--°C
Loading...
Listen to Article
2 min read
80%

ডিজিটেল ডেস্ক : দেশত নিৰ্বাচনী বা বলিবলৈ আৰম্ভ কৰাৰ লগে লগে তৎপৰ হৈ পৰিছে বিভিন্ন ৰাজনৈতিক দলসমূহ। পাঁচ খন ৰাজ্যত অহা বছৰৰ প্ৰথম ভাগতে অনুষ্ঠিত হ’ব বিধানসভা নিৰ্বাচন। উত্তৰ প্ৰদেশ, পঞ্জাৱ, গোৱাৰ দৰে ৰাজ্য আছে এই তালিকাত। ৰাজনৈতিক দলবোৰৰ তৎপৰতাৰ বাবে এই নিৰ্বাচন যিদৰে চৰ্চালৈ আহিছে ঠিক একেদৰে আন এটা কাৰণতো আহিছে চৰ্চালৈ। বিগত সময়ছোৱাত দেশত গা কৰি উঠা এটা অশুভ পৰম্পৰাই এই নিৰ্বাচনত পুনৰ মূৰ দাঙি উঠিছে। তৎপৰ হৈ পৰিছে দেশৰ বিভিন্ন তদন্তকাৰী সংস্থাসমূহ। নিৰ্বাচন আয়োগৰ দৰে স্বতন্ত্ৰ অনুষ্ঠানক নিয়ন্ত্ৰণৰ প্ৰক্ৰিয়াও ক্ৰমাৎ আৰম্ভ হৈছে। বিগত সময়ছোৱাত দুটা বিতৰ্কই জোকাৰণি তুলিছে দেশৰ ৰাজনীতিক।


বিজেপি চৰকাৰ কেন্দ্ৰত শাসনত অধীষ্ঠিত হোৱাৰ পাছতে দেশৰ বিভিন্ন স্বতন্ত্ৰ সংস্থাৰ স্বকীয়তা নাইকিয়া কৰি তোলাৰ অভিযোগ উত্থাপন নতুন কথা নহয়। বিভিন্ন কেন্দ্ৰীয় অনুসন্ধানকাৰী সংস্থাৰ পৰা আৰম্ভ কৰি নিৰ্বাচন আয়োগলৈকে সকলোতে কেন্দ্ৰৰ অবাঞ্চিত হস্তক্ষেপে দেশৰ গণতান্ত্ৰিক গাঁঠনি সোলোক-ঢোলোক কৰি তোলা বুলি বিৰোধীয়ে অভিযোগ উত্থাপন কৰিছে। প্ৰায়বোৰ নিৰ্বাচনতে শাসকীয় দলে বিজেপিৰ সহায় হোৱাকৈ কাম কৰা বুলি উঠা অভিযোগো সৰ্বজনবিদিত। নিৰ্বাচন আয়োগৰ পূ্ৰ্বে বিজেপি নেতাই দেশৰ সাধাৰণ নিৰ্বাচনৰ দিন ঘোষণা কৰা তথা পশ্চিমবংগৰ দৰে ৰাজ্যৰ বিধানসভা নিৰ্বাচনত দীঘলীয়া নিৰ্বাচনী প্ৰক্ৰিয়াৰ জৰিয়তে কেন্দ্ৰৰ শাসনাধীষ্ঠ দলক সহায় কৰাৰ চেষ্টা নিৰ্বাচন আয়োগে কৰি অহা বুলিও অভিযোগ উত্থাপন হৈ আহিছে।

বিভিন্ন বিৰোধী দলে অভিযোগ কৰি আহিছে যে, নিৰ্বাচন আয়োগে বিভিন্ন নিৰ্বাচনত বিজেপিৰ সহযোগীৰ দৰে কাম কৰি আহিছে। শেহতীয়াকৈ অনুৰূপ অভিযোগ উত্থাপন হৈছে আৰু ইয়াকৈ লৈ দেশজুৰি বিতৰ্কৰ সূত্ৰপাত হৈছে। নিৰ্বাচনী বাই দেশ জোকাৰিবলৈ আৰম্ভ কৰাৰ সময়তে কেন্দ্ৰীয় চৰকাৰে দেশৰ নিৰ্বাচন আয়ুক্তলৈ পত্ৰ প্ৰেৰণ কৰি বৈঠকৰ বাবে নিমন্ত্ৰণ কৰাক লৈ চলিছে ব্যাপক বিতৰ্ক। এই কাৰ্যৰ জৰিয়তে নিৰ্বাচন আয়োগৰ দৰে স্বতন্ত্ৰ আৰু গুৰুত্বপূৰ্ণ সংস্থাৰ স্বতন্ত্ৰতাত আঘাত হনা বুলি অভিযোগ কৰিছে বিভিন্ন ৰাজনৈতিক দলে। ইয়াকে লৈ এতিয়া বিতৰ্ক চলিছে দেশৰ ৰাজনীতিত। দেশৰ মুখ্য নিৰ্বাচন আয়ুক্ত (চিইচি)ক চৰকাৰী পত্ৰ প্ৰেৰণ কৰি বৈঠকৰ বাবে আমন্ত্ৰণ জনোৱাক লৈ দেশজুৰি বিতৰ্ক অব্যাহত আছে।

এই সন্দৰ্ভত স্পষ্টীকৰণ দিবলগীয়া হৈছে কেন্দ্ৰীয় আইন মন্ত্ৰণালয়ে। কংগ্ৰেছকে ধৰি বিভিন্ন বিৰোধী ৰাজনৈতিক দলে চৰকাৰৰ এনে কাৰ্যৰ বিৰুদ্ধে সৰৱ হৈ উঠিছে আৰু কেন্দ্ৰীয় চৰকাৰে নিৰ্বাচন আয়োগৰ স্বতন্ত্ৰতা নাইকিয়া কৰাৰ চেষ্টা চলাই থকা বুলি অভিযোগ কৰিছে। ই দেশৰ নিৰ্বাচনী ব্যৱস্থাত সৃষ্টি হোৱা কেৰোণক প্ৰতিফলিত কৰা বুলিও তুমুল চৰ্চা চলিছে। ইফালে, দেশৰ ৰাজনীতিৰ আটাইতকৈ গুৰুত্বপূৰ্ণ ৰাজ্য উত্তৰ প্ৰদেশৰ বিৰোধী দলৰ নেতাৰ ঘৰত আয়কৰ বিভাগৰ তালাচীক লৈও চলিছে তুমুল চৰ্চা। কেইটামান দিনৰ আগেয়ে সমাজবাদী পাৰ্টীৰ নেতা অখিলেশ যাদৱে তেওঁৰ দলৰ নেতাৰ ঘৰত আয়কৰ বিভাগৰ তালাচীৰ প্ৰসংগ লৈ কটাক্ষ কৰিছিল, ‘এতিয়া আয়কৰ বিভাগহে আহিছে, চিবিআই আহিব, এনফ’ৰ্চমেণ্ট ডাইৰেক্টৰেট আহিব…।’

যোৱা শনিবাৰে অখিলেশৰ দলৰ এগৰাকী শীৰ্ষ নেতা আৰু তেওঁৰ সচিবৰ ঘৰত আয়কৰ বিভাগে তালাচী চলায়। আয়কৰৰ এই অভিযান নিৰ্বাচনকেন্দ্ৰিক বুলি অভিহিত কৰিছে অখিলেশ যাদৱে। তেওঁ মন্তব্য কৰে যে, মই আগেয়েও কৈছোঁ আৰু এতিয়াও কওঁ যে, নিৰ্বাচন চমু চপাৰ লগে লগে এইবোৰ কাৰ্য আৰম্ভ হয়। এতিয়া আয়কৰৰ দল আহিছে, আগলৈ ইডি আহিব, চিবিআই আহিব। কিন্তু সমাজবাদী পাৰ্টীৰ চাইকেলৰ গতি ৰুদ্ধ নহয়, ই সমান গতিবেগেৰে চলি থাকিব। উত্তৰ প্ৰদেশৰ পৰা বিজেপিক উৎখাত কৰা হ’ব। জনগণত মূৰ্খ সজাই থাকিব নোৱাৰি। ৰাজীৱ ৰাইৰ ঘৰত এমাহ আগেয়ে তালাচী চলোৱা হোৱা নাছিল কিয়?

এতিয়া কিয় তালাচী চলিছে? কাৰণ নিৰ্বাচনৰ দিন চমু চাপিছে? এই ঘটনাক লৈ কংগ্ৰেছৰ বিৰুদ্ধেও সৰৱ হৈ পৰে অখিলেশ। তেওঁ কয়, বিজেপি কংগ্ৰেছৰ পথেৰেই আগবাঢ়িছে। পূৰ্বে কাৰোবাক ভয় দেখুৱাবলৈ হ’লে কংগ্ৰেছে এই কৌশল গ্ৰহণ কৰিছিল, বিজেপিয়েও এতিয়া তাকেই কৰিছে। নিৰ্বাচনৰ আগে আগে এনেদৰে তালাচী আৰম্ভ কৰা আয়কৰ বিভাগেও নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰক বুলিও তেওঁ কটাক্ষ কৰে। উল্লেখ্য যে শনিবাৰে পুৱা সমাজবাদী পাৰ্টীৰ নেতা তথা মুখপাত্ৰ ৰাজীৱ ৰাই আৰু অখিলেশৰ ব্যক্তিগত সচিব জিতেন্দ্ৰ যাদৱৰ ঘৰত আয়কৰ বিভাগে তালাচী চলাইছিল। দলটোৰ আন এজন যাদৱৰ নেতা মনোজ যাদৱৰ ঘৰটো তালাচী চলায় আয়কৰ বিভাগে। এই ঘটনাক লৈ প্ৰতিক্ৰিয়াক সৃষ্টি হৈছিল।

তীব্ৰ বিষোদগাৰ কৰি অখিলেশে অভিযোগ কৰিছিল যে, ‘বিজেপিৰ পৰাজিত হোৱাৰ ভয় যিমানে বাঢ়ি যাব, সিমানে বিৰোধীৰ ওপৰত তালাচীৰ হেঁচা বাঢ়ি যাব। তথাপি সমাজবদী পাৰ্টীৰ ৰথৰ চকা অগ্ৰসৰ হৈয়েই থাকিব। এতিয়া সমগ্ৰ জনতা বিৰোধীৰ সৈতে বিজেপিৰ বিৰুদ্ধে ঠিয় হৈ আছে। এতিয়া উত্তৰ প্ৰদেশৰ ২২কোটি জনতাৰ ঘৰত বিজেপিয়ে তালাচী চলাব নেকি?’ কেন্দ্ৰীয় সংস্থাসমূহৰ এনেবোৰ পদক্ষেপ এতিয়া নতুন কথা হৈ থকা নাই। এই বছৰ অনুষ্ঠিত হোৱা পশ্চিম বংগ বিধানসভা নিৰ্বাচনৰ সময়তো তৃণমূল কংগ্ৰেছৰ নেতাৰ ঘৰত চলিছিল কেন্দ্ৰীয় সংস্থাৰ তালাচী। আন আন ৰাজ্যতো বিৰোধীক চাপত ৰখাৰ অনুৰূপ পদক্ষেপ কেন্দ্ৰীয় চৰকাৰে গ্ৰহণ কৰি অহা বুলি অভিযোগ উত্থাপন হৈ আহিছে। এই পৰম্পৰাই দেশৰ গণতান্ত্ৰিক ব্যৱস্থাক কোনদিশে লৈ যাব তাক লৈ স্বৰূপাৰ্থতে প্ৰশ্ন উত্থাপন হৈছে। যেন প্ৰতিটো নিৰ্বাচনতে ‘থাৰ্ড পাৰ্টী’ৰ ৰূপত এতিয়া নিৰ্বাচন আয়োগকে ধৰি কেন্দ্ৰীয় সংস্থাসমূহ অৱতীৰ্ণ হ’বলৈ আৰম্ভ কৰিছে।


FOLLOW US F
POPULAR
FEATURE
TRENDY
ৰাজ্য চৰকাৰে ৪ আগষ্টত ল'ব ১০০০ কোটিৰ ঋণ
শিৱসাগৰত বানে জুৰুলা কৰা লোকৰ অকথিত যন্ত্ৰণা; শাৰীৰিক সমস্যাৰ লগতে সৃষ্টি হৈছে গভীৰ মানসিক প্ৰত্যাহ্বান
শিমলুগুৰিৰ বান পৰিস্থিতিৰ বাবে কেইবাখনো গুৰুত্বপূৰ্ণ দূৰণিবটীয়া ৰে’লৰ পথ সলনি
গুৱাহাটীত পানী যোগানৰ পাইপলাইন, ভালভ আদিৰ ক্ষতি কৰিলে ভৰিব লাগিব ৫০০ টকা জৰিমনা
‘এয়াই মোৰ প্ৰথম আৰু শেষ ভুল’! মোদী আৰু প্ৰয়াত মাতৃক লৈ অশ্লীল মন্তব্য কৰা ৰুচিকা সিঙে দেশবাসীৰ ওচৰত বিচাৰিলে ক্ষমা
পুৱা খালী পেটত কি খাব লাগে? সবিশেষ জানি লওক
গ্লাছগোত পদক জয়ত ব্যৰ্থ ভাৰতীয় ভাৰোত্তোলক মাৰ্টিনা দেৱী
অসমৰ বানাক্ৰান্ত কৃষকক ১০০ দিনৰ আগতীয়া মজুৰিৰ দাবী, কেন্দ্ৰীয় গৃহমন্ত্ৰীৰ আশ্বাস
বানত তিনিচুকীয়াত ৮০০ মিটাৰ ৰেল ট্ৰেক উটি যোৱাৰ পিছত উ.পূ.সী.ৰে.ৰ মেৰামতি অভিযান
যোৰহাটত বানৰ বিভীষিকা: ঋণৰ বোজাৰে জুৰুলা পানগাঁওবাসী, চৰকাৰী সকাহে কিমান দূৰ পাব?
পুৱা খালী পেটত কি খাব লাগে? সবিশেষ জানি লওক
বন সংৰক্ষণ আৰু জীৱন ধাৰণৰ মান উন্নয়নৰ বাবে কামৰূপত বন বিভাগৰ ভেনিলা খেতিৰ প্ৰচাৰ
প্ৰণৱ দলেক জামিন প্ৰদান অসম আদালতৰ, জনসাধাৰণৰ উদ্বেগ নশুনিলে শান্তি বিঘ্নিত হোৱাৰ মন্তব্য
অসমত জামিন লাভৰ পিছতে থলুৱা অধিকাৰ কৰ্মীৰ বিৰুদ্ধে NSA প্ৰয়োগ