--°C
Loading...
Listen to Article
2 min read
80%

ডিজিটেল ডেস্ক: চৰকাৰৰ বিৰুদ্ধে অভিযোগ তুলি কাৰাগাৰত সোমাল শতাধিক সাংবাদিক৷ কেৱল সাংবাদিকক কাৰাৰুদ্ধ কৰিবৰ বাবে তৈয়াৰ কৰিছে কাৰাগাৰো৷ চৰকাৰৰ বিৰুদ্ধে অনা অভিযোগৰ ভিত্তিতে গণতন্ত্ৰৰ চতুৰ্থ স্তম্ভক ৰুদ্ধ কৰিবৰ বাবে এই প্ৰচেষ্টা চীন চৰকাৰৰ৷ চীন দেশৰ চৰকাৰে পেছাদাৰী আৰু অপেছাদাৰী ১২৭ গৰাকী সাংবাদিকক বন্দী কৰি ৰাখিছে কাৰাগাৰত৷ জানিব পৰা মতে দেশখনৰ চৰকাৰে বিশ্বৰ ভিতৰত সৰ্ববৃহৎ কাৰাগাৰ কেৱল সাংবাদিকক বন্দী ৰাখিবৰ বাবেই তৈয়াৰ কৰিছে৷

সাংবাদিকৰ প্ৰতিবাদী কণ্ঠ ৰোধ কৰিবৰ বাবে চৰকাৰখনে চলোৱা এই চেষ্টাক বহুতে গৰিহনা প্ৰকাশ কৰিছে৷ দেশখনৰ জি জিনপিং চৰকাৰৰ বিৰুদ্ধে উত্থাপিত কৰা অভিযোগৰ পাছতে সাংবাদিকক কাৰাগাৰত বন্দী কৰি ৰাখে৷ দীৰ্ঘদিন ধৰি বন্দী হৈ থকা সাংবাদিকসকলক মুকলি কৰাৰ কোনো ব্যৱস্থাও লোৱা নাই বৰ্তমানলৈকে৷ এই সাংবাদিকসকলৰ সৰহসংখ্যকে ইণ্টাৰনেট আৰু ব্লগৰ জৰিয়তে চীনৰ লগতে কমিউনিষ্ট চৰকাৰ বিৰুদ্ধে বহু বাতৰি প্ৰচাৰ কৰিছিল৷

চৰকাৰ বিৰোধী স্থিতি গ্ৰহণ কৰাৰ হেতুকে শাসকীয় চৰকাৰখনে কাৰাবন্দী কৰে ১২৭জনকৈ সাংবাদিকক৷ জিনপিঙৰ শাসন তথা চৰকাৰৰ বহু নীতি-বিৰোধী গুৰুত্বপূৰ্ণ তথ্য প্ৰচাৰ কৰাৰ অপৰাধতে কাৰাবন্দিত্বৰ জীৱন কটোৱা সাংবাদিকৰ ভিতৰত ৭১জন উইঘূৰ সম্প্ৰদায়ৰ সাংবাদিকো আছে৷ চীনৰ সংখ্যালঘু এই উইঘূৰ সম্প্ৰদায়ৰ সাংবাদিকসকলে জিনপিং চৰকাৰে চলোৱা নানা নিৰ্যাতন অত্যাচাৰৰ বিৰুদ্ধে ধাৰাবাহিকভাৱে প্ৰচাৰ কৰি আহিছিল৷

ইয়াৰ উপৰি মহামাৰী কৰ’নাৰ সংক্ৰমণৰ তথ্য প্ৰকাশ কৰাৰ অভিযোগতো গ্ৰেপ্তাৰ হৈছিল সাংবাদিক৷ ভাইৰাছৰ সংক্ৰমণৰ প্ৰকৃত তথ্য ফাদিল হোৱাৰ পাছতো মহিলা সাংবাদিকসহ কেইবাজনো কাৰাবন্দী কৰি ৰাখিছে দেশখনৰ চৰকাৰ প্ৰশাসনে৷


FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ