--°C
Loading...
Listen to Article
2 min read
80%

ডিজিটেল ডেস্ক : কৰ'না প্ৰতিষেধক প্ৰদানক লৈ এতিয়া ব্যস্ত হৈ পৰিছে চৰকাৰ প্ৰশাসন৷ নতুন ভাইৰাছৰ সংক্ৰমণ বৃদ্ধিৰ পূৰ্বেই সকলো লোকেই প্ৰতিষেধক গ্ৰহণ কৰাটো বাধ্যতামূলক কৰিছে প্ৰত্যেক ৰাষ্ট্ৰতে৷ প্ৰতিষেধক গ্ৰহণ নকৰিলে ৰাজহুৱা স্থানত প্ৰৱেশৰ অনুমতি প্ৰদান নকৰাৰ লগতে যিকোনো স্থানত ভ্ৰমণৰো অনুমতি প্ৰদান নকৰে৷ আপুনি গ্ৰহণ কৰা ক'ভিডৰ প্ৰতিষেধকটো কেতিয়া বা কোন সময়ত গ্ৰহণ কৰিলে অধিক ফলপ্ৰসূ হয় সেয়া জনালে গৱেষকে৷ গৱেষণাত দুপৰীয়া সময়ত গ্ৰহণ কৰাটো অধিক ফলপ্ৰসূ হয় বুলি দাবী কৰিছে৷

গৱেষণাত জনোৱা অনুসৰি দুপৰীয়া মানৱ শৰীৰত এন্টিবডীৰ পৰিমান সৰ্বাধিক হয় আৰু সেয়েহে দুপৰীয়া গ্ৰহণ কৰা প্ৰতিষেধক মানৱ শৰীৰত সৰ্বাধিক কাৰ্যকাৰিতা হয়৷ জাৰ্নেল অৱ বায়'লজিকেল ৰিডমত প্ৰকাশিত এক গৱেষণামূলক প্ৰতিবেদনত এই কথা প্ৰকাশ কৰিছে মেছাছুছেটছ জেনেৰেল হাস্পতালৰ সহ গৱেষণাকাৰী এলিজাবেথ ক্লেৰমেনে৷ তেঁও প্ৰকাশ কৰা তথ্য অনুসৰি ২৪ ঘন্টাত মানৱ শৰীৰৰ এন্টিবডী সংখ্যা হ্ৰাস-বৃদ্ধি হৈ থাকে৷ দুপৰীয়াৰ ভাগত এন্টিবডীৰ পৰিমান বৃদ্ধি পায়, যাৰ বাবে এই সময়ছোৱাত প্ৰতিষেধক গ্ৰহণ কৰিলে শৰীৰত অধিক ফলপ্ৰসু হয়৷

ইয়াৰ উপৰি তেখেতে প্ৰতিবেদনত প্ৰকাশ কৰা মতে যিকোনো দৰবৰ কাৰ্যকাৰিতাও এই সময়ছোৱাত বেছিকৈ ফলদায়ক হয়৷ গৱেষণাৰ তথ্য অনুসৰি হাঁওফাঁওৰ ৰোগীৰ ক্ষেত্ৰত প্ৰায়ে দুপৰীয়া এনে ৰোগীৰ সংখ্যা বৃদ্ধি হোৱা দেখা যায়৷ দৰবেও অধিক কাৰ্যকাৰিতা প্ৰদৰ্শন কৰে৷


FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ