--°C
Loading...
Listen to Article
2 min read
80%

ডিজিটেল ডেস্ক : চমৎকাৰী ‘কমল-চাবোন’; ইয়াৰে গা ধোৱক, ভাল টোপনি যাওক! আমি নহয়, এইকথা কৈছে খোদ এগৰাকী ন-বিজেপি নেতাই। এই চাবোনেৰে গা ধোৱাৰ পাছত তেওঁৰ এতিয়া ভাল টোপনি অহা হৈছে আৰু তেওঁৰ গাত খৰ-খজুৱতি তোলা তদন্তবোৰো একেবাৰে নোহোৱা হৈ গৈছে। কথাটো অলপ বুজাই কৈছোঁ শুনক। কংগ্ৰেছৰ পৰা আহি বিজেপিত যোগ দিয়া এগৰাকী বিজেপি নেতাই কৈছে, ‘বিজেপিলৈ মই কিয় আহিলোঁ বুলি মোক দুই এজন প্ৰাক্তন সতীৰ্থ তথা সহযোগীয়ে সোধে। মই তেওঁলোকক কৈছোঁ যে, ইয়াত সকলো সহজ আৰু শান্তিপূৰ্ণ।

ইয়ালৈ অহাৰ পাছত সকলো তদন্ত, অনুসন্ধান বন্ধ হৈ পৰে আৰু ভাল টোপনি আহে।’ বিজেপিয়ে বিভিন্ন কেন্দ্ৰীয় তদন্তকাৰী সংস্থাক ব্যৱহাৰ কৰি বিৰোধী-দলৰ নেতা, কৰ্মীক ভীতিগ্ৰস্ত তথা চাপৰ মাজত ৰখাৰ চেষ্টা কৰা বুলি প্ৰায়েই অভিযোগ কৰি আহিছে বিৰোধী দলে। বিজেপিৰ বিভিন্ন উপনামো দিয়া হৈছে। যেনে, ধৰক ‘ডিটাৰজেণ্ট’। অভিযোগ কৰা হৈছে যে, আপোনাৰ ৰাজনৈতিক জীৱনত যিমানে যি দাগ নাথাকক কিয় এই ‘কমল’ চিহ্নযুক্ত ডিটাৰজেণ্টেৰে ধুলে সকলো চাফা হৈ যায়। ‘কমল চাবোন’ৰ মীম উলিয়ায়ো কটাক্ষ কৰি অহা হৈছে বিজেপিক। কিন্তু এইবাৰ খোদ দলৰ নেতাই এই কথা প্ৰকাশ কৰিছে।

বিজেপি নেতা হৰ্ষবৰ্ধন পাটিলে বুধবাৰে এই চাঞ্চল্যকৰ মন্তব্য কৰে। পুনে জিলাৰ ইন্দ্ৰপুৰ সমষ্টিৰ প্ৰাক্তন বিধায়কজনে ২০১৯চনৰ মহাৰাষ্ট্ৰৰ বিধানসভা নিৰ্বাচনৰ পূ্ৰ্বে কংগ্ৰেছ ত্যাগ কৰি যোগ দিছিল গেৰুৱা দলত। পুনেৰ মাৱলত এটা ৰাজহুৱা অনুষ্ঠানত অংশগ্ৰহণ কৰি তেওঁ মঞ্চৰ পৰাই ক’লে, মই বিজেপিলৈ যাবলগীয়া হৈছিল। মই কিয় বিজেপিত যোগ দিছিলোঁ সেই বিষয়ে ‘তেওঁলোক’ক কওঁ, ইয়াত সকলো সহজ আৰু শান্তিপূৰ্ণ। কোনো তদন্তৰো ভয় নাই। এতিয়া মোৰ গভীৰ টোপনি আহে। তেওঁৰ এই অকপট স্বীকাৰোক্তি পিছে বিজেপিৰ কাৰণে অস্বস্তিৰ কাৰণ হ’ব পাৰে। কিয়নো বিভিন্ন দাগী তথা দুৰ্নীতিকে ধৰি বিভিন্ন অভিযোগত অভিযুক্ত নেতাই বিজেপিত যোগ দি নিৰাপদ জীৱন কটোৱাৰ অভিযোগ উঠি আহিছে। কেইদিনমান পূৰ্বে এনচিপি নেতা শাৰদ পাৱাৰে কেন্দ্ৰীয় চৰকাৰে কেন্দ্ৰীয় অনুসন্ধানকাৰী সংস্থাসমূহৰ অপব্যৱহাৰৰ অভিযোগো আনিছিল। চিবিআই, ইডি, এনচিবি আদিক বিৰোধী দলৰ নেতাৰ বিৰুদ্ধে কেন্দ্ৰই ব্যৱহাৰ কৰাৰ অভিযোগ আনিছিল পাৱাৰে।


এনে পৰিপ্ৰেক্ষিততে হৰ্ষবৰ্ধন পাটিলে কোৱাৰ দৰে ভাল টোপনি আহিবলৈ ‘চমৎকাৰী কমল চাবোনেৰে’ গা ধুৱাৰ যেন বিকল্প নাই একাংশ বিৰোধী নেতাৰ। পিছে এই পৰম্পৰা দেশৰ গণতান্ত্ৰিক ব্যৱস্থাৰ বাবে কিমান স্বাস্থ্যকৰ সেই প্ৰশ্ন এইক্ষেত্ৰত নোতোলাই ভাল।


FOLLOW US F
POPULAR
FEATURE
TRENDY
৩ নৱেম্বৰত আমেৰিকাৰ মধ্যকালীন নির্বাচন; ২৫% দক্ষিণ এছীয় ভোটাৰে সমর্থন দিব ডেমক্রেট প্রার্থীক
৩% মৰগীয়া বানচ ঘোষণা, কেন্দ্ৰীয় চৰকাৰৰ কৰ্মচাৰীলৈ সু-খবৰ
বদৰপুৰ ৰে’লৱে দলঙত শিলচৰ–গুৱাহাটী এক্সপ্ৰেছৰ ইঞ্জিন লাইনচ্যুত; পাহাৰীয়া অঞ্চলত ৰে’ল সেৱা ব্যাহত
ওদালগুৰিত চাঞ্চল্য! হিন্দু পৰিচয়ৰে মুছলমান যুৱকে পলুৱাই নিলে খ্ৰীষ্টান বোৱাৰীক
বাস্তুশাস্ত্ৰৰ বিধান: পাকঘৰৰ স্লেবত এই ৪টা বস্তু ৰাখিলে ঘৰত পৰে নেতিবাচক প্ৰভাৱ
ইণ্ডিয়ান ফিল্ম ফেষ্টিভেল-মেলবর্নলৈ ‘ডিয়েৰ আৱা’; গুৰুত্বপূৰ্ণ চৰিত্ৰত মন্ত্ৰী অতুল বৰা
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু