--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ ছ’চিয়েল মিডিয়াত প্ৰায়ে একো একোটা বিষয় ভাইৰেল হৈ থাকে। এইবাৰ ভাইৰেল হৈ পৰিছে নাগালেণ্ডৰ এগৰাকী মন্ত্ৰীৰ টুইট। তেওঁৰ পোষ্টটোত বহু মানুহে জনাইছে সঁহাৰি। মেট্ৰিমনি এপ Shaadi.comৰ প্ৰতিষ্ঠাপকগৰাকীয়েও এই পোষ্টটোৰ সন্দৰ্ভত মন্তব্য কৰিছে, যাৰ উত্তৰ মন্ত্ৰীগৰাকীয়ে ধেমেলীয়াকৈ দিছে। এই মন্ত্ৰীগৰাকী হৈছে নাগালেণ্ডৰ উচ্চ শিক্ষা আৰু জনজাতি পৰিক্ৰমা মন্ত্ৰী আৰু নাগালেণ্ডৰ বিজেপিৰ ইউনিটৰ সভাপতি টেমজেন ইমনা এলং। তেওঁ কৰা এই টুইটটো তেওঁৰ পত্নীৰ বিষয়ে আছিল। দৰাচলতে টেমজেন ইমনা এলঙে গুগল চাৰ্চ বক্সৰ এটা স্ক্ৰীণশ্বট শ্বেয়াৰ কৰি এটা কেপশ্বন দিছিল, যিটো ভাইৰেল হৈ পৰিছে।

গুগল চাৰ্চ বক্সত তেওঁ নিজৰ নামৰ প্ৰথম ৫টা আখৰ টাইপ কৰিছিল। ইয়াৰ পাছতেই গুগলে তেওঁৰ সৈতে জড়িত বিষয়বস্তুৰ তালিকাখন দেখুৱাইছিল। এই তালিকাত প্ৰথম স্থানত আছে মন্ত্ৰী টেমজেন ইমনা এলঙৰ নাম। দ্বিতীয়টোত টেমজেন ইমনা এলঙৰ টুইটাৰ, তৃতীয়টোত টেমজেন ইমনা এলঙৰ বয়স আৰু চতুৰ্থটোত টেমজেন ইমনা এলঙৰ পত্নীৰ বিষয়ে আছিল। মানুহে আচলতে টেমজেন ইমনা এলঙৰ পত্নী কোন সেয়া জানিবৰ বাবে গুগলত চাৰ্চ কৰি থাকে। ইফালে টেমজনে এতিয়ালৈকে বিয়া পতা নাই।

৪১ বছৰীয়া মন্ত্ৰীজনে তেওঁৰ পত্নী কোন সেয়া চাৰ্চ কৰা সন্দৰ্ভত টুইট কৰে। তেওঁ লিখিছে- ''গুগল চাৰ্চে মোক এক্সাইটেড কৰি দিলে। মই এতিয়াও তেওঁক(পত্নী) বিচাৰি আছোঁ।'' টেমজেনৰ এই টুইট লগে লগে ভাইৰেল হৈ পৰে। ইয়াক এতিয়ালৈকে ৩৬ হাজাৰৰো অধিক লোকে লাইক কৰিছে। মেট্ৰিমনি এপ শ্বাডী ডটকমৰ প্ৰতিষ্ঠাপক অনুপম মিট্টালে নাগালেণ্ডৰ মন্ত্ৰী টেমজেনৰ এই পোষ্টটোত মন্তব্য কৰি লিখে-''কিবা এটা কৰিব লাগিব।'' এই টুইটৰ উত্তৰ দি মন্ত্ৰী টেমজেন ইমনা এলঙে কয়–''ভাই বৰ্তমান মই একদম বিন্দাচ আছোঁ। মই ছলমান ভাইৰ বিয়ালৈহে অপেক্ষা কৰি আছোঁ।''

কেৱল এয়াই নহয় শেহতীয়াকৈ তেওঁৰ এটা ভিডিঅ’ও ভাইৰেল হৈ পৰিছে ছ’চিয়েল মিডিয়াত। এই ভিডিঅ’টোত তেওঁ উত্তৰ-পূবৰ জনসাধাৰণৰ সৰু সৰু চকুৰ বিষয়ে কোৱা দেখা গৈছিল। টেমজেন ইমনা এলঙে সৰু চকুৰ সুবিধাৰ বিষয়ে বৰ্ণনা কৰিছিল। টেমজেনৰ কথা শুনি বহু মানুহে হাত চাপৰি বজাইছিল। তেওঁ কৈছিল-উত্তৰ-পূৰ্বাঞ্চলৰ জনসাধাৰণৰ চকু সৰু, কিন্তু আমি দূৰ-দূৰলৈ চাব পাৰো আৰু ভালকৈয়ে দেখোঁ। চকু সৰু হোৱাৰ বাবে আমাৰ চকুত মলি কমকৈ সোমায় আৰু আটাইতকৈ সহজ কথাটো হল যেতিয়া এটা অনুষ্ঠান বহুসময় ধৰি চলি থাকে তেতিয়া আমি সহজতে মঞ্চত শুবও পাৰো। মন্ত্ৰীগৰাকীৰ এই ৰসাল মন্তব্যই সকলোকে হঁহুৱাইছে আৰু মন্ত্ৰীগৰাকীৰ এই ৰসিকতাৰ সকলোৱে শলাগ লৈছে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
ই আই’-এ চিনাক্ত কৰিব ফ্ল’ৰাইড-আৰ্চেনিক; IIT গুৱাহাটীৰ গৱেষকৰ উদ্ভাৱন
১৯ দিনৰ পাছতো ভয়াৱহ ৰূপত অসমৰ বান পৰিস্থিতি
স্বাভাৱিক হ’ব ৰে’ল সেৱা; শিৱসাগৰত বানত ক্ষতিগ্ৰস্ত ৰে’লপথৰ মেৰামতি সম্পন্ন
ক্ষুদ্ৰ চাহ খেতিয়কৰ উল্লেখনীয় অৱদান; জুনত অসমৰ চাহ উৎপাদন ১৪.০২ মিলিয়ন কেজি বৃদ্ধি
৬০০সংখ্যক টেষ্ট খেলিব ভাৰতে; ১৫ আগষ্টত শ্ৰীলংকাৰ গালেত ৰচনা হ’ব ইতিহাস
শিৱসাগৰৰ অভিজিত দুৱৰাৰ উদ্ভাৱন; বানে ঢকা নলা-নৰ্দমা আৰু গাঁতৰ পৰা হোৱা বিপদ ৰোধিবলৈ সৌৰ সুৰক্ষা যন্ত্ৰ নিৰ্মাণ
অসমত বানৰ সংহাৰী ৰূপ: প্ৰায় ২ লাখ লোক গৃহহীন, জনজীৱন ব্যাহত
নতুন হাৰাংগাজাওত ৰে'লপথৰ অস্থিৰতা: লুমডিং-বদৰপুৰ খণ্ডত ৰে'ল সেৱাত ব্যাপক ব্যাঘাত
কুলছি বান্ধ প্ৰকল্পৰ বিৰুদ্ধে সীমান্তৱৰ্তী ৰাইজৰ তীব্ৰ প্ৰতিবাদ: প্ৰতিবেদন দাখিলৰ পিছতে পুনৰ জাগ্ৰত শংকা
জালুকবাৰীত তিনিটা নতুন আদৰ্শ অংগনৱাদী কেন্দ্ৰৰ শুভ উদ্বোধন
উজনি অসমৰ বান: প্ৰকৃতিৰ এক কঠোৰ বাৰ্তা আৰু আমাৰ কৰণীয়
নলবাৰী জিলা আয়ুক্তৰ অধ্যক্ষতাত স্বাস্থ্য বিভাগৰ কাৰ্যসূচীৰ ব্যাপক পৰ্যালোচনা
শিৱসাগৰত বানত আৱদ্ধ ১০০০ৰো অধিক লোকক স্থানীয় ৰাইজৰ সাহসিকতাৰে উদ্ধাৰ
ডিব্ৰুগড়ৰ গণেশ মন্দিৰৰ ভূমিত উচ্ছেদ অভিযানক লৈ বিতৰ্ক, স্থগিতাদেশ উলংঘাৰ অভিযোগ