--°C
Loading...
Listen to Article
2 min read
80%

ডিজিটেল ডেস্ক : এটি শিশুক চকলেটৰ লোভ দেখুৱাই মাতি নিছিল লম্পট লোকজনে। তাৰ পাছত বলাৎকাৰ কৰে আৰু নিৰ্দয়ভাৱে হত্যা কৰিছিল। এই নিৰ্দয় অপৰাধীজনৰ শাস্তি কি হোৱা উচিত সেই প্ৰশ্নও যেন অবান্তৰ। এনে জঘন্য অপৰাধ সংঘটিত কৰাৰ পাছতো পিছে অপৰাধীৰ মনত নাই কোনো গ্লানি বা অপৰাধবোধ। ২৭ বছৰীয়া এই অপৰাধীজনে তেওঁক শাস্তিৰ ৰায় শুনোৱা ন্যায়াধীশগৰাকীকো আক্ৰমণ কৰিবলৈ কুণ্ঠাবোধ নকৰিলে এই জঘন্য অপৰাধীজনে। এই ঘটনা সংঘটিত হৈছে গুজৰাটৰ ছুৰাটত।


বৃহস্পতিবাৰে ধৰ্ষণ-হত্যাৰ গোচৰত দোষী সাব্যস্ত হোৱা ২৭ বছৰীয়া সুজিত ছাকেট নামৰ লোকজনক যাৱজ্জীৱন কাৰাদণ্ডৰ ৰায় বিহিছিল ছুৰাটৰ এখন আদালতে। এই ৰায় শুনাৰ পাছতে উত্তেজিত হৈ পৰা লোকজনে ন্যায়াধীশলৈ চেণ্ডেল দলিয়াই আক্ৰমণ কৰে। বিগত এপ্ৰিল মাহত লোকজনে এটি ৫বছৰীয়া শিশুক ধৰ্ষণ কৰি হত্যা কৰিছিল। শিশুটি আছিল এজন প্ৰব্ৰজিত শ্ৰমিকৰ কন্যা। আদালতে ভুক্তভোগী পৰিয়ালটোক ২০লাখ টকাৰ ক্ষতিপূৰণ দিয়াৰো নিৰ্দেশ দিয়ে। তাৰ পাছতে উত্তেজিত হৈ হিতাহিত জ্ঞান হেৰুৱাই পেলায় লোকজনে। আৰু চেণ্ডেল খুলি ন্যায়াধীশলৈ নিক্ষেপ কৰে।

উল্লেখ্য যে, আৰক্ষীয়ে লোকজনক গ্ৰেপ্তাৰ কৰি প’কছ’ আইনৰ অধীনত গোচৰ ৰুজু কৰিছিল। লোকজনে ন্যায়াধীশক আক্ৰমণ কৰা এই ঘটনাৰ সময়ত আদালতত উপস্থিত থকা এগৰাকী অধিবক্তা বিনয় শৰ্মাই এই ঘটনাৰ বিষয়ে বিৱৰি কয় যে, ন্যায়াধীশে ৰায় শুনোৱাৰ পাছতে লোকজন উত্তেজিত হৈ পৰে আৰু তেওঁলৈ চেণ্ডেল খুলি নিক্ষেপ কৰে। লোকজনে দাবী কৰা মতে তেওঁক মিছাকৈ এই গোচৰৰ সৈতে সাঙোৰা হৈছে। আদালতে ২৯গৰাকী সাক্ষীৰ সাক্ষ্যৰ আধাৰত এই ৰায় দিছিল।


FOLLOW US F
POPULAR
FEATURE
TRENDY
দিল্লীৰ মুখ্যমন্ত্ৰী ৰেখা গুপ্তাক চৰ মাৰিছিল ৰিক্সাচালক ৰাজেশভাইয়ে; পূৰ্বেও তেওঁ কৰিছে বহু অপৰাধ ! পোহৰলৈ আহিল দীঘলীয়া তালিকা
ভাত কেৰেলা খাওক আৰু সুস্বাস্থ্য গঢ়ক; ইয়াৰ উপকাৰিতা জানিলে আপুনি আচৰিত হ’ব
উন্নত হৈছে চীন-ভাৰতৰ সম্পৰ্ক
বাঁহ গছত বগলীৰ বিয়লি মেল, নাৰায়ণপুৰত এজাক বগলীয়ে দৃষ্টি কাঢ়িছে বাটৰুৱাৰ
বিপদত অনলাইন গেমিং কোম্পানী! গৃহমন্ত্ৰীক প্ৰস্তাৱিত নিষেধাজ্ঞাৰ সন্দৰ্ভত হস্তক্ষেপৰ আহ্বান
এখন কিতাপে কৰিব নোৱাৰা কামো একোখন বিশেষ ফটোৱে কৰিব পাৰে
পুৰুষৰ বেশত ভগ্নীৰ শহুৰেকৰ ঘৰত প্ৰৱেশ কৰি ডেৰ কোটিৰো অধিক টকাৰ গহনা লুটি নিলে যুৱতীয়ে
বৃক্কৰ ৰোগত আক্ৰান্ত মেধাৱী ছাত্ৰী পূজা দাস!  আৰ্থিক সাহায্য বিচাৰি আকুল আহ্বান পৰিয়ালৰ
বিগত আঠ বছৰত উত্তৰ প্ৰদেশৰ কৃষি খণ্ডই ৰচিলে ইতিহাসঃমুখ্যমন্ত্ৰী যোগী
ডিফু জিলা কাৰাগাৰত এজন হাজোতীৰ মৃত্যুক লৈ তীব্ৰ চাঞ্চল্য
ডাৱৰ বিস্ফোৰণে কঁপালে জম্মু ; ঘটনাত মৃত্যু ১০ জন লোকৰ
'এই খেলুৱৈজনক চুক্তিতকৈ অধিক ধন দিয়া হৈছিল'-  CSKৰ ওপৰত অভিযোগ উত্থাপন ৰবিচন্দ্ৰন অশ্বিনৰ
মৰিগাঁৱত একেটা কোঠাতে চিপ লৈ বৃদ্ধ দম্পতীৰ চৰম সিদ্ধান্ত
ভৰ বাৰিষাও পর্যাপ্ত পানী নাই ব্রহ্মপুত্রত