--°C
Loading...
Listen to Article
2 min read
80%

ডিজিটেল ডেস্ক : ‘বীৰ ছাভাৰকাৰ আছিল এগৰাকী নিষ্ঠাৱান ৰাষ্ট্ৰীয়তাবাদী আৰু কুৰি শতিকাৰ ভাৰতৰ প্ৰথমগৰাকী সামৰিক কৌশল নিৰ্ধাৰক।’ ছাভাৰকাৰক উচ্চ প্ৰশংসাৰে এই মন্তব্য কৰিছে প্ৰতিৰক্ষামন্ত্ৰী ৰাজনাথ সিঙে। ছাভাৰকাৰক দেশৰ বাবে আদৰ্শ বুলিও আখ্যায়িত কৰে সিঙে।

তেওঁ এক তাৎপৰ্যপূৰ্ণ মন্তব্যৰে লগতে কয় যে, মহাত্মা গান্ধীৰ অনুৰোধক্ৰমেহে তেওঁ বৃটিছ শাসকলৈ ক্ষমাপ্ৰাৰ্থনা কৰি পত্ৰ লিখিছিল। মাৰ্ক্সবাদী আৰু লেনিনবাদী লোকসকলে লোকসকলেহে তেওঁ মিছাকৈ ফেচীবাদী বুলি অপযশ দি আহিছে বুলিও তেওঁ মন্তব্য কৰে। উল্লেখ্য যে, স্বাধীনতা আন্দোলনৰ ভৰপক দিনত কাৰাবন্দী হ’বলগীয়া হোৱা ছাভাৰকাৰে তেওঁক কাৰাগাৰৰ পৰা মুক্তি দিবলৈ বৃটিছ শাসকলৈ পত্ৰ লিখিছিল আৰু তেওঁ নিজৰ কৃতকৰ্মৰ বাবে অৰ্থাৎ বৃটিছ বিৰোধিতাৰ বাবে ক্ষমা খুজিছিল। বৃটিছৰ বিৰুদ্ধাচৰণ নকৰোঁ বুলি তেওঁ প্ৰতিশ্ৰুতি দিয়া বুলিও অভিযোগ কৰি আহিছে বিৰোধী শিবিৰে।

মঙলবাৰে ৰাজনাথ সিঙে এনে অভিযোগৰ উত্তৰতে মহাত্মা গান্ধীৰ অনুৰোধতহে এই পদক্ষেপ ছাভাৰকাৰে গ্ৰহণ কৰা বুলি উল্লেখ কৰে। ছাভাৰকাৰ বিষয়ে লিখা এখন গ্ৰন্থ উন্মোচন কৰি প্ৰতিৰক্ষামন্ত্ৰী সিঙে তেওঁক দেশৰ এগৰাকী আদৰ্শ আখ্যা দিয়ে। ‘তেওঁ দেশৰ বাবে এগৰাকী আদৰ্শ আৰু আদৰ্শ হৈ ৰ’ব। তেওঁক লৈ বিভিন্ন মত আৰু আদৰ্শগত ভিন্নতা থাকিব পাৰে কিন্তু তেওঁক নীচ বুলি প্ৰতিপন্ন কৰাৰ মানসিকতা উচিত আৰু ন্যায়সংগত নহয়। তেওঁ আছিল এগৰাকী মুক্তিযুঁজাৰু আৰু এগৰাকী নিষ্ঠাৱান ৰাষ্ট্ৰবাদী।’

ছাভাৰকাৰ সন্দৰ্ভত বহু মিছা কথা প্ৰচাৰ হৈ থকা বুলি উল্লেখ কৰি তেওঁ মহাত্মা গান্ধীৰ অনুৰোধতহে তেওঁ বৃটিছলৈ ক্ষমাপ্ৰাৰ্থনা লিখিছিল বুলি দোহাৰে। তেওঁক বৃটিছে দুবাৰকৈ কাৰাবন্দী কৰাৰ কথা উল্লেখ কৰি স্বাধীনতাৰ প্ৰতি তেওঁ কিমান উৎসৰ্গিতপ্ৰাণ আছিল সেই কথাও উল্লেখ কৰে প্ৰতিৰক্ষামন্ত্ৰী সিঙে।


FOLLOW US F
POPULAR
FEATURE
TRENDY
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
কাছাৰত ১৪ কোটি টকাৰ হেৰ’ইন আৰু য়াবা টেবলেট জব্দ
গৌৰীসাগৰত ব্ৰইলাৰ কঢ়িওৱা গাড়ী হাইজেক সাতজনীয়া ডকাইতৰ দলৰ
আজি গণেশ চতুৰ্থী; কি কৰিব লাগে কি কৰিব নালাগে জানো আহক
পত্নীহন্তা ৰামানুজ গোস্বামীৰ মৃত্যু; নৰকাসুৰ পাহাৰৰ পৰা জপিয়াই পলায়নৰ চেষ্টা কৰোতে দুৰ্ঘটনাত পতিত হৈছিল ৰামানুজ
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ