--°C
Loading...
Listen to Article
2 min read
80%

ডিজিটেল ডেস্ক : এটি শিশুক চকলেটৰ লোভ দেখুৱাই মাতি নিছিল লম্পট লোকজনে। তাৰ পাছত বলাৎকাৰ কৰে আৰু নিৰ্দয়ভাৱে হত্যা কৰিছিল। এই নিৰ্দয় অপৰাধীজনৰ শাস্তি কি হোৱা উচিত সেই প্ৰশ্নও যেন অবান্তৰ। এনে জঘন্য অপৰাধ সংঘটিত কৰাৰ পাছতো পিছে অপৰাধীৰ মনত নাই কোনো গ্লানি বা অপৰাধবোধ। ২৭ বছৰীয়া এই অপৰাধীজনে তেওঁক শাস্তিৰ ৰায় শুনোৱা ন্যায়াধীশগৰাকীকো আক্ৰমণ কৰিবলৈ কুণ্ঠাবোধ নকৰিলে এই জঘন্য অপৰাধীজনে। এই ঘটনা সংঘটিত হৈছে গুজৰাটৰ ছুৰাটত।


বৃহস্পতিবাৰে ধৰ্ষণ-হত্যাৰ গোচৰত দোষী সাব্যস্ত হোৱা ২৭ বছৰীয়া সুজিত ছাকেট নামৰ লোকজনক যাৱজ্জীৱন কাৰাদণ্ডৰ ৰায় বিহিছিল ছুৰাটৰ এখন আদালতে। এই ৰায় শুনাৰ পাছতে উত্তেজিত হৈ পৰা লোকজনে ন্যায়াধীশলৈ চেণ্ডেল দলিয়াই আক্ৰমণ কৰে। বিগত এপ্ৰিল মাহত লোকজনে এটি ৫বছৰীয়া শিশুক ধৰ্ষণ কৰি হত্যা কৰিছিল। শিশুটি আছিল এজন প্ৰব্ৰজিত শ্ৰমিকৰ কন্যা। আদালতে ভুক্তভোগী পৰিয়ালটোক ২০লাখ টকাৰ ক্ষতিপূৰণ দিয়াৰো নিৰ্দেশ দিয়ে। তাৰ পাছতে উত্তেজিত হৈ হিতাহিত জ্ঞান হেৰুৱাই পেলায় লোকজনে। আৰু চেণ্ডেল খুলি ন্যায়াধীশলৈ নিক্ষেপ কৰে।

উল্লেখ্য যে, আৰক্ষীয়ে লোকজনক গ্ৰেপ্তাৰ কৰি প’কছ’ আইনৰ অধীনত গোচৰ ৰুজু কৰিছিল। লোকজনে ন্যায়াধীশক আক্ৰমণ কৰা এই ঘটনাৰ সময়ত আদালতত উপস্থিত থকা এগৰাকী অধিবক্তা বিনয় শৰ্মাই এই ঘটনাৰ বিষয়ে বিৱৰি কয় যে, ন্যায়াধীশে ৰায় শুনোৱাৰ পাছতে লোকজন উত্তেজিত হৈ পৰে আৰু তেওঁলৈ চেণ্ডেল খুলি নিক্ষেপ কৰে। লোকজনে দাবী কৰা মতে তেওঁক মিছাকৈ এই গোচৰৰ সৈতে সাঙোৰা হৈছে। আদালতে ২৯গৰাকী সাক্ষীৰ সাক্ষ্যৰ আধাৰত এই ৰায় দিছিল।


FOLLOW US F
POPULAR
FEATURE
TRENDY
ৰাজ্য চৰকাৰে ৪ আগষ্টত ল'ব ১০০০ কোটিৰ ঋণ
শিৱসাগৰত বানে জুৰুলা কৰা লোকৰ অকথিত যন্ত্ৰণা; শাৰীৰিক সমস্যাৰ লগতে সৃষ্টি হৈছে গভীৰ মানসিক প্ৰত্যাহ্বান
শিমলুগুৰিৰ বান পৰিস্থিতিৰ বাবে কেইবাখনো গুৰুত্বপূৰ্ণ দূৰণিবটীয়া ৰে’লৰ পথ সলনি
গুৱাহাটীত পানী যোগানৰ পাইপলাইন, ভালভ আদিৰ ক্ষতি কৰিলে ভৰিব লাগিব ৫০০ টকা জৰিমনা
‘এয়াই মোৰ প্ৰথম আৰু শেষ ভুল’! মোদী আৰু প্ৰয়াত মাতৃক লৈ অশ্লীল মন্তব্য কৰা ৰুচিকা সিঙে দেশবাসীৰ ওচৰত বিচাৰিলে ক্ষমা
পুৱা খালী পেটত কি খাব লাগে? সবিশেষ জানি লওক
গ্লাছগোত পদক জয়ত ব্যৰ্থ ভাৰতীয় ভাৰোত্তোলক মাৰ্টিনা দেৱী
অসমৰ বানাক্ৰান্ত কৃষকক ১০০ দিনৰ আগতীয়া মজুৰিৰ দাবী, কেন্দ্ৰীয় গৃহমন্ত্ৰীৰ আশ্বাস
বানত তিনিচুকীয়াত ৮০০ মিটাৰ ৰেল ট্ৰেক উটি যোৱাৰ পিছত উ.পূ.সী.ৰে.ৰ মেৰামতি অভিযান
যোৰহাটত বানৰ বিভীষিকা: ঋণৰ বোজাৰে জুৰুলা পানগাঁওবাসী, চৰকাৰী সকাহে কিমান দূৰ পাব?
পুৱা খালী পেটত কি খাব লাগে? সবিশেষ জানি লওক
বন সংৰক্ষণ আৰু জীৱন ধাৰণৰ মান উন্নয়নৰ বাবে কামৰূপত বন বিভাগৰ ভেনিলা খেতিৰ প্ৰচাৰ
প্ৰণৱ দলেক জামিন প্ৰদান অসম আদালতৰ, জনসাধাৰণৰ উদ্বেগ নশুনিলে শান্তি বিঘ্নিত হোৱাৰ মন্তব্য
অসমত জামিন লাভৰ পিছতে থলুৱা অধিকাৰ কৰ্মীৰ বিৰুদ্ধে NSA প্ৰয়োগ