--°C
Loading...
Listen to Article
2 min read
80%

ডিজিটেল ডেস্ক : কৰ'না মহামাৰীয়ে সমগ্ৰ বিশ্বতেই ত্ৰাসৰ সৃষ্টি কৰিছিল৷ যাৰফলত ২ বছৰত প্ৰায় ৮ মাহে সম্পূৰ্ণ আৰু অৰ্ধ লকডাউন কৱলত পৰিছিল ভাৰত৷ চীনৰ ৱুহানৰ পৰা জন্ম লাভ কৰা মহামাৰী কৰ'নাই অতি সময়তেই সগ্ৰ বিশ্বতেই ৰাজ কৰিবলৈ সক্ষম হৈছিল৷ ইতিমধ্যেই কৰ'নাৰ প্ৰথম আৰু দ্বিতীয় ঢৌৱত বিধস্থ হৈ পৰা দেশখনত অশনি সংকেটে দেখা দিছে৷ অতি ঘাতকৰূপত দেখা গৈছে কৰ’নাৰ নতুন ভেৰিয়েণ্ট অমিক্ৰন ৷ নতুনকৈ উদ্ভৱ হোৱা বি.১.১.৫২৯ অমিক্ৰনে মনোক্ল'নেল এণ্টিব'ডী থেৰাপী বা ককটেল চিকিৎসাৰ প্ৰতি সঁহাৰি নিদিব পাৰে বুলি বিশেষজ্ঞসকলে আশংকা প্ৰকাশ কৰিছে৷ কেইবাখনো ইউৰোপীয় ৰাষ্ট্ৰই এই নতুন প্ৰকাৰৰ ভাইৰাছৰ সংক্ৰমণে পুনৰবাৰ লকডাউনৰ আশংকা সুচাইছে৷ যাৰফলত অতিমাৰী অমিক্ৰন সন্দৰ্ভত নতুন এছঅ'পি জাৰী কৰিছে ভাৰত চৰকাৰে৷ এছঅ'পি অনুসৰি, বিদেশৰ পৰা অহা প্ৰতিগৰাকী যাত্ৰীক ৰখা হ'ব স্বাস্থ্য বিভাগৰ নিৰীক্ষণত৷ কেন্দ্ৰীয় স্বাস্থ্য সচিবৰ নিৰ্দেশনামূলক পত্ৰ প্ৰতিখন ৰাজ্যলৈ প্ৰেৰণ কৰা হয় এই নতুন ক'ভিড নীতি৷

বিমান বন্দৰতে RTPCRৰ কৰিব লাগিব বিদেশৰ পৰা অহা যাত্ৰীয়ে৷ RTPCRৰ ফলাফল নহালৈ যাত্ৰী হ’ব লাগিব কোৱাৰেণ্টাইন৷ বিদেশৰ পৰা অহা প্ৰতি যাত্ৰীয়ে দিব লাগিব যাত্ৰাৰ সবিশেষ বিৱৰণ৷ ৯খনকৈ দেশক অমিক্ৰনৰ ক্ষেত্ৰত ‘শংকাপূৰ্ণ’ চিহ্নিত ভাৰতৰ বাবে৷ দঃ আফ্ৰিকা, ব্ৰিটেইন, অষ্ট্রেলিয়া, জার্মানী , ইজৰাইল, নেডাৰলেণ্ড চেক গণৰাজ্য, বটচোৱানা, হংকঙো আছে এই শংকাপূৰ্ণ তালিকাত৷

এই ৯ দেশৰ পৰা অহা যাত্ৰীৰ ক্ষেত্ৰত সৰ্বাধিক সতৰ্কতা জাৰী কৰিছে ভাৰতে৷ অমিক্ৰনেৰে যুঁজিবলৈ ভাৰতত ইতিমধ্যে বিশেষ গোট গঠন কৰা হৈছে৷ চাৰ্ছ-কোভ-২-জেনমিক কন্সৰটিয়াম নামে গোট গঠন কৰা হয়৷ তথাপিও ভাৰতে এতিয়ালৈ বন্ধ কৰি দিয়া নাই আন্তঃৰাষ্ট্ৰীয় বিমান সেৱা৷ পৰবৰ্তী সময়ত সময়-পৰিস্থিতিৰ ওপৰত লক্ষ্য ৰাখি ভাৰতে এই পদক্ষেপ গ্ৰহণ কৰিব বুলি জানিবলৈ পোৱা গৈছে৷


FOLLOW US F
POPULAR
FEATURE
TRENDY
জামুগুৰিহাটত ১৫নং ৰাষ্ট্ৰীয় ঘাইপথৰ কদর্য ৰূপ
কিস্তৱাড়ত ডাৱৰ বিস্ফোৰণৰ ঘটনা, মৃতকৰ সংখ্যা ৬০জনলৈ বৃদ্ধি, ৮২জন এতিয়াও সন্ধানহীন
'অনসুনী চীখে'লৈ শ্রেষ্ঠ সামাজিক বার্তাবাহী ছবিৰ সন্মান
অৱশেষত 'অপাৰেশ্যন সিন্দূৰ'ত ক্ষতিৰ আনুষ্ঠানিক স্বীকাৰ পাকিস্তানৰ
আজিৰ পৰা কৰিব নোৱাৰিব পান কাৰ্ড সম্পৰ্কীয় কোনো কাম ! আয়কৰ বিভাগৰ বিশেষ জাননী
১০ ছেকেণ্ডৰ বাবে ১৬ লাখ টকা...এছিয়া কাপত ভাৰতৰ খেলসমূহৰ বিজ্ঞাপনৰ হাৰ সৰ্বাধিক
নাৰায়ণপুৰত বানৰ তাণ্ডৱ ; দোৰপাং-দিহিৰি নদীৰ বানত বুৰিল কেবাখনো গাঁও
উৰিয়ামঘাট সীমান্তত উত্তেজনা! সন্দেহজনক লোকৰ ঘৰত দুষ্কৃতিকাৰীৰ অগ্নিসংযোগ, শূন্যলৈ গুলীচালনা নগাৰ
অসমত কৰ্কট চিকিৎসাৰ অভাৱনীয় মাচুল বৃদ্ধি
অহা মাহত ট্ৰাম্পৰ সৈতে প্ৰধানমন্ত্ৰী মোদীৰ বৈঠক! ভাৰত আৰু আমেৰিকাৰ মাজত উত্তেজনা কমিবনে?
'ঢাকাইপট্টি' হ'লগৈ 'ৰূপকোঁৱৰ চ'ক', মুখ্যমন্ত্ৰীৰ নিৰ্দেশত নগাঁৱৰ আয়ুক্তৰ ব্যৱস্থা
ভাৰতলৈ ভাবুকি নমাই চীন-পাকিস্তানৰ নৌ-সেনাৰ অনুশীলন
ৰঙা খয়েৰৰ অবাধ ক'লা বেপাৰ, বনদস্যুৱে তহিলং কৰিছে সোৱণশিৰিৰ পাৰ
জিৰাৰ পানীয়ে আপোনাক ফিট আৰু স্বাস্থ্যকৰ কৰি তুলিব, এই ৪টা ধৰণে ব্যৱহাৰ কৰক