--°C
Loading...
Listen to Article
3 min read
80%

In Short

  • পূর্বতে যিখন অসমত অপৰাধৰ হাৰ আছিল উচ্চ, অভিযোগনামাৰ হাৰ আছিল দুৰ্বল, সেইখন অসমত আজি অপৰাধৰ হাৰ, অপৰাধ সাব্যস্তৰ হাৰ হৈছে নিম্ন। পূর্বতে যিখন অসমত অপৰাধৰ হাৰ আছিল উচ্চ, অভিযোগনামাৰ হাৰ আছিল দুৰ্বল, সেইখন অসমত আজি অপৰাধৰ হাৰ, অপৰাধ সাব্যস্তৰ হাৰ হৈছে নিম্ন।

ডিজিটেল ডেস্কঃ বছৰটোৱে বাগৰ সলাবলৈ মাজত আৰু মাত্ৰ কেইটামান সপ্তাহৰ অপেক্ষা। পুৰণি বছৰটোৱে বিদায় ল'ব আহিব আন এটি নতুন বছৰ। নতুন বছৰৰ প্রাক্‌ক্ষণত ৰাজ্যৰ মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শর্মাই দিছে এক ভাল খবৰ।


ৰাজ্যত হ্রাস পাইছে অপৰাধজনিত ঘটনা। ইয়াৰ বিপৰীতে বাঢ়িছে দোষী সাব্যস্ত হোৱাৰ হাৰ আৰু অভিযোগনামাৰ হাৰ। ফে'চবুক প'ষ্টযোগে মুখ্যমন্ত্রীয়ে এই কথা সদৰী কৰি কয় যে শক্তিশালী আৰক্ষী-প্রশাসন ব্যৱস্থাৰ জৰিয়তে পৰিৱৰ্তিত হৈছে অসম।


পূর্বতে যিখন অসমত অপৰাধৰ হাৰ আছিল উচ্চ, অভিযোগনামাৰ হাৰ আছিল দুৰ্বল, সেইখন অসমত আজি অপৰাধৰ হাৰ, অপৰাধ সাব্যস্তৰ হাৰ হৈছে নিম্ন। আনহাতে, অপৰাধ নিয়ন্ত্ৰণৰ ক্ষেত্ৰত আমি লোৱা পদক্ষেপৰ জৰিয়তে ভৱিষ্যতৰ দিনত এখন সম্পূর্ণ সুস্থিৰ অসম নিৰ্মাণ কৰিবলৈ অহোপুৰুষাৰ্থ কৰিম বুলিও মুখ্যমন্ত্ৰীগৰাকীয়ে উল্লেখ কৰে।


মুখ্যমন্ত্ৰীগৰাকীয়ে দিয়া তথ্য অনুসৰি,পূৰ্বতে উচ্চ হাৰত থকা অপৰাধৰ বিপৰীতে এতিয়া অপৰাধৰ হাৰ প্ৰতি লাখ জনসংখ্যাৰ বিপৰীতে ১২৭.৬টা। পূৰ্বে ইয়াৰ হাৰ আছিল প্রতি লাখ জনসংখ্যাৰ বিপৰীতে ৩৭৯টা অপৰাধজনিত ঘটনা। অপৰাধত দোষী সাব্যস্তৰ হাৰ এতিয়া ২৫ শতাংশলৈ বৃদ্ধি পোৱাৰ বিপৰীতে পূৰ্বতে আছিল ৫.৫ শতাংশ।


তেনেদৰে বৰ্তমান ৭৫.৫ শতাংশ চার্জশ্বীট দাখিল কৰাৰ বিপৰীতে পূর্বতে দাখিল হৈছিল মাত্র ৪৭.৮ শতাংশ চার্জশ্বীট। উল্লেখযোগ্য যে ৰাজ্য চৰকাৰৰ নেতৃত্বত অপৰাধীক নাকী লগাবলৈ তৎপৰ হৈ পৰিছে আৰক্ষী-প্রশাসন। চাইবাৰ অপৰাধকে ধৰি অনান্য অপৰাধমূলক কার্যকলাপ ৰোধ কৰিবলৈ ৰাজ্যত চৰকাৰ তথা আৰক্ষী-প্ৰশাসনৰ দ্বাৰা বিভিন্ন পদক্ষেপ গ্রহণ কৰা হৈছে।


উৎসঃ দৈনিক জনমভূমি


FOLLOW US F
POPULAR
FEATURE
TRENDY
৩ নৱেম্বৰত আমেৰিকাৰ মধ্যকালীন নির্বাচন; ২৫% দক্ষিণ এছীয় ভোটাৰে সমর্থন দিব ডেমক্রেট প্রার্থীক
৩% মৰগীয়া বানচ ঘোষণা, কেন্দ্ৰীয় চৰকাৰৰ কৰ্মচাৰীলৈ সু-খবৰ
বদৰপুৰ ৰে’লৱে দলঙত শিলচৰ–গুৱাহাটী এক্সপ্ৰেছৰ ইঞ্জিন লাইনচ্যুত; পাহাৰীয়া অঞ্চলত ৰে’ল সেৱা ব্যাহত
ওদালগুৰিত চাঞ্চল্য! হিন্দু পৰিচয়ৰে মুছলমান যুৱকে পলুৱাই নিলে খ্ৰীষ্টান বোৱাৰীক
বাস্তুশাস্ত্ৰৰ বিধান: পাকঘৰৰ স্লেবত এই ৪টা বস্তু ৰাখিলে ঘৰত পৰে নেতিবাচক প্ৰভাৱ
ইণ্ডিয়ান ফিল্ম ফেষ্টিভেল-মেলবর্নলৈ ‘ডিয়েৰ আৱা’; গুৰুত্বপূৰ্ণ চৰিত্ৰত মন্ত্ৰী অতুল বৰা
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু