--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: প্ৰতিজন মানুহৰে কিছুমান বিশেষ চখ থাকে। সেইদৰে থাকে কিছু ব্যতিক্ৰমী কাম কৰাৰ চখ। তাতে যদি এনে কামত বাধা-নিষেধ থাকে, সেই কাম কৰাৰ প্ৰতি এক অদ্ভুত তাড়না অনুভৱ কৰে এচাম মানুহে। এনে চখৰ বাবেই লাডাখত আমোদ বিলাস উদযাপন কৰিবলৈ অহা এহাল দম্পতী বিপদৰ সন্মুখীন হৈছে। চখ পূৰণৰ নামত অনাহকত ভৰিবলগীয়া হৈছে ৫০,০০০ টকাৰ  জৰিমনা।

লাডাখৰ লেহ জিলা আৰক্ষীয়ে এই দম্পত্তিহালৰ বিৰুদ্ধে হুণ্ডাৰ গাঁৱৰ বালিৰ টিলাৰ ওপৰেৰে গাড়ী চলোৱাৰ অভিযোগত গোচৰ ৰুজু কৰাৰ লগতে ৫০,০০০ টকাৰ জৰিমনা বিহে। উল্লেখ্য যে প্ৰাকৃতিক দৃশ্যপটক ক্ষতিগ্ৰস্ত কৰাৰ বাবে লাডাখত বালিৰ টিলাৰ ওপৰত গাড়ী চলোৱাটো নিষিদ্ধ হিচাপে ঘোষণা কৰা হৈছে।

লেহ পুলিচে নিজৰ অফিচিয়েল ফেচবুক পেজত বালিৰ টিলাত ৰখাই থোৱা গাড়ীখনৰ এখন ফটো পোষ্ট কৰিছে। পোষ্টটোৰ লগতে আৰক্ষীয়ে লিখিছে যে এখন পৰ্যটকৰ বাহনে হুণ্ডাৰৰ বালিৰ টিলাৰ ওপৰেৰে গাড়ী চলাই নুব্ৰাৰ উপ-বিভাগীয় দণ্ডাধীশৰ নিৰ্দেশনা উলংঘা কৰা দেখা গৈছিল। জয়পুৰৰ দম্পতীহালৰ বিৰুদ্ধে আইন অনুসৰি গোচৰ ৰুজু কৰা হৈছিল আৰু তেওঁলোকৰ পৰা ৫০,০০০ টকাৰ জৰিমনা লোৱা হৈছে। 

পোষ্টটোত লেহ জিলা আৰক্ষীয়ে লগতে পৰ্যটকসকলক বালিৰ টিলাত বাহন নচলাবলৈ অনুৰোধ জনায়। আৰক্ষীয়ে কয় যে এনেদৰে বালিৰ টিলাৰ ওপৰত গাড়ী চলোৱাৰ ফলত প্ৰাকৃতিক দৃশ্যপটৰ ক্ষতিসাধন হোৱাৰ লগতে  নিষিদ্ধ আদেশ উলংঘা কৰা হয়।

আনহাতে এই পোষ্টটো ভাইৰেল হৈ পৰাৰ পিছত সামাজিক মাধ্যম ব্যৱহাৰকাৰীসকলে পৰ্যটকসকলক তেওঁলোকৰ নূন্যতম সাধাৰণ জ্ঞানৰ অভাৱৰ বাবে সমালোচনাৰ লক্ষ্য কৰি লয়। লগতে আৰক্ষীয়ে তৎকালীনভাৱে গ্ৰহণ কৰা শাস্তিমূলক ব্যৱস্থাৰ বাবে তেওঁলোকে আৰক্ষীকো প্ৰশংসা কৰে। ফেচবুকত এগৰাকী লোকে ইয়াৰ বাবে আৰক্ষীক ধন্যবাদ জনাই লিখিছে "লেহ জিলা আৰক্ষীৰ বাবে আমি অত্যন্ত গৌৰৱান্বিত। পৰ্যটকসকলে যাতে কোনো যান-বাহন নিয়ম উলংঘা নকৰে,তাৰ বাবে নিয়মবোৰ কঠোৰ হ'ব লাগিব।" 

আনহাতে গাড়ীখনৰ নম্বৰ প্লেটত দিল্লীৰ পঞ্জীয়ন আছে বুলি উল্লেখ কৰি বহুতো ছ'চিয়েল মিডিয়া ব্যৱহাৰকাৰীয়ে আঙুলিয়াই দিছে যে দিল্লী, হাৰিয়ানাৰ পৰা অহা পৰ্যটকসকলে এনে বেআইনী কাৰ্যকলাপত অধিক হাৰত লিপ্ত হয়।

যোৱা এপ্ৰিল মাহতো এনে এটা ভাইৰেল ভিডিঅ'ত এখন বিলাসী অ’ডি এছইউভি প্ৰাচীন পাংগং হ্ৰদৰ মাজেৰে চলাই থকা দেখিবলৈ পোৱা গৈছিল। বাহনখনৰ চানৰুফৰ পৰা ওলাই দুজন পৰ্যটকক ভিডিঅ’টোত উশৃংখল আচৰণ কৰা দেখা গৈছিল। তেওঁলোকৰ এই আচৰণৰ বাবেও সামাজিক মাধ্যমত ব্যাপক প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছিল।

উল্লেখ্য যে নুব্ৰা উপত্যকাৰ হুণ্ডাৰ গাঁও হৈছে লেহৰ পৰা ১৬০ কিলোমিটাৰ দূৰত অৱস্থিত লাডাখৰ এক শীতল মৰুভূমি। বালিৰ টিলাৰ বাবে এই গাঁওখন বিখ্যাত। নুব্ৰা ভেলীতেই শ্বায়োক আৰু চিয়াচান নদী মিলিত হয়। এই উপত্যকাটোৱে লাডাখক কাৰাকোৰাম ৰেঞ্জ আৰু চিয়াচেন হিমবাহৰ পৰা পৃথক কৰে। এই ভূখণ্ডটোৰ নৈসৰ্গিক প্ৰাকৃতিক দৃশ্য উপভোগ কৰিবলৈ বহু পৰ্যটকৰ আগমন ঘটে।



FOLLOW US F
POPULAR
FEATURE
TRENDY
৬০০সংখ্যক টেষ্ট খেলিব ভাৰতে; ১৫ আগষ্টত শ্ৰীলংকাৰ গালেত ৰচনা হ’ব ইতিহাস
শিৱসাগৰৰ অভিজিত দুৱৰাৰ উদ্ভাৱন; বানে ঢকা নলা-নৰ্দমা আৰু গাঁতৰ পৰা হোৱা বিপদ ৰোধিবলৈ সৌৰ সুৰক্ষা যন্ত্ৰ নিৰ্মাণ
অসমৰ বানাক্ৰান্তালৈ সহায়ৰ হাত বিহাৰৰ ৰিপুৰাজ ফাউণ্ডেশ্যনৰ
কাৰ্বি পাহাৰত ধাৰাসাৰ বৰষুণ; বানৰ কবলত নগাঁও আমনিৰ কেইবাটাও অঞ্চল
ডাবৰ কোম্পানীৰ খাদ্য, পানীয় বিক্ৰীত নিষেধাজ্ঞা
সমগ্ৰ দেশৰ উদীয়মান কলাকাৰসকলক উপযুক্ত মঞ্চ প্ৰদান কৰিবলৈ ‘য়শ ৰাজ ফিল্মছ’ৰ ‘ৰাহ ৰেকৰ্ডছ’ মুকলি
গ্লাছগোত পদক জয়ত ব্যৰ্থ ভাৰতীয় ভাৰোত্তোলক মাৰ্টিনা দেৱী
অসমত বানৰ সংহাৰী ৰূপ: প্ৰায় ২ লাখ লোক গৃহহীন, জনজীৱন ব্যাহত
অসমৰ বানাক্ৰান্ত কৃষকক ১০০ দিনৰ আগতীয়া মজুৰিৰ দাবী, কেন্দ্ৰীয় গৃহমন্ত্ৰীৰ আশ্বাস
কুলছি বান্ধ প্ৰকল্পৰ বিৰুদ্ধে সীমান্তৱৰ্তী ৰাইজৰ তীব্ৰ প্ৰতিবাদ: প্ৰতিবেদন দাখিলৰ পিছতে পুনৰ জাগ্ৰত শংকা
বানত তিনিচুকীয়াত ৮০০ মিটাৰ ৰেল ট্ৰেক উটি যোৱাৰ পিছত উ.পূ.সী.ৰে.ৰ মেৰামতি অভিযান
উজনি অসমৰ বান: প্ৰকৃতিৰ এক কঠোৰ বাৰ্তা আৰু আমাৰ কৰণীয়
যোৰহাটত বানৰ বিভীষিকা: ঋণৰ বোজাৰে জুৰুলা পানগাঁওবাসী, চৰকাৰী সকাহে কিমান দূৰ পাব?
শিৱসাগৰত বানত আৱদ্ধ ১০০০ৰো অধিক লোকক স্থানীয় ৰাইজৰ সাহসিকতাৰে উদ্ধাৰ