--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: শেহতীয়া কৈ কৰ্ম ক্ষেত্ৰৰ মানসিক চাপ বাবে চৰম সিদ্ধন্ত লোৱাৰ কেইবাটাও ঘটনা সংঘটিত হৈ গৈছে৷কোচিৰ ২৬ বছৰীয়া চাৰ্টাৰ্ড একাউণ্টেণ্ট আন্না চেবাষ্টিয়ান অত্যাধিক কৰ্মৰ হেঁচাত মৃত্যু হোৱাৰ পাছতে দেশজুৰি কৰ্মক্ষেত্ৰৰ মানসিক চাপৰ ওপৰত চাৰচা লাভ কৰিছে। অত্যাধিক কৰ্মৰ হেঁচাৰ সৈতে যুঁজি থকা পেছাদাৰী যুৱসকলক সৰৱ হবলৈ আহ্বান জনাই অল ইণ্ডিয়া পেছাদাৰী কংগ্ৰেছে ‘ফৰ আন্না ফৰ অল: ৱৰ্কপ্লেছ ৱেলনেছ’ অভিযান আৰম্ভ কৰিছে৷ এই অভিযানৰ অধীনত এআইপিচিয়ে এটা অনলাইন প্লেটফৰ্ম ‘www.profcongress.in/speakup’ মুকলি কৰিছে৷ 

লোকসভাৰ বিৰোধী দলপতি ৰাহুল গান্ধীয়ে ২১ ছেপ্টেম্বৰত আন্না চেবাষ্টিয়ানৰ অভিভৱকৰ সৈতে হোৱা ভিডিঅ’ কলৰ সময়ত তেওঁলোকক আশ্বাস প্ৰদান কৰি কয় যে কংগ্ৰেছে পেছাদাৰীসকলক প্ৰভাৱিত কৰা বিষয়টো ৰাষ্ট্ৰীয় পৰ্যায়ৰ লগতে আৰু সংসদত উত্থাপন কৰিব।

উল্লেখ যোগ্য যে ‘স্পিক-আপ’ অভিযানৰ অধীনত এআইপিচিয়ে এটা অনলাইন প্লেটফৰ্ম মুকলি কৰিছে য’ত পেছাদাৰীসকলে কৰ্ম পৰিস্থিতি আৰু ঘটনাৱলী সন্দৰ্ভত তেওঁলোকৰ অভিজ্ঞতা প্ৰকাশ কৰিব পাৰে আৰু পৰামৰ্শও আগবঢ়াব পাৰে। এআইপিচিয়ে সদৰি কৰা মতে, যিসকল পেছাদাৰীয়ে নাম প্ৰকাশ নকৰাকৈ থাকিব বিচাৰে তেওঁলোকৰ বাবে সম্পূৰ্ণৰুপে গোপনীয়তা বজাই ৰখা হ’ব। ৰাহুল গান্ধীয়ে এক্সৰ এটা পোষ্টত উল্লেখ কৰে যে সমগ্ৰ ভাৰততে লাখ লাখ পেছাদাৰীয়ে আন্না চেবাষ্টিয়ানৰ দৰে মানসিক চাপৰ সন্মুখীন হৈ আহিছে। এয়া স্পষ্ট হৈ পৰিছে যে এই যৱক সকলক অধকি সগযোগিতাৰ প্ৰযোজন৷ 

পেছাদাৰীসকলৰ বাবে সুস্থ কৰ্ম পৰিৱেশ সৃষ্টিৰ এই পদক্ষেপ সঠিক দিশত এক গুৰুত্বপূৰ্ণ পদক্ষেপ। সকলোকে এই আন্দোলনৰ সৈতে জড়িত কৰোৱাৰ লগতে আল্দোলনটো আগুৱাই নিবলৈ উৎসাহিত কৰিছো। আমি একত্ৰে অৰ্থপূৰ্ণ পৰিৱৰ্তন আনিব পাৰো বুলিও তেওঁ মন্তব্য কৰে।

এআইপিচিৰ অধ্যক্ষ প্ৰবীণ চক্ৰৱৰ্তীয়ে সবিশেষ সদৰি কৰি কয় যে ই এক বহু পৰ্যায়ৰ কাৰ্যসূচী আৰু কৰ্মক্ষেত্ৰৰ অৱস্থা উন্নত কৰাৰ উপায় সন্দৰ্ভত সমগ্ৰ ভাৰতবৰ্ষৰ কাৰ্যালয়সমূহৰ বাবে নিৰ্দেশনাৰ খচৰা প্ৰস্তুত কৰিবলৈ বিশেষজ্ঞ গোট গঠন কৰা হ’ব৷ পেছাদাৰী আৰু তেওঁলোকৰ পৰিয়ালৰ সৈতেও আলোচনা অনুষ্ঠিত কৰা হ’ব।

চূড়ান্ত পদক্ষেপ হিচাপে লোকসভাৰ বিৰোধী দলপতি ৰাহুল গান্ধীয়ে খচৰা নিৰ্দেশনাৰ ওপৰত গঠনমূলক আলোচনা বিচাৰি এই বিষয়টো সংসদত উত্থাপন কৰিব আৰু চৰকাৰক আইন প্ৰণয়ন কৰিবলৈ আহ্বান জনাব বুলি এই বিষয়টো সংসদত উত্থাপন কৰিছে৷

চক্ৰৱৰ্তীয়ে সমস্যাটো ব্যাপক বুলি উল্লেখ কৰি কয় যে এটা কোম্পানীৰ ৩০০০ কৰ্মচাৰীয়ে ইতিমধ্যে পেছাদাৰী কংগ্ৰেছলৈ তেওঁলোকৰ মানসিক চাপৰ বিষয়ে লিখিছে। তেওঁ লগতে স্পষ্ট কৰে যে এই অভিযান সম্পূৰ্ণ অৰাজনৈতিক চৰকাৰৰ বিৰুদ্ধে কোনো বিৰোধী দলৰ অভিযোগ নাছিল আৰু এয়া কোনো বিশেষ কোম্পানী বা প্ৰতিশোধৰো কোনো বিষয় নহয়৷

FOLLOW US F
POPULAR
FEATURE
TRENDY
৩ নৱেম্বৰত আমেৰিকাৰ মধ্যকালীন নির্বাচন; ২৫% দক্ষিণ এছীয় ভোটাৰে সমর্থন দিব ডেমক্রেট প্রার্থীক
৩% মৰগীয়া বানচ ঘোষণা, কেন্দ্ৰীয় চৰকাৰৰ কৰ্মচাৰীলৈ সু-খবৰ
বদৰপুৰ ৰে’লৱে দলঙত শিলচৰ–গুৱাহাটী এক্সপ্ৰেছৰ ইঞ্জিন লাইনচ্যুত; পাহাৰীয়া অঞ্চলত ৰে’ল সেৱা ব্যাহত
ওদালগুৰিত চাঞ্চল্য! হিন্দু পৰিচয়ৰে মুছলমান যুৱকে পলুৱাই নিলে খ্ৰীষ্টান বোৱাৰীক
বাস্তুশাস্ত্ৰৰ বিধান: পাকঘৰৰ স্লেবত এই ৪টা বস্তু ৰাখিলে ঘৰত পৰে নেতিবাচক প্ৰভাৱ
ইণ্ডিয়ান ফিল্ম ফেষ্টিভেল-মেলবর্নলৈ ‘ডিয়েৰ আৱা’; গুৰুত্বপূৰ্ণ চৰিত্ৰত মন্ত্ৰী অতুল বৰা
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু