--°C
Loading...
Advertisement
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক:আছানছোলৰ এখন বিশেষ চিবিআই আদালতে চৰকাৰী কয়লা খনন কোম্পানী ক’লফিল্ডছ লিমিটেড (ইচিএল)ৰ ৮গৰাকী প্ৰাক্তন আৰু বৰ্তমানৰ কাৰ্যবাহী আৰু কৰ্মচাৰীক ১৪ দিনৰ কাৰাদণ্ডৰ নিৰ্দেশ দিছে। কেন্দ্ৰীয় তদন্তকাৰী সংস্থাৰ অধিবক্তাই আদালতত দাবী কৰে যে তেওঁলোকে বিভিন্ন সংকেতৰ জৰিয়তে কয়লা চোৰাং ধনৰ ব্যৱসায় কৰিছিল। ব্যৱসায়টো কেনেকৈ চলাইছিল সেই সন্দৰ্ভত বা সেই সম্পৰ্কীয় কিছু তথ্য ইতিমধ্যে তদন্তকাৰীৰ হাতত আহিছে। চিবিআইৰ অধিবক্তাগৰাকীয়ে লগতে জানিবলৈ দিয়ে যে ধৃত আঠজন বিষয়া-কৰ্মীক পৰবৰ্তী সময়ত জেলত সোধা-পোছা কৰি তদন্ত সম্পূৰ্ণ কৰা হ’ব।

ঘটনাৰ স্থান কলকাতা‌।কয়লা চোৰাং কাণ্ডত জড়িত থকাৰ বাবে চিবিআইয়ে প্ৰথমে ইচিএলৰ ৮জন বিষয়াক গ্ৰেপ্তাৰ কৰে। ৫ দিন ধৰি চি বি আইৰ জিম্মাত আছিল আৰু যোৱা শনিবাৰে ইচিএলৰ আন এগৰাকী প্ৰাক্তন জেনেৰেল মেনেজাৰক গ্ৰেপ্তাৰ কৰা হৈছিল। সোমবাৰে কলকাতাৰ নিজাম পেলেচৰ পৰা পাঁচখন বাহনেৰে আছানছোললৈ অনা হৈছিল ৮জন বিষয়া-কৰ্মীক আৰু সেই একে দিনাই ১২ বজাৰ ভিতৰত তেওঁলোকক আদালতত হাজিৰ কৰা হৈছিল।

চিবিআইৰ অধিবক্তাই আদালতত দাবী কৰে যে ইচিএলৰ ৮জন বিষয়াক জেৰা কৰি এতিয়ালৈকে প্ৰায় ১০ কোটি টকাৰ সম্পত্তিৰ অৱস্থান উদ্ধাৰ কৰা হৈছে। কেৱল সেয়াই নহয়, ইচিএলৰ সেই বিষয়াসকলে ভাউচাৰৰ জৰিয়তে ধনৰ লেনদেনৰ সময়ত বিভিন্ন প্ৰতীকি চিহ্ন ব্যৱহাৰ কৰিছিল। চিবিআইয়ে আৰু দাবী কৰে যে গ্ৰেপ্তাৰৰ পাছত কয়লা চোৰাং কাণ্ডৰ মূল অভিযুক্ত অনুপ মাঝি ওৰফে লালাৰ পৰা উদ্ধাৰ কৰা ডায়েৰী আৰু ভাউচাৰ নথি-পত্ৰসমূহ ধৃত ইচিএল বিষয়াসকলৰ কাৰ্যালয়ৰ পৰা উদ্ধাৰ কৰা ভাউচাৰৰ সৈতে একে। কিন্তু এই টোকেন বা ভাউচাৰ ব্যৱহাৰ কৰি ধনৰ লেনদেনৰ তদন্ত এতিয়াও সম্পূৰ্ণ হোৱা নাই যাৰ ফলস্বৰূপে ইয়াক সঠিকভাৱে সম্পূৰ্ণ কৰিবলৈ চিবিআইয়ে আটক কৰা লোকসকলক জেল জিম্মাত ৰখাৰ বাবে আবেদন জনায়।

আনহাতে, অভিযুক্তৰ অধিবক্তা আশিষ মুখাৰ্জী আৰু আশিষ কুমাৰে আদালতত দাবী কৰিছিল যে তেওঁলোকৰ ক্লায়েণ্টসকলে ৰাজ্য চৰকাৰৰ বিভিন্ন বিভাগলৈ পত্ৰ লিখি অবৈধ কয়লা খনন বন্ধ কৰিবলৈ দিছে। এই ক্ষেত্ৰত এটা টাস্ক ফ’ৰ্চো গঠন কৰা হৈছিল। ইচিএলৰ নিৰাপত্তা বিষয়া ৰাজা পালাক অবৈধ কয়লা খনন ৰোধ কৰাৰ দায়িত্ব অৰ্পণ কৰা হৈছিল। টাস্ক ফ’ৰ্চে প্ৰকৃততে কি কৰিছিল সেয়া স্পষ্ট কৰাটো গুৰুত্বপূৰ্ণ। চিবিআইয়েও ইয়াৰ কোনো নিৰ্দিষ্ট প্ৰমাণ বৰ্তমান পৰ্যন্ত দিব নোৱাৰিলে।

সকলো পক্ষৰ বক্তব্য শুনি চিবিআইৰ বিশেষ আদালতৰ ন্যায়াধীশ ৰাজেশ চক্ৰৱৰ্তীয়ে ইচিএলৰ ৮জন বিষয়া-কৰ্মীক কাৰাগাৰলৈ যাবলৈ নিৰ্দেশ দিয়ে।
FOLLOW US F
POPULAR
FEATURE
TRENDY
এটা সময় আহিব ভাৰতীয়ই ইংৰাজী ক'বলৈ লাজ পাব : অমিত শ্বাহ
আজিৰে পৰা আৰম্ভ অম্বুবাচী মেলা
অম্বুবাচী মহাযোগক লৈ যান-বাহন আৰক্ষীৰ বিশেষ নিৰ্দেশনা
পেৰিছ ডায়মণ্ড লীগৰ শীৰ্ষ স্থানত নীৰজ চোপ্ৰা
আটছা'ৰ অনুষ্ঠানত শিক্ষা বিভাগক তুলা-ধুনা সাংসদ কামাখ্যা তাছাৰ
টী বেগ ব্যৱহাৰে আপোনাৰ জীৱনলৈ আনিব পাৰে ভয়ংকৰ বিপদ
গুৱাহাটীত অনুষ্ঠিত হ'ব ৫খন খেল
বিয়াৰ ৰভাতলীৰ পৰা চৈধ্য বছৰীয়া কিশোৰীক উদ্ধাৰ আৰক্ষীৰ
চাইপ্ৰাছৰ সৰ্বোচ্চ অসামৰিক সন্মান প্রদান প্রধানমন্ত্রী মোদীক
ইণ্ডিয়ান ইণ্ডিপেণ্ডেন্ট ফিল্ম ফেষ্টিভেলত 'অনসুনী চীখে'লৈ শ্রেষ্ঠ চুটি ছবিৰ বঁটা
ৰাজ্যত হ’ব ধাৰাসাৰ বৰষুণ! ২২খনকৈ জিলাত বতৰ বিজ্ঞান বিভাগৰ সতৰ্কবাণী জাৰি
মহানগৰীৰ বেলতলাত 'নেৰিম'ৰ ছাত্ৰৰ ৰহস্যজনক মৃত্যু
অনিয়মিত টোপনিৰ ফলত টাইপ-২ ডায়েবেটিছৰ সম্ভাৱনা বৃদ্ধি পায়
ৱেবকাষ্টিং কৰিব দেশৰ সকলো ভোটকেন্দ্রত