--°C
Loading...
Listen to Article
2 min read
80%

ডিজিটেল ডেস্ক : চমৎকাৰী ‘কমল-চাবোন’; ইয়াৰে গা ধোৱক, ভাল টোপনি যাওক! আমি নহয়, এইকথা কৈছে খোদ এগৰাকী ন-বিজেপি নেতাই। এই চাবোনেৰে গা ধোৱাৰ পাছত তেওঁৰ এতিয়া ভাল টোপনি অহা হৈছে আৰু তেওঁৰ গাত খৰ-খজুৱতি তোলা তদন্তবোৰো একেবাৰে নোহোৱা হৈ গৈছে। কথাটো অলপ বুজাই কৈছোঁ শুনক। কংগ্ৰেছৰ পৰা আহি বিজেপিত যোগ দিয়া এগৰাকী বিজেপি নেতাই কৈছে, ‘বিজেপিলৈ মই কিয় আহিলোঁ বুলি মোক দুই এজন প্ৰাক্তন সতীৰ্থ তথা সহযোগীয়ে সোধে। মই তেওঁলোকক কৈছোঁ যে, ইয়াত সকলো সহজ আৰু শান্তিপূৰ্ণ।

ইয়ালৈ অহাৰ পাছত সকলো তদন্ত, অনুসন্ধান বন্ধ হৈ পৰে আৰু ভাল টোপনি আহে।’ বিজেপিয়ে বিভিন্ন কেন্দ্ৰীয় তদন্তকাৰী সংস্থাক ব্যৱহাৰ কৰি বিৰোধী-দলৰ নেতা, কৰ্মীক ভীতিগ্ৰস্ত তথা চাপৰ মাজত ৰখাৰ চেষ্টা কৰা বুলি প্ৰায়েই অভিযোগ কৰি আহিছে বিৰোধী দলে। বিজেপিৰ বিভিন্ন উপনামো দিয়া হৈছে। যেনে, ধৰক ‘ডিটাৰজেণ্ট’। অভিযোগ কৰা হৈছে যে, আপোনাৰ ৰাজনৈতিক জীৱনত যিমানে যি দাগ নাথাকক কিয় এই ‘কমল’ চিহ্নযুক্ত ডিটাৰজেণ্টেৰে ধুলে সকলো চাফা হৈ যায়। ‘কমল চাবোন’ৰ মীম উলিয়ায়ো কটাক্ষ কৰি অহা হৈছে বিজেপিক। কিন্তু এইবাৰ খোদ দলৰ নেতাই এই কথা প্ৰকাশ কৰিছে।

বিজেপি নেতা হৰ্ষবৰ্ধন পাটিলে বুধবাৰে এই চাঞ্চল্যকৰ মন্তব্য কৰে। পুনে জিলাৰ ইন্দ্ৰপুৰ সমষ্টিৰ প্ৰাক্তন বিধায়কজনে ২০১৯চনৰ মহাৰাষ্ট্ৰৰ বিধানসভা নিৰ্বাচনৰ পূ্ৰ্বে কংগ্ৰেছ ত্যাগ কৰি যোগ দিছিল গেৰুৱা দলত। পুনেৰ মাৱলত এটা ৰাজহুৱা অনুষ্ঠানত অংশগ্ৰহণ কৰি তেওঁ মঞ্চৰ পৰাই ক’লে, মই বিজেপিলৈ যাবলগীয়া হৈছিল। মই কিয় বিজেপিত যোগ দিছিলোঁ সেই বিষয়ে ‘তেওঁলোক’ক কওঁ, ইয়াত সকলো সহজ আৰু শান্তিপূৰ্ণ। কোনো তদন্তৰো ভয় নাই। এতিয়া মোৰ গভীৰ টোপনি আহে। তেওঁৰ এই অকপট স্বীকাৰোক্তি পিছে বিজেপিৰ কাৰণে অস্বস্তিৰ কাৰণ হ’ব পাৰে। কিয়নো বিভিন্ন দাগী তথা দুৰ্নীতিকে ধৰি বিভিন্ন অভিযোগত অভিযুক্ত নেতাই বিজেপিত যোগ দি নিৰাপদ জীৱন কটোৱাৰ অভিযোগ উঠি আহিছে। কেইদিনমান পূৰ্বে এনচিপি নেতা শাৰদ পাৱাৰে কেন্দ্ৰীয় চৰকাৰে কেন্দ্ৰীয় অনুসন্ধানকাৰী সংস্থাসমূহৰ অপব্যৱহাৰৰ অভিযোগো আনিছিল। চিবিআই, ইডি, এনচিবি আদিক বিৰোধী দলৰ নেতাৰ বিৰুদ্ধে কেন্দ্ৰই ব্যৱহাৰ কৰাৰ অভিযোগ আনিছিল পাৱাৰে।


এনে পৰিপ্ৰেক্ষিততে হৰ্ষবৰ্ধন পাটিলে কোৱাৰ দৰে ভাল টোপনি আহিবলৈ ‘চমৎকাৰী কমল চাবোনেৰে’ গা ধুৱাৰ যেন বিকল্প নাই একাংশ বিৰোধী নেতাৰ। পিছে এই পৰম্পৰা দেশৰ গণতান্ত্ৰিক ব্যৱস্থাৰ বাবে কিমান স্বাস্থ্যকৰ সেই প্ৰশ্ন এইক্ষেত্ৰত নোতোলাই ভাল।


FOLLOW US F
POPULAR
FEATURE
TRENDY
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
কাছাৰত ১৪ কোটি টকাৰ হেৰ’ইন আৰু য়াবা টেবলেট জব্দ
গৌৰীসাগৰত ব্ৰইলাৰ কঢ়িওৱা গাড়ী হাইজেক সাতজনীয়া ডকাইতৰ দলৰ
আজি গণেশ চতুৰ্থী; কি কৰিব লাগে কি কৰিব নালাগে জানো আহক
পত্নীহন্তা ৰামানুজ গোস্বামীৰ মৃত্যু; নৰকাসুৰ পাহাৰৰ পৰা জপিয়াই পলায়নৰ চেষ্টা কৰোতে দুৰ্ঘটনাত পতিত হৈছিল ৰামানুজ
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ