--°C
Loading...
Listen to Article
3 min read
80%

In Short

  • পূর্বতে যিখন অসমত অপৰাধৰ হাৰ আছিল উচ্চ, অভিযোগনামাৰ হাৰ আছিল দুৰ্বল, সেইখন অসমত আজি অপৰাধৰ হাৰ, অপৰাধ সাব্যস্তৰ হাৰ হৈছে নিম্ন। পূর্বতে যিখন অসমত অপৰাধৰ হাৰ আছিল উচ্চ, অভিযোগনামাৰ হাৰ আছিল দুৰ্বল, সেইখন অসমত আজি অপৰাধৰ হাৰ, অপৰাধ সাব্যস্তৰ হাৰ হৈছে নিম্ন।

ডিজিটেল ডেস্কঃ বছৰটোৱে বাগৰ সলাবলৈ মাজত আৰু মাত্ৰ কেইটামান সপ্তাহৰ অপেক্ষা। পুৰণি বছৰটোৱে বিদায় ল'ব আহিব আন এটি নতুন বছৰ। নতুন বছৰৰ প্রাক্‌ক্ষণত ৰাজ্যৰ মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শর্মাই দিছে এক ভাল খবৰ।


ৰাজ্যত হ্রাস পাইছে অপৰাধজনিত ঘটনা। ইয়াৰ বিপৰীতে বাঢ়িছে দোষী সাব্যস্ত হোৱাৰ হাৰ আৰু অভিযোগনামাৰ হাৰ। ফে'চবুক প'ষ্টযোগে মুখ্যমন্ত্রীয়ে এই কথা সদৰী কৰি কয় যে শক্তিশালী আৰক্ষী-প্রশাসন ব্যৱস্থাৰ জৰিয়তে পৰিৱৰ্তিত হৈছে অসম।


পূর্বতে যিখন অসমত অপৰাধৰ হাৰ আছিল উচ্চ, অভিযোগনামাৰ হাৰ আছিল দুৰ্বল, সেইখন অসমত আজি অপৰাধৰ হাৰ, অপৰাধ সাব্যস্তৰ হাৰ হৈছে নিম্ন। আনহাতে, অপৰাধ নিয়ন্ত্ৰণৰ ক্ষেত্ৰত আমি লোৱা পদক্ষেপৰ জৰিয়তে ভৱিষ্যতৰ দিনত এখন সম্পূর্ণ সুস্থিৰ অসম নিৰ্মাণ কৰিবলৈ অহোপুৰুষাৰ্থ কৰিম বুলিও মুখ্যমন্ত্ৰীগৰাকীয়ে উল্লেখ কৰে।


মুখ্যমন্ত্ৰীগৰাকীয়ে দিয়া তথ্য অনুসৰি,পূৰ্বতে উচ্চ হাৰত থকা অপৰাধৰ বিপৰীতে এতিয়া অপৰাধৰ হাৰ প্ৰতি লাখ জনসংখ্যাৰ বিপৰীতে ১২৭.৬টা। পূৰ্বে ইয়াৰ হাৰ আছিল প্রতি লাখ জনসংখ্যাৰ বিপৰীতে ৩৭৯টা অপৰাধজনিত ঘটনা। অপৰাধত দোষী সাব্যস্তৰ হাৰ এতিয়া ২৫ শতাংশলৈ বৃদ্ধি পোৱাৰ বিপৰীতে পূৰ্বতে আছিল ৫.৫ শতাংশ।


তেনেদৰে বৰ্তমান ৭৫.৫ শতাংশ চার্জশ্বীট দাখিল কৰাৰ বিপৰীতে পূর্বতে দাখিল হৈছিল মাত্র ৪৭.৮ শতাংশ চার্জশ্বীট। উল্লেখযোগ্য যে ৰাজ্য চৰকাৰৰ নেতৃত্বত অপৰাধীক নাকী লগাবলৈ তৎপৰ হৈ পৰিছে আৰক্ষী-প্রশাসন। চাইবাৰ অপৰাধকে ধৰি অনান্য অপৰাধমূলক কার্যকলাপ ৰোধ কৰিবলৈ ৰাজ্যত চৰকাৰ তথা আৰক্ষী-প্ৰশাসনৰ দ্বাৰা বিভিন্ন পদক্ষেপ গ্রহণ কৰা হৈছে।


উৎসঃ দৈনিক জনমভূমি


FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ