাদাৰী আৰু অপেছাদাৰী ১২৭ গৰাকী সাংবাদিকক বন্দী কৰি ৰাখিছে কাৰাগাৰত৷ জানিব পৰা মতে দেশখনৰ চৰকাৰে বিশ্বৰ ভিতৰত সৰ্ববৃহৎ কাৰাগাৰ কেৱল সাংবাদিকক বন্দী ৰাখিবৰ বাবেই তৈয়াৰ কৰিছে৷

সাংবাদিকৰ প্ৰতিবাদী কণ্ঠ ৰোধ কৰিবৰ বাবে চৰকাৰখনে চলোৱা এই চেষ্টাক বহুতে গৰিহনা প্ৰকাশ কৰিছে৷ দেশখনৰ জি জিনপিং চৰকাৰৰ বিৰুদ্ধে উত্থাপিত কৰা অভিযোগৰ পাছতে সাংবাদিকক কাৰাগাৰত বন্দী কৰি ৰাখে৷ দীৰ্ঘদিন ধৰি বন্দী হৈ থকা সাংবাদিকসকলক মুকলি কৰাৰ কোনো ব্যৱস্থাও লোৱা নাই বৰ্তমানলৈকে৷ এই সাংবাদিকসকলৰ সৰহসংখ্যকে ইণ্টাৰনেট আৰু ব্লগৰ জৰিয়তে চীনৰ লগতে কমিউনিষ্ট চৰকাৰ বিৰুদ্ধে বহু বাতৰি প্ৰচাৰ কৰিছিল৷

চৰকাৰ বিৰোধী স্থিতি গ্ৰহণ কৰাৰ হেতুকে শাসকীয় চৰকাৰখনে কাৰাবন্দী কৰে ১২৭জনকৈ সাংবাদিকক৷ জিনপিঙৰ শাসন তথা চৰকাৰৰ বহু নীতি-বিৰোধী গুৰুত্বপূৰ্ণ তথ্য প্ৰচাৰ কৰাৰ অপৰাধতে কাৰাবন্দিত্বৰ জীৱন কটোৱা সাংবাদিকৰ ভিতৰত ৭১জন উইঘূৰ সম্প্ৰদায়ৰ সাংবাদিকো আছে৷ চীনৰ সংখ্যালঘু এই উইঘূৰ সম্প্ৰদায়ৰ সাংবাদিকসকলে জিনপিং চৰকাৰে চলোৱা নানা নিৰ্যাতন অত্যাচাৰৰ বিৰুদ্ধে ধাৰাবাহিকভাৱে প্ৰচাৰ কৰি আহিছিল৷

ইয়াৰ উপৰি মহামাৰী কৰ’নাৰ সংক্ৰমণৰ তথ্য প্ৰকাশ কৰাৰ অভিযোগতো গ্ৰেপ্তাৰ হৈছিল সাংবাদিক৷ ভাইৰাছৰ সংক্ৰমণৰ প্ৰকৃত তথ্য ফাদিল হোৱাৰ পাছতো মহিলা সাংবাদিকসহ কেইবাজনো কাৰাবন্দী কৰি ৰাখিছে দেশখনৰ চৰকাৰ প্ৰশাসনে৷


FOLLOW US F
POPULAR
FEATURE
TRENDY
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
‘ইন্নোডাটা’ই ভাৰতত ছাটাই কৰিলে ৫৫০ কৰ্মচাৰীক, ২৫০গৰাকীক অব্যাহতি দিলে এমাজনে
আজি বাক্সা জিলাৰ ২৩ সংখ্যক প্ৰতিষ্ঠা দিৱস; সমগ্ৰ জিলাখনতে উৎসৱমুখৰ পৰিৱেশ
বকোৰ দখলাইত মাতৃ-পুত্ৰ নিৰুদ্দেশ; শোকত ভাগি পৰিছে পৰিয়াল
ইলাচী: সুগন্ধৰ লগতে স্বাস্থ্যৰো অমূল্য ভঁৰাল
৩ নৱেম্বৰত আমেৰিকাৰ মধ্যকালীন নির্বাচন; ২৫% দক্ষিণ এছীয় ভোটাৰে সমর্থন দিব ডেমক্রেট প্রার্থীক
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু