--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ বিপৰ্যয়ৰ গ্ৰাসত বলীউডৰ কুইনখ্যাত কংগনা ৰাণাৱটৰ অভিনয় কেৰিয়াৰ৷চৰকাৰৰ কাষ চাপিও কংগনাৰ ইখনৰ পাছত সিখন  চলচ্চিত্ৰ ফ্লপ হিচাপে চিহ্নিত হৈছে৷সামাজিক মাধ্যমত চৰকাৰৰ পৰোক্ষ মুখপাত্ৰ বুলি বহুসময়ত অভিযোগ থকা কংগনাই বক্স অফিচত মুখঠেকেচা খাইছে৷

কালি অৰ্থাৎ ২০২৩ চনৰ ২৭ অক্টোবৰ শুকুৰবাৰে ছবিগৃহত মুক্তি পালে কংগনা ৰাণাৱটৰ অভিনীত ছবি ‘তেজছ’। কংগনাৰ এই ছবিখনে সমালোচক আৰু দৰ্শকৰ পৰা মিশ্ৰিত সমালোচনা লাভ কৰিছে। ছবিখনত কংগনাই আইএএফৰ যুঁজাৰু বিমানৰ পাইলটৰ চৰিত্ৰত অভিনয় কৰিছে। এই ছবিখনৰ পৰা কংগনাৰ বহু আশা আছিল যদিও ‘তেজছ’ ছবিখনে প্ৰথম দিনাই বক্স অফিচত ফ্লপ প্ৰমাণিত হয়।

কংগনা ৰাণাৱটৰ ছবি ‘তেজছ’ৰ ট্ৰেইলাৰে খুব ভাল সঁহাৰি লাভ কৰিছিল যদিও মুকলিৰ পাছত বাণিজ্যিক সফলতা লাভ কৰাত ব্যৰ্থ কৰে।এই ছবিখন ছবিগৃহত মুক্তি হোৱাৰ লগে লগে দৰ্শকে কোনো ধৰণৰ প্ৰশংসা কৰাৰ পৰা দূৰত অৱস্থান কৰে। 

∝ মুক্তিৰ প্ৰথম দিনাই ‘তেজছ’এ ১.২৫ কোটি টকা সংগ্ৰহ কৰে৷
∝Sacknilk ৰ আৰম্ভণিৰ প্ৰতিবেদন অনুসৰি মুক্তিৰ দ্বিতীয় দিনা তেজছে ১.৫০ কোটি টকা সংগ্ৰহ কৰিব৷যদিও এইসমূহ আনুমানিক পৰিসংখ্যা, তথাপিও চৰকাৰী সংখ্যা অহাৰ পাছত সামান্য পৰিৱৰ্তন হ’ব পাৰে।

অৱশ্যে কংগনাৰ অনুৰাগীসকলৰ মতে সম্প্ৰতি বহু ছবি ছবিগৃহত উপলব্ধ। ফুকৰে ৩ৰ পৰা গণপটলৈকে ছবিগৃহত চলি আছে৷ইপিনে মুক্তিৰ ৫০ দিনৰ পাছতো বক্স অফিচত ধন উপাৰ্জন কৰি আছে শ্বাহৰুখ খানৰ জৱানে। ইমানবোৰ ছবিৰ ভিৰৰ মাজত যেন কংগনাৰ তেজছৰ বাবে বৰ্তমান ধন উপাৰ্জন কৰাটো যথেষ্ট প্ৰত্যাহ্বানজনক।অৰ্থাৎ বহু চলচ্চিত্ৰ সমালোচকৰ বাবে এয়া হ’ব পাৰে কংগনাৰ অভিনয় কেৰিয়াৰৰ পৰিসমাপ্তি৷

FOLLOW US F
POPULAR
FEATURE
TRENDY
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক