--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ বিপৰ্যয়ৰ গ্ৰাসত বলীউডৰ কুইনখ্যাত কংগনা ৰাণাৱটৰ অভিনয় কেৰিয়াৰ৷চৰকাৰৰ কাষ চাপিও কংগনাৰ ইখনৰ পাছত সিখন  চলচ্চিত্ৰ ফ্লপ হিচাপে চিহ্নিত হৈছে৷সামাজিক মাধ্যমত চৰকাৰৰ পৰোক্ষ মুখপাত্ৰ বুলি বহুসময়ত অভিযোগ থকা কংগনাই বক্স অফিচত মুখঠেকেচা খাইছে৷

কালি অৰ্থাৎ ২০২৩ চনৰ ২৭ অক্টোবৰ শুকুৰবাৰে ছবিগৃহত মুক্তি পালে কংগনা ৰাণাৱটৰ অভিনীত ছবি ‘তেজছ’। কংগনাৰ এই ছবিখনে সমালোচক আৰু দৰ্শকৰ পৰা মিশ্ৰিত সমালোচনা লাভ কৰিছে। ছবিখনত কংগনাই আইএএফৰ যুঁজাৰু বিমানৰ পাইলটৰ চৰিত্ৰত অভিনয় কৰিছে। এই ছবিখনৰ পৰা কংগনাৰ বহু আশা আছিল যদিও ‘তেজছ’ ছবিখনে প্ৰথম দিনাই বক্স অফিচত ফ্লপ প্ৰমাণিত হয়।

কংগনা ৰাণাৱটৰ ছবি ‘তেজছ’ৰ ট্ৰেইলাৰে খুব ভাল সঁহাৰি লাভ কৰিছিল যদিও মুকলিৰ পাছত বাণিজ্যিক সফলতা লাভ কৰাত ব্যৰ্থ কৰে।এই ছবিখন ছবিগৃহত মুক্তি হোৱাৰ লগে লগে দৰ্শকে কোনো ধৰণৰ প্ৰশংসা কৰাৰ পৰা দূৰত অৱস্থান কৰে। 

∝ মুক্তিৰ প্ৰথম দিনাই ‘তেজছ’এ ১.২৫ কোটি টকা সংগ্ৰহ কৰে৷
∝Sacknilk ৰ আৰম্ভণিৰ প্ৰতিবেদন অনুসৰি মুক্তিৰ দ্বিতীয় দিনা তেজছে ১.৫০ কোটি টকা সংগ্ৰহ কৰিব৷যদিও এইসমূহ আনুমানিক পৰিসংখ্যা, তথাপিও চৰকাৰী সংখ্যা অহাৰ পাছত সামান্য পৰিৱৰ্তন হ’ব পাৰে।

অৱশ্যে কংগনাৰ অনুৰাগীসকলৰ মতে সম্প্ৰতি বহু ছবি ছবিগৃহত উপলব্ধ। ফুকৰে ৩ৰ পৰা গণপটলৈকে ছবিগৃহত চলি আছে৷ইপিনে মুক্তিৰ ৫০ দিনৰ পাছতো বক্স অফিচত ধন উপাৰ্জন কৰি আছে শ্বাহৰুখ খানৰ জৱানে। ইমানবোৰ ছবিৰ ভিৰৰ মাজত যেন কংগনাৰ তেজছৰ বাবে বৰ্তমান ধন উপাৰ্জন কৰাটো যথেষ্ট প্ৰত্যাহ্বানজনক।অৰ্থাৎ বহু চলচ্চিত্ৰ সমালোচকৰ বাবে এয়া হ’ব পাৰে কংগনাৰ অভিনয় কেৰিয়াৰৰ পৰিসমাপ্তি৷

FOLLOW US F
POPULAR
FEATURE
TRENDY
কৃষকসকল দেশৰ বিকাশৰ যাত্ৰাৰ গুৰুত্বপূৰ্ণ অংশ: প্রধানমন্ত্রী, ৩৫,৪৪০ কোটি টকা ব্যয়সাপেক্ষে কৃষিখণ্ডৰ দুখন নতুন আঁচনি মুকলি
ফিল্মফেয়াৰ এৱাৰ্ডছ ২০২৫ ; সৰ্বাধিক বঁটাৰে বিজয়ী শিখৰত 'লাপাতা লেডিজ'
জুবিন গাৰ্গৰ নামত উছর্গিত হ'ব মাজুলীৰ আগন্তুক ৰাসোৎসৱ, দীপাৱলীত ফটকাৰ পৰিৱৰ্তে চাকিৰে উজলিব নদীদ্বীপ
ৰাজ্যত ৩৮%লৈ বৃদ্ধি পাব মিঞা, পৰৱৰ্তী লোকপিয়ল সন্দৰ্ভত ডিব্ৰুগড়ত মুখ্যমন্ত্ৰীৰ বিস্ফোৰক মন্তব্য
চন্দ্ৰপুৰত বন্যহস্তীৰ সন্ত্ৰাস ;আমচাং অভয়াৰণ্যৰ পৰা নামি অহা হাতীয়ে ভাঙিলে দুখনকৈ ৰিজৰ্ট
বাঁহীবাদক দীপক শর্মালৈ জুবিন গাৰ্গ স্মাৰক বঁটা
৮ অক্টোবৰত ভাৰতলৈ আহিব ব্রিটিছ প্রধানমন্ত্রী ষ্টাৰ্মাৰ
আজি ধনৰ অধিষ্ঠাত্ৰী দেৱী শ্ৰী শ্ৰী লক্ষ্মী পূজা
ডুমডুমাত চোৰৰ উপদ্ৰৱ; আৰক্ষীৰ তৎপৰতাত চুৰি সামগ্ৰীসহ গ্ৰেপ্তাৰ চোৰ
ৰাজ্যজুৰি জুবিন গাৰ্গৰ ৰাজহুৱা আদ্যশ্রাদ্ধ
প্রলয়ংকৰী বান, ভূমিস্খলন, দার্জিলিঙত ২০, নেপালত ৫১জনৰ মৃত্যু
এন জি অ'ৰ নামত বিদেশী পুঁজি সংগ্রহ সন্ত্রাসবাদীৰ, ভাৰতীয় চোৰাংচোৱাৰ প্ৰতিবেদনত পোহৰলৈ আহিছে উদ্বেগজনক তথ্য
ইণ্ডিয়ান বুক অব্ ৰেকৰ্ডছত নাম সন্নিৱিষ্ট নলবাৰীৰ আইনুলৰ, নিজৰ ১১টা কবিতা গামোচাত লিখি লাভ কৰিছে সমাদৰ
সৌৰজগতত নতুন গ্ৰহৰ সন্ধান