--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃপুনৰ চৰ্চালৈ আহিছে গুজৰাটৰ  মুন্দ্ৰা বন্দৰ। দেশৰ বিভিন্ন প্ৰান্তলৈ এই বন্দৰৰ জৰিয়তেই ড্ৰাগছৰ চোৰাং বেহা অব্যাহত থকাৰ কথা পোহৰলৈ অহাৰ সময়তে আজি পুনৰ বৃহৎ পৰিমাণৰ হেৰোইন ধৰা পৰে বন্দৰটোত। গুজৰাটৰ সন্ত্ৰাসবাদী বিৰোধী গোটে চলোৱা অভিযানৰ সময়তে কচ্ছ জিলাৰ মুন্দ্ৰা বন্দৰৰ ওচৰৰ এটা কন্টেইনাৰৰ পৰা প্ৰায় ৭০ কিলোগ্ৰাম হেৰোইন জব্দ কৰা হয়। 

চৰকাৰী ভাবে প্ৰকাশ কৰা তথ্য অনুসৰি  এই হেৰোইন খিনিৰ  মূল্য ৩৫০ কোটি টকাতকৈও অধিক হ’ব। হেৰোইনৰ সন্ধানত অভিযান এতিয়াও চলি আছে।  জব্দ কৰা নিষিদ্ধ হেৰোইনৰ পৰিমাণ আৰু মূল্য বৃদ্ধি হ’ব পাৰে বুলি  চৰকাৰী সূত্ৰই প্ৰকাশ কৰিছে। 

এক গোপন সূত্ৰৰ তথ্যৰ  আধাৰত  এ.টি.এছ.-ৰ এটা দলে এখন জাহাজৰ কণ্টেইনাৰত  তন্নতন্ন কৈ তালাচী চলাইছিল। সেই তালাচীৰ সময়তে বৃহৎ পৰিমাণৰ হেৰোইন খিনি জব্দ হয়। জাহাজ খন বিদেশৰ  পৰা আহিছিল ।এ.টি.এছ.-এ কাৰ্গোত লুকুৱাই থোৱা প্ৰায় ৭০ কিলোগ্ৰাম হেৰোইন জব্দ কৰিবলৈ সক্ষম হৈছে যদিও হেৰোইন খিনি কোনে ভাৰতলৈ আনিছিল সেই তথ্য উদ্ঘাটন কৰিবলৈ সক্ষম হোৱা নাই। উল্লেখ্য বিগত কিছুদিনত বিভিন্ন ৰাজ্যিক আৰু কেন্দ্ৰীয় সংস্থা,  এটিএছ ,ৰাজহ সঞ্চালকালয়, চোৰাংচোৱাই  আন দেশৰ পৰা গুজৰাটৰ বন্দৰত উপস্থিত হোৱা বহু জাহাজৰ কণ্টেইনাৰৰ পৰা কোটি কোটি টকাৰ ড্ৰাগছ জব্দ কৰিছে। 

যোৱা বছৰ ছেপ্টেম্বৰত ডিআৰআইয়ে মুন্দ্ৰা বন্দৰত দুটা কণ্টেইনাৰৰ পৰা প্ৰায় ৩,০০০ কিলোগ্ৰাম হেৰোইন জব্দ কৰিছিল। সেই নিচাযুক্ত দ্ৰব্য খিনি আফগানিস্তানত উৎপন্ন হৈছিল আৰু বিশ্বৰ বজাৰত ইয়াৰ মূল্য প্ৰায় ২১,০০০ কোটি টকা হ’ব  বুলি ধাৰণা কৰা হৈছিল। চলিত বছৰৰ মে’ মাহত ডিআৰআইয়ে মুন্দ্ৰা বন্দৰৰ ওচৰৰ এটা কণ্টেইনাৰৰ  পৰা প্ৰায় ৫০০ কোটি টকা মূল্যৰ ৫৬ কিলোগ্ৰাম কোকেইন জব্দ কৰিছিল। এপ্ৰিলত ডিআৰআইয়ে কচ্ছৰ কান্দলা বন্দৰৰ ওচৰৰ এটা কণ্টেইনাৰৰ পৰা ১,৪৩৯  কোটি টকাৰ ২০৫.৬ কিলোগ্ৰাম হেৰোইন জব্দ কৰিছিল। 

প্ৰায় একে সময়তে  গুজৰাট এটিএছ আৰু ডিআৰআই  আন এক কণ্টেইনাৰ জব্দ কৰিছিল। ইৰাণৰ পৰা আমৰেলী জিলাৰ পিপাভাভ বন্দৰলৈ অহা এখন জাহাজৰ কণ্টেইনাৰৰ  পৰা ৪৫০ কোটি টকা মূল্যৰ  প্ৰায় ৯০ কিলোগ্ৰাম হেৰোইন উদ্ধাৰ কৰা হৈছিল।

FOLLOW US F
POPULAR
FEATURE
TRENDY
পুনৰ বহিঃৰাজ্যত দুৰ্বৃত্তই আক্ৰমণ কৰিলে অসমীয়া যুৱকক; গুৰুতৰভাৱে আহত
২৬ৰ পৰা ৩১ অক্টোবৰলৈ গুৱাহাটীৰ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত আন্তঃৰাষ্ট্ৰীয় সংগীত কর্মশালা
পখিলা খেদা বয়সত মৃত্যুৰ সৈতে যুঁজ পীযুষৰ; সহায় ভিক্ষা বিচাৰি ৰাইজক কাতৰ আহ্বান অসহায় আইতাকৰ
আজি বিশ্ব গঁড় দিৱস; সুৰক্ষা আৰু সচেতনতাই ৰক্ষা কৰিব পাৰে এই অমূল্য সম্পদ
দেশত স্থাপন হ’ব ২২টা ডিজিটেল ইণ্টেলিজেন্স লেব
খেলাৰ পাছত গা ধুবলৈ নামিছিল নৈত; বাক্সাৰ পল্লা নৈত সলিল সমাধি দুই কিশোৰৰ
মুখ্যমন্ত্ৰী শুভেন্দু অধিকাৰীয়ে দিলে সেউজ সংকেত; পশ্চিমবংগত স্থাপন হ’ব ক্ষেপণাস্ত্ৰ পৰীক্ষণ ক্ষেত্র
ফ্রিজত চিকেন কিমান দিন সুৰক্ষিত থাকে? জানক সঠিক নিয়ম
গোসাঁইগাঁৱৰ শ্ৰীৰামপুৰত বৃহৎ পৰিমাণৰ চেগুন কাঠ জব্দ; গ্ৰেপ্তাৰ দুজন
মণি প্লাণ্ট লহপহীয়া কৰি তুলিবলৈ পাকঘৰৰ এই ৩ টা বস্তু ব্যৱহাৰ কৰক
ৰঙিয়াত পুনৰ উৎখাত মানৱ সৰবৰাহকাৰী চক্ৰ; তিনিগৰাকী যুৱকক উদ্ধাৰ
সোণাপুৰৰ জুবিনক্ষেত্ৰত আজিৰে পৰা তিনিদিনীয়া কাৰ্যসূচীৰে জুবিন দিৱস
দক্ষিণ শালমাৰাৰ এখন ঘৰ বজ্ৰপাতত সম্পূৰ্ণৰূপে ভস্মীভূত
লিডুত ডেৰ কোটি টকাৰ ড্ৰাগছ জব্দ; দুজনক গ্ৰেপ্তাৰ