--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ ভাৰতৰ জনসংখ্যাৰ আধাতকৈও অধিক লোক গাঁৱত বাস কৰে। গাঁৱত বাস কৰা লোকসকলে জীৱিকাৰ বাবে কৃষি সম্পৰ্কীয় সকলো বৃত্তিৰ ওপৰত নিৰ্ভৰ কৰে। খেতিৰ উপৰিও, পশুপালন তেওঁলোকৰ বাবে এক শক্তিশালী উপাৰ্জন। অৱশ্যে জন্তুৰ চিকিৎসাৰ বাবে, ভাল ব্যৱস্থাৰ অভাৱৰ বাবে পশুপালকসকলে যথেষ্ট কষ্ট পায়।  

মধ্যপ্ৰদেশ চৰকাৰে পশুপালকসকলৰ বাবে এটা ডাঙৰ সিদ্ধান্ত লৈছে৷ এতিয়া জন্তুৰ চিকিৎসাৰ বাবে ৰাস্তাত চলিব এম্বুলেন্স। লগতে এম্বুলেসমূহত আধুনিক সঁজুলিৰ সৈতে কৰ্মচাৰী উপস্থিত থাকিব। 

কোনো পশু অসুস্থ হোৱাৰ খবৰ পালেই গৃহস্থৰ ঘৰত উপস্থিত হ'ব আৰু গৰুবোৰৰ চিকিৎসা কৰিব। ৰাজ্যিক পশুপালন বিভাগৰ প্ৰতি এক লাখ পশুধনৰ বাবে এটা ভ্ৰাম্যমাণ পশু চিকিৎসা গোট পৰিচালনা কৰা হ'ব। 

মধ্য প্ৰদেশত বৰ্তমান ৪.০৬ কোটি পশুধন আছে। মুঠ ৪০৬ টা পশু চিকিৎসা গোটৰ বাবে, পশুপালন বিভাগে চৰকাৰৰ পৰা ৬৪.৯৬ কোটি টকা লাভ কৰিছে। কেন্দ্ৰীয় পশু চিকিৎসালয় আৰু ঔষধালয় স্থাপন আৰু শক্তিশালী কৰাৰ আঁচনিখনত ভাৰত চৰকাৰৰ দ্বাৰা পৰিচালিত পশু চিকিৎসা গোটো অন্তৰ্ভুক্ত আছে। 

জন্তুৰ চিকিৎসাৰ বাবে এম্বুলেন্সবোৰ ৰাস্তাত চলি থকা দেখা যাব। বহুসময়ত সঠিক চিকিৎসা লাভ নকৰা বাবে ৰোগ বা দুৰ্ঘটনাত জন্তুৰ মৃত্যু হয়। কিন্তু এই সিদ্ধান্তই পৰিস্থিতি সলনি কৰিব। জন্তুবোৰে আগৰ তুলনাত উন্নত চিকিৎসা লাভ কৰিব আৰু সিহঁতক স্বাস্থ্যৱান কৰি ৰাখিব।  মধ্যপ্ৰদেশ চৰকাৰৰ এই সিদ্ধান্তক সকলোৱে একমুখে শলাগিছে। 


 




FOLLOW US F
POPULAR
FEATURE
TRENDY
সুস্থ আৰু ফিট হৈ থাকিবলৈ এই ৫বিধ বীজ দৈনিক খাওক
কোকৰাঝাৰ আৰু চিৰাঙৰ নিৰ্বাচনকেন্দ্ৰিক হিংসাৰ ঘটনাক লৈ প্ৰতিক্ৰিয়া বিপিএফৰ সভাপতি হাগ্ৰামা মহিলাৰীৰ
১২ হাজাৰৰো অধিক শিক্ষক পদত ১০ অক্টোবৰত হ'ব নিযুক্তি
নেপালত জুইৰ মাজত উজলি উঠিছে একমাত্র বলেন শ্বাহ
দলগাঁৱত ভূমিকেন্দ্ৰিক সংঘাত; ভয়ংকৰ মাৰপিট! আহত ৫ জন
চাবুৱাত চাহ খেতিয়কৰ তীব্ৰ প্ৰতিবাদ
কেৰালাত মগজু খাই পেলোৱা এমিবাৰ সন্ত্রাস! ৪২জন আক্রান্ত, ৩জন ৰোগীৰ মৃত্যু
বিদ্যালয়ত ঐচ্ছিক বিষয় হ'ব ফুটবল: শিক্ষামন্ত্ৰী ৰণোজ পেগু
দহ লাখ ভাৰতীয়ক খেদিবলৈ অষ্ট্ৰেলিয়াত বিশাল আন্দোলন! ভাৰতীয়সকলক ঘৰৰ পৰা নোলাবলৈ পৰামৰ্শ
বিমানৰ জি পি এছ বিকল; কথমপি প্ৰাণ ৰক্ষা ইউৰোপিয়ান ইউনিয়নৰ অধ্যক্ষা উৰচুলা ভনৰ
২৫ বছৰ ভাৰতীয় দলত খেলাৰ পাছত হঠাৎ অৱসৰৰ ঘোষণা এইগৰাকী খেলুৱৈৰ, লিখিলে আৱেগিক পোষ্ট
দেশৰ সৰ্বসাধাৰণক বৃহৎ সকাহ! GST হ্ৰাসৰ ঐতিহাসিক সিদ্ধান্ত
বিক্রী হ'ব প্রথম প্রধানমন্ত্রী নেহৰুৰ চৰকাৰী বাসভৱন
পঞ্জাৱক দুর্যোগপীড়িত ৰাজ্য হিচাপে ঘোষণা