--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ ৰাজপথত যেন এখন যুদ্ধহে লাগিছে৷ আৰক্ষী আৰু এগৰাকী যুৱতীৰ বাক যুদ্ধ৷ এপিনে আৰক্ষীয়ে নেৰে, আনপিনে যুৱতীয়েও ফেপেৰি পাতি ধৰে৷ ঘটনাৰ বুজ ল’বলৈ অহা সাংবাদিককো যুৱতীৰ ভাবুকি৷যুৱতীৰ ভাষ্য-চিনি পোৱা নাই, মই এম এল এৰ জীয়েক৷ ঘটনাটো ঘটিছে বাংগালুৰুত৷ 

আজি পুৱাই এজন বিজেপি বিধায়কৰ কন্যাই তীব্ৰ বেগেৰে বিএমডব্লিউ বাহন এখন চলাই গৈ ট্ৰেফিক  আইন ভংগ কৰে৷ বিধায়কৰ কন্যাই ট্ৰেফিকৰ চিগনেল নামানি ধুমুহাৰ গতিৰে গাড়ী খন চলাই নিয়ে৷ আৰক্ষীয়ে যেনিবা কিবা প্ৰকাৰে গাড়ী খন ৰখাবলৈ সক্ষম হয়৷

তাৰ পিছতে আৰম্ভ হয় আৰক্ষীৰে বিধায়ক কন্যাৰ তৰ্ক যুদ্ধ৷ বেংগালুৰু আৰক্ষীৰ অভিযোগ অনুসৰি বিধায়ক কন্যাই তেওঁলোকৰ সৈতে  দুৰ্ব্যৱহাৰ কৰিছে।  ঘটনাটো ৰেকৰ্ড কৰা এজন সাংবাদিকৰ সৈতেও যুৱতীগৰাকীয়ে দুৰ্ব্যৱহাৰ কৰে  বুলিও অভিযোগ উঠিছে। বিজেপি বিধায়ক অৰবিন্দ লিম্বাৱলীৰ কন্যাই বগা বিএমডব্লিউ খন চলাই গৈছিল। 

সেই সময়ত  ট্ৰেফিক লাইট ৰঙা হৈ আহিছিল যদিও তেওঁ ৰোৱা নাছিল। যেতিয়া ট্ৰেফিক আৰক্ষীয়ে তেওঁক বাধা দিছিল তেতিয়া আৰক্ষীৰ সৈতে তেওঁ তৰ্ক কৰিবলৈ আৰম্ভ কৰিছিল৷

তেওঁ আনকি চিটবেল্ট পিন্ধি নাছিল।  বহু তৰ্ক -বিতৰ্কৰ পিছত  আৰক্ষীয়ে তেওঁক  জৰিমনা পৰিশোধ কৰিবলৈ বাধ্য কৰিছিল ৷

বিধায়কৰ কন্যাই আগতেই ট্ৰেফিকৰ চিগনেল উলংঘা কৰাৰ বাবে ৯,০০০  টকা  জৰিমনা ভৰিবলগীয়া হৈ  আছিলেই, নতুনকৈ তেওঁক ১,০০০ টকা  জৰিমনা বিহা হয়৷

ফলত  আজি মুঠ ১০,০০০ টকা জৰিমনা পৰিশোধ কৰিহে বিধায়ক কন্যাই ঘৰলৈ উভতিবলৈ সক্ষম হয়৷ সকলোৱে বাংগালুৰু  ট্ৰেফিক আৰক্ষীৰ কাৰ্যক প্ৰশংসা কৰিছে৷ 



FOLLOW US F
POPULAR
FEATURE
TRENDY
২৬ৰ পৰা ৩১ অক্টোবৰলৈ গুৱাহাটীৰ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত আন্তঃৰাষ্ট্ৰীয় সংগীত কর্মশালা
পখিলা খেদা বয়সত মৃত্যুৰ সৈতে যুঁজ পীযুষৰ; সহায় ভিক্ষা বিচাৰি ৰাইজক কাতৰ আহ্বান অসহায় আইতাকৰ
আজি বিশ্ব গঁড় দিৱস; সুৰক্ষা আৰু সচেতনতাই ৰক্ষা কৰিব পাৰে এই অমূল্য সম্পদ
দেশত স্থাপন হ’ব ২২টা ডিজিটেল ইণ্টেলিজেন্স লেব
খেলাৰ পাছত গা ধুবলৈ নামিছিল নৈত; বাক্সাৰ পল্লা নৈত সলিল সমাধি দুই কিশোৰৰ
শৰীৰ এৰাৰ পাছত আত্মাৰ থাকে নেকি ভোক-পিয়াহ? গৰুড় পুৰাণৰ এই ৰহস্য আপুনি জানেনে?
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
মুখ্যমন্ত্ৰী শুভেন্দু অধিকাৰীয়ে দিলে সেউজ সংকেত; পশ্চিমবংগত স্থাপন হ’ব ক্ষেপণাস্ত্ৰ পৰীক্ষণ ক্ষেত্র
ফ্রিজত চিকেন কিমান দিন সুৰক্ষিত থাকে? জানক সঠিক নিয়ম
গোসাঁইগাঁৱৰ শ্ৰীৰামপুৰত বৃহৎ পৰিমাণৰ চেগুন কাঠ জব্দ; গ্ৰেপ্তাৰ দুজন
মণি প্লাণ্ট লহপহীয়া কৰি তুলিবলৈ পাকঘৰৰ এই ৩ টা বস্তু ব্যৱহাৰ কৰক
ৰঙিয়াত পুনৰ উৎখাত মানৱ সৰবৰাহকাৰী চক্ৰ; তিনিগৰাকী যুৱকক উদ্ধাৰ
সোণাপুৰৰ জুবিনক্ষেত্ৰত আজিৰে পৰা তিনিদিনীয়া কাৰ্যসূচীৰে জুবিন দিৱস
দক্ষিণ শালমাৰাৰ এখন ঘৰ বজ্ৰপাতত সম্পূৰ্ণৰূপে ভস্মীভূত