--°C
Loading...
Listen to Article
2 min read
80%

ডিজিটেল ডেস্কঃ এয়াই নেকি ক’ভিডৰ ঢৌ৷ বিশ্বজুৰি পুনৰ বৃদ্ধি পাইছে ক’ভিড সংক্ৰমণ৷ সমগ্ৰ বিশ্বৰ লগতে ভাৰততো দ্ৰুতৰূপত সংক্ৰমিত ক’ভিড-১৯৷ দ্ৰুতগতিত কৰ’না ভাইৰাছৰ সংক্ৰমণ বৃদ্ধি পোৱা ঘটনাই এতিয়া মানুহৰ মাজত উত্তেজনা বৃদ্ধি কৰিছে। কৰ’না ভাইৰাছৰ সংক্ৰমণ মাত্ৰ এদিনত ৬৫ শতাংশ বৃদ্ধি পাইছে। মঙলবাৰে ভাৰতত কৰ’না ৰোগীৰ সংখ্যা আছিল ৯১৯৫ গৰাকী। স্বাস্থ্য-মন্ত্ৰালয়ে বুধবাৰৰ প্ৰতিবেদনত এই তথ্য প্ৰকাশ কৰিছে। বিগত ২৪ঘণ্টাত, ১৩,১৫৪ টা নতুন কৰ’না ৰোগী পঞ্জীয়ন কৰা হৈছে আৰু ২৬৮ জন কৰ’না সংক্ৰমিত লোকে প্ৰাণ হেৰুৱাইছে। তাৰোপৰি নতুন ষ্ট্ৰেইন অ’মিক্ৰনো দেশৰ ২২খন ৰাজ্য বিয়পি পৰিছে। দিল্লীত ২৬৩গৰাকীৰ দেহত আৰু মহাৰাষ্ট্ৰত ২৫২গৰাকীৰ দেহত অ’মিক্ৰন আক্ৰান্ত ধৰা পৰিছে, দেশত এতিয়ালৈকে অ’মিক্ৰন ৰোগীৰ সংখ্যা ৯৬১লৈ বৃদ্ধি হৈছে।

শেহতীয়াকৈ ভাৰতক লৈ অতি উদ্বেগজনক ভৱিষ্যদ্বাণী কৰিছে কেমব্ৰিজ বিশ্ববিদ্যালয়ৰ গৱেষকৰ দলে৷ কেমব্ৰিজ বিশ্ববিদ্যালয়ৰ জ্যেষ্ঠ অধ্যাপক পল কট্টুমেনৰ নেতৃত্বৰ এটা গৱেষক দলে ঘোষণা কৰিছে যে, কম সময়ৰ ভিতৰতে ভাৰতত কৰ’না সংক্ৰমণে ছানি ধৰিব, আৰু এই নতুন ঢৌক কৰ’না তৃতীয় ঢৌ হ’ব বুলি আশংকা কৰিছে গৱেশক দলে৷

সম্ভৱতঃ ভাৰতবৰ্ষত এই সপ্তাহতে ক’ভিডৰ তৃতীয় ঢৌ টুংগত হৈ উঠিব বুলি পাৰে৷ অৱশ্যে তৃতীয় ঢৌ দৈনিক কিমান লোক আক্ৰান্ত হ’ব, তাক লৈ কোনো ভৱিষ্যদ্বাণী কৰা নাই গৱেষক দলটোৱে৷ উল্লেখ্য যে পলৰ নেতৃত্বৰ গৱেষক দলে ভাৰত ক’ভিডৰ দ্বিতীয় ঢৌৰ আশংকা কৰিছিল, যিটো সম্পূৰ্ণৰূপে সঠিক আছিল৷ গতিকে গৱেষক দলটোৰ ভাৰতক লৈ কৰা এইবাৰৰ ভৱিষ্যদ্বাণী উদ্বেগ বৃদ্ধি কৰিছে৷

ইফালে ৰাজধানী চহৰ দিল্লীতো অ’মিক্ৰনৰ আতংকত সকলো বিদ্যালয়, চিনেমাগৃহ, জিম ইত্যাদি বন্ধ কৰি দিয়া লগতে ৰাজহুৱা সমাৱেশ নিষিদ্ধ কৰিছে৷ বিভিন্ন ৰাজ্য প্ৰশাসনে নিজা-ববীয়াকৈ সংক্ৰমণ ৰূধিবলৈ পদক্ষেপ গ্ৰহণ কৰিছে৷ অসমতো অ’মিক্ৰনক লৈ ডিব্ৰুগড়ত এক সন্দেহজনক ৰোগী পোৱা গৈছে৷ ৰাজ্য চৰকাৰেও এতিয়ালৈকে কোনো সজাগতামূলক ব্যৱস্থা গ্ৰহণ নকৰিলে বুলি ৰাইজে অভিযোগ ইত্থাপন কৰিছে, লগতে নৈশ-সান্ধ্যআইনৰ কোনো যুক্তিযুক্ততা বিছাৰি পোৱা নাই ৰাজ্যবাসীয়ে৷


FOLLOW US F
POPULAR
FEATURE
TRENDY
দিল্লীৰ মুখ্যমন্ত্ৰী ৰেখা গুপ্তাক চৰ মাৰিছিল ৰিক্সাচালক ৰাজেশভাইয়ে; পূৰ্বেও তেওঁ কৰিছে বহু অপৰাধ ! পোহৰলৈ আহিল দীঘলীয়া তালিকা
ভাত কেৰেলা খাওক আৰু সুস্বাস্থ্য গঢ়ক; ইয়াৰ উপকাৰিতা জানিলে আপুনি আচৰিত হ’ব
উন্নত হৈছে চীন-ভাৰতৰ সম্পৰ্ক
বাঁহ গছত বগলীৰ বিয়লি মেল, নাৰায়ণপুৰত এজাক বগলীয়ে দৃষ্টি কাঢ়িছে বাটৰুৱাৰ
বিপদত অনলাইন গেমিং কোম্পানী! গৃহমন্ত্ৰীক প্ৰস্তাৱিত নিষেধাজ্ঞাৰ সন্দৰ্ভত হস্তক্ষেপৰ আহ্বান
এখন কিতাপে কৰিব নোৱাৰা কামো একোখন বিশেষ ফটোৱে কৰিব পাৰে
ডিফু জিলা কাৰাগাৰত এজন হাজোতীৰ মৃত্যুক লৈ তীব্ৰ চাঞ্চল্য
ডাৱৰ বিস্ফোৰণে কঁপালে জম্মু ; ঘটনাত মৃত্যু ১০ জন লোকৰ
'এই খেলুৱৈজনক চুক্তিতকৈ অধিক ধন দিয়া হৈছিল'-  CSKৰ ওপৰত অভিযোগ উত্থাপন ৰবিচন্দ্ৰন অশ্বিনৰ
মৰিগাঁৱত একেটা কোঠাতে চিপ লৈ বৃদ্ধ দম্পতীৰ চৰম সিদ্ধান্ত
ভৰ বাৰিষাও পর্যাপ্ত পানী নাই ব্রহ্মপুত্রত
যুদ্ধ বন্ধ নকৰিলে ইয়াৰ পৰিণতি ভয়ংকৰ হ'ব; পুটিনক সকীয়নি ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পৰ
ডিব্ৰুগড়ত 'হৰ ঘৰ তিৰংগা অভিযান' ৰূপায়ণ কেন্দ্রীয় মন্ত্ৰী সোণোৱালৰ
২০ বছৰৰ পাছত ভাৰতত অনুষ্ঠিত হ’ব কমনৱেলথ গেমছ ; ভাৰতীয় অলিম্পিক এছ’চিয়েশ্যনে জনালে অনুমোদন