--°C
Loading...
Listen to Article
2 min read
80%

ডিজিটেল ডেস্কঃ এয়াই নেকি ক’ভিডৰ ঢৌ৷ বিশ্বজুৰি পুনৰ বৃদ্ধি পাইছে ক’ভিড সংক্ৰমণ৷ সমগ্ৰ বিশ্বৰ লগতে ভাৰততো দ্ৰুতৰূপত সংক্ৰমিত ক’ভিড-১৯৷ দ্ৰুতগতিত কৰ’না ভাইৰাছৰ সংক্ৰমণ বৃদ্ধি পোৱা ঘটনাই এতিয়া মানুহৰ মাজত উত্তেজনা বৃদ্ধি কৰিছে। কৰ’না ভাইৰাছৰ সংক্ৰমণ মাত্ৰ এদিনত ৬৫ শতাংশ বৃদ্ধি পাইছে। মঙলবাৰে ভাৰতত কৰ’না ৰোগীৰ সংখ্যা আছিল ৯১৯৫ গৰাকী। স্বাস্থ্য-মন্ত্ৰালয়ে বুধবাৰৰ প্ৰতিবেদনত এই তথ্য প্ৰকাশ কৰিছে। বিগত ২৪ঘণ্টাত, ১৩,১৫৪ টা নতুন কৰ’না ৰোগী পঞ্জীয়ন কৰা হৈছে আৰু ২৬৮ জন কৰ’না সংক্ৰমিত লোকে প্ৰাণ হেৰুৱাইছে। তাৰোপৰি নতুন ষ্ট্ৰেইন অ’মিক্ৰনো দেশৰ ২২খন ৰাজ্য বিয়পি পৰিছে। দিল্লীত ২৬৩গৰাকীৰ দেহত আৰু মহাৰাষ্ট্ৰত ২৫২গৰাকীৰ দেহত অ’মিক্ৰন আক্ৰান্ত ধৰা পৰিছে, দেশত এতিয়ালৈকে অ’মিক্ৰন ৰোগীৰ সংখ্যা ৯৬১লৈ বৃদ্ধি হৈছে।

শেহতীয়াকৈ ভাৰতক লৈ অতি উদ্বেগজনক ভৱিষ্যদ্বাণী কৰিছে কেমব্ৰিজ বিশ্ববিদ্যালয়ৰ গৱেষকৰ দলে৷ কেমব্ৰিজ বিশ্ববিদ্যালয়ৰ জ্যেষ্ঠ অধ্যাপক পল কট্টুমেনৰ নেতৃত্বৰ এটা গৱেষক দলে ঘোষণা কৰিছে যে, কম সময়ৰ ভিতৰতে ভাৰতত কৰ’না সংক্ৰমণে ছানি ধৰিব, আৰু এই নতুন ঢৌক কৰ’না তৃতীয় ঢৌ হ’ব বুলি আশংকা কৰিছে গৱেশক দলে৷

সম্ভৱতঃ ভাৰতবৰ্ষত এই সপ্তাহতে ক’ভিডৰ তৃতীয় ঢৌ টুংগত হৈ উঠিব বুলি পাৰে৷ অৱশ্যে তৃতীয় ঢৌ দৈনিক কিমান লোক আক্ৰান্ত হ’ব, তাক লৈ কোনো ভৱিষ্যদ্বাণী কৰা নাই গৱেষক দলটোৱে৷ উল্লেখ্য যে পলৰ নেতৃত্বৰ গৱেষক দলে ভাৰত ক’ভিডৰ দ্বিতীয় ঢৌৰ আশংকা কৰিছিল, যিটো সম্পূৰ্ণৰূপে সঠিক আছিল৷ গতিকে গৱেষক দলটোৰ ভাৰতক লৈ কৰা এইবাৰৰ ভৱিষ্যদ্বাণী উদ্বেগ বৃদ্ধি কৰিছে৷

ইফালে ৰাজধানী চহৰ দিল্লীতো অ’মিক্ৰনৰ আতংকত সকলো বিদ্যালয়, চিনেমাগৃহ, জিম ইত্যাদি বন্ধ কৰি দিয়া লগতে ৰাজহুৱা সমাৱেশ নিষিদ্ধ কৰিছে৷ বিভিন্ন ৰাজ্য প্ৰশাসনে নিজা-ববীয়াকৈ সংক্ৰমণ ৰূধিবলৈ পদক্ষেপ গ্ৰহণ কৰিছে৷ অসমতো অ’মিক্ৰনক লৈ ডিব্ৰুগড়ত এক সন্দেহজনক ৰোগী পোৱা গৈছে৷ ৰাজ্য চৰকাৰেও এতিয়ালৈকে কোনো সজাগতামূলক ব্যৱস্থা গ্ৰহণ নকৰিলে বুলি ৰাইজে অভিযোগ ইত্থাপন কৰিছে, লগতে নৈশ-সান্ধ্যআইনৰ কোনো যুক্তিযুক্ততা বিছাৰি পোৱা নাই ৰাজ্যবাসীয়ে৷


FOLLOW US F
POPULAR
FEATURE
TRENDY
ৰাজ্য চৰকাৰে ৪ আগষ্টত ল'ব ১০০০ কোটিৰ ঋণ
শিৱসাগৰত বানে জুৰুলা কৰা লোকৰ অকথিত যন্ত্ৰণা; শাৰীৰিক সমস্যাৰ লগতে সৃষ্টি হৈছে গভীৰ মানসিক প্ৰত্যাহ্বান
শিমলুগুৰিৰ বান পৰিস্থিতিৰ বাবে কেইবাখনো গুৰুত্বপূৰ্ণ দূৰণিবটীয়া ৰে’লৰ পথ সলনি
গুৱাহাটীত পানী যোগানৰ পাইপলাইন, ভালভ আদিৰ ক্ষতি কৰিলে ভৰিব লাগিব ৫০০ টকা জৰিমনা
‘এয়াই মোৰ প্ৰথম আৰু শেষ ভুল’! মোদী আৰু প্ৰয়াত মাতৃক লৈ অশ্লীল মন্তব্য কৰা ৰুচিকা সিঙে দেশবাসীৰ ওচৰত বিচাৰিলে ক্ষমা
পুৱা খালী পেটত কি খাব লাগে? সবিশেষ জানি লওক
গ্লাছগোত পদক জয়ত ব্যৰ্থ ভাৰতীয় ভাৰোত্তোলক মাৰ্টিনা দেৱী
অসমৰ বানাক্ৰান্ত কৃষকক ১০০ দিনৰ আগতীয়া মজুৰিৰ দাবী, কেন্দ্ৰীয় গৃহমন্ত্ৰীৰ আশ্বাস
বানত তিনিচুকীয়াত ৮০০ মিটাৰ ৰেল ট্ৰেক উটি যোৱাৰ পিছত উ.পূ.সী.ৰে.ৰ মেৰামতি অভিযান
যোৰহাটত বানৰ বিভীষিকা: ঋণৰ বোজাৰে জুৰুলা পানগাঁওবাসী, চৰকাৰী সকাহে কিমান দূৰ পাব?
পুৱা খালী পেটত কি খাব লাগে? সবিশেষ জানি লওক
বন সংৰক্ষণ আৰু জীৱন ধাৰণৰ মান উন্নয়নৰ বাবে কামৰূপত বন বিভাগৰ ভেনিলা খেতিৰ প্ৰচাৰ
প্ৰণৱ দলেক জামিন প্ৰদান অসম আদালতৰ, জনসাধাৰণৰ উদ্বেগ নশুনিলে শান্তি বিঘ্নিত হোৱাৰ মন্তব্য
অসমত জামিন লাভৰ পিছতে থলুৱা অধিকাৰ কৰ্মীৰ বিৰুদ্ধে NSA প্ৰয়োগ