--°C
Loading...
Listen to Article
2 min read
80%

ডিজিটেল ডেস্ক : ‘বীৰ ছাভাৰকাৰ আছিল এগৰাকী নিষ্ঠাৱান ৰাষ্ট্ৰীয়তাবাদী আৰু কুৰি শতিকাৰ ভাৰতৰ প্ৰথমগৰাকী সামৰিক কৌশল নিৰ্ধাৰক।’ ছাভাৰকাৰক উচ্চ প্ৰশংসাৰে এই মন্তব্য কৰিছে প্ৰতিৰক্ষামন্ত্ৰী ৰাজনাথ সিঙে। ছাভাৰকাৰক দেশৰ বাবে আদৰ্শ বুলিও আখ্যায়িত কৰে সিঙে।

তেওঁ এক তাৎপৰ্যপূৰ্ণ মন্তব্যৰে লগতে কয় যে, মহাত্মা গান্ধীৰ অনুৰোধক্ৰমেহে তেওঁ বৃটিছ শাসকলৈ ক্ষমাপ্ৰাৰ্থনা কৰি পত্ৰ লিখিছিল। মাৰ্ক্সবাদী আৰু লেনিনবাদী লোকসকলে লোকসকলেহে তেওঁ মিছাকৈ ফেচীবাদী বুলি অপযশ দি আহিছে বুলিও তেওঁ মন্তব্য কৰে। উল্লেখ্য যে, স্বাধীনতা আন্দোলনৰ ভৰপক দিনত কাৰাবন্দী হ’বলগীয়া হোৱা ছাভাৰকাৰে তেওঁক কাৰাগাৰৰ পৰা মুক্তি দিবলৈ বৃটিছ শাসকলৈ পত্ৰ লিখিছিল আৰু তেওঁ নিজৰ কৃতকৰ্মৰ বাবে অৰ্থাৎ বৃটিছ বিৰোধিতাৰ বাবে ক্ষমা খুজিছিল। বৃটিছৰ বিৰুদ্ধাচৰণ নকৰোঁ বুলি তেওঁ প্ৰতিশ্ৰুতি দিয়া বুলিও অভিযোগ কৰি আহিছে বিৰোধী শিবিৰে।

মঙলবাৰে ৰাজনাথ সিঙে এনে অভিযোগৰ উত্তৰতে মহাত্মা গান্ধীৰ অনুৰোধতহে এই পদক্ষেপ ছাভাৰকাৰে গ্ৰহণ কৰা বুলি উল্লেখ কৰে। ছাভাৰকাৰ বিষয়ে লিখা এখন গ্ৰন্থ উন্মোচন কৰি প্ৰতিৰক্ষামন্ত্ৰী সিঙে তেওঁক দেশৰ এগৰাকী আদৰ্শ আখ্যা দিয়ে। ‘তেওঁ দেশৰ বাবে এগৰাকী আদৰ্শ আৰু আদৰ্শ হৈ ৰ’ব। তেওঁক লৈ বিভিন্ন মত আৰু আদৰ্শগত ভিন্নতা থাকিব পাৰে কিন্তু তেওঁক নীচ বুলি প্ৰতিপন্ন কৰাৰ মানসিকতা উচিত আৰু ন্যায়সংগত নহয়। তেওঁ আছিল এগৰাকী মুক্তিযুঁজাৰু আৰু এগৰাকী নিষ্ঠাৱান ৰাষ্ট্ৰবাদী।’

ছাভাৰকাৰ সন্দৰ্ভত বহু মিছা কথা প্ৰচাৰ হৈ থকা বুলি উল্লেখ কৰি তেওঁ মহাত্মা গান্ধীৰ অনুৰোধতহে তেওঁ বৃটিছলৈ ক্ষমাপ্ৰাৰ্থনা লিখিছিল বুলি দোহাৰে। তেওঁক বৃটিছে দুবাৰকৈ কাৰাবন্দী কৰাৰ কথা উল্লেখ কৰি স্বাধীনতাৰ প্ৰতি তেওঁ কিমান উৎসৰ্গিতপ্ৰাণ আছিল সেই কথাও উল্লেখ কৰে প্ৰতিৰক্ষামন্ত্ৰী সিঙে।


FOLLOW US F
POPULAR
FEATURE
TRENDY
৩ নৱেম্বৰত আমেৰিকাৰ মধ্যকালীন নির্বাচন; ২৫% দক্ষিণ এছীয় ভোটাৰে সমর্থন দিব ডেমক্রেট প্রার্থীক
৩% মৰগীয়া বানচ ঘোষণা, কেন্দ্ৰীয় চৰকাৰৰ কৰ্মচাৰীলৈ সু-খবৰ
বদৰপুৰ ৰে’লৱে দলঙত শিলচৰ–গুৱাহাটী এক্সপ্ৰেছৰ ইঞ্জিন লাইনচ্যুত; পাহাৰীয়া অঞ্চলত ৰে’ল সেৱা ব্যাহত
ওদালগুৰিত চাঞ্চল্য! হিন্দু পৰিচয়ৰে মুছলমান যুৱকে পলুৱাই নিলে খ্ৰীষ্টান বোৱাৰীক
বাস্তুশাস্ত্ৰৰ বিধান: পাকঘৰৰ স্লেবত এই ৪টা বস্তু ৰাখিলে ঘৰত পৰে নেতিবাচক প্ৰভাৱ
ইণ্ডিয়ান ফিল্ম ফেষ্টিভেল-মেলবর্নলৈ ‘ডিয়েৰ আৱা’; গুৰুত্বপূৰ্ণ চৰিত্ৰত মন্ত্ৰী অতুল বৰা
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু