--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃপুনৰ চৰ্চালৈ আহিছে গুজৰাটৰ  মুন্দ্ৰা বন্দৰ। দেশৰ বিভিন্ন প্ৰান্তলৈ এই বন্দৰৰ জৰিয়তেই ড্ৰাগছৰ চোৰাং বেহা অব্যাহত থকাৰ কথা পোহৰলৈ অহাৰ সময়তে আজি পুনৰ বৃহৎ পৰিমাণৰ হেৰোইন ধৰা পৰে বন্দৰটোত। গুজৰাটৰ সন্ত্ৰাসবাদী বিৰোধী গোটে চলোৱা অভিযানৰ সময়তে কচ্ছ জিলাৰ মুন্দ্ৰা বন্দৰৰ ওচৰৰ এটা কন্টেইনাৰৰ পৰা প্ৰায় ৭০ কিলোগ্ৰাম হেৰোইন জব্দ কৰা হয়। 

চৰকাৰী ভাবে প্ৰকাশ কৰা তথ্য অনুসৰি  এই হেৰোইন খিনিৰ  মূল্য ৩৫০ কোটি টকাতকৈও অধিক হ’ব। হেৰোইনৰ সন্ধানত অভিযান এতিয়াও চলি আছে।  জব্দ কৰা নিষিদ্ধ হেৰোইনৰ পৰিমাণ আৰু মূল্য বৃদ্ধি হ’ব পাৰে বুলি  চৰকাৰী সূত্ৰই প্ৰকাশ কৰিছে। 

এক গোপন সূত্ৰৰ তথ্যৰ  আধাৰত  এ.টি.এছ.-ৰ এটা দলে এখন জাহাজৰ কণ্টেইনাৰত  তন্নতন্ন কৈ তালাচী চলাইছিল। সেই তালাচীৰ সময়তে বৃহৎ পৰিমাণৰ হেৰোইন খিনি জব্দ হয়। জাহাজ খন বিদেশৰ  পৰা আহিছিল ।এ.টি.এছ.-এ কাৰ্গোত লুকুৱাই থোৱা প্ৰায় ৭০ কিলোগ্ৰাম হেৰোইন জব্দ কৰিবলৈ সক্ষম হৈছে যদিও হেৰোইন খিনি কোনে ভাৰতলৈ আনিছিল সেই তথ্য উদ্ঘাটন কৰিবলৈ সক্ষম হোৱা নাই। উল্লেখ্য বিগত কিছুদিনত বিভিন্ন ৰাজ্যিক আৰু কেন্দ্ৰীয় সংস্থা,  এটিএছ ,ৰাজহ সঞ্চালকালয়, চোৰাংচোৱাই  আন দেশৰ পৰা গুজৰাটৰ বন্দৰত উপস্থিত হোৱা বহু জাহাজৰ কণ্টেইনাৰৰ পৰা কোটি কোটি টকাৰ ড্ৰাগছ জব্দ কৰিছে। 

যোৱা বছৰ ছেপ্টেম্বৰত ডিআৰআইয়ে মুন্দ্ৰা বন্দৰত দুটা কণ্টেইনাৰৰ পৰা প্ৰায় ৩,০০০ কিলোগ্ৰাম হেৰোইন জব্দ কৰিছিল। সেই নিচাযুক্ত দ্ৰব্য খিনি আফগানিস্তানত উৎপন্ন হৈছিল আৰু বিশ্বৰ বজাৰত ইয়াৰ মূল্য প্ৰায় ২১,০০০ কোটি টকা হ’ব  বুলি ধাৰণা কৰা হৈছিল। চলিত বছৰৰ মে’ মাহত ডিআৰআইয়ে মুন্দ্ৰা বন্দৰৰ ওচৰৰ এটা কণ্টেইনাৰৰ  পৰা প্ৰায় ৫০০ কোটি টকা মূল্যৰ ৫৬ কিলোগ্ৰাম কোকেইন জব্দ কৰিছিল। এপ্ৰিলত ডিআৰআইয়ে কচ্ছৰ কান্দলা বন্দৰৰ ওচৰৰ এটা কণ্টেইনাৰৰ পৰা ১,৪৩৯  কোটি টকাৰ ২০৫.৬ কিলোগ্ৰাম হেৰোইন জব্দ কৰিছিল। 

প্ৰায় একে সময়তে  গুজৰাট এটিএছ আৰু ডিআৰআই  আন এক কণ্টেইনাৰ জব্দ কৰিছিল। ইৰাণৰ পৰা আমৰেলী জিলাৰ পিপাভাভ বন্দৰলৈ অহা এখন জাহাজৰ কণ্টেইনাৰৰ  পৰা ৪৫০ কোটি টকা মূল্যৰ  প্ৰায় ৯০ কিলোগ্ৰাম হেৰোইন উদ্ধাৰ কৰা হৈছিল।

FOLLOW US F
POPULAR
FEATURE
TRENDY
ফ্রান্স, কানাডা, ব্রিটেইনৰ পাছত আমেৰিকাৰ মিত্ৰ দেশৰ সিদ্ধান্ত; পেলেষ্টাইনক স্বীকৃতি দিব অষ্ট্ৰেলিয়াই
ট্রাম্পে চীনৰ বিৰুদ্ধে শুল্ক আৰোপৰ সিদ্ধান্ত লোৱা নাই: উপ-ৰাষ্ট্ৰপতি ভেন্স
ৰাজ্যবাসীৰ বাবে সু-খবৰ, চিৰিয়াখানাত কেশৰীয়ে জন্ম দিলে ৪টা সিংহৰ পোৱালি
অসম-মেঘালয় সীমান্তত পুনৰ উত্তপ্ত পৰিস্থিতি
ৰাহুল, খৰ্গেসহ ৩০০ সাংসদৰ নিৰ্বাচন আয়োগলৈ পদযাত্রাত বাধা
ৰূপহীহাট আৰক্ষীৰ জালত ড্ৰাগছসহ জালত পৰিল দুই সৰবৰাহকাৰী আনাৰুল হুছেইন আৰু আশ্বিক আলী
এই ৬ টা কথাই মানুহক ধ্বংস কৰে! প্ৰেমানন্দ মহাৰাজে কি ক’লে জানো আহক
ওড়িশা চৰকাৰৰ ডাঙৰ সিদ্ধান্ত!  এতিয়াৰে পৰা মহিলাক নিশা কাম কৰিবলৈ বাধ্য কৰাব নোৱাৰিব কোনো কোম্পানীয়ে
ভাৰতৰ বিৰুদ্ধে অধিক শুল্ক আৰোপৰ ভাবুকি ট্রাম্পৰ
পানী খোৱাৰ সময়ত এই ৩টা ভুল নকৰিব, নহ'লে স্বাস্থ্যৰ অৱনতি ঘটিব
'দুই নম্বৰী ধান্দাৰ সদাগৰ' বাপ্তি হাজৰিকা! কেৱল নাৰী দেহ ব্যৱসায়েই নহয় আৰু কি কি যে অপকৰ্ম কৰা নাই বাপ্তিয়ে
ট্রাম্পক প্ৰথমবাৰ মুকলি প্ৰত্যুত্তৰ ভাৰতৰ
জম্মু-কাশ্মীৰৰ প্ৰাক্তন ৰাজ্যপাল সত্যপাল মালিকৰ মৃত্যু
ভাৰতৰ পক্ষ লৈ ট্রাম্পক উভতি ধৰিলে মস্কোৱে