--°C
Loading...
Listen to Article
2 min read
80%

ডিজিটেল ডেস্কঃ "প্ৰেমৰ কোনো সংস্কৃতি, সীমা, জাতি আৰু ধৰ্ম নাই। প্ৰেমে কোনো দুৰত্ব নামানে৷ সাত সাগৰ পাৰ হৈ তুৰ্কী এগৰাকী যুৱতী বিয়াত বহিল এজন ভাৰতীয় যুৱকৰ সৈতে৷ তুৰ্কীৰ এগৰাকী মহিলাই মঙলবাৰে এক পৰম্পৰাগত অনুষ্ঠানত গুন্টুৰৰ এজন পুৰুষৰ সৈতে বিবাহ পাশত আৱদ্ধ হৈছিল।

অন্ধ্ৰ প্ৰদেশৰ গুন্টুৰৰ বাসিন্দা মধু সংকীয়ৰ্থ নামৰ যুৱকজনে ২০১৬ চনত তুৰ্কীৰ গিজেমক লগ পাইছিল। গিজেম আৰু মধু এটা কামৰ প্ৰকল্পত দেখিছিল আৰু লাহে লাহে বন্ধু হৈ পৰিছিল। পিছত, মধু কামৰ বাবে তুৰস্কলৈ স্থানান্তৰিত হয়, য'ত গিজেম বাস কৰিছিল। পৰৱৰ্তী সময়ত দুয়ো প্ৰেমত পৰিছিল আৰু তেওঁলোকৰ বন্ধুত্ব ভালপোৱালৈ গতি কৰিলে।

অৱশ্যে, তেওঁলোকৰ এই সম্পৰ্ক দুয়োখন ঘৰে সমৰ্থন জনোৱা নাছিল, কিন্তু তেওঁলোকৰ ভালপোৱা ইমানেই গভীৰ আছিল যে, ঘৰখনেও তেওঁলোকৰ সম্পৰ্ক মানি লবলৈ বাধ্য হৈছিল। পিতৃ-মাতৃৰ সহমতৰ পাছত, দম্পতীহালে ২০১৯ বাগদান কৰিছিল, লগতে সিদ্ধান্ত হৈছিল যে তেওঁলোকে পৰৱৰ্তী বছৰত বিবাহ পাশত আৱদ্ধ হ'ব, কিন্তু কোভিডৰ বাবে তেওঁলোকৰ পৰিকল্পনা বাতিল কৰা হৈছিল। এতিয়া তেওঁলোকে দুয়োখন ঘৰৰ আত্মীয়ৰ উপস্থিতিত দুয়োগৰাকী বিয়াত বহে আৰু তেওঁলোকৰ বিয়াখন এতিয়া সামাজিক মাধ্যমত ভাইৰেল হৈ পৰিছে৷


FOLLOW US F
POPULAR
FEATURE
TRENDY
উন্নত হৈছে চীন-ভাৰতৰ সম্পৰ্ক
বাঁহ গছত বগলীৰ বিয়লি মেল, নাৰায়ণপুৰত এজাক বগলীয়ে দৃষ্টি কাঢ়িছে বাটৰুৱাৰ
বিপদত অনলাইন গেমিং কোম্পানী! গৃহমন্ত্ৰীক প্ৰস্তাৱিত নিষেধাজ্ঞাৰ সন্দৰ্ভত হস্তক্ষেপৰ আহ্বান
এখন কিতাপে কৰিব নোৱাৰা কামো একোখন বিশেষ ফটোৱে কৰিব পাৰে
দিল্লীৰ দৰিয়াগঞ্জত অঘটন,অট্টালিকা খহি ৩ জন লোকৰ মৃত্যু
চতিয়া দিৱসৰ কাৰ্যসূচীত মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মা
জিৰাৰ পানীয়ে আপোনাক ফিট আৰু স্বাস্থ্যকৰ কৰি তুলিব, এই ৪টা ধৰণে ব্যৱহাৰ কৰক
পুৰুষৰ বেশত ভগ্নীৰ শহুৰেকৰ ঘৰত প্ৰৱেশ কৰি ডেৰ কোটিৰো অধিক টকাৰ গহনা লুটি নিলে যুৱতীয়ে
বৃক্কৰ ৰোগত আক্ৰান্ত মেধাৱী ছাত্ৰী পূজা দাস!  আৰ্থিক সাহায্য বিচাৰি আকুল আহ্বান পৰিয়ালৰ
বিগত আঠ বছৰত উত্তৰ প্ৰদেশৰ কৃষি খণ্ডই ৰচিলে ইতিহাসঃমুখ্যমন্ত্ৰী যোগী
ডিফু জিলা কাৰাগাৰত এজন হাজোতীৰ মৃত্যুক লৈ তীব্ৰ চাঞ্চল্য
ডাৱৰ বিস্ফোৰণে কঁপালে জম্মু ; ঘটনাত মৃত্যু ১০ জন লোকৰ
'এই খেলুৱৈজনক চুক্তিতকৈ অধিক ধন দিয়া হৈছিল'-  CSKৰ ওপৰত অভিযোগ উত্থাপন ৰবিচন্দ্ৰন অশ্বিনৰ
মৰিগাঁৱত একেটা কোঠাতে চিপ লৈ বৃদ্ধ দম্পতীৰ চৰম সিদ্ধান্ত