--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ ভাৰতৰ জনসংখ্যাৰ আধাতকৈও অধিক লোক গাঁৱত বাস কৰে। গাঁৱত বাস কৰা লোকসকলে জীৱিকাৰ বাবে কৃষি সম্পৰ্কীয় সকলো বৃত্তিৰ ওপৰত নিৰ্ভৰ কৰে। খেতিৰ উপৰিও, পশুপালন তেওঁলোকৰ বাবে এক শক্তিশালী উপাৰ্জন। অৱশ্যে জন্তুৰ চিকিৎসাৰ বাবে, ভাল ব্যৱস্থাৰ অভাৱৰ বাবে পশুপালকসকলে যথেষ্ট কষ্ট পায়।  

মধ্যপ্ৰদেশ চৰকাৰে পশুপালকসকলৰ বাবে এটা ডাঙৰ সিদ্ধান্ত লৈছে৷ এতিয়া জন্তুৰ চিকিৎসাৰ বাবে ৰাস্তাত চলিব এম্বুলেন্স। লগতে এম্বুলেসমূহত আধুনিক সঁজুলিৰ সৈতে কৰ্মচাৰী উপস্থিত থাকিব। 

কোনো পশু অসুস্থ হোৱাৰ খবৰ পালেই গৃহস্থৰ ঘৰত উপস্থিত হ'ব আৰু গৰুবোৰৰ চিকিৎসা কৰিব। ৰাজ্যিক পশুপালন বিভাগৰ প্ৰতি এক লাখ পশুধনৰ বাবে এটা ভ্ৰাম্যমাণ পশু চিকিৎসা গোট পৰিচালনা কৰা হ'ব। 

মধ্য প্ৰদেশত বৰ্তমান ৪.০৬ কোটি পশুধন আছে। মুঠ ৪০৬ টা পশু চিকিৎসা গোটৰ বাবে, পশুপালন বিভাগে চৰকাৰৰ পৰা ৬৪.৯৬ কোটি টকা লাভ কৰিছে। কেন্দ্ৰীয় পশু চিকিৎসালয় আৰু ঔষধালয় স্থাপন আৰু শক্তিশালী কৰাৰ আঁচনিখনত ভাৰত চৰকাৰৰ দ্বাৰা পৰিচালিত পশু চিকিৎসা গোটো অন্তৰ্ভুক্ত আছে। 

জন্তুৰ চিকিৎসাৰ বাবে এম্বুলেন্সবোৰ ৰাস্তাত চলি থকা দেখা যাব। বহুসময়ত সঠিক চিকিৎসা লাভ নকৰা বাবে ৰোগ বা দুৰ্ঘটনাত জন্তুৰ মৃত্যু হয়। কিন্তু এই সিদ্ধান্তই পৰিস্থিতি সলনি কৰিব। জন্তুবোৰে আগৰ তুলনাত উন্নত চিকিৎসা লাভ কৰিব আৰু সিহঁতক স্বাস্থ্যৱান কৰি ৰাখিব।  মধ্যপ্ৰদেশ চৰকাৰৰ এই সিদ্ধান্তক সকলোৱে একমুখে শলাগিছে। 


 




FOLLOW US F
POPULAR
FEATURE
TRENDY
আজিৰ পৰা কেন্দ্ৰীয় মন্ত্ৰী পৰিষদৰ দুদিনীয়া চিন্তন বৈঠক
এগৰাকী সংবাদকৰ্মী হিচাপে ঈশ্বৰপুত্ৰক হেৰুওৱাৰ সময়ৰ অভিজ্ঞতা
৫ মাহত চীনলৈ ৯৬০ কোটি ডলাৰৰ সামগ্ৰী প্ৰেৰণ, ব্রিক্‌ছৰ ৪ ৰাষ্ট্ৰলৈ ভাৰতৰ ৰপ্তানি ৩৪%লৈ বৃদ্ধি
পুনৰ বহিঃৰাজ্যত দুৰ্বৃত্তই আক্ৰমণ কৰিলে অসমীয়া যুৱকক; গুৰুতৰভাৱে আহত
২৬ৰ পৰা ৩১ অক্টোবৰলৈ গুৱাহাটীৰ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত আন্তঃৰাষ্ট্ৰীয় সংগীত কর্মশালা
পখিলা খেদা বয়সত মৃত্যুৰ সৈতে যুঁজ পীযুষৰ; সহায় ভিক্ষা বিচাৰি ৰাইজক কাতৰ আহ্বান অসহায় আইতাকৰ
গোসাঁইগাঁৱৰ শ্ৰীৰামপুৰত বৃহৎ পৰিমাণৰ চেগুন কাঠ জব্দ; গ্ৰেপ্তাৰ দুজন
মণি প্লাণ্ট লহপহীয়া কৰি তুলিবলৈ পাকঘৰৰ এই ৩ টা বস্তু ব্যৱহাৰ কৰক
ৰঙিয়াত পুনৰ উৎখাত মানৱ সৰবৰাহকাৰী চক্ৰ; তিনিগৰাকী যুৱকক উদ্ধাৰ
সোণাপুৰৰ জুবিনক্ষেত্ৰত আজিৰে পৰা তিনিদিনীয়া কাৰ্যসূচীৰে জুবিন দিৱস
দক্ষিণ শালমাৰাৰ এখন ঘৰ বজ্ৰপাতত সম্পূৰ্ণৰূপে ভস্মীভূত
লিডুত ডেৰ কোটি টকাৰ ড্ৰাগছ জব্দ; দুজনক গ্ৰেপ্তাৰ
ৰাজ্যজুৰি উলাহ; আজি বিশ্বকর্মা পূজা
ডুমডুমাত নৃশংস হত্যাকাণ্ড; দাৰে ঘপিয়াই পত্নীক হত্যা,কন্যাকো হত্যাৰ চেষ্টা এজন লোকৰ