--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: ভাৰতীয় ছবিত অতি কম সংখ্যক প্লেবেক গায়ক-গায়িকা আছে।সোণালী যুগৰ সুৰাইয়া আৰু নুৰজাহান আছিল এনেধৰণৰ গায়িকা-অভিনেত্ৰীৰ অন্যতম উদাহৰণ। ইয়াৰ পাছতে সত্তৰৰ দশকত বোম্বাইলৈ আন এগৰাকী প্লেবেক গায়িকা আহিছিল  তেওঁ হৈছে সুলক্ষণা পণ্ডিত। কেৰিয়াৰৰ আৰম্ভণিতে তাই সঁচাকৈয়ে এগৰাকী ধুনীয়া যুৱতী আছিল। কিন্তু ব্যৰ্থ প্ৰেমৰ বাবে হেৰাই গ’ল ‘সত্তৰ দশকৰ দিব্যা ’সুলক্ষণা। নামৰ আগত বোম্বাইৰ সাংবাদিকসকলে ‘হট’ শব্দটো লিখা নায়িকাগৰাকীৰ আজি ব্যৰ্থ সকলোতে।

আচলতে একপক্ষীয় প্ৰেম সচাকৈয়ে মাৰাত্মক। আঘাত পালে তাৰ পৰা উভতি অহাটো বৰ কঠিন। হয়তো বহুতেই নোৱাৰে। ছবিত মুখ্য নায়িকা কিন্তু বাস্তৱত এগৰাকী ব্যৰ্থ প্ৰেমিকা আছিল সুলক্ষণা ।

তেওঁৰ প্ৰকৃত নাম সুলক্ষণা প্ৰতাপ নাৰায়ণ পণ্ডিত। এটা সংগীত পৰিয়ালত জন্ম। হাৰিয়ানা ৰাজ্যৰ হিসাৰ (বৰ্তমানৰ ফতেহাবাদ) জিলাৰ পিলিমন্দোৰী গাঁৱত সুলক্ষণাৰ জন্ম হৈছিল। তেওঁৰ ককাক আছিল বিখ্যাত শাস্ত্ৰীয় কণ্ঠশিল্পী আৰু কিংবদন্তি পণ্ডিত যশৰাজ। সুলক্ষণাৰ দুই ভাতৃ পাছলৈ বলীউডৰ বিখ্যাত সংগীতজ্ঞ যতীন আৰু ললিত হৈ পৰিল। লতা মংগেশকাৰৰ সৈতে ‘সত সমুন্দৰ পাৰ ছে’ গাই ১৯৬৭ চনত ‘টকদীৰ’ ছবিত শিশু কণ্ঠশিল্পী হিচাপে গায়িকা জীৱন আৰম্ভ কৰিছিল সুলক্ষণাই। ইয়াৰ পাছত তেওঁ হেমন্ত মুখোপাধ্যায় আৰু কিশোৰ কুমাৰৰ দৰে বিখ্যাত সংগীতজ্ঞৰ সৈতে গীত বাণীবদ্ধ কৰে। তেওঁ হিন্দী, বাংলা, মাৰাঠী, উড়িয়া আৰু গুজৰাটী ভাষাত গীত গাইছে। সুলক্ষনাই আগতে কিশোৰ কুমাৰ আৰু ৰফীৰ সৈতে কনচাৰ্টত গান গাইছিল। সংকল্প (১৯৭৫)ৰ  ‘তু হী সাগৰ হায়, তু হী কিনাৰ’ গীতটোৰ বাবে তেওঁ ১৯৭৫ চনত শ্ৰেষ্ঠ মহিলা গায়িকাৰ ফিল্মফেয়াৰ বঁটা লাভ কৰিছিল।

হেমন্ত মুখাৰ্জীয়ে  ‘ৰহগীৰ’ (Rahgir)ছবিখনত গান গোৱাৰ সময়ত সুলক্ষণাক উপদেশ দিছে যে তেওঁৰ গায়িকা হোৱাৰ লগতে নায়িকা  হোৱাৰ‌ প্ৰতিভাও আছে। মুখাৰ্জীৰ কথাত সুলক্ষণাই প্ৰথমে মান্তি হোৱা নাছিল। কিন্তু পিতৃৰ মৃত্যু আৰু দৰিদ্ৰতাৰ বাবে পৰিয়াল চলাবলৈ ছবিত যোগদান কৰে সুলক্ষণাই। 

১৯৭৫ চনত সঞ্জীৱ কুমাৰৰ সৈতে অভিনয় কৰা ছাচপেন্স থ্ৰিলাৰ ছবি ( Suspense thriller movie)‘উলজাহান’ৰ জৰিয়তে তেওঁৰ অভিনয় জীৱনৰ আৰম্ভণি হৈছিল। প্ৰথমখন চিনেমাতে প্ৰথমবাৰৰ বাবে ছুপাৰষ্টাৰ সঞ্জীৱ কুমাৰৰ প্ৰেমত পৰিছিল সুলক্ষণা। তেতিয়া সঞ্জীৱ কুমাৰ আছিল এজন ব্যৰ্থ প্ৰেমিক। প্ৰথম প্ৰেম প্ৰত্যাখ্যান হৈছিল হেমা মালিনীৰ পৰা। সেই সময়ত সুলক্ষনাই সঞ্জীৱ কুমাৰৰ ঘাঁত মলম লগাব বিচাৰিছিল অৰ্থাৎ তেওঁৰ কাষ চাপিছিল।

কিন্তু সঞ্জীৱ কুমাৰে তেওঁক কেতিয়াও ভাল পোৱা নাছিল। দুয়ো একেলগে ফটো তুলিলেও সঞ্জীৱে হেমাৰ ঠাই সুলক্ষনাক নিদিলে। হেমাৰ বিচ্ছেদত সঞ্জীৱ মদ্যপান কৰিছিল যাৰ বাবে তেওঁৰ হাৰ্ট এটেক হৈছিল। তেওঁ আমেৰিকালৈ গৈ বাইপাছ অস্ত্ৰোপচাৰ কৰে। সুলক্ষনাই সুস্থ হোৱাৰ সময়ত তেওঁৰ লগত আছিল। নিজৰ কেৰিয়াৰ পাহৰি তেওঁ আগতে নিজৰ মনৰ মানুহজনৰ সেৱা কৰিছিল।

এবাৰ মন্দিৰত সুলক্ষনাই সঞ্জীৱকসেন্দুৰ দিবলৈ কোৱাত সঞ্জীৱে স্পষ্টকৈ উত্তৰ দিয়ে যে তেওঁৰ প্ৰথম প্ৰেম হেমা তেওঁৰ পত্নীৰ ঠাইতো একমাত্ৰ হেমাই । সেই সময়ত হেমা ধৰ্মেন্দ্ৰৰ ঘৰৰ সতীৰ্থ। সঞ্জীৱৰ দ্বাৰা প্ৰত্যাখ্যান হোৱাৰ পাছত সুলক্ষনা আৰু ভাঙি যায়। সুলক্ষনাই ৰাজেশ খান্না, জীতেন্দ্ৰ, বিনোদ খান্না, ঋষি কাপুৰ, ৰাজ বাব্বৰ, ৰাকেশ ৰোশনৰ সৈতে কাম কৰিছে। কিন্তু তেওঁৰ মনত আছিল মাথোঁ সঞ্জীৱ।

অত্যধিক মদ্যপানৰ বাবে ১৯৮৫ চনত ৪৬ বছৰ বয়সত ব্যাপক হাৰ্ট এটেকত আক্ৰান্ত হৈ মৃত্যু হয় সঞ্জীৱ কুমাৰৰ। তেতিয়াৰ পৰা সুলক্ষনাই নিজকে গৃহবন্দী কৰি ৰাখিছে। মাতৃৰ মৃত্যুত তেওঁ আৰু অধিক আহত হয়। ছবি অহা অফাৰো  বন্ধ হৈ গ’ল। সুলক্ষনাই কয়, ‘মই তেতিয়া জানিছিলোঁ যে মই মুখ্য চৰিত্ৰ হ’বলৈ অফাৰ নাপাম। কিন্তু মোৰ কণ্ঠ ভাল আছিল। মোকো প্লেবেকৰ বাবে কিয় ফোন কৰা নাছিল!'

সঞ্জীৱ কুমাৰৰ প্ৰতি থকা মৰমৰ বাবেই সুলক্ষণাই কেতিয়াও বিয়া নকৰালে। এই ত্যাগো কম ত্যাগ নহয়। সঞ্জীৱেও হেমাক ভাল পাইছিল আৰু আজীৱন একেটা ব্ৰত পালন কৰিছিল। পিছলৈ আৰ্থিক অসুবিধাৰ বাবে সুলক্ষণাই ঘৰৰ সকলো আচবাব বিক্ৰী কৰি এটা খালী ফ্লেটত অকলে থাকিবলৈ লয়। ফ্লেটটো মেৰামতি কৰিবলৈ টকা নাছিল। ঋণৰ বোজাও মূৰত আছিল। শেষত জিতেন্দ্ৰই সুলক্ষনাৰ কথাত সন্মতি দি ঘৰটো বিক্ৰী কৰি সুলক্ষণাৰ বাবে এটা সৰু ফ্লেট কিনিলে যদিও তেওঁ এটা ফ্লেট ভাড়ালৈ দি ভনীয়েক বিজয়েতাৰ লগত থাকে।

বহু উৰাবাতৰি চলিছিল যে ব্যৰ্থ প্ৰেমৰ বাবে সুলক্ষনা উন্মাদ হৈ পৰিছে। আচলতে তেওঁ ডিপ্ৰেছনত সোমাই পৰিছিল। ভনী বিজয়েতাই কয়, দিদিয়ে আজিকালি ৰেডিঅ’ত নিজাকৈ মিউজিক শ্ব’ আৰু ভক্তিমূলক গীত শুনি থাকে। ভগ্নীপতি আদেশ শ্ৰীবাস্তৱে বিচাৰিছিল সুলক্ষনাই এটা ভক্তিমূলক এলবামত গান গাওক। কিন্তু আদেশৰ অকাল মৃত্যু হোৱাত  তেওঁৰ সেই ইচ্ছাও পূৰণ নহ’ল। সুলক্ষনাই বিজয়েতা আৰু আদেশৰ দুই পুত্ৰক মাতৃ সদৃশ মৰম কৰে।

কিন্তু আজি সুলক্ষণা সকলোতে ব্যৰ্থ । বাথৰুমত পৰি তেওঁৰ নিতম্ব ভাঙি যায়। অস্ত্ৰোপচাৰৰ পাছতো নায়িকাগৰাকীয়ে সঠিকভাৱে খোজ কাঢ়িবলৈ অসুবিধা পাইছে। দুই ভগ্নী লগতে থাকে যদিও এসময়ৰ আটাইতকৈ ব্যস্ত অভিনেত্ৰী তথা গায়িকাগৰাকী আজি বন্ধ কোঠাত আবদ্ধ। 

ভাবিলে আচৰিত লাগে যে এসময়ত বলীউড শাসন কৰা বহু পৰিয়ালে এতিয়া প্ৰায় টকা নোহোৱাকৈয়ে দিন পাৰ কৰিছে! ৬বছৰীয়া নায়িকাগৰাকীক দেখি তেওঁৰ যৌৱনকালৰ চেহেৰাৰ লগত মিলাবলৈ টান হৈছে। জাৰণ, আৰ্থিক সংকট, নিসংগতা বহু শিল্পীৰ জীৱনৰ মেৰুদণ্ড। কিছুদিন পূৰ্বে প্ৰসেনজিতৰ সৈতে এটা ৰিয়েলিটি শ্ব’ৰ বাবে কলকাতাত আছিল বিজয়েতা । কিন্তু প্ৰাপ্তবয়স্ক হৈ অহাৰ বাবেই বলীউডত এতিয়া এই দুগৰাকী ভগ্নীক স্মৰণ কৰা নহয়।

FOLLOW US F
POPULAR
FEATURE
TRENDY
দুৰ্যোগৰ সময়ত মানুহক বিভ্ৰান্ত একাংশৰ; AI ভিডিঅ’ৰ জৰিয়তে অসমৰ বানপীড়িতৰ ভুৱা উদ্ধাৰ অভিযানৰ প্ৰচাৰ
প্ৰধানমন্ত্ৰীৰ বিৰুদ্ধে অশোভনীয় মন্তব্য: CJPৰ প্ৰতিবাদকাৰীসকলৰ ওপৰত দিল্লী পুলিচৰ কঠোৰ পদক্ষেপ
সাৱধান! অসমত প্ৰচণ্ড বৰষুণ, বানপানী আৰু ভূমিস্খলনৰ আশংকা
পশ্চিমবংগত প্ৰাক্তন বাছ চালকৰ ঘৰত চলিল অভিযান; উদ্ধাৰ প্ৰায় ২৯ কোটি টকা নগদ ধন আৰু ১৫ কেজি সোণ
শ্রীকোনাত ট্ৰাকৰ খুন্দাত দুজন অট’ যাত্ৰীৰ মৃত্যু, গুৰুতৰভাৱে আহত ৩
হালধি আৰু গুৰ একেলগে খোৱাৰ অদ্ভুত লাভালাভৰ বিষয়ে আপুনি জানেনে?
কৃষ্ণকান্ত সন্দিকৈ মুক্ত বিশ্ববিদ্যালয়ৰ মঙলদৈত ৭০০ শিক্ষাৰ্থীক ডিগ্ৰী প্ৰদান
লক্ষ্মী টি-ক ৰাষ্ট্ৰীয় POSH উৎকৰ্ষ বঁটা প্ৰদান: অসমৰ চাহ বাগিচাত সুৰক্ষিত কৰ্মক্ষেত্ৰৰ বাবে স্বীকৃতি
ত্ৰিষ্ণা বৰ্মনক ১৪ দিনৰ ন্যায়িক জিম্মালৈ প্ৰেৰণ আদালতৰ
ছাত্ৰ প্ৰতিবাদকাৰীক আটক কৰা ঘটনাক লৈ নগাঁও আৰক্ষীক তীব্ৰ সমালোচনা CPI-ৰ
শোণিতপুৰ কৃষি বিজ্ঞান কেন্দ্ৰৰ কৃষক সজাগতা কৰ্মশালা
সৰ্ব তিৱা ছাত্ৰ সন্থাৰ প্ৰতিনিধি দলৰ মুখ্যমন্ত্ৰীৰে সাক্ষাৎ: জনগোষ্ঠীৰ সমস্যা আলোচনা
ভাৰতৰ বৈদেশিক মুদ্ৰা ভাণ্ডাৰৰ নতুন অভিলেখ: ৬৭৬.২৪ বিলিয়ন ডলাৰলৈ বৃদ্ধি
অসম সাহিত্য সভাৰ গোলাঘাট আৰু যোৰহাটত বান সাহায্য বিতৰণ