--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ ৰাজপথত যেন এখন যুদ্ধহে লাগিছে৷ আৰক্ষী আৰু এগৰাকী যুৱতীৰ বাক যুদ্ধ৷ এপিনে আৰক্ষীয়ে নেৰে, আনপিনে যুৱতীয়েও ফেপেৰি পাতি ধৰে৷ ঘটনাৰ বুজ ল’বলৈ অহা সাংবাদিককো যুৱতীৰ ভাবুকি৷যুৱতীৰ ভাষ্য-চিনি পোৱা নাই, মই এম এল এৰ জীয়েক৷ ঘটনাটো ঘটিছে বাংগালুৰুত৷ 

আজি পুৱাই এজন বিজেপি বিধায়কৰ কন্যাই তীব্ৰ বেগেৰে বিএমডব্লিউ বাহন এখন চলাই গৈ ট্ৰেফিক  আইন ভংগ কৰে৷ বিধায়কৰ কন্যাই ট্ৰেফিকৰ চিগনেল নামানি ধুমুহাৰ গতিৰে গাড়ী খন চলাই নিয়ে৷ আৰক্ষীয়ে যেনিবা কিবা প্ৰকাৰে গাড়ী খন ৰখাবলৈ সক্ষম হয়৷

তাৰ পিছতে আৰম্ভ হয় আৰক্ষীৰে বিধায়ক কন্যাৰ তৰ্ক যুদ্ধ৷ বেংগালুৰু আৰক্ষীৰ অভিযোগ অনুসৰি বিধায়ক কন্যাই তেওঁলোকৰ সৈতে  দুৰ্ব্যৱহাৰ কৰিছে।  ঘটনাটো ৰেকৰ্ড কৰা এজন সাংবাদিকৰ সৈতেও যুৱতীগৰাকীয়ে দুৰ্ব্যৱহাৰ কৰে  বুলিও অভিযোগ উঠিছে। বিজেপি বিধায়ক অৰবিন্দ লিম্বাৱলীৰ কন্যাই বগা বিএমডব্লিউ খন চলাই গৈছিল। 

সেই সময়ত  ট্ৰেফিক লাইট ৰঙা হৈ আহিছিল যদিও তেওঁ ৰোৱা নাছিল। যেতিয়া ট্ৰেফিক আৰক্ষীয়ে তেওঁক বাধা দিছিল তেতিয়া আৰক্ষীৰ সৈতে তেওঁ তৰ্ক কৰিবলৈ আৰম্ভ কৰিছিল৷

তেওঁ আনকি চিটবেল্ট পিন্ধি নাছিল।  বহু তৰ্ক -বিতৰ্কৰ পিছত  আৰক্ষীয়ে তেওঁক  জৰিমনা পৰিশোধ কৰিবলৈ বাধ্য কৰিছিল ৷

বিধায়কৰ কন্যাই আগতেই ট্ৰেফিকৰ চিগনেল উলংঘা কৰাৰ বাবে ৯,০০০  টকা  জৰিমনা ভৰিবলগীয়া হৈ  আছিলেই, নতুনকৈ তেওঁক ১,০০০ টকা  জৰিমনা বিহা হয়৷

ফলত  আজি মুঠ ১০,০০০ টকা জৰিমনা পৰিশোধ কৰিহে বিধায়ক কন্যাই ঘৰলৈ উভতিবলৈ সক্ষম হয়৷ সকলোৱে বাংগালুৰু  ট্ৰেফিক আৰক্ষীৰ কাৰ্যক প্ৰশংসা কৰিছে৷ 



FOLLOW US F
POPULAR
FEATURE
TRENDY
বাৰাণসীত বৈঠকত বহিল দুই প্রধানমন্ত্রী
১৫ ছেপ্টেম্বৰৰ পৰা ইউ পি আইত দৈনিক লেনদেনৰ সীমা বৃদ্ধি
গাঁৱত বিবাদ! পুত্ৰৰ অন্ত্যেষ্টিক্রিয়া মুছলমান ৰীতি-নীতিৰে হোৱাটো বিচাৰিছিল মাতৃয়ে কিন্তু শেষ ৰীতি-নীতি হ'ল হিন্দু পৰম্পৰা অনুসৰি
শ্ৰী শ্ৰী মাধৱদেৱৰ তিৰোভাৱ তিথিত শিৱসাগৰৰ মাৰোৱাৰী সমাজে দেখুৱালে সম্প্ৰীতিৰ অন্যন্য নিদৰ্শন
হংকঙক ৭ উইকেটত পৰাস্ত বাংলাদেশৰ, লিটন দাসৰ উজ্জ্বল অৰ্ধশতক
পাকঘৰত ৰখা এই ৫টা বস্তু মুখত লগোৱাৰ আগত সাৱধান হওক
বয়সৰ আগতেই মুখত পৰিছে নেকি বয়সৰ চাপ! জীৱনত এইবোৰ পৰিৱৰ্তন কৰক
শিৱসাগৰত আহোম যুৱকক গাহৰি মাংস বিক্ৰীত বাধা মুছলমান যুৱকৰ! উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি
৪ বাৰৰ বিধায়ক ডাঃ মানছিং ৰংপিয়ে এৰিলে বিজেপি
ছট্টিশগড়ত এন এইচ এমৰ ১৪ সহস্রাধিক কৰ্মচাৰীৰ পদত্যাগ
কাকপথাৰত জোঁৰ লৈ ওলাই আহিল সহস্রাধিক মৰাণ লোক
ইণ্ডিয়া ফিল্ম ফেষ্টিভেল অফ এলবাৰ্টাত পাৰ্থজিৎ বৰুৱাৰ ‘এ হিষ্ট্ৰী অফ ইণ্ডিয়াছ নৰ্থ ইষ্ট চিনেমা’, শীৰ্ষক গ্ৰন্থ উন্মোচন
'জব উই মেট'ৰ দৰে ঘটিল বাস্তৱ ঘটনা! প্ৰেমিকে প্ৰতাৰণা কৰাত ৰে’লত লগ পোৱা যুৱকৰ সৈতে বিয়াত বহিল যুৱতী
টি-২০ আন্তঃৰাষ্ট্ৰীয়ত সৰ্বাধিক ষ্ট্ৰাইক ৰেটৰ অভিলেখ কাৰ? জানো আহক শীৰ্ষ ৫ৰ তালিকাত  কোন কোন আছে