--°C
Loading...
Listen to Article
2 min read
80%

ডিজিটেল ডেস্ক : সুখবৰ! শীঘ্ৰেই দূৰ হ'ব মূল্যবৃদ্ধিৰ সমস্যা। ইন্ধনজাত সামগ্ৰীৰ লগতে ৰাজ্যত শেহতীয়াকৈ অভাৱনীয় হাৰত বৃদ্ধি হোৱা অত্যাৱশ্যকীয় সামগ্ৰীৰ মূল্য বৃদ্ধিয়ে জুৰুলা কৰিছে সৰ্বসাধাৰণ ৰাইজক। কিন্তু এনে সময়ত নগাঁও জিলাৰ কঢ়ালিগাওঁস্থিত বৰনামঘৰ এখনি আটকধুনীয়া তোৰণ উদ্বোধন কৰিবৰ বাবে উপস্থিত হোৱা মন্ত্ৰী পিযুষ হাজৰিকাই মূল্যবৃদ্ধি ৰোধৰ সন্দৰ্ভত দিয়া আশ্বাসে এতিয়া নিশ্চয় সকাহ প্ৰদান কৰিব সৰ্বসাধাৰণক।

লগতে মন্ত্ৰী গৰাকীয়ে শেহতীয়াকৈ মূল্যবৃদ্ধি বিৰোধীতাৰে কংগ্ৰেছে ই-ৰিক্সা অথবা ম'হৰ গাড়ীলৈ ৰাজপথত কৰা প্ৰতিবাদকো তুচ্ছ-তাচ্ছিল্য কৰে । পূৰ্বে টেক্সী-চাইকেল চলাই প্ৰতিবাদ কৰা কংগ্ৰেছৰ এতিয়া একো বিকল্প নাইকিয়া হোৱাত এতিয়া উপায়হীন হৈ কংগ্ৰেছে গৰু-ম'হৰ গাড়ীয়ে প্ৰতিবাদ সাব্যস্ত কৰিছে বুলি মন্তব্য় কৰে মন্ত্ৰীগৰাকীয়ে।

তথাপিও উপ-নিৰ্বাচনত ৫খন আসনেই দখল কৰিব বিজেপিয়ে। মূল্যবৃদ্ধিৰ সন্দৰ্ভত কংগ্ৰেছে সাব্যস্ত কৰা প্ৰতিবাদ কেৱল নিৰ্বাচন কেন্দ্ৰিক বুলিও অবিহিত কৰে মন্ত্ৰীগৰাকীয়ে। অৱশ্যে শেহতীয়াকৈ ৰাজ্যত হোৱা মূল্যবৃদ্ধিয়ে সৰ্বসাধাৰণ ৰাইজৰ লগতে মন্ত্ৰীজনকো অসুবিধাত পেলাইছে বুলি অকপট স্বীকাৰ কৰিলে পীযুষ হাজৰিকাই।


FOLLOW US F
POPULAR
FEATURE
TRENDY
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
কাছাৰত ১৪ কোটি টকাৰ হেৰ’ইন আৰু য়াবা টেবলেট জব্দ
গৌৰীসাগৰত ব্ৰইলাৰ কঢ়িওৱা গাড়ী হাইজেক সাতজনীয়া ডকাইতৰ দলৰ
আজি গণেশ চতুৰ্থী; কি কৰিব লাগে কি কৰিব নালাগে জানো আহক
পত্নীহন্তা ৰামানুজ গোস্বামীৰ মৃত্যু; নৰকাসুৰ পাহাৰৰ পৰা জপিয়াই পলায়নৰ চেষ্টা কৰোতে দুৰ্ঘটনাত পতিত হৈছিল ৰামানুজ
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ