--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: শেহতীয়া কৈ কৰ্ম ক্ষেত্ৰৰ মানসিক চাপ বাবে চৰম সিদ্ধন্ত লোৱাৰ কেইবাটাও ঘটনা সংঘটিত হৈ গৈছে৷কোচিৰ ২৬ বছৰীয়া চাৰ্টাৰ্ড একাউণ্টেণ্ট আন্না চেবাষ্টিয়ান অত্যাধিক কৰ্মৰ হেঁচাত মৃত্যু হোৱাৰ পাছতে দেশজুৰি কৰ্মক্ষেত্ৰৰ মানসিক চাপৰ ওপৰত চাৰচা লাভ কৰিছে। অত্যাধিক কৰ্মৰ হেঁচাৰ সৈতে যুঁজি থকা পেছাদাৰী যুৱসকলক সৰৱ হবলৈ আহ্বান জনাই অল ইণ্ডিয়া পেছাদাৰী কংগ্ৰেছে ‘ফৰ আন্না ফৰ অল: ৱৰ্কপ্লেছ ৱেলনেছ’ অভিযান আৰম্ভ কৰিছে৷ এই অভিযানৰ অধীনত এআইপিচিয়ে এটা অনলাইন প্লেটফৰ্ম ‘www.profcongress.in/speakup’ মুকলি কৰিছে৷ 

লোকসভাৰ বিৰোধী দলপতি ৰাহুল গান্ধীয়ে ২১ ছেপ্টেম্বৰত আন্না চেবাষ্টিয়ানৰ অভিভৱকৰ সৈতে হোৱা ভিডিঅ’ কলৰ সময়ত তেওঁলোকক আশ্বাস প্ৰদান কৰি কয় যে কংগ্ৰেছে পেছাদাৰীসকলক প্ৰভাৱিত কৰা বিষয়টো ৰাষ্ট্ৰীয় পৰ্যায়ৰ লগতে আৰু সংসদত উত্থাপন কৰিব।

উল্লেখ যোগ্য যে ‘স্পিক-আপ’ অভিযানৰ অধীনত এআইপিচিয়ে এটা অনলাইন প্লেটফৰ্ম মুকলি কৰিছে য’ত পেছাদাৰীসকলে কৰ্ম পৰিস্থিতি আৰু ঘটনাৱলী সন্দৰ্ভত তেওঁলোকৰ অভিজ্ঞতা প্ৰকাশ কৰিব পাৰে আৰু পৰামৰ্শও আগবঢ়াব পাৰে। এআইপিচিয়ে সদৰি কৰা মতে, যিসকল পেছাদাৰীয়ে নাম প্ৰকাশ নকৰাকৈ থাকিব বিচাৰে তেওঁলোকৰ বাবে সম্পূৰ্ণৰুপে গোপনীয়তা বজাই ৰখা হ’ব। ৰাহুল গান্ধীয়ে এক্সৰ এটা পোষ্টত উল্লেখ কৰে যে সমগ্ৰ ভাৰততে লাখ লাখ পেছাদাৰীয়ে আন্না চেবাষ্টিয়ানৰ দৰে মানসিক চাপৰ সন্মুখীন হৈ আহিছে। এয়া স্পষ্ট হৈ পৰিছে যে এই যৱক সকলক অধকি সগযোগিতাৰ প্ৰযোজন৷ 

পেছাদাৰীসকলৰ বাবে সুস্থ কৰ্ম পৰিৱেশ সৃষ্টিৰ এই পদক্ষেপ সঠিক দিশত এক গুৰুত্বপূৰ্ণ পদক্ষেপ। সকলোকে এই আন্দোলনৰ সৈতে জড়িত কৰোৱাৰ লগতে আল্দোলনটো আগুৱাই নিবলৈ উৎসাহিত কৰিছো। আমি একত্ৰে অৰ্থপূৰ্ণ পৰিৱৰ্তন আনিব পাৰো বুলিও তেওঁ মন্তব্য কৰে।

এআইপিচিৰ অধ্যক্ষ প্ৰবীণ চক্ৰৱৰ্তীয়ে সবিশেষ সদৰি কৰি কয় যে ই এক বহু পৰ্যায়ৰ কাৰ্যসূচী আৰু কৰ্মক্ষেত্ৰৰ অৱস্থা উন্নত কৰাৰ উপায় সন্দৰ্ভত সমগ্ৰ ভাৰতবৰ্ষৰ কাৰ্যালয়সমূহৰ বাবে নিৰ্দেশনাৰ খচৰা প্ৰস্তুত কৰিবলৈ বিশেষজ্ঞ গোট গঠন কৰা হ’ব৷ পেছাদাৰী আৰু তেওঁলোকৰ পৰিয়ালৰ সৈতেও আলোচনা অনুষ্ঠিত কৰা হ’ব।

চূড়ান্ত পদক্ষেপ হিচাপে লোকসভাৰ বিৰোধী দলপতি ৰাহুল গান্ধীয়ে খচৰা নিৰ্দেশনাৰ ওপৰত গঠনমূলক আলোচনা বিচাৰি এই বিষয়টো সংসদত উত্থাপন কৰিব আৰু চৰকাৰক আইন প্ৰণয়ন কৰিবলৈ আহ্বান জনাব বুলি এই বিষয়টো সংসদত উত্থাপন কৰিছে৷

চক্ৰৱৰ্তীয়ে সমস্যাটো ব্যাপক বুলি উল্লেখ কৰি কয় যে এটা কোম্পানীৰ ৩০০০ কৰ্মচাৰীয়ে ইতিমধ্যে পেছাদাৰী কংগ্ৰেছলৈ তেওঁলোকৰ মানসিক চাপৰ বিষয়ে লিখিছে। তেওঁ লগতে স্পষ্ট কৰে যে এই অভিযান সম্পূৰ্ণ অৰাজনৈতিক চৰকাৰৰ বিৰুদ্ধে কোনো বিৰোধী দলৰ অভিযোগ নাছিল আৰু এয়া কোনো বিশেষ কোম্পানী বা প্ৰতিশোধৰো কোনো বিষয় নহয়৷

FOLLOW US F
POPULAR
FEATURE
TRENDY
উৰহীৰ নানা উপকাৰী গুণৰ বিষয়ে আপুনি জানেনে?
শিৱসাগৰত চাঞ্চল্য; স্বামীৰ কামোৰত পত্নীৰ মৃত্যু
বিশ্বৰ ১.৩৫ কোটি শিশুক দিয়া নাই ভেকচিন, ২০২৫ বৰ্ষৰ বাবে বিশ্ব স্বাস্থ্য সংস্থা-ইউনিচেফৰ প্ৰতিবেদনত উদ্বেগজনক তথ্য
গৌৰীপুৰত গো মাংস বিক্ৰী কৰি থকা অৱস্থাত ৪জনক আটক
দুৰ্ধৰ্ষ ডকাইতৰ দল আৰক্ষীৰ জালত; ৩৫ লাখ টকাৰ সামগ্ৰী উদ্ধাৰ
ৰাজবীৰৰ কণ্ঠত মুক্তি পালে এক ব্যতিক্ৰমী নতুন অসমীয়া গীত ‘অনুৰোধ’
চামগুৰিত নৃশংস হত্যাকাণ্ড; স্বামীৰ আক্ৰমণত প্ৰাণ গ’ল পত্নীৰ, সংকটজনক অৱস্থাত চিকিৎসাধীন মাতৃ
লখিমপুৰত জালনোট চক্ৰৰ বিৰুদ্ধে অভিযান; এনকাউণ্টাৰত আহত ২, মাষ্টাৰমাইণ্ডসহ ১৩ জনক গ্ৰেপ্তাৰ
১৫৮ বছৰ পাছত অৰুণাচলত পোৱা গ’ল হিমালয়ান ফুলৰ সন্ধান
প্রবল বৰষুণ, বান, ভূমিস্খলনত বিধ্বস্ত দিল্লীসহ ৯ ৰাজ্য
বিজেপিৰ কর্মীয়ে দিলে ‘চোৰ’, ‘চোৰ’ ধ্বনি, পশ্চিম বংগত মমতা বেনাৰ্জীৰ প্রতিবাদী সমদললৈ দলিয়ালে কণী
কঁঠাল গুটিৰ আছে নানা স্বাস্থ্য উপকাৰী গুণ; নোখোৱাকৈ নাথাকিব
বিশ্বনাথৰ বালিপুখুৰীত বোৱাৰীৰ ৰহস্যজনক মৃত্যু; হত্যাৰ অভিযোগত স্বামীসহ তিনিজনক আটক
ব্ৰহ্মপুত্ৰৰ ওপৰত চীনৰ নির্মীয়মাণ সর্ববৃহৎ বান্ধে নমাব মহাপ্রলয়
Advertisement