--°C
Loading...
Listen to Article
2 min read
80%

ডিজিটেল ডেস্ক : ধপাত স্বাস্থ্যৰ পক্ষে হানিকাৰক৷ এই কথাষাৰ সকলোৰে দ্বাৰা অভিজ্ঞ৷ কিন্তু মানিবলৈ যেন সকলোৱে টানহে পায়৷ দিনক দিনে ধপাতৰ প্ৰতি আসক্তি বৃদ্ধি পাৱলৈ ধৰিছে৷ যাৰ বাবে এক সূদূৰ প্ৰসাৰি পৰিকল্পনা হাতত লৈছে নিউজিলেণ্ড চৰকাৰে৷ নিউজিলেণ্ড চৰকাৰে ৰাষ্ট্ৰৰ ভৱিষ্যত প্ৰজন্মৰ বাবে চিগাৰেট বিক্ৰী নিষিদ্ধ কৰিব বিচাৰিছে। এক গুৰুত্বপূৰ্ণ দৃষ্টিভংগীৰে, চৰকাৰে ২০২৫ চনৰ ভিতৰত ধূমপানৰ সেৱনৰ হাৰ ৫শতাংশলৈ হ্ৰাস কৰাৰ পৰিকল্পনা হাতত লৈছে৷

শেহতীয়া আইনখনে নিৰ্ধাৰণ কৰিছে যে, ১৪ বছৰ বা তাতকৈ কম বয়সৰ কিশোৰ কিশোৰীয়ে ধপাত ক্ৰয় কৰাটো নিষিদ্ধ কৰা হ'ব। আইনী ধূমপান নিষিদ্ধৰ বয়স প্ৰতি বছৰে বৃদ্ধি কৰা হ'ব। দেশখন সম্পূৰ্ণৰূপে ধোঁৱামুক্ত কৰিবলৈ প্ৰতি বছৰে নিষেধাজ্ঞাৰ তালিকাত এক নতুন বয়সৰ গোট যোগ দিয়া হ'ব।
শেহতীয়া আইনখন ৯ ডিচেম্বৰত ঘোষিত হৈছিল। নিউজিলেণ্ডৰ সহযোগী স্বাস্থ্য মন্ত্ৰী আয়েশা ভেৰালে এই আইন ঘোষণা কৰি কৈছিল যে, 'আমাৰ লোকসকলৰ স্বাস্থ্যৰ বাবে এক ঐতিহাসিক দিন' ৷

'যুৱ প্ৰজন্মক ধুমপানৰ পৰা দূৰৈত ৰাখিবলৈ আমি প্ৰতিজ্ঞাবদ্ধ৷ আইন কাৰ্যকৰী হ'লে ১৪ বছৰ বয়সৰ লোকসকলে কেতিয়াও আইনীভাৱে ধপাত ক্ৰয় কৰিব নোৱাৰিব,'- এই বুলিও ডাঃ ভেৰালে অবিহিত কৰে। লগতে তেওঁ কয় যে, 'যদিও ধূমপানৰ লোকৰ হাৰ অধিক হাৰত আগবাঢ়িছে, আমি আমাৰ লক্ষ্য প্ৰাপ্ত কৰিবলৈ আৰু অধিক, দ্ৰুততাৰে চেষ্টা কৰা উচিত। আৰু দেশখন অতি সোনকালে ধোৱামুক্ত দেশ হিচাপে গঢ়িবলৈ আমি প্ৰতিজ্ঞাবদ্ধ৷


FOLLOW US F
POPULAR
FEATURE
TRENDY
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
‘ইন্নোডাটা’ই ভাৰতত ছাটাই কৰিলে ৫৫০ কৰ্মচাৰীক, ২৫০গৰাকীক অব্যাহতি দিলে এমাজনে
আজি বাক্সা জিলাৰ ২৩ সংখ্যক প্ৰতিষ্ঠা দিৱস; সমগ্ৰ জিলাখনতে উৎসৱমুখৰ পৰিৱেশ
বকোৰ দখলাইত মাতৃ-পুত্ৰ নিৰুদ্দেশ; শোকত ভাগি পৰিছে পৰিয়াল
ইলাচী: সুগন্ধৰ লগতে স্বাস্থ্যৰো অমূল্য ভঁৰাল
৩ নৱেম্বৰত আমেৰিকাৰ মধ্যকালীন নির্বাচন; ২৫% দক্ষিণ এছীয় ভোটাৰে সমর্থন দিব ডেমক্রেট প্রার্থীক
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু