--°C
Loading...
Listen to Article
2 min read
80%

ডিজিটেল ডেস্ক : কৰ'না মহামাৰীয়ে সমগ্ৰ বিশ্বতেই ত্ৰাসৰ সৃষ্টি কৰিছিল৷ যাৰফলত ২ বছৰত প্ৰায় ৮ মাহে সম্পূৰ্ণ আৰু অৰ্ধ লকডাউন কৱলত পৰিছিল ভাৰত৷ চীনৰ ৱুহানৰ পৰা জন্ম লাভ কৰা মহামাৰী কৰ'নাই অতি সময়তেই সগ্ৰ বিশ্বতেই ৰাজ কৰিবলৈ সক্ষম হৈছিল৷ ইতিমধ্যেই কৰ'নাৰ প্ৰথম আৰু দ্বিতীয় ঢৌৱত বিধস্থ হৈ পৰা দেশখনত অশনি সংকেটে দেখা দিছে৷ অতি ঘাতকৰূপত দেখা গৈছে কৰ’নাৰ নতুন ভেৰিয়েণ্ট অমিক্ৰন ৷ নতুনকৈ উদ্ভৱ হোৱা বি.১.১.৫২৯ অমিক্ৰনে মনোক্ল'নেল এণ্টিব'ডী থেৰাপী বা ককটেল চিকিৎসাৰ প্ৰতি সঁহাৰি নিদিব পাৰে বুলি বিশেষজ্ঞসকলে আশংকা প্ৰকাশ কৰিছে৷ কেইবাখনো ইউৰোপীয় ৰাষ্ট্ৰই এই নতুন প্ৰকাৰৰ ভাইৰাছৰ সংক্ৰমণে পুনৰবাৰ লকডাউনৰ আশংকা সুচাইছে৷ যাৰফলত অতিমাৰী অমিক্ৰন সন্দৰ্ভত নতুন এছঅ'পি জাৰী কৰিছে ভাৰত চৰকাৰে৷ এছঅ'পি অনুসৰি, বিদেশৰ পৰা অহা প্ৰতিগৰাকী যাত্ৰীক ৰখা হ'ব স্বাস্থ্য বিভাগৰ নিৰীক্ষণত৷ কেন্দ্ৰীয় স্বাস্থ্য সচিবৰ নিৰ্দেশনামূলক পত্ৰ প্ৰতিখন ৰাজ্যলৈ প্ৰেৰণ কৰা হয় এই নতুন ক'ভিড নীতি৷

বিমান বন্দৰতে RTPCRৰ কৰিব লাগিব বিদেশৰ পৰা অহা যাত্ৰীয়ে৷ RTPCRৰ ফলাফল নহালৈ যাত্ৰী হ’ব লাগিব কোৱাৰেণ্টাইন৷ বিদেশৰ পৰা অহা প্ৰতি যাত্ৰীয়ে দিব লাগিব যাত্ৰাৰ সবিশেষ বিৱৰণ৷ ৯খনকৈ দেশক অমিক্ৰনৰ ক্ষেত্ৰত ‘শংকাপূৰ্ণ’ চিহ্নিত ভাৰতৰ বাবে৷ দঃ আফ্ৰিকা, ব্ৰিটেইন, অষ্ট্রেলিয়া, জার্মানী , ইজৰাইল, নেডাৰলেণ্ড চেক গণৰাজ্য, বটচোৱানা, হংকঙো আছে এই শংকাপূৰ্ণ তালিকাত৷

এই ৯ দেশৰ পৰা অহা যাত্ৰীৰ ক্ষেত্ৰত সৰ্বাধিক সতৰ্কতা জাৰী কৰিছে ভাৰতে৷ অমিক্ৰনেৰে যুঁজিবলৈ ভাৰতত ইতিমধ্যে বিশেষ গোট গঠন কৰা হৈছে৷ চাৰ্ছ-কোভ-২-জেনমিক কন্সৰটিয়াম নামে গোট গঠন কৰা হয়৷ তথাপিও ভাৰতে এতিয়ালৈ বন্ধ কৰি দিয়া নাই আন্তঃৰাষ্ট্ৰীয় বিমান সেৱা৷ পৰবৰ্তী সময়ত সময়-পৰিস্থিতিৰ ওপৰত লক্ষ্য ৰাখি ভাৰতে এই পদক্ষেপ গ্ৰহণ কৰিব বুলি জানিবলৈ পোৱা গৈছে৷


FOLLOW US F
POPULAR
FEATURE
TRENDY
কামৰূপৰ বামুন্দীত ভূমিকেন্দ্ৰিক সংঘাতৰ চূড়ান্ত ৰূপ; চোকা অস্ত্ৰৰ আক্ৰমণত গুৰুতৰভাৱে আহত দুজন
চেপনৰ জুবিন গাৰ্গৰ বিখ্যাত আমজোপা; গছজোপাৰ তলত বহি জুবিনে লিখিছিল কবিতা, গীত আৰু পাতিছিল কথা
‘জুবিনদা নাই বুলি মোৰ বিশ্বাস নহয়’—মানৱীয়তাৰ ঋণত আৱেগিক শিৱসাগৰৰ শান্তনু বৰা
জুবিনবিহীন এবছৰ; শোকৰ জুইত এতিয়াও দগ্ধ অসমীয়া
কাছাৰত অপহৃত যুৱকক উদ্ধাৰ আৰক্ষীৰ; ২জনক আটক
ডুমডুমাত নৃশংস হত্যাকাণ্ড; দাৰে ঘপিয়াই পত্নীক হত্যা,কন্যাকো হত্যাৰ চেষ্টা এজন লোকৰ
আজি গণেশ চতুৰ্থী; কি কৰিব লাগে কি কৰিব নালাগে জানো আহক
গৌৰীসাগৰত ব্ৰইলাৰ কঢ়িওৱা গাড়ী হাইজেক সাতজনীয়া ডকাইতৰ দলৰ
কাছাৰত ১৪ কোটি টকাৰ হেৰ’ইন আৰু য়াবা টেবলেট জব্দ
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?