--°C
Loading...
Listen to Article
2 min read
80%

ডিজিটেল ডেস্ক : কৰ'না প্ৰতিষেধক প্ৰদানক লৈ এতিয়া ব্যস্ত হৈ পৰিছে চৰকাৰ প্ৰশাসন৷ নতুন ভাইৰাছৰ সংক্ৰমণ বৃদ্ধিৰ পূৰ্বেই সকলো লোকেই প্ৰতিষেধক গ্ৰহণ কৰাটো বাধ্যতামূলক কৰিছে প্ৰত্যেক ৰাষ্ট্ৰতে৷ প্ৰতিষেধক গ্ৰহণ নকৰিলে ৰাজহুৱা স্থানত প্ৰৱেশৰ অনুমতি প্ৰদান নকৰাৰ লগতে যিকোনো স্থানত ভ্ৰমণৰো অনুমতি প্ৰদান নকৰে৷ আপুনি গ্ৰহণ কৰা ক'ভিডৰ প্ৰতিষেধকটো কেতিয়া বা কোন সময়ত গ্ৰহণ কৰিলে অধিক ফলপ্ৰসূ হয় সেয়া জনালে গৱেষকে৷ গৱেষণাত দুপৰীয়া সময়ত গ্ৰহণ কৰাটো অধিক ফলপ্ৰসূ হয় বুলি দাবী কৰিছে৷

গৱেষণাত জনোৱা অনুসৰি দুপৰীয়া মানৱ শৰীৰত এন্টিবডীৰ পৰিমান সৰ্বাধিক হয় আৰু সেয়েহে দুপৰীয়া গ্ৰহণ কৰা প্ৰতিষেধক মানৱ শৰীৰত সৰ্বাধিক কাৰ্যকাৰিতা হয়৷ জাৰ্নেল অৱ বায়'লজিকেল ৰিডমত প্ৰকাশিত এক গৱেষণামূলক প্ৰতিবেদনত এই কথা প্ৰকাশ কৰিছে মেছাছুছেটছ জেনেৰেল হাস্পতালৰ সহ গৱেষণাকাৰী এলিজাবেথ ক্লেৰমেনে৷ তেঁও প্ৰকাশ কৰা তথ্য অনুসৰি ২৪ ঘন্টাত মানৱ শৰীৰৰ এন্টিবডী সংখ্যা হ্ৰাস-বৃদ্ধি হৈ থাকে৷ দুপৰীয়াৰ ভাগত এন্টিবডীৰ পৰিমান বৃদ্ধি পায়, যাৰ বাবে এই সময়ছোৱাত প্ৰতিষেধক গ্ৰহণ কৰিলে শৰীৰত অধিক ফলপ্ৰসু হয়৷

ইয়াৰ উপৰি তেখেতে প্ৰতিবেদনত প্ৰকাশ কৰা মতে যিকোনো দৰবৰ কাৰ্যকাৰিতাও এই সময়ছোৱাত বেছিকৈ ফলদায়ক হয়৷ গৱেষণাৰ তথ্য অনুসৰি হাঁওফাঁওৰ ৰোগীৰ ক্ষেত্ৰত প্ৰায়ে দুপৰীয়া এনে ৰোগীৰ সংখ্যা বৃদ্ধি হোৱা দেখা যায়৷ দৰবেও অধিক কাৰ্যকাৰিতা প্ৰদৰ্শন কৰে৷


FOLLOW US F
POPULAR
FEATURE
TRENDY
‘ইন্নোডাটা’ই ভাৰতত ছাটাই কৰিলে ৫৫০ কৰ্মচাৰীক, ২৫০গৰাকীক অব্যাহতি দিলে এমাজনে
আজি বাক্সা জিলাৰ ২৩ সংখ্যক প্ৰতিষ্ঠা দিৱস; সমগ্ৰ জিলাখনতে উৎসৱমুখৰ পৰিৱেশ
বকোৰ দখলাইত মাতৃ-পুত্ৰ নিৰুদ্দেশ; শোকত ভাগি পৰিছে পৰিয়াল
ইলাচী: সুগন্ধৰ লগতে স্বাস্থ্যৰো অমূল্য ভঁৰাল
৩ নৱেম্বৰত আমেৰিকাৰ মধ্যকালীন নির্বাচন; ২৫% দক্ষিণ এছীয় ভোটাৰে সমর্থন দিব ডেমক্রেট প্রার্থীক
৩% মৰগীয়া বানচ ঘোষণা, কেন্দ্ৰীয় চৰকাৰৰ কৰ্মচাৰীলৈ সু-খবৰ
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু