--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ ছ’চিয়েল মিডিয়াত প্ৰায়ে একো একোটা বিষয় ভাইৰেল হৈ থাকে। এইবাৰ ভাইৰেল হৈ পৰিছে নাগালেণ্ডৰ এগৰাকী মন্ত্ৰীৰ টুইট। তেওঁৰ পোষ্টটোত বহু মানুহে জনাইছে সঁহাৰি। মেট্ৰিমনি এপ Shaadi.comৰ প্ৰতিষ্ঠাপকগৰাকীয়েও এই পোষ্টটোৰ সন্দৰ্ভত মন্তব্য কৰিছে, যাৰ উত্তৰ মন্ত্ৰীগৰাকীয়ে ধেমেলীয়াকৈ দিছে। এই মন্ত্ৰীগৰাকী হৈছে নাগালেণ্ডৰ উচ্চ শিক্ষা আৰু জনজাতি পৰিক্ৰমা মন্ত্ৰী আৰু নাগালেণ্ডৰ বিজেপিৰ ইউনিটৰ সভাপতি টেমজেন ইমনা এলং। তেওঁ কৰা এই টুইটটো তেওঁৰ পত্নীৰ বিষয়ে আছিল। দৰাচলতে টেমজেন ইমনা এলঙে গুগল চাৰ্চ বক্সৰ এটা স্ক্ৰীণশ্বট শ্বেয়াৰ কৰি এটা কেপশ্বন দিছিল, যিটো ভাইৰেল হৈ পৰিছে।

গুগল চাৰ্চ বক্সত তেওঁ নিজৰ নামৰ প্ৰথম ৫টা আখৰ টাইপ কৰিছিল। ইয়াৰ পাছতেই গুগলে তেওঁৰ সৈতে জড়িত বিষয়বস্তুৰ তালিকাখন দেখুৱাইছিল। এই তালিকাত প্ৰথম স্থানত আছে মন্ত্ৰী টেমজেন ইমনা এলঙৰ নাম। দ্বিতীয়টোত টেমজেন ইমনা এলঙৰ টুইটাৰ, তৃতীয়টোত টেমজেন ইমনা এলঙৰ বয়স আৰু চতুৰ্থটোত টেমজেন ইমনা এলঙৰ পত্নীৰ বিষয়ে আছিল। মানুহে আচলতে টেমজেন ইমনা এলঙৰ পত্নী কোন সেয়া জানিবৰ বাবে গুগলত চাৰ্চ কৰি থাকে। ইফালে টেমজনে এতিয়ালৈকে বিয়া পতা নাই।

৪১ বছৰীয়া মন্ত্ৰীজনে তেওঁৰ পত্নী কোন সেয়া চাৰ্চ কৰা সন্দৰ্ভত টুইট কৰে। তেওঁ লিখিছে- ''গুগল চাৰ্চে মোক এক্সাইটেড কৰি দিলে। মই এতিয়াও তেওঁক(পত্নী) বিচাৰি আছোঁ।'' টেমজেনৰ এই টুইট লগে লগে ভাইৰেল হৈ পৰে। ইয়াক এতিয়ালৈকে ৩৬ হাজাৰৰো অধিক লোকে লাইক কৰিছে। মেট্ৰিমনি এপ শ্বাডী ডটকমৰ প্ৰতিষ্ঠাপক অনুপম মিট্টালে নাগালেণ্ডৰ মন্ত্ৰী টেমজেনৰ এই পোষ্টটোত মন্তব্য কৰি লিখে-''কিবা এটা কৰিব লাগিব।'' এই টুইটৰ উত্তৰ দি মন্ত্ৰী টেমজেন ইমনা এলঙে কয়–''ভাই বৰ্তমান মই একদম বিন্দাচ আছোঁ। মই ছলমান ভাইৰ বিয়ালৈহে অপেক্ষা কৰি আছোঁ।''

কেৱল এয়াই নহয় শেহতীয়াকৈ তেওঁৰ এটা ভিডিঅ’ও ভাইৰেল হৈ পৰিছে ছ’চিয়েল মিডিয়াত। এই ভিডিঅ’টোত তেওঁ উত্তৰ-পূবৰ জনসাধাৰণৰ সৰু সৰু চকুৰ বিষয়ে কোৱা দেখা গৈছিল। টেমজেন ইমনা এলঙে সৰু চকুৰ সুবিধাৰ বিষয়ে বৰ্ণনা কৰিছিল। টেমজেনৰ কথা শুনি বহু মানুহে হাত চাপৰি বজাইছিল। তেওঁ কৈছিল-উত্তৰ-পূৰ্বাঞ্চলৰ জনসাধাৰণৰ চকু সৰু, কিন্তু আমি দূৰ-দূৰলৈ চাব পাৰো আৰু ভালকৈয়ে দেখোঁ। চকু সৰু হোৱাৰ বাবে আমাৰ চকুত মলি কমকৈ সোমায় আৰু আটাইতকৈ সহজ কথাটো হল যেতিয়া এটা অনুষ্ঠান বহুসময় ধৰি চলি থাকে তেতিয়া আমি সহজতে মঞ্চত শুবও পাৰো। মন্ত্ৰীগৰাকীৰ এই ৰসাল মন্তব্যই সকলোকে হঁহুৱাইছে আৰু মন্ত্ৰীগৰাকীৰ এই ৰসিকতাৰ সকলোৱে শলাগ লৈছে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
ফ্রান্স, কানাডা, ব্রিটেইনৰ পাছত আমেৰিকাৰ মিত্ৰ দেশৰ সিদ্ধান্ত; পেলেষ্টাইনক স্বীকৃতি দিব অষ্ট্ৰেলিয়াই
ট্রাম্পে চীনৰ বিৰুদ্ধে শুল্ক আৰোপৰ সিদ্ধান্ত লোৱা নাই: উপ-ৰাষ্ট্ৰপতি ভেন্স
ৰাজ্যবাসীৰ বাবে সু-খবৰ, চিৰিয়াখানাত কেশৰীয়ে জন্ম দিলে ৪টা সিংহৰ পোৱালি
অসম-মেঘালয় সীমান্তত পুনৰ উত্তপ্ত পৰিস্থিতি
ৰাহুল, খৰ্গেসহ ৩০০ সাংসদৰ নিৰ্বাচন আয়োগলৈ পদযাত্রাত বাধা
ৰূপহীহাট আৰক্ষীৰ জালত ড্ৰাগছসহ জালত পৰিল দুই সৰবৰাহকাৰী আনাৰুল হুছেইন আৰু আশ্বিক আলী
এই ৬ টা কথাই মানুহক ধ্বংস কৰে! প্ৰেমানন্দ মহাৰাজে কি ক’লে জানো আহক
ওড়িশা চৰকাৰৰ ডাঙৰ সিদ্ধান্ত!  এতিয়াৰে পৰা মহিলাক নিশা কাম কৰিবলৈ বাধ্য কৰাব নোৱাৰিব কোনো কোম্পানীয়ে
ভাৰতৰ বিৰুদ্ধে অধিক শুল্ক আৰোপৰ ভাবুকি ট্রাম্পৰ
পানী খোৱাৰ সময়ত এই ৩টা ভুল নকৰিব, নহ'লে স্বাস্থ্যৰ অৱনতি ঘটিব
'দুই নম্বৰী ধান্দাৰ সদাগৰ' বাপ্তি হাজৰিকা! কেৱল নাৰী দেহ ব্যৱসায়েই নহয় আৰু কি কি যে অপকৰ্ম কৰা নাই বাপ্তিয়ে
ট্রাম্পক প্ৰথমবাৰ মুকলি প্ৰত্যুত্তৰ ভাৰতৰ
জম্মু-কাশ্মীৰৰ প্ৰাক্তন ৰাজ্যপাল সত্যপাল মালিকৰ মৃত্যু
ভাৰতৰ পক্ষ লৈ ট্রাম্পক উভতি ধৰিলে মস্কোৱে