--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ কেন্দ্ৰীয় গৃহ মন্ত্ৰী অমিত শ্বাহৰ এটা পানীৰ বটলৰ মূল্য ৮৫০ টকা! চকু কপালত উঠিলেও, এয়াই সঁচা। গোৱা ভ্ৰমণৰ সময়ত কেন্দ্ৰীয় গৃহ মন্ত্ৰীৰ বাবে বিশেষ পানীৰ ব্যৱস্থা কৰা হৈছিল।  ৰাজ্যখনৰ কৃষি মন্ত্ৰীয়ে  অমিত শ্বাহৰ বাবে, পানী পানাজীৰ পৰা ১০ কিলোমিটাৰ দূৰত অৱস্থিত এখন গাওঁৰ পৰা আনিব লগা হৈছিল।

গোৱাৰ কৃষি মন্ত্ৰী ৰবি নাইকে শেহতীয়াকৈ অমিত শ্বাহৰ মূল্যৱান পানীৰ বিষয়ে ৰাজহুৱা কৰিছিল আৰু মানুহক চেভ ৱাটাৰ কাৰ্যসূচীৰ বিষয়ে সজাগ কৰিছিল। তেওঁ গোৱাৰ নাগৰিকসকলক বুজাই দিছিল যে যদি পানী অপচয় হয় তেন্তে ভৱিষ্যতে কি সমস্যা হ'ব পাৰে। 

গোৱাৰ কৃষি মন্ত্ৰীয়ে কয়, "যোৱা ফেব্ৰুৱাৰীত যেতিয়া অমিত শ্বাহে বিধানসভা নিৰ্বাচনৰ বাবে প্ৰচাৰ চলাবলৈ গোৱালৈ আহিছিল, তেতিয়া তেওঁ হিমালয়ৰ ব্ৰেণ্ডৰ পানীৰ বটল বিচাৰিছিল। যিটো পানাজীৰ পৰা ১০ কিলোমিটাৰ দূৰত এখন গাঁৱৰ পৰা আনিব লগা হৈছিল। অমিত শ্বাহৰ বাবে ক্ৰয় কৰা মানক পানীৰ মূল্য প্ৰতি বটলত ৮৫০ টকা আছিল। উল্লেখ্য যে, পঞ্চতাৰকা হোটেলত উপলব্ধ পানীৰ বটলটোৰ মূল্যও ১৫০-১৬০ টকা। ''

ইফালে, শেহতীয়াকৈ বংগ ভ্ৰমণৰ সময়ত কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে বিচিচিআইৰ সভাপতি সৌৰভ গাংগুলীৰ ঘৰত নৈশ ভোজনৰ বাবে উপস্থিত হয়। সৌৰভৰ বেহালাৰ ঘৰত অমিত শ্বাহৰ মেনু আছিল চাউল, ৰুটি, লুচি, বেঙেনা ভজা, দাইল মাখানি, আঙুৰ, আলু ডাম, পাচলিৰ কাটলেট, চীজ, দৈ, ৰসগোল্লা, কাজু বৰফি। সামগ্ৰিকভাৱে, বঙালী নিৰামিষ আহাৰ অমিত শ্বাহৰ বাবে আছিল। তেওঁক ফুলেৰে আদৰণি জনোৱা হৈছিল। কেন্দ্ৰীয় গৃহমন্ত্ৰীক আদৰণি জনোৱা সকলৰ ভিতৰত সৌৰভ গংগোপাধ্যায়, ডোনা গংগোপাধ্যায়, মাতৃ নিৰুপা গংগোপাধ্যায়, ককাদেউতা স্নেহাসিছ গংগোপাধ্যায় আছিল।  সৌৰভ গাংগুলীৰ ঘৰত অমিত শ্বাহৰ নৈশভোজে সমগ্ৰ বিষয়টোক লৈ ৰাজ্যৰ ৰাজনৈতিক চক্ৰসমূহত যথেষ্ট আলোড়নৰ সৃষ্টি কৰিছিল।
 

FOLLOW US F
POPULAR
FEATURE
TRENDY
কোকৰাঝাৰ আৰু চিৰাঙৰ নিৰ্বাচনকেন্দ্ৰিক হিংসাৰ ঘটনাক লৈ প্ৰতিক্ৰিয়া বিপিএফৰ সভাপতি হাগ্ৰামা মহিলাৰীৰ
১২ হাজাৰৰো অধিক শিক্ষক পদত ১০ অক্টোবৰত হ'ব নিযুক্তি
নেপালত জুইৰ মাজত উজলি উঠিছে একমাত্র বলেন শ্বাহ
দলগাঁৱত ভূমিকেন্দ্ৰিক সংঘাত; ভয়ংকৰ মাৰপিট! আহত ৫ জন
চাবুৱাত চাহ খেতিয়কৰ তীব্ৰ প্ৰতিবাদ
ওজন হ্ৰাসৰ লগতে জিলিকি থকা ছাল বিচাৰে নেকি? এই ৩ ধৰণেৰে ডালচেনি সেৱন কৰক
দৈনিক মেথিৰ গুটি সেৱন কৰিলে পাব বহু উপকাৰ
কেৰালাত মগজু খাই পেলোৱা এমিবাৰ সন্ত্রাস! ৪২জন আক্রান্ত, ৩জন ৰোগীৰ মৃত্যু
বিদ্যালয়ত ঐচ্ছিক বিষয় হ'ব ফুটবল: শিক্ষামন্ত্ৰী ৰণোজ পেগু
দহ লাখ ভাৰতীয়ক খেদিবলৈ অষ্ট্ৰেলিয়াত বিশাল আন্দোলন! ভাৰতীয়সকলক ঘৰৰ পৰা নোলাবলৈ পৰামৰ্শ
বিমানৰ জি পি এছ বিকল; কথমপি প্ৰাণ ৰক্ষা ইউৰোপিয়ান ইউনিয়নৰ অধ্যক্ষা উৰচুলা ভনৰ
২৫ বছৰ ভাৰতীয় দলত খেলাৰ পাছত হঠাৎ অৱসৰৰ ঘোষণা এইগৰাকী খেলুৱৈৰ, লিখিলে আৱেগিক পোষ্ট
দেশৰ সৰ্বসাধাৰণক বৃহৎ সকাহ! GST হ্ৰাসৰ ঐতিহাসিক সিদ্ধান্ত
বিক্রী হ'ব প্রথম প্রধানমন্ত্রী নেহৰুৰ চৰকাৰী বাসভৱন