--°C
Loading...
Listen to Article
2 min read
80%

ডিজিটেল ডেস্ক : ধপাত স্বাস্থ্যৰ পক্ষে হানিকাৰক৷ এই কথাষাৰ সকলোৰে দ্বাৰা অভিজ্ঞ৷ কিন্তু মানিবলৈ যেন সকলোৱে টানহে পায়৷ দিনক দিনে ধপাতৰ প্ৰতি আসক্তি বৃদ্ধি পাৱলৈ ধৰিছে৷ যাৰ বাবে এক সূদূৰ প্ৰসাৰি পৰিকল্পনা হাতত লৈছে নিউজিলেণ্ড চৰকাৰে৷ নিউজিলেণ্ড চৰকাৰে ৰাষ্ট্ৰৰ ভৱিষ্যত প্ৰজন্মৰ বাবে চিগাৰেট বিক্ৰী নিষিদ্ধ কৰিব বিচাৰিছে। এক গুৰুত্বপূৰ্ণ দৃষ্টিভংগীৰে, চৰকাৰে ২০২৫ চনৰ ভিতৰত ধূমপানৰ সেৱনৰ হাৰ ৫শতাংশলৈ হ্ৰাস কৰাৰ পৰিকল্পনা হাতত লৈছে৷

শেহতীয়া আইনখনে নিৰ্ধাৰণ কৰিছে যে, ১৪ বছৰ বা তাতকৈ কম বয়সৰ কিশোৰ কিশোৰীয়ে ধপাত ক্ৰয় কৰাটো নিষিদ্ধ কৰা হ'ব। আইনী ধূমপান নিষিদ্ধৰ বয়স প্ৰতি বছৰে বৃদ্ধি কৰা হ'ব। দেশখন সম্পূৰ্ণৰূপে ধোঁৱামুক্ত কৰিবলৈ প্ৰতি বছৰে নিষেধাজ্ঞাৰ তালিকাত এক নতুন বয়সৰ গোট যোগ দিয়া হ'ব।
শেহতীয়া আইনখন ৯ ডিচেম্বৰত ঘোষিত হৈছিল। নিউজিলেণ্ডৰ সহযোগী স্বাস্থ্য মন্ত্ৰী আয়েশা ভেৰালে এই আইন ঘোষণা কৰি কৈছিল যে, 'আমাৰ লোকসকলৰ স্বাস্থ্যৰ বাবে এক ঐতিহাসিক দিন' ৷

'যুৱ প্ৰজন্মক ধুমপানৰ পৰা দূৰৈত ৰাখিবলৈ আমি প্ৰতিজ্ঞাবদ্ধ৷ আইন কাৰ্যকৰী হ'লে ১৪ বছৰ বয়সৰ লোকসকলে কেতিয়াও আইনীভাৱে ধপাত ক্ৰয় কৰিব নোৱাৰিব,'- এই বুলিও ডাঃ ভেৰালে অবিহিত কৰে। লগতে তেওঁ কয় যে, 'যদিও ধূমপানৰ লোকৰ হাৰ অধিক হাৰত আগবাঢ়িছে, আমি আমাৰ লক্ষ্য প্ৰাপ্ত কৰিবলৈ আৰু অধিক, দ্ৰুততাৰে চেষ্টা কৰা উচিত। আৰু দেশখন অতি সোনকালে ধোৱামুক্ত দেশ হিচাপে গঢ়িবলৈ আমি প্ৰতিজ্ঞাবদ্ধ৷


FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ